হেলেন (অভিনেত্ৰী)
হেলেন এন ৰিচাৰ্ডচন খান (ইংৰাজী: Helen Ann Richardson Khan , জন্ম: হেলেন এন ৰিচাৰ্ডচন, ২১ নৱেম্বৰ ১৯৩৮) এগৰাকী ভাৰতীয় বলীউডৰ অভিনেত্ৰী আৰু নৃত্যশিল্পী, চমুকৈ যাক হেলেন নামেৰে জনা যায়। তেওঁ দুটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে আৰু ৭০০তকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে।[1] হেলেনক তেওঁৰ সময়ৰ সকলোতকৈ জনপ্ৰিয় নৃত্যশিল্পী বুলি কোৱা হয়।[2] ২০০৯ত তেওঁক ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰীৰে সন্মানিত কৰা হয়।[3] তেওঁৰ জীৱন-কাহিনীৰে অনুপ্ৰাণিত হৈ চাৰিখনকৈ চলচ্চিত্ৰ নিৰ্মাণ আৰু এখন গ্ৰন্থ ৰচনা কৰা হৈছিল।[4] প্ৰবীন চলচ্চিত্ৰ নিৰ্মাতা তথা লেখক চালিম খান তেওঁৰ দ্বিতীয় স্বামী আছিল।[5]
হেলেন | |
---|---|
২০১৩ চনত হেলেন | |
জন্ম | হেলেন এন ৰিচাৰ্ডচন ২১ নৱেম্বৰ, ১৯৩৮ (৮৬ বছৰ) ৰেঙ্গুন, ব্ৰিটিছ বাৰ্মা (বৰ্তমানৰ য়াংগুন, ম্যানমাৰ) |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অভিনেত্ৰী, নৃত্যশিল্পী |
সক্ৰিয় হৈ থকা সময় | ১৯৫১-২০১২ |
দাম্পত্যসঙ্গী | প্ৰেম নাৰায়ণ আৰোৰা চালিম খান (১৯৮১-) |
সন্তান | অৰ্পিতা খান শৰ্মা (তুলি লোৱা) |
বঁটা, সন্মান, পুৰস্কাৰ আদি | ফিল্মফেয়াৰ বঁটা |
প্ৰাৰম্ভিক জীৱন
সম্পাদনা কৰকহেলেনৰ জন্ম ব্ৰিটিছ শাসিত ব্ৰহ্মদেশৰ ৰেঙ্গুনত এটা ইঙ্গ-ভাৰতীয় পৰিয়ালত, ১৯৩৮ৰ ২১ নৱেম্বৰত হৈছিল। তেওঁৰ দেউতাক আছিল ঈঙ্গ-ভাৰতীয় আৰু মাক ব্ৰহ্মদেশীয়।[6] দেউতাক আৰু মাকৰ নাম আছিল ক্ৰমে জৰ্জ ডেচমিয়েৰ আৰু মাৰ্লিন। ৰোজাৰ আৰু জেনিফাৰ তেওঁৰ ভায়েক আৰু ভনীয়েক আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ক দেউতাকৰ মৃত্যু হৈছিল। জাপান অধিকৃত ব্ৰহ্মদেশৰ পৰা পলাই তেওঁলোকে ১৯৪৩ চনত বোম্বেলৈ আহিছিল।[7] নাৰ্চৰ কাম কৰা মাকৰ দৰমহাৰে চাৰিজনীয়া পৰিয়ালটো চলাব নোৱাৰা হোৱাত তেওঁ স্কুল আধাতে এৰি দিয়ে। Queen of the Nautch girls শীৰ্ষক এখন তথ্যচিত্ৰত হেলেনে কয় যে ১৯৫৭ চনত ১৯ বছৰ বয়সত 'হাওৰা ব্ৰীজ' ছবিত তেওঁ প্ৰথম ডাঙৰ সুযোগ পাইছিল।[8]
কৰ্মজীৱন
সম্পাদনা কৰকপাৰিবাৰিক বন্ধু তথা এজনী অভিনেত্ৰী কুকুৱে প্ৰথম হেলেনক বলীউডৰ সৈতে চিনাকি কৰাই দিছিল। কুকুৰ সহায়তে তেওঁ সাবিস্তান (১৯৫১) আৰু আৱাৰা (১৯৫১) ছবিত দলীয় নৃত্যশিল্পীৰ কাম পাইছিল। অতি সোনকালে তেওঁ আলিফ লাইলা (১৯৫৪) আৰু হুৰ-ই-আৰৱ ছবিৰ নৃত্যত এককভাবে ভাগ লবলৈ সুবিধা পালে। ময়ূৰপঙ্খীত (১৯৫৪) এজনী বাটৰ নাচনীৰ ভূমিকাত অৱতীৰ্ণ হৈছিল। শক্তি সামন্তৰ হাওৰা ব্ৰীজ ছবিৰ গীতা দত্তই কণ্ঠ দিয়া ‘মেৰা নাম চিন-চিন-চু’ গীতটোত অংশ লোৱাটো তেওঁৰ জীৱনৰ এক উল্লেখযোগ্য ঘটনা। ইয়াৰ পিছতে ১৯৬০ আৰু ১৯৭০ৰ দশকৰ ছবিৰ তেওঁ এক অবিচ্ছেদ্য অঙ্গ হৈ পৰিল। তেওঁ আনুষ্ঠানিকভাবে ১৯৮৩ত অৱসৰ লয় যদিও ইয়াৰ পিছতো ‘খামোচী’ (১৯৯৬), ‘মোহব্বতে’ (২০০০) আদি ছবিত অতিথি শিল্পীৰ ভূমিকা লোৱা দেখা গৈছে।
ব্যক্তিগত জীৱন
সম্পাদনা কৰকহেলেনৰ প্ৰথম বিবাহ ১৯৫৭ চনত ‘দিল দৌলত দুনীয়া’ ছবিৰ পৰিচালক প্ৰেম নাৰায়ণ আৰোৰাৰ সৈতে হৈছিল। আৰোৰা বয়সত তেওঁতকৈ ২৭ বছৰে ডাঙৰ আছিল। ১৯৭৪ত দুয়োৰো বিবাহ-বিচ্ছেদ হয়।[9] ১৯৮১ত হেলেনে বলীউডৰ এজন শীৰ্ষস্থানীয় চিত্ৰনাট্যকাৰ চালিম খানক বিয়া কৰায়। খান ইতিমধ্যে বিবাহত আছিল আৰু পূৰ্বৰ পত্নীৰ ফালৰ পৰা চাৰিটা সন্তান আছিল। হেলেনৰ আটাইকেইজন সতিয়া সন্তানৰ সৈতে এক সু-সম্পৰ্ক আছে। হেলেনক প্ৰায়ে ৰাজহুৱা অনুষ্ঠানত খান আৰু তেওঁৰ প্ৰথমা পত্নীৰ সৈতে একেলগে দেখা যায়।[10]
