ৰঞ্জনা শৰ্মা বৰদলৈ
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
ৰঞ্জনা শৰ্মা বৰদলৈ (ইংৰাজী: Ranjana Sharma Bordoloi; জন্ম: ০৮ ফেব্ৰুৱাৰী, ১৯৪৮ ) অসমীয়া চলচ্চিত্ৰৰ এগৰাকী অভিনেত্ৰী তথা নৃত্যাংগণা। [1]
ৰঞ্জনা শৰ্মা বৰদলৈ | |
---|---|
জন্ম | ৮ ফেব্ৰুৱাৰী, ১৯৪৮ ডিব্ৰুগড় |
পেচা | অভিনেত্ৰী আৰু নৃত্যাংগনা |
দাম্পত্যসঙ্গী | প্ৰদীপ কুমাৰ বৰদলৈ |
পিতৃ-মাতৃ | ৺ নবীন চন্দ্ৰ বৰদলৈ আৰু অৰ্চনা বৰদলৈ |
জন্ম আৰু শৈশৱ
সম্পাদনা কৰকৰঞ্জনা শৰ্মা বৰদলৈ জন্ম হৈছিল ডিব্ৰুগড়ৰ চিৰিং চাপৰিত। পিতৃৰ নাম নবীন চন্দ্ৰ বৰদলৈ আৰু মাতৃৰ নাম অৰ্চনা বৰদলৈ। তেখেতে সত্ৰীয়া নৃত্য গুৰু যতীন গোস্বামী আৰু ভৱ গোস্বামীৰ পৰা সত্ৰীয়া আৰু মাধৱ সিংহাৰ পৰা মণিপুৰী শাস্ত্ৰীয় নৃত্যৰ শিক্ষা গ্ৰহণ কৰে। তেখেতে বিহু নৃত্যটো পাৰদৰ্শী আছিল আৰু মঘাই ওজা, তুলসীওজা ৰং ওজা আদিৰ সৈতে সমগ্ৰ ভাৰততে বিহুনৃত্য প্ৰদৰ্শণ কৰি খ্যাতি আৰ্জিছিল। [1]
ব্যক্তিগত জীৱন
সম্পাদনা কৰকঅভিনয় জীৱনৰ আৰম্ভনি'
সম্পাদনা কৰকৰঞ্জনা শৰ্মা বৰদলৈয়ে পোন প্ৰথমে সৰ্বেশ্বৰ চক্ৰৱৰ্তীৰ “ মণিৰাম দেৱান” বোলচৱিত অভিনয় কৰে। তেখেত মঞ্চনাটৰো এগৰাকী খ্যতনামা শিল্পী আছিল আৰু নটসূৰ্য ফণী শৰ্মা, বিষ্ণু প্ৰসাদ ৰাভা, ভাৰত বৰপূজাৰী, গোলাপ শৰ্মা, তিলক দুৱৰা, অভয় দুৱৰা, ইভা আচাও, অনিল শৰ্মা, নৃপেন ঠাকুৰ, আদিৰ সৈতে বিভিন্ন মঞ্চ নাটত অভিনয় কৰিছিল, তাৰে ভিতৰত এমুঠী চাউলম কিয়, চিৰাজ আদি প্ৰসিদ্ধ। ১৯৭৪ চনৰ পৰা তেখেতে কেইবাখনো অনাতাঁৰ নাটতো অভিনয় কৰে। [1]
শিক্ষা
সম্পাদনা কৰকঅভিনয় কৰা চলচিত্ৰসমূহ
সম্পাদনা কৰক- মনিৰাম দেৱান (১৯৬২) : সহশিল্পী নটসূৰ্য ফণী শৰ্মা, উৎপল দত্ত, সংগীত নিৰ্দেশণা ড° ভূপেন হাজৰিকা
- প্ৰতিধ্বনি ( ১৯৬৪)
- ড° বেজবৰুৱা (১৯৬৯) : সহশিল্পী ব্ৰজেন বৰুৱা
- সোণতৰা
- ৰতনলাল
- ককা দেউতা নাতি আৰু হাতী : সহশিল্পী নিপন গোস্বামী, প্ৰাঞ্জল শইকীয়া, মৃদুলা বৰুৱা
- মৰম তৃষ্ণা
- পথাৰ আৰু জীৱন
- মধুচন্দা
অভিনয়ৰ উপৰিও তেও ৰতনলাল আৰু মধুছন্দা বোলছবিৰ নৃত্য নিৰ্দেশনাও কৰিছিল [1]
দূৰদৰ্শণৰ ধাৰাবাহিক
সম্পাদনা কৰক- চুপাৰ মস্তি ধামাকা
- সংস্কৃতি
- সোণালী সপোন
- সৰগৰ অন্য এটি নাম
- সমন্বয়ৰ সেতু[উদ্ধৃতিৰ প্ৰয়োজন]
ভি চিডি
সম্পাদনা কৰক- নাম পৰম ধন
- বৃন্দাবন[উদ্ধৃতিৰ প্ৰয়োজন]
পুৰষ্কাৰ আৰু সন্মান
সম্পাদনা কৰক- ১৯৯৮ চনত পশ্চিম বংগৰ বংগীয় সংগীত পৰিষদৰ পৰা কথক নৃত্যত সংগীত ৰত্ন সন্মান
- ১৫ আগষ্ট, ২০০৯ ত শিল্পী পেনচন
- ২০ জুন ২০১০ ত বিষ্ণু ৰাভা সন্মান[উদ্ধৃতিৰ প্ৰয়োজন]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক