ৰঙা পুলিচ

অসমীয়া চলচ্চিত্ৰ (১৯৫৮)

ৰঙা পুলিচ, ১৯৫৮ চনৰ জানুৱাৰী মাহত মুক্তি লাভ কৰা বিংশতম অসমীয়া কথাছবি আৰু ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমখন অসমীয়া কথাছবি।[1]

ৰঙা পুলিচ
Ronga Police
RONGA POLICE.png
ৰঙা পুলিচৰ এটা দৃশ্য
পৰিচালক নিপ বৰুৱা
ৰচনা ৰমেশ শৰ্মা
চিত্ৰনাট্য নিপ বৰুৱা
কাহিনী ৰমেশ শৰ্মা
প্ৰযোজক মিলিত শিল্পী চিনে প্ৰডাকচনচ প্ৰাইভেট লিমিটেড
অভিনয়ত জ্ঞানদা কাকতি
নিপ বৰুৱা
আব্দুল মজিদ
চৈয়দ আব্দুল মালিক
চিত্ৰগ্ৰহণকাৰী নলীন দুৱৰা
সম্পাদনা শ্যাম দাস
সংগীত পৰিচালক নিজাম
প্ৰযোজনা
কোম্পানী
মুভিটোন ষ্টুডিঅ', কলিকতা
পৰিবেশক আচকৰণ জালান, যোৰহাট
মুক্তি
জানুৱাৰী, ১৯৫৮
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া
বাজেট ৮৭,০০০ টকা

নিৰ্মাণৰ আঁৰৰ কাহিনীসম্পাদনা কৰক

১৯৫৩ চনত যোৰহাটত 'মিলিত শিল্পী সমাজ' নামৰ নামৰ এটা সাংস্কৃতিক অনুষ্ঠান গঢ়ি উঠে। নাট্যাচাৰ্য্য ইন্দ্ৰেশ্বৰ বৰঠাকুৰ-এ এই সমাজৰ গুৰি ধৰিছিল। সাধাৰণ সম্পাদক আছিল ভুবন ৰঞ্জন বৰঠাকুৰ আৰু সাংস্কৃতিক সম্পাদক আছিল আব্দুল মজিদ। অসমৰ কেবাগৰাকীও শিল্পী এই 'মিলিত শিল্পী সমাজ'ৰপৰাই ওলাই আহিছিল। 'মিলিত শিল্পী সমাজে' সেই বছৰ নিবেদন কৰিছিল ৰমেশ শৰ্মাই ৰচনা কৰা 'ৰঙা পুলিচ' নামৰ নাটখন। নাটখনৰ প্ৰদৰ্শনত উপস্থিত আছিল নিপ বৰুৱা আৰু ব্ৰজেন বৰুৱা। নাটখন চাই তেওঁলোকে সেইখন চলচ্চিত্ৰ ৰূপ দিবলৈ কয়। 'মিলিত শিল্পী সমাজে' চলচ্চিত্ৰ এখন নিৰ্মাণৰ বাবে ইতিমধ্যে সাজু হৈছিল। তেওঁলোকে চৈয়দ আব্দুল মালিকৰ 'মাটিৰ চাকি' নামৰ উপন্যাসখনক চিত্ৰৰূপ দিয়াৰ পৰিকল্পনা কৰিছিল। কিন্তু নিপ বৰুৱা আৰু ব্ৰজেন বৰুৱাই দিয়া পৰামৰ্শ অনুসৰি 'ৰঙা পুলিচ' নাটখনকে চলচ্চিত্ৰ ৰূপ দিবলৈ স্থিৰ কৰা হ'ল।[1][2][3]

১৯৫৭ চনত 'মিলিত শিল্পী চিনে প্ৰডাক্‌চনচ্‌' নামেৰে কোম্পানী এটা ৰেজিষ্ট্ৰেচন কৰা হ'ল আৰু ছবি নিৰ্মাণৰ বাবে নিপ বৰুৱাৰ হাততে দায়িত্ব অৰ্পণ কৰা হয়। 'মিলিত শিল্পী সমাজে' সমজুৱা ভাবে টকা সংগ্ৰহ কৰি ছবিখন নিৰ্মাণ কৰিছিল।[1]

