ৰামাদেৱী চৌধুৰী
ৰামাদেৱী চৌধুৰী (ইংৰাজী: Ramadevi Choudhury; ৩ ডিচেম্বৰ ১৮৯৯ – ২২ জুলাই ১৯৮৫), যাক ৰামা দেৱী বুলিও কোৱা হয়, এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু সমাজ সংস্কাৰক আছিল।[1] ওড়িশাৰ মানুহে তেওঁক মা বুলি কৈছিল। ভুৱনেশ্বৰৰ ৰামাদেৱী মহিলা বিশ্ববিদ্যালয়ৰ নাম তেওঁৰ নামেৰে ৰখা হৈছে।[2]
ৰামাদেৱী চৌধুৰী | |
---|---|
জন্ম | ০৩ ডিচেম্বৰ, ১৮৯৯ কটক জিলাৰ সত্যভামাপুৰ গাঁও |
মৃত্যু | ২২ জুলাই, ১৯৮৫ (৮৫ বছৰ) কটক, ওড়িশা, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
অন্য নাম | মা ৰামা দেৱী |
পেচা | স্বাধীনতা সংগ্ৰামী, সমাজকৰ্মী |
দাম্পত্যসঙ্গী | গোপালবন্ধু চৌধুৰী |
পিতৃ-মাতৃ | গোপাল বল্লভ দাস বসন্ত কুমাৰী দেৱী |
আত্মীয়-স্বজন | মধুসুদন দাস (খূড়া) |
বঁটা, সন্মান, পুৰস্কাৰ আদি | সাহিত্য অকাডেমী বঁটা |
পৰিয়াল
সম্পাদনা কৰকতেওঁ জমিদাৰ হিন্দু কৰণ পৰিয়াল এটাত জন্মগ্ৰহণ কৰিছিল। তেওঁ চৌধুৰী গোপালা বল্লভ দাস আৰু বসন্ত কুমাৰী দেৱীৰ কন্যা আৰু উত্তল গৌৰব মধুসুদন দাসৰ ভতিজী। ১৫ বছৰ বয়সত তেওঁ তেতিয়াৰ ডেপুটী-কালেক্টৰ গোপবন্ধু চৌধুৰীক বিয়া কৰায়।[3]
স্বাধীনতা আন্দোলনত ভূমিকা
সম্পাদনা কৰকস্বামীৰ সৈতে মিলি ১৯২১ চনত ভাৰতীয় স্বাধীনতা আন্দোলনত যোগদান কৰে।[3] তেওঁ মহাত্মা গান্ধীৰ দ্বাৰা[4] অতিশয় প্ৰভাৱিত হৈ অসহযোগ আন্দোলনত সক্ৰিয় অংশ লৈছিল। মহিলাসকলক স্বাধীনতা আন্দোলনত যোগদান কৰিবলৈ উৎসাহিত কৰিবলৈ তেওঁ গাঁৱে গাঁৱে গৈ আছিল।[4] তেওঁক প্ৰভাৱিত কৰা আন কেইজন ব্যক্তি হ'ল, জয়প্ৰকাশ নাৰায়ণ, বিনোৱা ভাৱে আৰু তেওঁৰ ককাক মধুসুদন দাস।[4] ১৯২১ চনত তেওঁ গান্ধীজীৰ সৈতে প্ৰথম সাক্ষাৎ কৰে আৰু স্বামীৰ সৈতে মিলি অসহযোগ আন্দোলনত যোগদান কৰে।[4] তেওঁ একে বছৰতে তেওঁলোকে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে আৰু খাদী পিন্ধিবলৈ আৰম্ভ কৰে।[4] ১৯৩০ চনত উৰিষ্যা পৰ্যায়ত লোণ সত্যগ্ৰহ আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰে। কিৰণবালা সেন, মালতিদেৱী, সৰলা দেৱী, প্ৰাণক্ৰুষ্ণ পধিয়াৰীৰ দৰে আন কৰ্মীসকলৰ সৈতে তেওঁ ইঞ্চুদি আৰু শ্ৰীজাংলৈ যায়।