ৰামদাস গান্ধী

মহাত্মা গান্ধীৰ তৃতীয় সন্তান

ৰামদাস মোহনদাস গান্ধী (২ জানুৱাৰী ১৮৯৭ - ১৪ এপ্ৰিল ১৯৬৯) মহাত্মা গান্ধীৰ তৃতীয় সন্তান।[1] তেওঁৰ জন্মহয় দক্ষিণ আফ্ৰিকাত। তেওঁ তেওঁৰ পিতৃ-মাতৃ আৰু তেওঁৰ আটাইকেইজন ভায়েকৰ পৰা পৃথক হৈ জীৱন নিৰ্বাহ কৰিছিল। তেওঁৰ আৰু তেওঁৰ পত্নী নিৰ্মলাৰ তিনিটা সন্তান আছিল; সুমিত্ৰা গান্ধী, কানু গান্ধী[2] আৰু উষা গান্ধী। তেওঁ পিতাকৰ ভাৰতীয় স্বাধীনতা আন্দোলনৰ সংগ্ৰামটো সক্ৰিয় অংশগ্ৰহণ কৰিছিল।

ৰামদাস গান্ধী

মাক কস্তুৰবা গান্ধী আৰু ভায়েক ককায়েক সহ ৰামদাস গান্ধী(বাওঁ ফালৰ পৰা দ্বিতীয়)
জন্ম ৰামদাস মোহনদাস গান্ধী
২ জানুৱাৰী ১৮৯৭
দক্ষিণ আফ্ৰিকা
মৃত্যু ১৪ এপ্ৰিল, ১৯৬৯ (৭২ বছৰ)
পুনে, মহাৰাষ্ট্ৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
দাম্পত্যসঙ্গী নিৰ্মলা
সন্তান বিজ্ঞানী কানু গান্ধী সহ ৩ জন
আত্মীয়-স্বজন হৰিলাল, মণিলাল, দেৱদাস (ভাই-ককাই)

বৈৰাগ্যৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত নোহোৱা সত্ত্বেও ১৯৩০ চনৰ কঠোৰ অসামৰিক আন্দোলনসমূহত অংশগ্ৰহণ কৰিছিল। বাৰম্বাৰ কাৰাবাস খটাৰ ফলত তেওঁৰ স্বাস্থ্যৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিছিল। দক্ষিণ আফ্ৰিকাত ডাঙৰ দীঘল হোৱা বাবে তেওঁ কেতিয়াও পিতৃৰ দৰিদ্ৰতাৰ আদৰ্শবাদক আঁকোৱালি ল'ব পৰা নাছিল।

মহাত্মাৰ শেষকৃত্যত তেওঁৰ অন্তিম ইচ্ছামতে ৰামদাস গান্ধীয়েই মুখাগ্নি কৰিছিল। তেওঁৰ সৈতে তেওঁৰ ভাতৃ দেৱদাস গান্ধীয়েও এই শেষকৃত্যত যোগদান কৰিছিল।

৭২ বছৰ বয়সত পিতৃৰ জন্মশতবৰ্ষৰ সময়তেই তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ পত্নী নিৰ্মলা আৰু তিনিটা সন্তানক এৰি থৈ যায় যাৰ কোনোৱেই এতিয়া জীৱিত নাই।

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক