চিতৱান ৰাষ্ট্ৰীয় উদ্যান

চিতৱান ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Chitwan National Park) হ'ল নেপালৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান। ১৯৭৩ চনত ৰয়েল চিতৱান ৰাষ্ট্ৰীয় উদ্যান হিচাপে প্ৰতিষ্ঠা হোৱা এই ৰাষ্ট্ৰীয় উদ্যানখনক ১৯৮৪ চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা প্ৰদান কৰা হয়.[1] এই উদ্যানখনে‍ দক্ষিণ-মধ্য নেপালৰ উপগ্ৰীষ্মমণ্ডলীয় ভিতৰুৱা তৰাই নিম্নভূমিৰ অন্তৰ্গত নৱালপুৰ, চিতৱান, মাকৱানপুৰ আৰু পাৰ্ছা জিলাৰ ৯৫২.৬৩ বৰ্গকিলোমিটাৰ এলেকা আৱৰি আছে। নদী উপত্যকাৰ প্ৰায় ১০০ মিটাৰ (৩৩০ ফুট) পৰা উচ্চতাৰ পৰা শিৱলিক পাহাৰৰ ৮১৫ মিটাৰ (২,৬৭৪ ফুট) উচ্চতালৈকে ই বিস্তৃত।[2]

চিতৱান ৰাষ্ট্ৰীয় উদ্যান
অৱস্থান নেপালৰ মধ্য তেৰাই
নিকটতম চহৰ ভাৰতপুৰ
মাটিকালি 952.63 বৰ্গ কি.মি. (367.81 বৰ্গ মাইল)
প্ৰতিস্থা ১৯৭৩
কৰ্তৃপক্ষ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী সংৰক্ষণ বিভাগ
Map

সংৰক্ষিত অঞ্চলৰ উত্তৰ আৰু পশ্চিমে নাৰায়ণী-ৰাপ্তি নদী প্ৰণালীয়ে মানুহৰ বসতিৰ বাবে এক প্ৰাকৃতিক সীমা গঠন কৰিছে। চিতৱান ৰাষ্ট্ৰীয় উদ্যানৰ পূব দিশত পাৰ্ছা ৰাষ্ট্ৰীয় উদ্যান আছে, দক্ষিণ দিশত ভাৰতীয় ব্যাঘ্ৰ প্ৰকল্প বাল্মীকি ৰাষ্ট্ৰয় উদ্যান আছে। ২.০৭৫ (৮০১ বৰ্গ মাইল) এলেকাৰে সুসংগত সংৰক্ষিত এলেকাটোৱে বাঘ সংৰক্ষণ গোট (টিটিকুৱা-চিতৱান-পাৰ্ছা-বাল্মীকি‍)ক প্ৰতিনিধিত্ব কৰে, যিয়ে‍ ৩,৫৪৯ বৰ্গ কিলোমিটাৰ ( ১,৩৭০ বৰ্গ মাইল)ৰ পলসুৱা ঘাঁহনি আৰু উপ-ক্ৰান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্যৰ বিশাল অঞ্চল আৱৰি আছে।[3]

১৯ শতিকাৰ শেষৰফালৰ পৰা শীতকালত চিতৱানৰ গভীৰ অৰণ্য অঞ্চল নে‍পালৰ শাসক শ্ৰেণীৰ বাবে এক প্ৰিয় চিকাৰৰ স্থান হিচাপে ব্যৱহৃত হৈছিল। ১৯৫০ চনলৈকে কাঠমাণ্ডুৰ পৰা নেপালৰ দক্ষিণলৈ যাত্ৰা কৰাটো কঠিন আছিল, এই অঞ্চলটোলৈ‍ কেৱল খোজকাঢ়িহে যাব পৰা গৈছিল আৰু তাৰ বাবে কেইবা সপ্তাহ সময় লাগিছিল। ডাঙৰ জীৱ-জন্তুৰ সামন্তবাদী চিকাৰীবোৰ আৰু সিহঁতৰ সহযোগীৰ বাবে তাত আৰামদায়ক শিবিৰ স্থাপন কৰা হৈছিল আৰু তাত কেইবামাহ ধৰি থাকি সিহেঁত শ শ বাঘ, গঁড়, হাতী, নাহৰফুটুকী আৰু শ্লথ ভালুক বা ক'লা ভালুক গুলীয়াই চিকাৰ কৰিছিল।[4]

