হেমন্ত মিশ্ৰ (ইংৰাজী: Hemanta Mishra; ১ জানুৱাৰি ১৯৪৫) হিউমেন ছ'চাইটি ইণ্টাৰনেশ্যনেলৰ এজন আন্তঃৰাষ্ট্ৰীয় উপদেষ্টা।[1] তেওঁ দ্য ছ'ল অৱ দ্য ৰাইনো আৰু ব'নছ অৱ দ্য টাইগাৰ নামৰ কিতাপ দুখনৰ লেখক। সংৰক্ষণ জীৱবিজ্ঞানী হিচাপে তেওঁৰ কেৰিয়াৰৰ সময়ছোৱাত তেওঁ স্মিথছোনিয়ান প্ৰতিষ্ঠান, বিশ্ব বন্যপ্ৰাণী পুঁজি, বিশ্ব বেংক, নেপালৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী সংৰক্ষণ বিভাগ, এছিয়ান উন্নয়ন বেংক, আমেৰিকান হিমালয়ান ফাউণ্ডেশ্যন আৰু কিং মহেন্দ্ৰ ট্ৰাষ্ট ফৰ নেচাৰ কনজাৰভেচনৰ সৈতে কাম কৰিছে। তেওঁক তেওঁৰ কামৰ বাবে জে. পল গেটি বন্যপ্ৰাণী সংৰক্ষণ বঁটা প্ৰদান কৰা হৈছিল; নেপালত গঁড় আৰু বাঘ বিলুপ্তি হোৱাৰ পৰা ৰক্ষা কৰাত গঢি় তোলা প্ৰতিৰোধৰ বাবে তেওঁক কৃতিত্ব দিয়া হয়।[2]

হেমন্ত মিশ্ৰ
জন্ম হেমন্ত ৰাজ মিশ্ৰ
১ জানুৱাৰী, ১৯৪৫ (৭৯ বছৰ)
নেপাল
শিক্ষানুষ্ঠান ত্ৰি-চন্দ্ৰ কলেজ
এডিনবাৰ্গ বিশ্ববিদ্যালয়(এম.এছচি., পি.এইচডি)
পেচা সংৰক্ষণ জীৱবিজ্ঞানী
সক্ৰিয় হৈ থকা সময় ১৯৬৭–বৰ্তমান
দাম্পত্যসঙ্গী সুষমা মিশ্ৰ
সন্তান আলিতা মিশ্ৰ, প্ৰজ্ঞা মিশ্ৰ, বিনায়ক মিশ্ৰ
বঁটা, সন্মান, পুৰস্কাৰ আদি জে. পল গেটি বন্যপ্ৰাণী সংৰক্ষণ বঁটা

প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল

সম্পাদনা কৰক

মিশ্ৰৰ জন্ম নেপালত আৰু তাতেই তেওঁ ডাঙৰ-দীঘল হয়।[3]

বৰ্তমান পত্নী সুষমা মিশ্ৰৰ সৈতে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনিয়াৰ ভিয়েনাত তেওঁৰ কন্যাৰ পৰিয়াল আৰু নাতি-নাতিনীৰ সৈতে‍ বাস কৰে।[3] সুষমা মিশ্ৰৰ লগতে‍ তেওঁৰ তিনি সন্তান (দুগৰাকী কন্যা আৰু এজন পুত্ৰ) আৰু চাৰিগৰাকী নাতি-নাতিনী আছে। সূৰিয়া পোপ আৰু আৰিয়া পোপ প্ৰজ্ঞা মিশ্ৰৰ কন্যা আৰু সমীৰ চুলতান আৰু ছোফিয়া চুলতান আলিতা মিশ্ৰৰ পুত্ৰ আৰু কন্যা।

