ৱশ্ব'বিপো

কাৰ্বি ভাষাৰ চলচ্চিত্ৰ

ৱশ্ব’বিপো ইংৰাজী: Wosobipo ১৯৯০ চনৰ কাৰ্বি ভাষাৰ এখন ৰঙীন চলচ্চিত্ৰ। গৌতম বৰা পৰিচালিত এইখন কাৰ্বি ভাষাৰ প্ৰথম ছবি।[1] প্ৰযোজনা কৰিছিল কাৰ্বি আংলং জিলা পৰিষদে। সঙ্গীত শ্বেৰ চৌধুৰীৰ। ভাৰতীয় পেনোৰামাকে ধৰি বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত ৱশ্ব’বিপোই ৩৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (১৯৮৯) দুটাকৈ বঁটা লাভ কৰিছিল।[2]

ৱশ্ব'বিপো
The spring- cuckoo's call

ৱশ্ব'বিপোৰ এটা দৃশ্য
পৰিচালক গৌতম বৰা
ৰচনা গৌতম বৰা
চিত্ৰনাট্য গৌতম বৰা
প্ৰযোজক কাৰ্বি আংলং জিলা পৰিষদ
অভিনয়ত ৰমন ৰংপি
ৰত্না ৰংচেহনপী
চিত্ৰগ্ৰহণকাৰী বিবেক বেনাৰ্জী
সম্পাদনা এ শ্ৰীকৰ প্ৰসাদ
সংগীত পৰিচালক শ্বেৰ চৌধুৰী
মুক্তি
১৯৯০
দৈৰ্ঘ্য
১৩৮ মিনিট
দেশ ভাৰত ভাৰত
ভাষা কাৰ্বি

কাহিনীৰ সাৰাংশ সম্পাদনা কৰক

ৱশ্ব’বিপো এটা কাৰ্বি শব্দ, যাৰ অৰ্থ কুলিৰ মাত। কুলিৰ মাতে শস্য চপোৱাৰ সময়ৰ জাননী দিয়ে। কাৰ্বিসকলে ঠাই সলাই সলাই ঝুম পদ্ধতিত খেতি কৰে। ছবিৰ নায়ক চাৰ্থে ৰংহাং এজন শিক্ষিত যুৱক। তেওঁ গাঁৱৰে স্কুল এখনৰ শিক্ষক। তেওঁ অনুভৱ কৰে যে তেওঁৰ সম্প্ৰদায়ৰ লোকসকলৰ আৰ্থিক অৱস্থা দিনে দিনে পৰি আহিছে। তেওঁ দোমোজাত পৰে; এক উন্নততৰ জীৱনৰ সন্ধানত তেওঁ বাহিৰলৈ যাব নে গাঁৱৰ লোকসকলৰ মঙ্গলৰ বাবে ইয়াতে থাকিব। তেওঁৰ শৈশৱৰ কথাবোৰ মনত পৰে। ককাকৰ সৈতে কটোৱা অতীতৰ মধুৰ মুহূৰ্তবোৰৰ কথা ৰোমন্থন কৰে৷ তেওঁ অনুভৱ কৰে গাঁওবাসীসকলৰ প্ৰকৃতিৰ সৈতে থকা নিবিড় সম্পৰ্কৰ কথা। অৱশেষত চাৰ্থেয়ে সেই যাত্ৰাৰ আৰম্ভণি কৰে, যি তেওঁৰ অন্তৰাত্মাই বিচাৰিছিল।[2][3]

অভিনয় শিল্পী সম্পাদনা কৰক

  • ৰমন ৰংপি
  • ৰত্না ৰংচেহনপী
  • এলিচা হাঞ্চে
  • জুলী টেৰাংপী
  • বাবুল টেৰাং (শিশুশিল্পী)[2]

কলা-কুশলী সম্পাদনা কৰক

(তথ্যপেৰাত নথকা)
  • শব্দগ্ৰহণ- অনুপ মুখাৰ্জী
  • কলা নিৰ্দেশক- উৎপল বৰুৱা
  • সাজ-সজ্জা- শ্বেৰ চৌধুৰী
  • পুৰুষ কণ্ঠশিল্পী- চন্দ্ৰকান্ত টেৰং
  • মহিলা কণ্ঠশিল্পী- পখিলা লেকথেপি[2]

বঁটা আৰু স্বীকৃতি সম্পাদনা কৰক

  1. ‘এটা পাহাৰী জনজাতিৰ সামূহিক চেতনাক মৌলিক ৰূপত অভিব্যক্ত’ কৰা ৱশ্ব’বিপোক ১৯৮৯ৰ (৩৭তম) শ্ৰেষ্ঠ ‘পৰিচালকৰ প্ৰথম ছবি’ৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। এই বঁটাত পৰিচালক আৰু প্ৰযোজকলৈ স্বৰ্ণকমলৰ সৈতে নগদ ২৫,০০০ টকাকৈ আগবঢ়োৱা হয়। সঙ্গীত পৰিচালক শ্বেৰ চৌধুৰীলৈ অনবদ্য সঙ্গীতৰ বাবে আগবঢ়োৱা হয় শ্ৰেষ্ঠ সঙ্গীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। এই বঁটাত আছিল ৰজতকমলৰ সৈতে নগদ ১০,০০০ টকা।[2]
  2. ১৯৯১ৰ ভাৰতীয় পেনোৰামাত প্ৰদৰ্শন।[3]
  3. ১৯৯১ত ৪১তম বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন।[4]

তথ্য উৎস সম্পাদনা কৰক

  1. "Wosobipo". indiancine.ma. https://indiancine.ma/AFLF/info। আহৰণ কৰা হৈছে: 28 October 2020. 
  2. 2.0 2.1 2.2 2.3 2.4 "National Film Awards Archivesː37th NFA". Directorate of Film Festivals, Govt. of India. 1996. পৃষ্ঠাসমূহ: 16, 58, 153. http://dff.nic.in/Archive.aspx?ID=6। আহৰণ কৰা হৈছে: 18 October 2020. 
  3. 3.0 3.1 "Indian Panorama Catalogue 1990". Directorate of Film Festivals, Govt. of India. 1990. পৃষ্ঠাসমূহ: 145. http://dff.nic.in/Archive.aspx?ID=10। আহৰণ কৰা হৈছে: 28 October 2020. 
  4. "Rebellion replay on reel - Gautam Bora?s tele-serial recreates Assam Movement". www.telegraphindia.com. 27 January 2006. https://www.telegraphindia.com/north-east/rebellion-replay-on-reel-gautam-bora-s-tele-serial-recreates-assam-movement/cid/828957। আহৰণ কৰা হৈছে: 29 October 2020. 

বাহ্যিক সংযোগ সম্পাদনা কৰক