ৰিচাং (চলচ্চিত্ৰ)
অসমীয়া চলচ্চিত্ৰ
ৰিচাং হৈছে ২০১২ চনৰ ১১ মে' তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। 'ৰুবী ভিজন'ৰ বেনাৰত বোলছবিখন প্ৰযোজনা কৰে পল্লৱী বৰুৱাই। বহুসংখ্যক অসমীয়া ভিচিডি ছবিৰ পৰিচালক মানস বৰুৱা পৰিচালিত এইখন প্ৰথম অসমীয়া বোলছবি। চলচ্চিত্ৰখনত বৰ্ণোৱা হৈছে এজন অনাথ যুৱকৰ ব্যতিক্ৰমী জীৱনশৈলী আৰু তেওঁৰ জীৱনলৈ অহা প্ৰেমৰ কাহিনী ।[1]
ৰিচাং | |
---|---|
![]() চলচ্চিত্ৰৰ প'ষ্টাৰ | |
পৰিচালক | মানস বৰুৱা |
চিত্ৰনাট্য | মুনিন বৰুৱা |
কাহিনী | মানস বৰুৱা |
প্ৰযোজক | পল্লৱী বৰুৱা |
অভিনয়ত | দিগন্ত হাজৰিকা নিশিতা গোস্বামী |
সংগীত পৰিচালক | যতীন শৰ্মা অনিৰুদ্ধ বৰুৱা |
প্ৰযোজনা কোম্পানী |
ৰুবী ভিজন |
মুক্তি |
১১ মে', ২০১২ |
দেশ | ![]() |
ভাষা | অসমীয়া |
অভিনয় শিল্পী সম্পাদনা কৰক
- দিগন্ত হাজৰিকা
- নিশিতা গোস্বামী
- ৰঞ্জিবলাল বৰুৱা
- পাকিজা বেগম
- মলয় পৱন
- বিদ্যুৎ চক্ৰৱৰ্তী
- পদ্মৰাগ গোস্বামী
- হীৰা নেওগ
- ৰাজেশ ভূঞা
সংগীত সম্পাদনা কৰক
ৰিচাঙৰ সংগীত পৰিচালক যতীন শৰ্মা (মাইনা) আৰু অনিৰুদ্ধ বৰুৱা। গীতৰ কথা দিগন্ত ভাৰতীৰ। ছবিখনৰ শীৰ্ষক গীতটোত কণ্ঠ দিছে নাইজেৰিয়ান শিল্পী বব অমেল'ই।[2]
গীতৰ তালিকা | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | শিৰোনাম | গীতিকাৰ | গায়ক/গায়িকা | দৈৰ্ঘ্য | ||||||
1. | "ৱাৰিয়ৰ অফ লাভ" | দিগন্ত ভাৰতী | ৰাজজ্যোতি কোঁৱৰ, বব অমেল' | ৩:৪৮ | ||||||
2. | "শুকুলা শুকুলা" | দিগন্ত ভাৰতী | দীক্ষু শৰ্মা, জুবলী | ৫:০০ | ||||||
3. | "দেহা ধুনীয়া" | দিগন্ত ভাৰতী | জুবিন, জুবলী | ৪:২৭ | ||||||
4. | "অ' ৰিণি ৰিণি" | দিগন্ত ভাৰতী | দীক্ষু শৰ্মা, জুবলী | ৫:১৯ | ||||||
5. | "জানানে" | দিগন্ত ভাৰতী | দীক্ষু শৰ্মা, জুবলী | ৪:০৯ | ||||||
6. | "জুৰ এজাক" | দিগন্ত ভাৰতী | জুবিন গাৰ্গ | ৪:৩৪ | ||||||
7. | "ফ্লাইট অফ লাভ (ৰিচাঙৰ লাভ থীম)" | দিগন্ত ভাৰতী | ১:৩৮ | |||||||
8. | "শুকুলা শুকুলা (ছানশ্বাইন মিক্স)" | সৌৰিন চৌধুৰী | দীক্ষু শৰ্মা, জুবলী | ৪:৪৩ |