[4] ১৯৩০ চনৰ নৱেম্বৰ মাহত তেওঁ আৰু তেওঁৰ সহকৰ্মীসকলক গ্ৰেপ্তাৰ কৰি বিভিন্ন কাৰাগাৰত ভৰাই থয় ব্ৰিটিছে। তেওঁক কেইবাবাৰো (১৯২১, ১৯৩০, ১৯৩৬, ১৯৪২ চনত) অন্যান্য মহিলা স্বাধীনতা কৰ্মী যেনে সৰলা দেৱী, মালতী চৌধুৰী আদিৰ সৈতে গ্ৰেপ্তাৰ কৰা হয় আৰু জেললৈ প্ৰেৰণ কৰা হয়।[5][6][7][4] ১৯৩১ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰাচী অধিবেশনত অংশগ্ৰহণ কৰিছিল আৰু সেই সময়ত তেওঁ নেতাসকলক পৰৱৰ্তী অধিবেশন উৰিষ্যাত অনুষ্ঠিত কৰিবলৈ অনুৰোধ কৰিছিল।[4] ১৯৩২ চনত হাজৰিবাগ কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছত তেওঁ হৰিজন কল্যাণৰ কামত সক্ৰিয়ভাৱে জড়িত হৈ পৰে। গান্ধীজীৰ নিৰ্দেশনাত, অস্পৃশ্যতা নিৰ্মূলৰ বাবে তেওঁ অস্পৃশ্যতা নিবাৰণ সমিতিৰ কথা উল্লেখ কৰে। পিছলৈ এই প্ৰতিষ্ঠানটোৰ নাম হৰিজন সেৱা সংঘ ৰখা হয়।[4] ১৯৩২ আৰু ১৯৩৪ চনত গান্ধীজীৰ উৰিষ্যা ভ্ৰমণৰ লগতে, কস্তুৰবা, চৰ্দাৰ পেটেল, ৰাজেন্দ্ৰ প্ৰসাদ, মৌলানা আজাদ, জৱাহৰলাল নেহৰু আদি ভ্ৰমণৰ লগতো তেওঁ ঘনিষ্ঠভাৱে জড়িত আছিল।[4] তেওঁ উৰিষ্যাৰ বাৰীত এখন আশ্ৰম আৰম্ভ কৰে যাৰ নাম গান্ধীজীয়ে সেৱাঘৰ ৰাখে।[4] ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত ৰাম দেৱীৰ স্বামী গোপাবন্ধু চৌধুৰীকে ধৰি সমগ্ৰ পৰিয়ালৰ সদস্যক গ্ৰেপ্তাৰ কৰা হয়।[4] কস্তুৰবা গান্ধীৰ মৃত্যুৰ পিছত গান্ধজীয়ে তেওঁক তেওঁ কাম কস্তুৰবা ট্ৰাষ্টৰ উৰিষ্যা শাখাৰ প্ৰতিনিধি হিচাপে নিযুক্তি দিয়ে।[4]
স্বাধীনতাৰ পৰৱৰ্তীকালৰ কৰ্ম
সম্পাদনা কৰক১৯৪৭ চনত ভাৰতৰ স্বাধীনতাৰ পিছত ৰামা দেৱীয়ে আচাৰ্য বিনোৱা ভাৱেৰ ভূ-দান আৰু গ্ৰাম-দান আন্দোলনৰ কামত নিজকে উৎসৰ্গা কৰে।[8] ১৯৫২ চনত তেওঁ স্বামীৰ সৈতে ৰাজ্যখনৰ প্ৰায় ৪০০০ কিলোমিটাৰ খোজকাঢ়ি গৈ ভূমিহীন আৰু দুখীয়াক মাটি আৰু ধন-সম্পত্তি দিয়াৰ বাৰ্তা প্ৰচাৰ কৰে।[8][9][10][11][12][13] ১৯২৮ চনৰ পৰা ৰাম দেৱীয়ে জগৎসিংপুৰৰ আলকা আশ্ৰমত থাকে।[14]