১৯৫০ চনত চিতৱানৰ অৰণ্য আৰু ঘাঁহনি ২৬০০ বৰ্গ কিলোমিটাৰতকৈও অধিক (১,০০০ বৰ্গ মাইল) অঞ্চলজুৰি‍ বিস্তৃত আছিল আৰু ইয়াত প্ৰায় ৮০০টা গঁড় আছিল। যেতিয়া মধ্য পাহাৰৰ পৰা দৰিদ্ৰ কৃষকসকলে কৃষিযোগ্য মাটিৰ সন্ধানত চিতৱান উপত্যকালৈ গুচি গ’ল, তেতিয়া সেই অঞ্চলটো পৰৱৰ্তী সময়ত বসতি স্থাপনৰ বাবে মুকলি কৰা হ’ল, আৰু বন্যপ্ৰাণীৰ চোৰাং চিকাৰৰ প্ৰাদুৰ্ভাৱ ঘটিল। ১৯৫৭ চনত দেশৰ প্ৰথমখন সংৰক্ষণ আইনৰ যোগেদি‍ গঁড় আৰু সিবিলাকৰ বাসস্থানৰ সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছিল। ১৯৫৯ চনত এডৱাৰ্ড প্ৰিচাৰ্ড গীয়ে এই অঞ্চলত জৰীপ চলাই ৰাপ্ত‍ি নদীৰ উত্তৰ অংশত সংৰক্ষিত অঞ্চল আৰু দহ বছৰকাল পৰীক্ষামূলকভাৱ‍ে নদীখনৰ দক্ষিণত বন্যপ্ৰাণী অভয়াৰণ্য সৃষ্টি কৰাৰ পৰামৰ্শ দিয়ে।[5] ১৯৬৩ চনত চিতৱানৰ পৰৱৰ্তী জৰীপৰ পিছত বন্যপ্ৰাণী সংৰক্ষণ সমিতি আৰু আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংঘ দুয়োটাকে‍ তেওঁ অভয়াৰণ্যখন দক্ষিণলৈ সম্প্ৰসাৰণ কৰাৰ পৰামৰ্শ আগবঢ়ায়।[6]

১৯৬০ চনৰ শেষৰফালে চিতৱানৰ ৭০% বনাঞ্চল পৰিষ্কাৰ কৰা হৈছিল, ডি ডি টি ব্যৱহাৰ কৰি মেলেৰিয়া নিৰ্মূল কৰা হৈছিল আৰু হাজাৰ হাজাৰ লোকে‍ তাত বসতি স্থাপন কৰিছিল; তেতিয়া তাত মাত্ৰ ৯৫টা গঁড়হে বৰ্তি‍ আছিল। গঁড়ৰ সংখ্যাৰ নাটকীয় হ্ৰাস আৰু চোৰাং চিকাৰীৰ কৰ্ম-কাণ্ডই চৰকাৰক গৈদা গাষ্টি নামেৰে‍ ১৩০ জনীয়া সশস্ত্ৰ লোকৰ বাহিনী সৃষ্টি কৰি‍ গঁড়ৰ নিৰাপত্তাৰ বাবে‍ গোপন টহলৰ দিহা কৰিবলৈ‍ আৰু সমগ্ৰ চিতৱানত গাৰ্ড পোষ্টৰ নেটৱৰ্ক প্ৰতিষ্ঠা কৰিবলৈ প্ৰেৰণা যোগাইছিল। ১৯৭০ চনৰ ডিচেম্বৰ মাহত গঁড়ৰ বিলুপ্তি ৰোধ কৰিবলৈ চিতৱান ৰাষ্ট্ৰীয় উদ্যানৰ বাবে‍ অধিসূচনা জাৰি‍ কৰা হয়, তাৰ পিছৰ বছৰত সীমা নিৰ্ধাৰণ কৰি‍ ১৯৭৩ চনত প্ৰথম অৱস্থাত ৫৪৪ বৰ্গ কিলোমিটাৰ (২১০ বৰ্গ মাইল) এলেকা উদ্যানখনৰ বাবে‍ সামৰি লোৱা হয়।[7]

যেতিয়া চিতৱানক প্ৰথম সংৰক্ষিত অঞ্চল হিচাপে‍ স্থাপন কৰা হৈছিল, তেতিয়া থাৰু সম্প্ৰদায়ৰ লোকসকলক তেওঁলোকৰ পৰম্পৰাগত ভূমিৰ পৰা স্থানান্তৰিত হ'বলৈ বাধ্য কৰোৱা হৈছিল। তেওঁলোকক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছিল আৰু এনেদৰেই ভূমিহীনতা আৰু দৰিদ্ৰ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ তেওেঁলাকক বাধ্য কৰোৱা হৈছিল। এই সংৰক্ষিত অঞ্চলটিক যেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল, তেতিয়া নেপালী সৈন্যই উদ্যানখনৰ সীমাৰ ভিতৰত অৱস্থিত গাঁওসমূহ ধ্বংস কৰি ঘৰবোৰ জ্বলাই দিছিল আৰু হাতী ব্যৱহাৰ কৰি পথাৰবোৰ পদদলিত কৰিছিল। থৰু লোকসকলক বন্দুক দেখুৱাই নিজ ঠাই এৰি‍ যাবলৈ বাধ্য কৰা হৈছিল। [8]

১৯৭৭ চনত উদ্যানখন বৰ্তমানৰ ৯৫২.৬৩ বৰ্গ কিলোমিটাৰ (৩৬৭.৮১ বৰ্গ মাইল)লৈ বৃদ্ধি কৰা হয়। ১৯৯৭ চনত নাৰায়ণী-ৰাপ্ত‍ি নদী ব্যৱস্থাৰ উত্তৰ আৰু পশ্চিম সীমা, উদ্যানখনৰ দক্ষিণ-পূব সীমা আৰু ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ মাজৰ ৭৬৬.১ বৰ্গ কিলোমিটাৰ (২৯৫.৮ বৰ্গ মাইল) অঞ্চলত বাফাৰজ’ন সংযোজন কৰা হয়৷[2]

