ৰঙা হেলেন (ইংৰাজী: Red Helen, বৈজ্ঞানিক নাম-Papilio helenus) এটা ডাঙৰ আকাৰৰ চাতকনেজীয়া পখিলা (Swallowtail Butterfly)ৰ প্ৰজাতি৷ ইয়াক সাধাৰণতে দক্ষিণ-পূব এছিয়াৰ কিছু কিছু অংশত আৰু দক্ষিণ ভাৰতত দেখিবলৈ পোৱা যায়৷

ৰঙা হেলেন (Red Helen)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Arthropoda
শ্ৰেণী: Insecta
বৰ্গ: Lepidoptera
পৰিয়াল: Papilionidae
গণ: Papilio
প্ৰজাতি: P. helenus
বৈজ্ঞানিক নাম
Papilio helenus
Linnaeus, 1758

টেক্স'নমি সম্পাদনা কৰক

ৰঙা হেলেন পখিলাৰ তেৰটা পৰ্যন্ত উপ-প্ৰজাতিৰ বিষয়ে বৰ্তমানলৈকে তথ্য পোৱা গৈছে৷ ইয়াৰে দুটা উপ-প্ৰজাতি ভাৰতত দেখিবলৈ পোৱা যায়৷ ইয়াৰে উল্লেখযোগ্য উপ-প্ৰজাতিসমূহ হ'ল-

  • P. helenus daksha Moore. দক্ষিণ ভাৰত
  • P. helenus helenus Linnaeus. ডেৰাডুনৰ পৰা ম্যানমাৰলৈকে বিস্তৃত
  • P. helenus fortunius Fruhstorfer, 1908.

Papilio helenus helenus গোটৰ মূল (nominate) সদস্য৷ ইয়াৰ ওচৰ সম্পৰ্কীয় অন্যান্য পখিলাবোৰ হ'ল-

  • Papilio helenus Linnaeus, 1758
  • Papilio iswara White, 1842
  • Papilio iswaroides Fruhstorfer, 1898
  • Papilio nephelus Boisduval, 1836
  • Papilio nubilus Staudinger, 1895
  • Papilio sataspes C. & R. Felder, 1865

বিস্তৃতি সম্পাদনা কৰক

 

ৰঙা হেলেন পখিলা শ্ৰীলংকা, দক্ষিণ ভাৰত আৰু উত্তৰ-পূব ভাৰত, নেপাল, ভূটান, বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড, লাওছ, কম্বোডিয়া, ভিয়েটনাম, চীন, টাইৱান, জাপান, দক্ষিণ কোৰিয়া, মালয়েছিয়া, ব্ৰণেই, ফিলিপাইনছ, ইন্দোনেছিয়া আদি দেশত বিস্তৃত হৈ আছে৷ ভাৰতত ইয়াক দাক্ষিণাত্য (Western Ghats)ৰ কেৰেলাৰ পৰা গুজৰাট পৰ্যন্ত আৰু উত্তৰে ডেৰাডুনৰ পৰা উত্তৰ-পূব ভাৰত পৰ্যন্ত ইয়াক দেখিবলৈ পোৱা যায়৷[উদ্ধৃতিৰ প্ৰয়োজন]

 
Similar species

জীৱন-চক্ৰ সম্পাদনা কৰক

 

এই পখিলাবিধ সমগ্ৰ বছৰ জুৰি সক্ৰিয় হৈ থাকে৷ অন্য সকলো পখিলাৰ প্ৰজাতিৰ দৰেই ইয়াৰো এটা নিৰ্দিষ্ট জীৱন-চক্ৰৰে জীৱন অতিবাহিত হয়৷

কণী সম্পাদনা কৰক

ইয়াৰ কণীৰ বৰণ হালধীয়া , আকাৰ ঘূৰণীয়া আৰু বাহিৰৰ খোলাতো কিছু খহটা৷ অণুবীক্ষণ যন্ত্ৰৰ তলত পৰীক্ষা কৰিলে বাহিৰৰ এই খোলাটো দেখাত কমলাৰ ছালৰ দৰে দেখা যায়৷ কণীৰ ব্যাস প্ৰায় ১.২ মিলিমিটাৰ হয়৷ ৰঙা হেলেন পখিলাই গছৰ পাতৰ কাণ্ডৰ জোঙা মূৰটোত ছাঁ পৰা অংশত কণী পাৰে৷ কণী ফুটাৰ আগেয়ে চকলেট ৰঙৰ আঁচেৰে পূৰ্ণ হৈ থাকে৷ কণী পৰাৰ ৪-৭ দিনৰ ভিতৰত ফুটে৷

পলু সম্পাদনা কৰক

পলু পোনেই জগাৰ অৱস্থাত ৩ মিলিমিটাৰ দীঘল হয় আৰু ইয়াৰ বৰণ হালধীয়া হোৱা দেখা যায়৷ ইয়াৰ দেহটো থিয় নোমেৰে আৱৰি থাকে৷ পিছলৈ ইয়াৰ বৰণ মটিয়া হ'বলৈ ধৰে৷ দেহৰ মাজভাগত বগা দাগ কিছুমান থাকে৷

স্থিতি সম্পাদনা কৰক

ইয়াৰ আবাদী বৰ্তমানলৈকে সংকটৰ পৰা মুক্ত বুলি তথ্য পোৱা গৈছে৷ ইয়াক কেৰেলাৰ মহাৰাষ্ট্ৰ পৰ্যন্ত সততে দেখা যায়৷ তদুপৰি উত্তৰ -পূব ভাৰতত বিশেষকৈ অসমত ই খুবেই চিনাকি পখিলাৰ প্ৰজাতি৷[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্যসূত্ৰ সম্পাদনা কৰক

  • Collins, N.M. & Morris, M.G. (1985) Threatened Swallowtail Butterflies of the World. IUCN. ISBN 2-88032-603-6
  • Evans, W.H. (1932) The Identification of Indian Butterflies. (2nd Ed), Bombay Natural History Society, Mumbai, India
  • Gay, Thomas; Kehimkar, Isaac & Punetha, J.C.(1992) Common Butterflies of India. WWF-India and Oxford University Press, Mumbai, India.
  • Haribal, Meena (1994) Butterflies of Sikkim Himalaya and their Natural History.
  • Kunte, Krushnamegh (2005) Butterflies of Peninsular India. Universities Press.
  • Wynter-Blyth, M.A. (1957) Butterflies of the Indian Region, Bombay Natural History Society, Mumbai, India.

বাহ্যিক সংযোগ সম্পাদনা কৰক