ৰঙামূৰীয়া বাঢ়ৈটোকা
ৰঙামূৰীয়া বাঢ়ৈটোকা (ইংৰাজী: Common Flameback বা Common Goldenback, বৈজ্ঞানিক নাম-Dinopium javanense) 'Picidae' গোটৰ অন্তৰ্ভুক্ত বাঢ়ৈটোকা চৰাইৰ এটা প্ৰজাতি৷
ৰঙামূৰীয়া বাঢ়ৈটোকা (Common Flameback) | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Piciformes |
পৰিয়াল: | Picidae |
গণ: | Dinopium |
প্ৰজাতি: | D. javanense |
বৈজ্ঞানিক নাম | |
Dinopium javanense (Ljungh, 1797) |
বিৱৰণ
সম্পাদনা কৰকৰঙামূৰীয়া বাঢ়ৈটোকা দেহৰ আকাৰ মধ্যমীয়া৷ ইয়াৰ মূৰৰ পৰা ডিঙিলৈকে দীঘলীয়া আঁচ থকা দেখা যায়৷ মতা আৰু মাইকী দুয়োৰে এই আঁচ থাকে৷ মতা ৰঙামূৰীয়া বাঢ়ৈটোকাৰ মূৰত ৰঙা আৰু মাইকীৰ ক'লা মুকুট (crown) থাকে৷ ইয়াৰ দেহৰ তলৰ অংশ ক'লা, নেজৰ বৰণো ক'লা হয়৷
টেক্স'নমি
সম্পাদনা কৰকSpot-throated Flamebackক এই প্ৰজাতিটোৰ উপ-প্ৰজাতি বুলি গণ্য কৰা হয়৷
বিতৰণ
সম্পাদনা কৰকৰঙামূৰীবা বাঢ়ৈটোকা সাধাৰণতে বাংলাদেশ, ব্ৰুনেই, কম্বোডিয়া, চীন, ভাৰত, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, ম্যানমাৰ, চিংগাপুৰ, থাইলেণ্ড, আৰু ভিয়েটনাম আদিত পোৱা যায়৷
বাসস্থান
সম্পাদনা কৰকএই প্ৰজাতিটো প্ৰধানকৈ বিষুৱীয় অঞ্চলৰ বনাঞ্চলত পোৱা যায়৷
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ BirdLife International (2012). "Dinopium javanense". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/100600737। আহৰণ কৰা হৈছে: 16 July 2012.
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত Dinopium javanense সম্পৰ্কীয় মিডিয়া ফাইল।