উদ্যানখনৰ মুখ্য কাৰ্যালয় কাছাৰাত। ইয়াৰ ওচৰতে‍ ঘৰিয়াল আৰু কাছ প্ৰজনন আৰু সংৰক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ২০০৮ চনত নেপালত এতিয়া সংকটজনকভাৱে বিপন্ন হোৱা জিপছ শগুণৰ দুটা প্ৰজাতি ক্ৰমে পাতি শগুণ (Oriental white-backed vulture) আৰু শগুণ (Slender-billed vulture)-ৰ প্ৰতিটোৰ ২৫ যোৰালৈকে ৰখাৰ লক্ষ্যৰে এটা শগুণ প্ৰজনন কেন্দ্ৰ উদ্বোধন কৰা হয়।

চিতৱানৰ জলবায়ু আৰ্দ্ৰ উপ-ক্ৰান্তীয় মৌচুমী বায়ুৰ দ্বাৰা প্ৰভাৱিত আৰু গোটেই বছৰজুৰি উচ্চ আৰ্দ্ৰতা থাকে। অঞ্চলটো হিমালয়ৰ কেন্দ্ৰীয় জলবায়ু অঞ্চলত অৱস্থিত, য'ত জুন মাহৰ মাজভাগত মৌচুমী বতাহ আৰম্ভ হয় আৰু ছেপ্টেম্বৰৰ শেষৰ ফালে কমে‍। এই ১৪-১৫ সপ্তাহতে বাৰ্ষিক বৰষুণৰ ২,৫০০ মিমি (৯৮ ইঞ্চি) বৰষুণ হয়। অক্টোবৰৰ মাজভাগৰ পিছত, মৌচুমীৰ ডাৱৰ আঁতৰি যায় আৰু আৰ্দ্ৰতা হ্ৰাস পায়। দৈনিক তাপমাত্ৰা ক্ৰমান্বয়ে প্ৰায় ৩৬° চেলছিয়াছ (৯৭° ফাৰেনহাইট)ৰ পৰা ১৮° চেলছিয়াছ (৬৪° ফাৰেনহাইট)লৈ‍ হ্ৰাস হয়। ডিচেম্বৰৰ শেষৰফালে‍ যেতিয়া সাধাৰণতে কেইদিনমান মৃদু বৰষুণ হয় তেতিয়া ৰাতি ৫° চেলছিয়াছ (৪১° ফাৰেনহাইট)লৈকে ঠাণ্ডা হয়। তাৰ পিছত ক্ৰমান্বয়ে উষ্ণতা বৃদ্ধি পাবলৈ ধৰে।  [উদ্ধৃতিৰ প্ৰয়োজন][ citation needed]

 
কাপোকৰ বীজ, কপাহ গছ

আভ্যন্তৰীণ তেৰাইৰ সাধাৰণ উদ্ভিদ হৈছে হিমালয়ৰ উপ-ক্ৰান্তীয় বহল পাতৰ অৰণ্য য'ত মূলতঃ শাল গছেই ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰায় ৭০% এলেকা আৱৰি আছে। শালৰ আটাইতকৈ বিশুদ্ধ অৱস্থিতি‍ মাজভাগৰ ভালদৰে নিষ্কাশিত নিম্নভূমিৰ মাটিত দেখা যায়। চুৰিয়া পাহাৰৰ দক্ষিণ প্ৰান্ত দীঘল পাতৰ ভাৰতীয় পাইন (পিনাছ ৰক্সবাৰ্গী) বিক্ষিপ্তভাৱে‍ আছে। উত্তৰ ঢালবোৰত শাল, সৰু সৰু ফুলৰ গছ আৰু গুল্ম প্ৰজাতি যেনে বেলেৰিক (টেৰ্মিনালিয়া বেলিৰিকা), ৰ'জউড (ডালবাৰ্জিয়া চিছ'অ'),এক্সলউড (এন'জিছাছ লেটিফোলিয়া), ঔটেঙা (ডিলেনিয়া ইণ্ডিকা), গ্ৰে ডাউনি বালচাম (গাৰুগা পিন্নাটা) আৰু ব'হিনিয়া ভাহলি আৰু স্পাথোলোবাছ পাৰ্ভিফ্লোৰাছ দৰে লতা আছে‍।

ঋতুভিত্তিক জোপোহা, বানপানী আৰু খহনীয়াই নদীৰ পাৰত থকা অৰণ্য আৰু ঘাঁহনিক সদায় সলনি হোৱা এক মোজাইকৰ সৃষ্টি কৰে‍। নিম্নভূমি অঞ্চলত শেহতীয়াকৈ জমা হোৱা পলস আৰু কেটেচু (একেচিয়া কেটেচু)ৱে‍ ৰ'জউডৰ সৈতে প্ৰভুত্ব বিস্তাৰ কৰে‍। তাৰ পিছতে‍ আছে‍ কাপোক (বোম্ব্যাক্স চেইবাৱা) আৰু গঁড়ৰ আপেল (ট্ৰুইয়া নুডিফ্লোৰা) যাৰ ফলৰ সোৱাদ গঁড়বোৰে যথেষ্ট পৰিমাণে‍ লয়।[9] মখমলযুক্ত বিউটিবেৰীৰ তলৰ গুচ্ছবোৰে (কেলিকাৰ্পা মেক্ৰ'ফাইলা) হিল গ্ল'ৰি‍ বোৱাৰ (ক্লেৰ'ডেণ্ড্ৰাম স্পেচিচ) আৰু গুজবেৰী (ফিলান্থাছ এম্ব্লিকাই) বিভিন্ন প্ৰজাতিক আশ্ৰয় আৰু নিৰাপত্তা প্ৰদান কৰে।