কেৰিয়াৰ

সম্পাদনা কৰক

১৯৬৭ চনত নেপাল চৰকাৰৰ লগত মিলি হেমন্ত মিশ্ৰই ক্ষেত্ৰভিত্তিক অধ্যয়ন আৰু কৰ্ম-জীৱন আৰম্ভ কৰিছিল। তেওঁ স্মিথছোনিয়ান প্ৰতিষ্ঠান, বিশ্ব বন্যপ্ৰাণী পুঁজি, বিশ্ব বেংক, নেপালৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী সংৰক্ষণ বিভাগ, এছিয়ান উন্নয়ন বেংক, আমেৰিকান হিমালয়ান ফাউণ্ডেশ্যন আৰু কিং মহেন্দ্ৰ ট্ৰাষ্ট ফৰ নেচাৰ কনজাৰভেচন লগতে অন্যান্য বহুকেইটা গুৰুত্বপূৰ্ণ সংৰক্ষণ গোটৰ সৈতে কাম কৰিছে।[4]

নেপালত প্ৰথম ৰাষ্ট্ৰীয় উদ্যান স্থাপন কৰাত আগ-ভাগ লোৱা ব্যক্তিসকলৰ মাজৰ এগৰাকী আগশাৰীৰ সদস্য আছিল মিশ্ৰ। তেওঁ ৰাষ্ট্ৰীয় উদ্যান স্থাপন কৰাত আগ-ভাগ লোৱা উদ্যানসমূহৰ ভিতৰত নেপালত গঁড়ৰ গুৰুত্বপূৰ্ণ বাসস্থান চিতৱান ৰাষ্ট্ৰীয় উদ্যান আৰু মাউণ্ট এভাৰেষ্ট ৰাষ্ট্ৰীয় উদ্যান (নেপালত সাগৰমাথা ৰাষ্ট্ৰীয়ান পাৰ্ক নামেৰে জনাজাত)ৰ লগতে নেপালৰ আন বহুতো বন্যপ্ৰাণী সংৰ‍ক্ষিত অঞ্চল।[5]

কাঠমাণ্ডুৰ ছেইণ্ট জেভিয়াৰ্ছ গোদাৱৰীত হেমন্ত মিশ্ৰই স্কুলীয়া শি‍ক্ষা আৰম্ভ কৰিছিল। তাৰ পিছত তেওঁ জে. পি. হাইস্কুলত পঢ়িছিল আৰু তাৰ পৰাই তেওঁ ১৯৫৮ চনত উত্তীৰ্ণ হৈ‍ ত্ৰি-চন্দ্ৰ কলেজত অধ্যয়ন কৰিছিল আৰু ১৯৬৪ চনত বিজ্ঞান বিষয়ত স্নাতক (বি.এছচি. ) ডিগ্ৰী লাভ কৰিছিল। তাৰ পৰা তেওঁ দেৰাডুন ইণ্ডিয়ান ফৰেষ্ট কলেজলৈ পঢি়বলৈ যায় আৰু তাত তেওঁ বনবিদ্যা আৰু আনুষংগিক বিষয়ত স্নাতকোত্তৰ ডিপ্লোমা (এআইএফচি) লাভ কৰে। তাত থকাৰ সময়তে‍ তেওঁ প্ৰথমবাৰৰ বাবে ক্ষেত্ৰভিত্তিক প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ সময়ত এটা বনৰীয়া বাঘ দেখিছিল।[4]

নেপালৰ কাঠমাণ্ডু আৰু লাংটাঙত বন বিভাগৰ বাবে কিছু দিন কাম কৰাৰ পিছত তেওঁ ১৯৬৯ চনত এডিনবাৰ্গ বিশ্ববিদ্যালয় যায়। তাৰ পৰা তেওঁ ১৯৭১ চনত পশু পৰিৱেশ বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী (এম.এছচি.) লাভ কৰে‍। ১৯৭৮ চনত তেওঁ চিতৱান ৰাষ্ট্ৰীয় উদ্যানৰ বাঘৰ চিকাৰ প্ৰজাতিৰ বিষয়ত পি.এইচডি কৰিবলৈ এডিনবাৰ্গলৈ উভতি আহে আৰু ১৯৮২ চনত তেওঁ পি.এইচডি‍ সম্পূৰ্ণ কৰে। তেওঁ কেনিয়া, নিউজিলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰতো ব্যৱহাৰিক ক্ষেত্ৰ প্ৰশিক্ষণ সম্পন্ন কৰিছিল।

