ৱিকিপিডিয়াৰ ল’গ’
ৱিকিপিডিয়াৰ ল’গ’ হৈছে বিনামূলীয়া বিশ্বকোষ ৱিকিপিডিয়াৰ বাবে ব্যৱহাৰ হোৱা জিগছ’ৰ টুকুৰাৰে নিৰ্মিত এটা অসমাপ্ত গ্ল’ব, যিটোৰ ওপৰ অংশৰ কিছুমান টুকুৰা নাই। এই টুকুৰা সমূহৰ প্ৰতিটোতে বেলেগ বেলেগ লিখন ব্যৱস্থাৰ গ্লিফ আছে। প্ৰকল্পটোৰ ইংৰাজী ভাষাৰ সংস্কৰণৰ ৱেব পৃষ্ঠাসমূহত প্ৰদৰ্শিত হোৱাৰ দৰে, গ্ল'বৰ তলত "WIKIPEDIA" শব্দচিহ্ন আছে, আৰু তাৰ তলত, Linux Libertine ফণ্টত "The Free Encyclopedia" বুলি লিখা হৈছে। বিভিন্ন ভাষাৰ সংস্কৰণ সমূহে এই শব্দ আৰু বাক্যাংশ নিজ নিজ ভাষাত ব্যৱহাৰ কৰে।[1][2]
গঠন
সম্পাদনা কৰকবিভিন্ন আখৰযুক্ত চিহ্নৰ প্ৰতিটো অংশই ৱিকিপিডিয়াৰ বহুভাষিকতাক প্ৰকাশ কৰে। ৱিকিপিডিয়া শব্দটো বিভিন্ন ভাষাত লিখিবলৈ প্ৰয়োজনীয় আৰম্ভণিৰ আখৰবোৰ টুকুৰা টুকুৰকৈ লিখা হৈছে। যেনেকৈ লেটিন “W”, যিটো “ৱিকিপিডিয়া” শব্দটোৰ ইংৰাজী প্ৰতিশব্দৰ প্ৰথম আখৰ। অন্যান্য আখৰবোৰ-
- লেটিন ভাষা ⟨W⟩ কেন্দ্ৰত, জাপানী ভাষা ⟨ウォ⟩ ওপৰত, চিৰিলিক লিপি ⟨И⟩ তলত, হিব্ৰু ⟨و⟩ আৰু আংশিকভাৱে দৃশ্যমান তামিল তলত ⟨வி⟩
- লেটিন ভাষা “W” ৰ বাঁওফালে গ্ৰীক ⟨Ω⟩, তলত চীনা ভাষা ⟨維⟩, কানাড়া ⟨ವಿ⟩ আৰু আংশিকভাৱে দৃশ্যমান তিব্বতী ⟨ཝི⟩
- ওপৰৰ বাঁওফালৰ পৰা তললৈ আৰ্মেনিয়ান ⟨Վ⟩, কম্বোডিয়ান ⟨த⟩, বাংলা ⟨উ⟩, দেৱনাগৰী ⟨वि⟩ জৰ্জিয়ান ভাষা ⟨ვ⟩
- সোঁফালে ইথিওপিক ⟨و⟩, আৰবী ভাষা ⟨يا⟩, কোৰিয়ান ভাষা ⟨위⟩, আৰু থাই ভাষা ⟨วิ⟩
ওপৰৰ ব্যৱধানটোৱে এই প্ৰকল্পৰ অসম্পূৰ্ণতা দেখুৱাইছে অৰ্থাৎ এতিয়াও আৰু অধিক প্ৰবন্ধ আৰু ভাষা ৱিকিপিডিয়াত যোগ কৰাৰ প্ৰয়োজন আছে।
প্ৰতীকৰ কালানুক্ৰম
সম্পাদনা কৰক২০০১ | ২০০১-২০০৩ | ২০০৩-২০১০ | ২০১০-বৰ্তমান |
---|
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Poll, Philipp H. "New Wikipedia-Logo using LinuxLibertine". Libertine Open Fonts Project. http://www.linuxlibertine.org:80/index.php?id=1&L=1.
- ↑ Oma L Gallaga (May 23, 2010), New Globe, User Interface For Wikipedia, NPR, https://www.npr.org/blogs/alltechconsidered/2010/05/12/126789933/new-globe-new-user-interface-for-wikipedia, আহৰণ কৰা হৈছে: January 6, 2019