তেৰাই-ডুৱাৰ চাভানা আৰু ঘাঁহনিসমূহে উদ্যানখনৰ প্ৰায় ২০% এলেকা আৱৰি থৈছে‍। ইয়াত ৫০তকৈও অধিক প্ৰজাতি ঘাঁহ পোৱা যায়, যাৰ ভিতৰত আছে বিশ্বৰ কিছুমান ওখ ঘাঁহ যেনে ছেচাৰাম ৰেভেনা নামৰ হাতী ঘাঁহ, বিশাল বেত (আৰুণ্ডো ডোনাক্স), খাগ্ৰা ৰিড (ফ্ৰাগমাইটছ কাৰ্কা) আৰু কেইবাটাও প্ৰজাতিৰ প্ৰকৃত ঘাঁহ। নতুন বালিৰ পাৰত উপনিৱেশ স্থাপন কৰা আৰু বাৰ্ষিক বাৰিষাৰ বানপানীৰ দ্বাৰা ধুই পেলোৱা প্ৰথম ঘাঁহবোৰৰ ভিতৰত কানচ ঘাঁহ (চচ্চাৰুম স্পণ্টেনিয়াম) অন্যতম।[10]

 
ৰ'দ লৈ থকা মুগ্গৰ ঘঁৰিয়াল
 
ফুটুকী হৰিণা

চিতৱান ৰাষ্ট্ৰীয় উদ্যানত ৭০০তকৈও অধিক প্ৰজাতিৰ বন্যপ্ৰাণী আৰু এতিয়াও সম্পূৰ্ণৰূপে জৰীপ কৰা নোহোৱা পখিলা, মথ আৰু কীট-পতংগৰ প্ৰজাতি আছে‍। ৰজা ফেঁ‌টী আৰু ভাৰতীয় অজগৰৰ উপৰিও আন ১৭টা ভিন্ন প্ৰজাতিৰ সাপ, হালধীয়া কাছ, গুঁই আৰু তেজপিয়া পোৱা যায়। নাৰায়ণী-ৰাপ্তি নদী প্ৰণালী, ইয়াৰ সৰু সৰু উপনদী আৰু অগণন হ্ৰদত ১১৩বিধ প্ৰজাতিৰ মাছ নথিভুক্ত হোৱাৰ লগতে আৰু ই মুগ্গৰ ঘঁৰিয়ালৰ বাসস্থান। ১৯৫০ চনৰ আৰম্ভণিত নাৰায়ণী নদীত প্ৰায় ২৩৫টা ঘৰিয়াল আছিল। ২০০৩ চনত ইয়াৰ সংখ্যা নাটকীয়ভাৱে কমি মাত্ৰ ৩৮টালৈ‍ হ্ৰাস পাইছে। প্ৰতি‍ বছৰে ঘৰিয়াল সংৰক্ষণ প্ৰকল্পৰ প্ৰজনন কেন্দ্ৰত কণী ফুটাবলৈ নদীৰ কাষৰ পৰা ঘৰিয়ালৰ কণী সংগ্ৰহ কৰা হয় আৰু ৬–৯ বছৰ বয়সলৈকে সিহঁতক প্ৰতিপালন কৰা হয়৷ প্ৰতি বছৰে নৰায়ণী-ৰাপ্তি নদীত ডেকেৰুৱা ঘৰিয়ালবোৰ পুনৰ এৰি দিয়া হয়, কিন্তু দুৰ্ভাগ্যজনকভাৱে সিহঁতৰ মাত্ৰ খুব কম সংখ্যকহে জীয়াই থাকে।[11]