নেপালৰ গঁড় সংৰক্ষণৰ কাম

সম্পাদনা কৰক

চিতৱান ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় বিলুপ্তি প্ৰতিৰোধ কৰাৰ বাবে হেমন্ত মিশ্ৰই কাম কৰিছিল। লগতে কেইবা ডজন গঁড় বৰদিয়া ৰাষ্ট্ৰীয় উদ্যানত পুনৰ সংস্থাপিত কৰি উদ্যানখনক নেপালত গঁড়ৰ দ্বিতীয়টো বৃহৎ সংখ্যাৰ ঠাইলৈ ৰূপান্তৰিত কৰিছিল।

নেপালৰ বাঘ সংৰক্ষণৰ কাম

সম্পাদনা কৰক

১৯৭৮ চনৰ পৰা ১৯৯২ চনলৈকে হেমন্ত মিশ্ৰই বাঘৰ অভ্যাস, বাসস্থান আৰু আচৰণ অধ্যয়ন কৰিছলি‍। এই বৈজ্ঞানিক অধ্যয়নসমূহ নেপাল চৰকাৰ, কিং মহেন্দ্ৰ ট্ৰাষ্ট ফৰ নেচাৰ কনজাৰভেচন, স্মিথছোনিয়ান ইনষ্টিটিউট আৰু ৱৰ্ল্ড ৱাইল্ডলাইফ ফাণ্ডৰ দ্বাৰা সমৰ্থিত কাৰ্যসূচীৰ জৰিয়তে কৰা হৈছিল। সেই সময়ছোৱাৰ পৰা বৰ্তমানলৈকে তেওঁ বাঘৰ সংৰক্ষণৰ বাবে‍ আগ্ৰহেৰে কাম কৰি আহিছে৷[4]

নিৰ্বাচিত প্ৰকাশনসমূহ

সম্পাদনা কৰক
  • দ্য ছ'ল অৱ দ্য ৰাইনো (লিয়নছ প্ৰেছ, ২০০৮)। পাবলিচাৰ্ছ উইকলি‍-ৰ দ্বাৰা ২০০৮ চনৰ শ্ৰেষ্ঠ গ্ৰন্থসমূহৰ ভিতৰৰ এখন হিচাপে নিৰ্বাচিত কৰা হৈছিল।[4]
  • ব'নছ অৱ দ্য টাইগাৰ (লিয়নছ প্ৰেছ, ২০১০)।
  • নেপালচ ৰয়েল চিতৱান নেশন্যাল পাৰ্কঃ এ বুক (ভাজৰা বুকছ, ২০১৪)।

তথ্যসূত্ৰসমূহ

সম্পাদনা কৰক
  1. "Hemanta's home in the wild". 16 January 2014. http://nepalitimes.com/article/interview/Hemanta-Mishra-on-eco-tourism-in-Nepal,1029। আহৰণ কৰা হৈছে: 29 January 2014. 
  2. "Podcasts: Hemanta Mishra". Smithsonian Institution. https://www.smithsonianmag.com/science-nature/q-a-with-the-rhino-man-21990179/। আহৰণ কৰা হৈছে: 29 January 2014. 
  3. 3.0 3.1 Hemanta Mishra; Jim Ottaway Jr. (2008). The Soul of the Rhino. The Lyons Press. পৃষ্ঠা. 256. ISBN 978-1-59921-146-6. https://archive.org/details/soulofrhinonepal00mish/page/256. 
  4. 4.0 4.1 4.2 4.3 Hemanta Mishra; Jim Ottoway Jr. (2010). Bones of the Tiger: Protecting the Man-eaters of Nepal. প্ৰকাশক Guilford, CT, USA: Lyons Press. পৃষ্ঠা. 243. ISBN 978-1-59921-491-7. 
  5. Zielinski, Sarah. "Q and A With the Rhino Man". Smithsonian. http://www.smithsonianmag.com/science-nature/q-and-a-with-the-rhino-man-21990179/। আহৰণ কৰা হৈছে: 1 February 2014.