উৎকল খাদী মণ্ডল স্থাপন কৰাত সহায় কৰাৰ লগতে ৰামচন্দ্ৰপুৰত শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ আৰু বলৱাডীও প্ৰতিষ্ঠা কৰে। ১৯৫০ চনত তেওঁ ডাম্বুৰুগেডাত জনজাতীয় কল্যাণ কেন্দ্ৰ স্থাপন কৰে। ১৯৫১ চনৰ দুৰ্ভিক্ষৰ সময়ত তেওঁ আৰু মালাটিয়ে কোৰাপুটত দুৰ্ভিক্ষ সাহায্যৰ কাম কৰিছিল। ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধত ক্ষতিগ্ৰস্ত সৈনিকসকলক সহায়ৰ বাবে কাম কৰিছিল।
জৰুৰীকালীন অৱস্থাত তেওঁ হৰেকৃষ্ণ মহাতব আৰু নীলামণি ৰাউতৰয়ৰ সৈতে নিজাকৈ কাকত উলিয়াই প্ৰতিবাদ কৰে।[4] গ্ৰাম সেৱক প্ৰেছ, চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰি উৰিষ্যাৰ আন নেতা যেনে নবকৃষ্ণ চৌধুৰী, হৰেকৃষ্ণ মহাতব, মনমোহন চৌধুৰী, শ্ৰীমতী অন্নপূৰ্ণ মহৰাণা, জয়কৃষণ মহান্তি আৰু অন্যান্য।[15]
তেওঁ শিশু বিহাৰ নামৰ প্ৰাথমিক বিদ্যালয় আৰু কটকত কেন্সাৰ চিকিৎসালয় স্থাপন কৰে।[4]
সন্মান
সম্পাদনা কৰকজাতিৰ প্ৰতি কৰা সেৱাৰ স্বীকৃতি স্বৰূপে ৰামাদেৱীক ১৯৮১ চনৰ ৪ নৱেম্বৰত জামনালাল বাজাজ বঁটা[16][17] প্ৰদান কৰা হয় আৰু ১৯৮৪ চনৰ ১৬ এপ্ৰিলত উৎকল বিশ্ববিদ্যালয়ৰ দ্বাৰা দৰ্শনৰ ডক্টৰেট সন্মান প্ৰদান কৰা হয়।
স্মৃতিসৌধ
সম্পাদনা কৰকভুৱনেশ্বৰৰ ৰামা দেৱী মহিলা বিশ্ববিদ্যালয়ৰ নাম তেওঁৰ স্মৃতিত ৰখা হৈছে। এইখণ ২০১৫ চনৰ পৰা প্ৰতিষ্ঠা হোৱা পূব ভাৰতৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয়। ইউনিভাৰ্চিটি চৌহদৰ ভিতৰত তেওঁৰ বাবে উৎসৰ্গিত এটা সংগ্ৰহালয় আছে।[18] কটকত তেওঁ আৰম্ভ কৰা বিদ্যালয়খনৰ – শিশু বিহাৰ – এতিয়া ৰামাদেৱী শিশু বিহাৰ নামেৰে নামাকৰণ কৰা হৈছে।[19]
মৃত্যু
সম্পাদনা কৰক১৯৮৫ চনৰ ২২ জুলাইত ৮৫ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।[4]
তথ্য সূত্ৰ
সম্পাদনা কৰক- ↑ Women pioneers in India's renaissance, as I remember her, by Sushila Nayar, Kamla Mankekar. National Book Trust, India, 2002. আই.এচ.বি.এন. 81-237-3766-1. Page 216.
- ↑ Freedom Struggle and Rama Devi. Archived from the original on 2024-07-06. https://web.archive.org/web/20240706094900/https://magazines.odisha.gov.in/Orissareview/April2006/engpdf/freedom_struggle_%20and%20rama%20devi_.pdf। আহৰণ কৰা হৈছে: 2024-10-19.