স্তন্যপায়ী প্ৰাণী

সম্পাদনা কৰক

চিতৱান ৰাষ্ট্ৰীয় উদ্যানত ৬৮বিধ স্তন্যপায়ী প্ৰজাতিৰ প্ৰাণী আছে‍।[12] ইয়াত "বনৰ ৰজা" হৈছে ঢেকীয়াপতীয়া বাঘ। তেৰাইৰ পলসুৱা প্লাৱনভূমিৰ বাসস্থান বিশ্বৰ যিকোনো ঠাইৰ ভিতৰত বাঘৰ অন্যতম শ্ৰেষ্ঠ বাসস্থান। চিতৱান ৰাষ্ট্ৰীয় উদ্যান প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰাই প্ৰথম অৱস্থাত প্ৰায় ২৫টাৰ পৰা সংখ্যা বৃদ্ধি হৈ‍ ১৯৮০ চনত বাঘৰ সংখ্যা ৭০-১১০টালৈ বৃদ্ধি পাইছিল। যোৱা কিছু বছৰত চোৰাং চিকাৰ আৰু বানপানীৰ বাবে এই সংখ্যা হ্ৰাস পাইছে। ১৯৯৫ চনৰ পৰা ২০০২ চনলৈকে কৰা এক দীৰ্ঘম্যাদী অধ্যয়নত বাঘ গৱেষকসকলে ৮২টা প্ৰজননক্ষম বাঘৰ আপেক্ষিক উপস্থিতি‍ আৰু প্ৰতি ১০০ বৰ্গ কিলোমিটাৰত ৬জনী বাঘৰ ঘনত্ব চিনাক্ত কৰিছিল।[13] ২০১১ চনত কেমেৰা ট্ৰেপৰ পৰা পোৱা তথ্যই ইংগিত দিছিল যে বাঘৰ ঘনত্ব প্ৰতি ১০০ বৰ্গ কিলোমিটাৰত ৪.৪-ৰ পৰা ৬.৩৫ টাৰ মাজত আছিল। মানুহৰ কাৰ্যকলাপ শিখৰত উপনীত হোৱা দিনটোত ইহঁত বহু কম সক্ৰিয় হয়।[14]

উদ্যানখনত নাহৰফুটুকী বাঘৰ উপস্থিতি‍ অধিক। সিহঁতে বাঘৰ সৈতে সহ-অৱস্থান কৰে‍, কিন্তু বাঘৰ বাসস্থানত সামাজিকভাৱে থকা সহজে দেখা নাযায়।[15] ১৯৮৮ চনত, এটা গোধাফুটুকী বাঘ (নিওফেলিছ নেবুলোছা) ধৰা হৈছিল আৰু সংৰক্ষিত এলেকাৰ বাহিৰত তাৰ ডিঙিত ৰেডিঅ'কলাৰ লগোৱা হৈছিল। পৰৱৰ্তী সময়ত তাক উদ্যানত মুকলি কৰি দিয়া হৈছিল যদিও সি‍ তাত থকা নাছিল।[16]

চিতৱানত আনুমানিক ২০০ৰ পৰা ২৫০টা শ্লথ ভালুক বা ক'লা ভালুক আছে আৰু এই সংখ্যাৰ ঘনত্বক সৰ্বাধিক বুলি গণ্য কৰা হয়। মসৃণ আৱৰণযুক্ত উদবোৰ ভিনভিন খাল আৰু নদীত বাস কৰে। বংগৰ শিয়াল, দাগযুক্ত লিন্সাঙ আৰু হনি‍ বেজাৰে চিকাৰৰ বাবে অৰণ্যত ঘূৰি ফুৰে। চুৰিয়া পাহাৰৰ দক্ষিণৰ ঢালবাৰত ষ্ট্ৰিপড হায়েনা আছে।[17] ২০১১ চনত এক কেমেৰা ট্ৰেপিং জৰীপৰ সময়ত উদ্যানখনৰ দক্ষিণ আৰু পশ্চিম অংশত ৰাংকুকুৰ লগতে ভাৰতীয় শিয়াল, মেচেকা, বন মেকুৰী, লতামাকৰী বাঘ, কেঁকোৰা খোৱা নেউল, হালধীয়া ডিঙিৰ মাৰ্টেন, হাগা গেন্দেৰা বা গেণ্ডেৰা আৰু জহামাল নথীভুক্ত কৰা হৈছিল।[18]

