হীৰেন্দ্ৰ নাথ দত্ত

কবি, সমালোচক

হীৰেন্দ্ৰ নাথ দত্ত (ইংৰাজী: Hirendra Nath Dutta) অসমৰ এগৰাকী কবি আৰু সমালোচক। অসমীয়া সাহিত্য জগতলৈ তেওঁৰ বৰঙনিৰ ভিতৰত কাব্যগ্ৰন্থ 'মানুহ অনুকূলে', 'সমধিৰিৰ সোঁৱৰণী আৰু অন্যান্য কবিতা', 'পল অনুপলৰ সাঁচ', প্ৰবন্ধ সংকলন 'নিৰ্বাচিত সমালোচনা' আদি উল্লেখযোগ্য। ২০০৪ চনত তেওঁ 'মানুহ অনুকূলে' কাব্যগ্ৰন্থৰ বাবে অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে। ত্তেওঁ ১৯৮৯ চনত অসম সাহিত্য সভাৰ ডুমডুমা অধিৱেশনৰ কবি সন্মিলনৰ সভাপতি আছিল।[3] ২০১৪ চনত কবিগৰাকীক উইলিয়ামছন মেগৰ শৈক্ষিক ন্যাসে অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কৰে।[4][3] ২০১৬ চনৰ ২০ ফেব্ৰুৱাৰীত গুৱাহাটীৰ জি এন আৰ চি চিকিৎসালয়ত হীৰেন্দ্ৰ নাথ দত্তই শেষ নিশ্বাস ত্যাগ কৰে।

হীৰেন্দ্ৰ নাথ দত্ত
জন্ম ১ মাৰ্চ, ১৯৩৭
তিতাবৰ, যোৰহাট, অসম
মৃত্যু ২০ ফেব্ৰুৱাৰী, ২০১৬ (৭৮ বছৰ)
গুৱাহাটী
পেচা কবি, শিক্ষাবিদ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা  ভাৰত
নাগৰিকত্ব ভাৰতীয়
সময় ১৯৮১-২০১৬
উল্লেখনীয় কৰ্মৰাজি মানুহ অনুকূলে
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমি বঁটা (২০০৪)[1]
পদ্মনাথ বিদ্যা বিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ (২০১৩)[2]
অসম উপত্যকা সাহিত্য বঁটা (২০১৪)

জন্ম আৰু শিক্ষা সম্পাদনা কৰক

১৯৩৭ চনৰ ১ মাৰ্চত অসমৰ যোৰহাট জিলাতিতাবৰত হীৰেন্দ্ৰ নাথ দত্তই জন্মলাভ কৰে। গৃহ চহৰখনৰে মিহিৰাম শইকীয়া হাইস্কুলত শিক্ষাজীৱন আৰম্ভ কৰা দত্তই ১৯৫৪ চনত কটন মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিকৰ দেওনা পাৰ কৰে। ১৯৫৬ চনত উক্ত মহাবিদ্যালয়ৰ পৰাই তেওঁ ইংৰাজী বিষয়ত সন্মানসহ স্নাতক উপাধি লাভ কৰে। ১৯৫৮ চনত কবিগৰাকীয়ে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ উপাধি অৰ্জন কৰে।

কৰ্মজীৱন সম্পাদনা কৰক

১৯৫৯ চনত তেওঁ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত ইংৰাজী বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰে। পিচলৈ তেওঁ গৌহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে নিযুক্তি পায়। ১৯৬৪ চনত তেওঁ বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ বিভাগলৈ বদলি হয়। শেষত বিশ্ববিদ্যালয়খনৰ ৰিডাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি ২০০২ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে।[3]

উল্লেখনীয় কৰ্মৰাজি সম্পাদনা কৰক

  • সমধিৰিৰ সোঁৱৰণী আৰু অন্যান্য কবিতা (১৯৮১)
  • কিতাপৰ ভৱিষ্যত (১৯৯০)
  • মানুহ অনুকূলে (২০০০)
  • পল অনুপলৰ সাঁচ (২০০৭)
  • নিৰ্বাচিত সমালোচনা (২০১১)
  • মোৰ প্ৰবন্ধ (২০১১)

সন্মান আৰু পুৰস্কাৰসমূহ সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/awards/akademi%20samman_suchi.jsp#ASSAMESE। আহৰণ কৰা হৈছে: জানুৱাৰী ১, ২০১৫. 
  2. Boruah Maitreyee (ডিচেম্বৰ 30. 2004). "A poet and a humanist Personality - Hirendra Nath Dutta". http://www.telegraphindia.com/1041230/asp/northeast/story_4189409.asp। আহৰণ কৰা হৈছে: জানুৱাৰী 1, 2015. 
  3. 3.0 3.1 3.2 "হীৰেন্দ্ৰ নাথ দত্তলৈ অসম উপত্যকা সাহিত্য বঁটা" (Press release). দৈনিক জনমভূমি. জানুৱাৰী 1, 2015. 
  4. "Hirendra Nath Dutta gets Assam Valley Literary Award". WebIndia123. ডিচেম্বৰ ৩১, ২০১৪. Archived from the original on 2021-09-16. https://web.archive.org/web/20210916215922/https://news.webindia123.com/news/Articles/India/20141231/2520551.html। আহৰণ কৰা হৈছে: জানুৱাৰী ১, ২০১৫.