জুবলী বৰুৱা
জুবলী বৰুৱা (ইংৰাজী: Zublee Baruah) এগৰাকী অসমীয়া সংগীত জগতৰ এগৰাকী বিখ্যাত গায়িকা, গীতিকাৰ আৰু সুৰকাৰ। তেখেতে বৰ্তমানলৈ বহুকেইটা জনপ্ৰিয় গীতত নিজৰ কণ্ঠদান কৰিছে। গান গোৱাৰ উপৰিও তেখেতে অসমীয়া ভাষাৰ চলচ্চিত্ৰ আৰু ছুটি ছবি আৰু ধাৰাবাহিকটো অভিনয় কৰি আহিছে৷ "জন্ম" তেখেতৰ একক কণ্ঠৰ এক এলবাম৷
জুবলী বৰুৱা | |
---|---|
![]() | |
জন্ম | অসম, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় ![]() |
পেচা | গায়িকা, অভিনেত্ৰী |
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষাসম্পাদনা কৰক
জুবলী বৰুৱা ৰ জন্ম গুৱাহাটীত হয়। তেখেতৰ দেউতাকৰ নাম নৱ কুমাৰ বৰুৱা আৰু মাতৃৰ নাম মাধুৰীমা বৰুৱা।
জুবলীয়ে প্ৰাথমিক আৰু প্ৰৱেশিকা শিক্ষা "হোলী চাইল্ড স্কুল, গুৱাহাটী" ৰ পৰা লাভ কৰে।
ইয়াৰ পিছত উচ্চতৰ মাধ্যমিক আৰু স্নাতক শিক্ষা সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা লাভ কৰে। তেখেতে ইংৰাজী বিষয়ত স্নাতক লাভ কৰে।
পৰৱৰ্তী পৰ্যায়ত জুৱলীয়ে গুৱাহাটী ৰ চান্দমাৰী স্থিত "জগন্নাথ আইন মহাবিদ্যালয়(JB Law College)"ৰ পৰাও আইনৰ স্নাতক (LLB) লাভ কৰে।[1]
কণ্ঠদানসম্পাদনা কৰক
চলচ্চিত্ৰ সংগীতসম্পাদনা কৰক
গান | চলচ্চিত্ৰ | বৰ্ষ | সংগীত পৰিচালক | ভাষা |
---|---|---|---|---|
"শীতল শীতল" | জেতুকা পাতৰ দৰে | ২০১১ | পলাশ গগৈ | অসমীয়া |
"তুমি দিয়া" | ৰামধেনু | ২০১১ | যতীন শৰ্মা | অসমীয়া |
"তুমি ৰ'দালি" | গানে কি আনে | ২০১৫ | জুবিন গাৰ্গ | অসমীয়া |
"দিন জ্বলে ৰাতি জ্বলে" | মিছন চাইনা | ২০১৭ | জুবিন গাৰ্গ | অসমীয়া |
"ধূলিকণা" | কাঞ্চনজংঘা | ২০১৯ | জুবিন গাৰ্গ | অসমীয়া |
এলবামসম্পাদনা কৰক
- জন্ম
- গান
- নাহৰ
- মায়া মাথো মায়া
- মাটি ১
- মাটি ২
- তাণ্ডৱ
অভিনয়সম্পাদনা কৰক
অসমীয়া চলচ্চিত্ৰসম্পাদনা কৰক
টিভি ধাৰাবাহিকসম্পাদনা কৰক
- অনুৰাধা , ৰং (দূৰদৰ্শন কেন্দ্ৰ) যোগে সম্প্ৰচাৰিত ।
পুৰস্কাৰসম্পাদনা কৰক
- ড॰ ভূপেন হাজৰিকা বঁটা, শ্ৰেষ্ঠ মহিলা কন্ঠশিল্পী ২০১২
- "অসমৰ শ্ৰেষ্ঠ মহিলা কন্ঠশিল্পী", ১৯৯৭ (ইউনেস্কৰ দ্বাৰা)
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ "Zublee Baruah". biographyinsider.com. https://biographyinsider.com/zublee-baruah/। আহৰণ কৰা হৈছে: May 01, 2021.
- ↑ http://www.zublee.com/bio.html