১৯৭৩ চনৰ পৰা এশিঙীয়া গঁড় সংখ্যা ক্ৰমাত বৃদ্ধি পাইছে‍ আৰু শতিকাৰ শেষৰ ফালে ইয়াৰ সংখ্যা ৫৪৪ টালৈ‍ বৃদ্ধি পাইছে। মহামাৰীৰ পৰা হাত সাৰিবলৈ‍ বিপন্ন প্ৰজাতিক ১৯৮৬ চনৰ পৰা বছৰি চিতোৱানৰ পৰিৱেশৰ পৰা বাৰ্দিয়া ৰাষ্ট্ৰীয় উদ্যান আৰু শুক্লাফণ্টা ৰাষ্ট্ৰিয় উদ্যানলৈ প্ৰাণী স্থানান্তৰ কৰা হয়। অৱশ্যে, সংখ্যা বাৰে বাৰে চোৰাং চিকাৰীৰ দ্বাৰা বিপদাপন্ন হৈছেঃ কেৱল ২০০২ চনত, চোৰাং চিকাৰীয়ে‍ ৩৭টা গঁড় হত্যা কৰিছিল যাতে সিহেঁত মূল্যৱান খড়্গ কাটি বিক্ৰী কৰিব পাৰে। ২০১৫ চনলৈকে নেপালৰ চিতৱানত নেপালৰ সৰ্বাধিক এশিঙীয়া গঁড় আছে আৰু ইয়াৰ সংখ্যা ৬০৫-৬৪৫ৰ ভিতৰত হ'ব বুলি‍ কৰা হৈছে‍।[19] মেঠোনবোৰ বছৰৰ বেছিভাগ সময় ৰাষ্ট্ৰীয় উদ্যানখনৰ দক্ষিণে থকা কম সুগম চুৰিয়া পাহাৰত কটায়। কিন্তু বসন্ত কালত যেতিয়া হাবি জ্বলোৱা কমে‍ আৰু সেউজীয়া ঘাঁহবোৰ পুনৰ ডাঙৰ হ'বলৈ আৰম্ভ কৰে, তেতিয়া চৰিবলৈ আৰু ঘাঁহৰ সন্ধানত ঘাঁহনি আৰু নদী কাষৰীয়া অৰণ্যলৈ নামি আহে। ১৯৯৭ চনৰ পৰা ২০১৬ চনৰ ভিতৰত বিশ্বৰ সৰ্ববৃহৎ বন্য গৰু প্ৰজাতিটোৰ সংখ্যা চিতৱানত ১৮৮ৰ ৩৬৮টালৈ‍ বৃদ্ধি পাইছিল। তদুপৰি, কাষৰীয়া পাৰ্ছা বন্যপ্ৰাণী সংৰক্ষিত অঞ্চলত ১১২টা বন্য গৰু গণনা কৰা হৈছিল। এই উদ্যানসমূহৰ মাজত জীৱ-জন্তুবোৰে মুক্তভাৱে চলাচল কৰে। অসংখ্য বনৰীয়া গাহৰিৰ উপৰিও, উদ্যানখনত থকা ফুটুকী হৰিণ, শৰপহু, সুগৰী পহু আৰু খটীয়া পহুৰ জাক আছে। চৌশিং আৰু হিমালয়ান চেৰো প্ৰধানকৈ পাহাৰত বাস কৰে। মলুৱা বান্দৰ, গ্ৰে লেংগুৰ, বনৰৌ, ভাৰতীয় কেটেলা পহু, কেইবাটাও প্ৰজাতিৰ উৰণীয়া কেৰ্কেটুৱা, ক'লা-নেপড শহা আৰু বিপন্ন খাগৰিৰটা শহা আছে।[17] চিতৱান ৰাষ্ট্ৰীয় উদ্যানে ২০১৬ চনত কোশী টাপ্পু বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চল পৰা ১৮টা বনৰীয়া ম'হ লাভ কৰিছিল।[20]

বাৰ্ডলাইফ ইণ্টাৰনেশ্যনেল দ্বাৰা উদ্যানখনক এক গুৰুত্বপূৰ্ণ পক্ষী অঞ্চল (আইবিএ) হিচাপে মনোনীত কৰা হৈছে।[21] প্ৰতি বছৰে বিশষজ্ঞ চৰাই নিৰীক্ষক আৰু সংৰক্ষণবিদে‍ সমগ্ৰ দেশতে পোৱা চৰাইৰ প্ৰজাতিসমূহ জৰীপ কৰে। ২০০৬ চনত তেওঁলোকে চিতৱান ৰাষ্ট্ৰীয় উদ্যানত ৫৪৩বিধ প্ৰজাতি চৰাই নথিভুক্ত কৰিছিল, যিটো নেপালৰ আন যিকোনো সংৰক্ষিত অঞ্চলতকৈ বহু বেছি আৰু ইয়াত নেপালৰ বিশ্বব্যাপী সংকটাপন্ন প্ৰজাতিৰ প্ৰায় দুই-তৃতীয়াংশ চৰাই আছে‍। ইয়াৰ উপৰিও, ২০০৮ চনৰ বসন্তকালত ২০টা ক'লা-চিনযুক্ত য়ুহিনা, এযোৰা গোল্ডছ ছানবাৰ্ড, এযোৰা চন্দনা ভাটৌ আৰু এটা স্লেটি-ব্ৰেষ্টেড ৰেলৰ এক অস্বাভাৱিক শীতকালীন পৰ্যটন দেখা গৈছিল।[22]

বিশেষকৈ উদ্যানখনৰ পলসুৱা ঘাঁহনিবোৰ হৈছে সংকটাপন্ন উলূম’ৰা, বৰটোকোলা, ধূসৰ-মুকুটযুক্ত প্ৰিনিয়া, হয়কলী আৰু কেইবাটাও প্ৰজাতিৰ ঘাঁহনীৰ ঢাপলিকা চৰাইৰ বাবে গুৰুত্বপূৰ্ণ বাসস্থান। ২০০৫ চনত তিনিটা ভিন্ন তৃণভূমিত ২০০তকৈ অধিক সৰু ঠুঁটীয়া ঢাপলিকা দেখা গৈছিল।[23] প্ৰায় বিপদাপন্ন মণিয়ৰী বহু হ্ৰদৰ চাৰিওফালে বাস কৰা প্ৰজননকাৰী চৰাই, তাৰ উপৰিও ইয়াত বগলী, ইটাগুডি়য়া, সাৰেং আৰু মাছৰোকা প্ৰচুৰ পৰিমাণে আছে। এই উদ্যানখন বিশ্বব্যাপী বিপদাপন্ন বৰফুটুকী কুৰুৱা, ময়ূৰ আৰু বনকুকুৰাৰ কেইটামান জ্ঞাত প্ৰজনন স্থানৰ ভিতৰত এটা আৰু এই চৰাইবোৰক খাদ্যৰ বাবে বনাঞ্চলৰ মাটিত বিচৰণ কৰা দেখা যায়৷  [উদ্ধৃতিৰ প্ৰয়োজন][ citation needed]

ইয়াত বাস কৰা চৰাইবোৰৰ উপৰিও প্ৰায় ১৬০বিধ পৰিভ্ৰমী প্ৰজাতিৰ চৰাইয়ে শীতকাল কটাবলৈ উত্তৰ অক্ষাংশৰ পৰা শৰৎকালত চিতৱানত উপস্থিত হয়, তাৰে ভিতৰত বৰফুটুকী কুৰুৱা, ইষ্ট ইম্পেৰিয়েল ঈগল আৰু কুৰুৱা উল্লেখযোগ্য। সাধাৰণতে দেখা পোৱাৰ ভিতৰত আছে চাকৈ-চকোৱা আৰু সৰু ঠুঁটীয়া ডুবাৰু হাঁহ৷ উত্তৰ দিশলৈ যোৱাৰ পথত ফেব্ৰুৱাৰী মাহত মাত্ৰ কেইদিনমানৰ বাবে ৰাজহাঁহৰ বৃহৎ জাকবোৰে ইয়াত বিশ্ৰাম কৰে।  [উদ্ধৃতিৰ প্ৰয়োজন][ citation needed]

বসন্ত কালত শীতকালীন পৰিভ্ৰমী চৰাইবোৰ যোৱাৰ লগে লগে গ্ৰীষ্মকালীন পৰিভ্ৰমী চৰাইবোৰ দক্ষিণ অক্ষাংশৰ পৰা আহে। বসন্তৰ আৰম্ভণিৰ কথা হয় কুলি চৰাইৰ মাতৰে। ৰঙীন পিট্টা আৰু কেইবাটাও মৌপিয়া চৰাইৰ প্ৰজাতি বাৰিষাৰ সময়ত সাধাৰণ প্ৰজনন পৰিভ্ৰমী চৰাই। বহুতো নাচনী চৰাইৰ প্ৰজাতিৰ ভিতৰত দীঘল নেজৰ বাৰীসুন্দৰীৰ উৰণৰ দৃশ্য অতি মনোমোহা।  [উদ্ধৃতিৰ প্ৰয়োজন][ citation needed]

  • Bird Conservation Nepal (2006). Birds of Chitwan. Checklist of 543 reported species. Published in cooperation with Department of National Parks and Wildlife Conservation and Participatory Conservation Programme II, Kathmandu.
  • Gurung, K. K., Singh R. (1996). Field Guide to the Mammals of the Indian Subcontinent. Academic Press, San Diego, আই.এচ.বি.এন. 0-12-309350-3

সংবাদ মাধ্যমৰ প্ৰচাৰ

সম্পাদনা কৰক

উদ্যানখনৰ অনন্য গঁড়ৰ জাকটো দ্য জেফ কৰউইন এক্সপেৰিয়েন্স ছিজন ২, খণ্ড ১১-ত প্ৰদৰ্শিত হৈছিল।

এইবোৰো চাওক

সম্পাদনা কৰক
  • তেৰাই আৰ্ক ভূ-দৃশ্য
  • নেপালৰ বন্যপ্ৰাণী
  • জটায়ু শগুণ ৰেষ্টুৰেণ্ট

