ৰামপৰা (ইংৰাজী: Brown-headed Gull, বৈজ্ঞানিক নমা-Chroicocephalus brunnicephalus)এবিধ মজলীয়া আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি৷ ই মধ্য এছিয়াতুৰ্কমেনিস্তানৰ পৰা মংগোলীয়া পৰ্যন্ত প্ৰজনন কৰে বুলি জনা যায়৷

ৰামপৰা (Brown-headed Gull)
Brown-headed Gull at Pangong Tso Ladakh
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Charadriiformes
পৰিয়াল: Laridae
গণ: Chroicocephalus
প্ৰজাতি: C. brunnicephalus
বৈজ্ঞানিক নাম
Chroicocephalus brunnicephalus
(Jerdon, 1840, west coast of Indian Peninsula)
সমাৰ্থক

Larus brunnicephalus

বিৱৰণ সম্পাদনা কৰক

পূৰ্ণবয়স্ক মতা ৰামপৰাৰ মূৰ অংশ শেঁতা মটিয়া বৰণৰ৷ ইয়াৰ দেহ পাতল মুগা আৰু ঠোঁট আৰু ঠেঙৰ বৰণ ৰঙা৷ ক'লা ডেউকাৰ আগটোত বগা দাগ থকা দেখা যায়৷ তলৰ পাখিবোৰ মুগা আৰু ক'লা বৰণীয়া৷ শীতকালত মূৰৰ মটিয়া ৰং নোহোৱা হৈ পৰে৷

বিতৰণ সম্পাদনা কৰক

ৰামপৰঅ সমগ্ৰ মধ্য এছিয়া জুৰি বিস্তৃত৷ ই প্ৰধানকৈ পৰিভ্ৰমণকাৰী চৰাই আৰু শীতকালত দক্ষিণ এছিয়াৰ সাগৰীয় অঞ্চল, বৃহৎ জলাশয় আৰু নদীসমূহলৈ প্ৰব্ৰজন কৰে বুলি জনা যায় ৷

বাসস্থান সম্পাদনা কৰক

ৰামপৰাই সাধাৰণতে জাকপাতি বিভিন্ন আকাৰৰ ক'লনীত বাস কৰে৷ ই জলাশয় সমূহত চৰিবলৈ পছন্দ কৰে৷

আচৰণ সম্পাদনা কৰক

ৰামপৰা শীতকালত বৃহৎ গোটত বাস কৰা দেখা যায়৷ ই প্ৰধানকৈ সাগৰৰ উপকন্ঠ অঞ্চল সমূহতে চৰে৷

খাদ্য সম্পাদনা কৰক

ৰামপৰা সুবিধাবাদী খাদক (opportunist feeder)৷ ই প্ৰধানকৈ বিভিন্ন অমেৰুদণ্ডী প্ৰাণী আদি খাই জীয়াই থাকে ৷ কিন্তু সুবিধা পালে মৃতভক্ষীও হোৱা দেখা যায়৷

প্ৰজনন সম্পাদনা কৰক

জন্মৰ প্ৰায় দুবছৰৰ পিছতহে ৰামপৰা পূৰ্ণবয়স্ক হৈ উঠে৷

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. BirdLife International (2004). Larus brunnicephalus. 2006. IUCN Red List of Threatened Species. "IUCN" 2006. www.iucnredlist.org. Retrieved on 5 May 2006.
  • Pons J.M., Hassanin, A., and Crochet P.A.(2005). Phylogenetic relationships within the Laridae (Charadriiformes: Aves) inferred from mitochondrial markers. Molecular phylogenetics and evolution 37(3):686-699