২০০৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন

ভাৰতৰ সাধাৰণ নিৰ্বাচন

২০০৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ১৬ এপ্ৰিলৰ পৰা ১৩ মে’লৈ- মুঠ ৫টা পৰ্যায়ত অনুষ্ঠিত হৈছিল। পঞ্চদশ লোকসভা গঠনৰ উদ্দেশ্যে অনুষ্ঠিত এই নিৰ্বাচনত মুঠ ভোটাৰৰ ৫৮.২১ শতাংশই ভোটদান কৰিছিল। চতুৰ্দশ লোকসভাৰ কাৰ্যকাল ইতিমধ্যে ২০০৯ৰ ১ জুনত সমাপ্ত হ’বলগীয়া আছিল। ২০০৯ৰ ফেব্ৰুৱাৰীত ভাৰতৰ সংসদত এই নিৰ্বাচনৰ বাবে ১১.২০ কোটি ধাৰ্য কৰা হৈছিল। লোকসভাৰ ৫৪৩খন আসনৰ বাবেমুঠ ৮০৭০জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছিল। নিৰ্বাচনৰ ফলাফল পঞ্চম পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ তিনিদিন পাছত, ১৬ মে’ত ঘোষনা কৰা হৈছিল।[1][2]

২০০৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
ভাৰত
২০০৪ ←
১৬ এপ্ৰিল ২০০৯ – ১৩ মে' ২০০৯ (2009-05-13)
→ ২০১৪

ভোটদানৰ হাৰ ৫৮.২১% (বৃদ্ধি2.14%)
 
দল কংগ্ৰেছ বিজেপি
মিত্ৰদল সংযুক্ত প্ৰগতিশীল মৰ্চা ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা
জনপ্ৰিয় ভোট ১১৯,১১০,৭৭৬ ৭৮,৪৩৫,৫৩৮
শতাংশ ৩১.৫৫% ১৮.৮০%

Results of the National and Regional parties by alliances.


নিৰ্বাচনৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী

মনমোহন সিং
কংগ্ৰেছ

প্ৰধানমন্ত্ৰী

মনমোহন সিং
কংগ্ৰেছ

ভাৰতীয় জাতীয় কংগ্ৰেছ নেতৃত্বাধীন প্ৰাক-নিৰ্বাচনী সংযুক্ত প্ৰগতিশীল মৰ্চাই ২৬২খন আসনেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। মৰ্চাই অন্ধ্ৰপ্ৰদেশ, কেৰালা, মহাৰাষ্ট্ৰ, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগত ভাল ফল দেখুৱাইছিল। বহুজন সমাজ পাৰ্টি, সমাজবাদী পাৰ্টি, জনতা দল (চেকুলাৰ), ৰাষ্ট্ৰীয় জনতা দল আৰু কেইটামান সৰু-সৰু দলে চৰকাৰক বাহিৰৰ পৰা সমৰ্থন দিছিল।[3]

২০০৯ৰ ২২ মে’ত ৰাষ্ট্ৰপতি ভৱনৰ অশোকা প্ৰেক্ষাগৃহত মনমোহন সিঙে দ্বিতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত-গ্ৰহণ কৰিছিল।[4]

দলভিত্তিক ফলাফল সম্পাদনা কৰক

ক্ৰমিক নং দল দলৰ স্থিতি লাভ কৰা আসন প্ৰাপ্তভোটৰ %
বহুজন সমাজ পাৰ্টি ৰাষ্ট্ৰীয় ২১ ৬.১৭
ভাৰতীয় জনতা পাৰ্টি ৰাষ্ট্ৰীয় ১১৬ ১৮.৮০
ভাৰতৰ কমিউনিষ্ট পাৰ্টি ৰাষ্ট্ৰীয় ১.৪৩
ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) ৰাষ্ট্ৰীয় ১৬ ৫.৩৩
ভাৰতীয় জাতীয় কংগ্ৰেছ ৰাষ্ট্ৰীয় ২০৬ ২৮.৫৫
নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি ৰাষ্ট্ৰীয় ২.০৪
ৰাষ্ট্ৰীয় জনতা দল ৰাষ্ট্ৰীয় ১.২৭
অল ইণ্ডিয়া দ্ৰাবিড় মুন্নেত্ৰা কাঝাগম ৰাজ্যিক
অসম গণ পৰিষদ ৰাজ্যিক
১০ অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক ৰাজ্যিক
১১ অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ ৰাজ্যিক ১৯
১২ অসম সংযুক্ত গণতান্ত্ৰিক মৰ্চা ৰাজ্যিক
১৩ বিজু জনতা দল ৰাজ্যিক ১৪
১৪ দ্ৰাবিড় মুন্নেত্ৰা কাঝাগম ৰাজ্যিক ১৮
১৫ জনতা দল (চেকুলাৰ) ৰাজ্যিক
১৬ জনতা দল (সংযুক্ত) ৰাজ্যিক ২০
১৭ জম্মু এণ্ড কাশ্মীৰ নেচনেল কনফাৰেঞ্চ ৰাজ্যিক
১৮ ঝাৰখণ্ড মুক্তি মৰ্চা ৰাজ্যিক
১৯ কেৰালা কংগ্ৰেছ (এম) ৰাজ্যিক
২০ মুৰুমালাৰ্চি দ্ৰাবিড়া মুন্নেত্ৰা কাঝাগম ৰাজ্যিক
২১ মুছলিম লীগ কেৰালা ষ্টেট কমিটি ৰাজ্যিক
২২ নাগালেণ্ড পিপ’লছ্ ফ্ৰণ্ট ৰাজ্যিক
২৩ ৰিভ’লুচনাৰী ছোচিয়েলিষ্ট পাৰ্টি ৰাজ্যিক
২৪ শিৰোমণি আকালি দল ৰাজ্যিক
২৫ চিক্কিম ডেমোক্ৰেটিক ফ্ৰণ্ট ৰাজ্যিক
২৬ শিৱসেনা ৰাজ্যিক ১১
২৭ সমাজবাদী পাৰ্টি ৰাজ্যিক ২৩
২৮ তেলেগু দেশম ৰাজ্যিক
২৯ তেলেংগানা ৰাষ্ট্ৰীয় সমিতি ৰাজ্যিক
৩০ অল ইণ্ডিয়া মজলিছ-ই-ইত্তেহাদুল মুছলিমিন পঞ্জীভূক্ত
৩১ বহুজন বিকাশ আঘাড়ি পঞ্জীভূক্ত
৩২ বড়োলেণ্ড পিপ’লছ্ ফ্ৰণ্ট পঞ্জীভূক্ত
৩৩ হাৰিয়ানা জনহিত কংগ্ৰেছ (বি.এল.) পঞ্জীভূক্ত
৩৪ ঝাৰখণ্ড বিকাশ মৰ্চা (প্ৰজাতান্ত্ৰিক) পঞ্জীভূক্ত
৩৫ ৰাষ্ট্ৰীয় লোকদল পঞ্জীভূক্ত
৩৬ স্বাভিমানী পক্ষ পঞ্জীভূক্ত
৩৭ বিদুথালাই চিৰুথাইগল কাচ্চি পঞ্জীভূক্ত
৩৮ নিৰ্দলীয় নিৰ্দলীয়
মুঠ ৫৪৩
উৎস ভাৰতৰ নিৰ্বাচন আয়োগ

তথ্য উৎস সম্পাদনা কৰক