- ↑ 3.0 3.1 Philomena Royappa Reddy; P. Sumangala (1998). Women in development: perspectives from selected states of India. B.R. Pub. Corp.. ISBN 978-81-7018-978-7. https://books.google.com/books?id=RkG3AAAAIAAJ। আহৰণ কৰা হৈছে: 22 April 2011.. Rama Devi Rama Devi along with her husband Gopabandu Choudhury joined the Freedom Movement in 1921
- ↑ 4.00 4.01 4.02 4.03 4.04 4.05 4.06 4.07 4.08 4.09 4.10 4.11 4.12 4.13 4.14 4.15 Freedom Struggle and Rama Devi Orissa Review April 2006
- ↑ People's Revolt in Orissa: A Study of Talcher by Debi P. Mishra – 1998 – Page 138
- ↑ Women and Social Change in India by Snehalata Panda – 1992 – Page 14
- ↑ Encyclopaedia of women biography: India, Pakistan, Bangladesh by Nagendra Kr Singh – 2001
- ↑ 8.0 8.1 Dharam Paul Chowdhry (1992). Profile of voluntary action in social welfare and development. Siddhartha Publishers. ISBN 978-81-85464-01-5. https://books.google.com/books?id=yqFIAAAAYAAJ। আহৰণ কৰা হৈছে: 22 April 2011.. In 1952 the Bhoodan and Gramdan movement claimed the services of both Mrs. Rama Devi and her...
- ↑ Orissa Review 1990 – Volume 47 – Page 14 "commencement of the Salt Satyagraha, the women leaders like Rama Devi, Sarala Devi, Malatl Devi and Kiran Bala Sen made efforts for the active participation of women in this satyagraha. Led by Rama Devi and Malati Devi, fifteen hundred ..."
- ↑ Reflections on the National Movement in Orissa 1997 "Malati Devi protest meeting was held and a big procession was organised at Cuttack on 7th May, 1930. During this time prominent women leaders of Orissa like Rama Devi, Malati Devi and Sarala Devi were arrested. On 25th September ..."
- ↑ B. S. Chandrababu, L. Thilagavathi Woman, Her History and Her Struggle for Emancipation 2009 – Page 313 "Rama Devi was married at the age of fourteen, in 1914 to Gopabandru Choudhury, who was working as a Deputy ... the Civil Disobedience Movement when the top leaders were imprisoned, Rama Devi acted as the 'Dictator' of the Orissa ..."
- ↑ Subhas Chandra Parida, Sasmita Nayak Empowerment of Women in India – 2009 Page 197 "... Women political leaders like Basant Manjari Devi (Rajamata of Ranapur), Rama Devi and Malati Choudhury (social ..."
- ↑ Sachidananda Mohanty – Early Women's Writings in Orissa, 1898–1950: A Lost Tradition 2005 "Rama. Devi. 1889–1985. Daughter of Gopal Ballabha Das, younger brother of Madhusudan D:is. the eminent Oriya nationalist, Rama Devi received no formal schooling. She was married to Gopabandhu Choudhury at the age of 14. ..."
- ↑ Atul Chandra Pradhan, Ashok Kumar Patnaik, Utkal University. Post-graduate Dept. of History People's movements in Orissa during the colonial era – 1994– Page 149 "In the process they had paved the way towards building of a new society in Orissa based on Gandhians ideals. From 1928 Rama Devi had stayed in the Alaka Ashram at Jagatsingpur and had participated in all the activities of the Ashram."
- ↑ Orissa: the dazzle from within (art, craft and culture of ...by G. K. Ghosh – 1993 – – Page 37
- ↑ "Jamnalal Bajaj Awards Archive". Jamnalal Bajaj Foundation. http://www.jamnalalbajajfoundation.org/awards/archives/2010.
- ↑ British Empire Leprosy Relief Association. Indian Council; Hind Kusht Nivaran Sangh (1 January 1982). Leprosy in India. Hind Kusht Nivaran Sangh. https://books.google.com/books?id=UlU2AAAAIAAJ। আহৰণ কৰা হৈছে: 22 April 2011.. JAMNALAL BAJAJ AWARDS, 1981 The Jamnalal Bajaj Awards are given every year for outstanding contributions in any one or more ... Award III was awarded to Smt. Ramadevi Gopabandhu Choudhuri ofCuttackfor her outstanding contribution to the ...
- ↑ "Ramadevi Womens University". Archived from the original on 2017-12-24. https://web.archive.org/web/20171224192517/http://www.rdwu.org/। আহৰণ কৰা হৈছে: 2024-10-19.
- ↑ rmss