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "Chitwan National Park". UNESCO World Heritage Centre. https://whc.unesco.org/en/list/284/। আহৰণ কৰা হৈছে: 2023-05-15. 
  2. 2.0 2.1 Bhuju, U. R.; Shakya, P. R.; Basnet, T. B.; Shrestha, S. (2007). "Chitwan National Park". Nepal Biodiversity Resource Book. Protected Areas, Ramsar Sites, and World Heritage Sites. প্ৰকাশক Kathmandu: International Centre for Integrated Mountain Development, Ministry of Environment, Science and Technology, in cooperation with United Nations Environment Programme, Regional Office for Asia and the Pacific. পৃষ্ঠা. 48–51. ISBN 978-92-9115-033-5. https://lib.icimod.org/record/7560. 
  3. Wikramanayake, E.D.; Dinerstein, E.; Robinson, J.G.; Karanth, K.U.; Rabinowitz, A.; Olson, D.; Mathew, T.; Hedao, P. et al. (1999). "Where can tigers live in the future? A framework for identifying high-priority areas for the conservation of tigers in the wild". In Seidensticker, J.. Riding the Tiger. Tiger Conservation in human-dominated landscapes. প্ৰকাশক Cambridge: Cambridge University Press. পৃষ্ঠা. 255–272. ISBN 0-521-64835-1. Archived from the original on 10 March 2012. http://www.nfwf.org/AM/Template.cfm?Section=Riding_The_Tiger1&template=%2FCM%2FContentDisplay.cfm&ContentID=3062। আহৰণ কৰা হৈছে: 23 October 2011. 
  4. Gurung, K. K. (1983). Heart of the Jungle: the Wildlife of Chitwan, Nepal. André Deutsch, London. 
  5. Gee, E. P. (1959). "Report on a survey of the rhinoceros area of Nepal". Oryx খণ্ড 5: 67–76. doi:10.1017/S0030605300000326. 
  6. Gee, E. P. (1963). "Report on a brief survey of the wildlife resources of Nepal, including rhinoceros". Oryx খণ্ড 7 (2–3): 67–76. doi:10.1017/s0030605300002416. 
  7. Adhikari, T. R. (2002). "The curse of success". Habitat Himalaya - A Resources Himalaya Factfile খণ্ড IX (3). 
  8. McLean, J. (1999). "Conservation and the impact of relocation on the Tharus of Chitwan, Nepal". Himalayan Research Bulletin খণ্ড XIX (2): 38–44. http://digitalcommons.macalester.edu/cgi/viewcontent.cgi?article=1628&context=himalaya. 
  9. Dinerstein, E.; Wemmer, C. M. (1988). "Fruits Rhinoceros Eat: Dispersal of Trewia Nudiflora (Euphorbiaceae) in Lowland Nepal". Ecology খণ্ড 69 (6): 1768–1774. doi:10.2307/1941155. 
  10. Shrestha, B. K., Dangol, D. R. (2006). "Change in Grassland Vegetation in the Northern Part of Royal Chitwan National Park, Nepal". Scientific World খণ্ড 4 (4): 78–83. 
  11. Priol, P. (2003). Gharial field study report (Report). প্ৰকাশক Kathmandu, Nepal: A report submitted to Department of National Parks and Wildlife Conservation. 
  12. Chitwan National Park Office (2015). "Biodiversity – Chitwan National Park". Government of Nepal Department of National Parks and Wildlife Conservation. Archived from the original on 2021-08-12. https://web.archive.org/web/20210812163255/https://chitwannationalpark.gov.np/index.php/biodiversity। আহৰণ কৰা হৈছে: 2018-01-21. 
  13. Barlow, A.; McDougal, C.; Smith, J. L. D.; Gurung, B.; Bhatta, S. R.; Kumal, S.; Mahato, B.; Tamang, D. B. (2009). "Temporal Variation in Tiger (Panthera tigris) Populations and its Implications for Monitoring". Journal of Mammalogy খণ্ড 90 (2): 472–478. doi:10.1644/07-mamm-a-415.1. 
  14. Carter, N. H.; Shrestha, B. K.; Karki, J. B.; Pradhan, N. M. B.; J. Liu (2012). "Coexistence between wildlife and humans at fine spatial scales". Proceedings of the National Academy of Sciences of the United States of America খণ্ড 109 (38): 15360–15365. doi:10.1073/pnas.1210490109. PMID 22949642. 
  15. McDougal, C. (1988). "Leopard and Tiger Interactions at Royal Chitwan National Park, Nepal". Journal of the Bombay Natural History Society খণ্ড 85: 609–610. 
  16. Dinerstein, E.; Mehta, J. N. (1989). "The clouded leopard in Nepal". Oryx খণ্ড 23 (4): 199–201. doi:10.1017/S0030605300023024. 
  17. 17.0 17.1 nawali, S. R.; Baral, H. S.; Lee, S.; Acharya, K. P.; Upadhyay, G. P.; Pandey, M.; Shrestha, R.; Joshi, D.; Lamichhane, B. R.; Griffiths, J.; Khatiwada, A. P.; Subedi, N. & Amin, R. (2011). The Status of Nepal’s Mammals: The National Red List Series. Kathmandu, Nepal: Department of National Parks and Wildlife Conservation. 
  18. Thapa, K.; Kelly, M. J.; Karki, J. B.; Subedi, N. (2013). "First camera trap record of pack hunting dholes in Chitwan National Park, Nepal". Canid Biology & Conservation খণ্ড 16 (2): 4–7. 
  19. . 2015. http://www.chitwannationalpark.gov.np/index.php/highlights/15-rhino-population-up. 
  20. Kandel, R. C.; Poudel, R. C.; Sadaula, A.; Kandel, P.; Gairhe, K. P.; Pokheral, C. P.; Bajracharya, S. B.; Chalise, M. K. et al. (2019). "Revisiting genetic structure of Wild Buffaloes Bubalus arnee Kerr, 1792 (Mammalia: Artiodactyla: Bovidae) in Koshi Tappu Wildlife Reserve, Nepal: an assessment for translocation programs". Journal of Threatened Taxa খণ্ড 11 (15): 14942–14954. doi:10.11609/jott.4940.11.15.14942-14954. 
  21. "Chitwan National Park". BirdLife Data Zone. BirdLife International. 2024. https://datazone.birdlife.org/site/factsheet/chitwan-national-park-iba-nepal। আহৰণ কৰা হৈছে: 2024-10-18. 
  22. Giri, T.; Choudhary, H. (2008). "Additional Sightings". Danphe খণ্ড 17 (2): 6. 
  23. Baral, H. S.; Chaudhary, D. B. (2006). "Status and Distribution of Slender-billed babbler Turdoides longirostris in Chitwan National Park, central Nepal". Danphe খণ্ড 15 (4): 1–6. 

বাহ্যিক সংযোগসমূহ

সম্পাদনা কৰক