ছবিখনৰ কাহিনীসম্পাদনা কৰক

এগৰাকী পত্নীহাৰা শিক্ষকৰ চাৰি গৰাকী সন্তান। ডাঙৰজন হাকিম, মাজুজন পুলিচৰ কনিষ্টবল, তাৰ তলত এজনী অবিবাহিত ছোৱলী আৰু বেয়া পথত ভৰি দিয়া সৰু পুত্ৰ। মাজু পুত্ৰ ঘৰৰ বাহিৰত পুলিচ বেৰেকত থাকে, বাকী কেইজন থাকে একেটা পৰিয়ালত। সৰু পুত্ৰই বিভিন্ন সমস্যা সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। এদিন ডকাইতি কৰিবলৈ গৈ মানুহ এজনক হত্যা কৰ। পুৰস্কাৰ প্ৰাপ্ত কনিষ্টবল মাজু পুত্ৰই সৰু ভায়েকক গ্ৰেপ্তাৰ কৰিবলগীয়া হয়।[3][4]

ৰাইজৰ সঁহাৰিসম্পাদনা কৰক

১৯৫৮ চনৰ জানুৱাৰী মাহত 'ৰঙা পুলিচ' মুক্তি দিয়া হয়। 'মাদাৰ ইণ্ডিয়া' নামৰ ছবিখনৰ লগে লগে 'ৰঙা পুলিচ' মুক্তি দিয়া হৈছিল। ছবিখনে প্ৰথমে যোৰহাটৰ আচকৰণ জালান নামৰ ব্যক্তি এজনে পৰিবেশন কৰিছিল। পাছলৈ নিপ বৰুৱাই কিছু বছৰ ধৰি ছবিখন চলাইছিল।[1]


পুৰস্কাৰসম্পাদনা কৰক

ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমখন অসমীয়া কথাছবি আছিল 'ৰঙা পুলিচ'। ইয়াৰ আগতে ফণী শৰ্মা পৰিচালিত 'পিয়লী ফুকন' (১৯৫৫) আৰু নিপ বৰুৱা পৰিচালিত 'মাক আৰু মৰম' (১৯৫৭) নামৰ ছবি দুখনে লাভ কৰিছিল 'চাৰ্টিফিকেট অৱ মেৰিট'।[3][1]

অভিনয়তসম্পাদনা কৰক

কলা-কুশলীসম্পাদনা কৰক

(তথ্যছকত উল্লেখ নথকা)

  • সহকাৰী পৰিচালক: নুৰুল হক
  • আলোক চিত্ৰশিল্পী: নলীন দুৱৰা
  • সহকাৰী: সুজিত সিন্‌হা
  • কলা নিৰ্দেশনা: বিজয় বসু
  • ৰূপসজ্জা: দেবী হালদাৰ, অনিল দাস
  • শব্দগ্ৰহণ: বাণী দত্ত
  • গীতিকাৰ: নুৰুল হক[4]

'ৰঙা পুলিচ'ৰ গানসম্পাদনা কৰক

ৰঙা পুলিচৰ সংগীত পৰিচালক আছিল নিজামুদ্দিন আহমদ হাজৰিকা। নামটো চুটিকৈ 'নিজাম' বুলি ছবিত উল্লেখ আছে। গীতত কণ্ঠ দিছিল ৰাণু ভট্টাচাৰ্য (ফুকন) আৰু মুহিবুদ্দিন আহমদে (তগৰ)। গীতিকাৰ আছিল নুৰুল হক।[4]

  • ৰঙা পুলিচ আমি ৰঙা পুলিচ -- (কথা: নুৰুল হক; কণ্ঠ: মুহিবুদ্দিন আহমদ আৰু সহশিল্পী)
  • মলয়াৰ দোলনিতে / সোণ ঘুমটি যায় -- (কথা: নুৰুল হক; কণ্ঠ: ৰাণু ভট্টাচাৰ্য (ফুকন))
  • নাকান্দিবি আৰু মন / হেৰুৱাই বুকুৰে ধন -- (কথা: নুৰুল হক; কণ্ঠ: মুহিবুদ্দিন আহমদ আৰু সহশিল্পী)
  • হিয়াৰ মৰমখিনি মৰমতে দিয়া ঢালি -- (কথা: নুৰুল হক; কণ্ঠ: ৰাণু ভট্টাচাৰ্য (ফুকন))[4]

তথ্যউৎসসম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 'এবাৰ উভতি চাওঁ', অৰুণলোচন দাস, শিশুসাৰথি প্ৰকাশন, গুৱাহাটী, ২০০১. 
  2. মঞ্চলেখা, পৃঃ ৩১৬-৩১৭, অতুল চন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী. ১৯৯৫. 
  3. 3.0 3.1 3.2 "৬ষ্ট ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ". ২৮-৪-১৯৫৯. https://www.dff.nic.in/images/Documents/108_6thNfacatalogue.pdf. 
  4. 4.0 4.1 4.2 4.3 4.4 ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত, পৃঃ৮৬-৮৯, অৰুণলোচন দাস, শশী-শিশু প্ৰকাশ, গুৱাহাটী, ২০১৩. 

বাহ্যিক সংযোগসম্পাদনা কৰক