বঁটা আৰু সন্মান
সম্পাদনা কৰক- ১৯৮০ – 'লহু কে দো ৰং' (১৯৭৯) ছবিৰ বাবে শ্ৰেষ্ঠ সহয়োগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা
- ১৯৯৯ – ফিল্মফেয়াৰ জীৱন জোৰা সাধনা বঁটা
- ২০০৯ – পদ্মশ্ৰী[11]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Jerry Pinto (1 March 2006). Helen: The Life and Times of an H-Bomb. Penguin Books India. ISBN 978-0-14-303124-6. https://books.google.com/books?id=Ng_vVIcq5yQC। আহৰণ কৰা হৈছে: 5 January 2013.
- ↑ Mukherjee, Madhurita (3 February 2003). "Revamping Bollywood's sexy vamps". Times of India. Archived from the original on 3 November 2012. https://web.archive.org/web/20121103220911/http://articles.timesofindia.indiatimes.com/2003-02-03/news-interviews/27281535_1_cinema-special-appearance-shamita-shetty.
- ↑ "Helen, Ash, Akshay named for Padma Shri" (en ভাষাত). Hindustan Times. 2009-01-26. https://www.hindustantimes.com/entertainment/helen-ash-akshay-named-for-padma-shri/story-Sqi8cvlkTKRBriP85wt4QL.html। আহৰণ কৰা হৈছে: 2019-09-26.
- ↑ "Helen". OutlookIndia. 17 April 2006. http://www.outlookindia.com/article.aspx?230972। আহৰণ কৰা হৈছে: 16 October 2011.
- ↑ Garoo, Rohit (2016-10-04). "Salim Khan Marriages: Two Marriages, Zero Regrets, One Happy Family" (en-US ভাষাত). The Bridal Box. https://www.thebridalbox.com/articles/salim-khan-marriages_0055925/। আহৰণ কৰা হৈছে: 2019-09-26.
- ↑ "I have no problems with the item no". santabanta.com. 24 January 2008. Archived from the original on 24 September 2015. https://web.archive.org/web/20150924094128/http://www.santabanta.com/bollywood/18638/ive-no-problems-with-the-item-no-helen-richardson-khan। আহৰণ কৰা হৈছে: 12 July 2015.
- ↑ "Helen Upperstall profile". Upperstall.com. 8 March 2012. http://www.upperstall.com/people/helen। আহৰণ কৰা হৈছে: 31 July 2016.
- ↑ "Helen Richardson". liveindia.com. 18 July 2011. http://www.liveindia.com/salmankhan/helen.html। আহৰণ কৰা হৈছে: 1 May 2012.
- ↑ https://m.imdb.com/name/nm0374974/trivia
- ↑ "Salman Khan's heart-warming family story". Emirates 24/7. 25 July 2015. http://www.emirates247.com/entertainment/films-music/salman-khan-s-heart-warming-family-story-2015-07-25-1.597922.
- ↑ "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 19 October 2017. https://web.archive.org/web/20171019215108/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 21 July 2015.
উৎস
সম্পাদনা কৰক- Jerry Pinto (2006). Helen: The Life and Times of an H-Bomb. Penguin Books India. ISBN 978-0-14-303124-6.
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত হেলেন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- হেলেন সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Rediff profile, rediff.com; accessed 11 December 2014.
- Huffington Post profile; accessed 11 December 2014.