ৱিকিপিডিয়া বাৰ্তা:গুৱাহাটী ৱিকি মীট-আপ ৩ (ৱিকি চাহমেল)

প্ৰস্তাৱিত ৱিকিমিট-আপ জানুৱাৰি ২০১৪ৰ আলোচনা (আৰ্কাইভ) সম্পাদনা কৰক

(প্ৰয়োজন সাপেক্ষে এই আৰ্কাইভ খিনি নতুন পৃষ্ঠালৈ নিব পাৰিব)

প্ৰস্তাৱিত স্থান সম্পাদনা কৰক

* গীতাৰ্থ বৰদলৈ: গু:বি:ৰ কম্পিউটাৰ বিজ্ঞান বিভাগতে আগৰখন হোৱা নাছিল জানো? মোৰ মতে তাতে আকৌ পতাৰ প্ৰয়োজন নাই। আগতে অহা মানুহখিনিও নাথাকে। — গীতাৰ্থ বৰদলৈ (talk) 18:29, 2 ডিচেম্বৰ 2013 (UTC)
* দীপাংকৰ: থিক আছে তেতিয়া হ’লে ইলেক্‌ট্ৰণিকচ (অণুবিদ্যুত) বিভাগত পাৰি, আগতে অহা মানুহখিনি আচলতে নহ’লেও হয়, ম‍ই চাহমেলৰ বাবে দহ বাৰজন আগ্ৰহী ন-পুৰণি মানুহ ব্যক্তিগত ভাৱে মাতি আনি কথা পতাৰহে পক্ষপাতি, (কোনোবাই এই পেজটোৰ লিংকটো ফেচবুকত চেয়াৰ কৰি দিয়কচোন), বাকী সকলে ইয়াত মন্তব্য দিলে ভাল হ’লেহেতেন দীপাংকৰ চেতিয়া? 08:10, 4 ডিচেম্বৰ 2013 (UTC)

কেতিয়া? সম্পাদনা কৰক

৫ জানুৱাৰীত মোৰ আন এখন এৰাব নোৱৰা কৰ্মশালাৰ দায়িত্ব আহি পৰাত , এইটো তাৰিখে আয়োজন কৰিব নোৱাৰিম, সেয়েহে ২ বা ৯ ফেব্ৰুৱাৰীত পাতিব পাৰিলে ভাল হ’ব, আৰু এটা কথা আছে, উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়ত কৰ্মৰত এজন মোৰ সহপাঠীয়ে জনাইছে যে তেওঁলোকে এখন ৱিকি মিটআপ মহাবিদ্যালয়ত আয়োজন কৰিব বিচাৰে, অধ্যক্ষও অহায় কৰিম বুলি কৈছে, আমি মাত্ৰ হ’ব বুলি ক’ব লাগে হেনো, ম‍ই বিহুৰ পাছৰ সপ্তাহত পাতিবলৈ কৈছো যাতে ঘৰলৈ যাওতে ম‍ই ইয়াত অংশগ্ৰহণ কৰিব পাৰো, সেইখন হ’লে গুৱাহাটী খনৰ আগতে সেইখনহে হ’বগৈ, (ৱিকিৰ বৰ্তমানৰ সক্ৰিয় ৰাইজৰ ভিতৰত কিন্তু এইখন মহাবিদ্যালয়ৰ মানুহ কেইবাজনো আছে দেই, পিছে উত্তৰ লক্ষীমপুৰ ত এনে মিটাপৰ কথাহে চিন্তা হোৱা নাছিলে, এইবাৰ কৰা যাওক, এইখন হ’লে অনিমেষেও অংশগ্ৰহণ কৰিব পাৰি চাগে ইটানগৰৰ পৰা আহি) দীপাংকৰ চেতিয়া? 09:13, 16 ডিচেম্বৰ 2013 (UTC)

দুয়োখন মিটাপৰ বিষয়ে ৰাইজক মতামত দিবলৈ অনুৰোধ জনালো, নিজৰ সুবিধা মিলাই কোন ক’ত থাকিব তাকো ক’ব দেই, অকল ময়েই মন্তব্য দি আছো এইটো পৃষ্ঠাত দীপাংকৰ চেতিয়া? 09:13, 16 ডিচেম্বৰ 2013 (UTC)
উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়ত ৱিকি মিটআপ এখন পাতিব পাৰিলে খুবেই ভাল হয়৷ প্ৰস্তাবটো সমৰ্থন কৰিছোঁ৷ প্ৰাক্তন ছাত্ৰী হিচাপে ময়ো চিনাকি কেইজনমানক লাগি দিবলৈ ক'ব পাৰিম চাগৈ৷ বাকী ইয়াৰ পৰাই যিখিনি কৰিব পাৰোঁ কৰিবলৈ সাজু৷- Joli (talk) 10:19, 16 ডিচেম্বৰ 2013 (UTC)
হ’ব জলী বা দীপাংকৰ চেতিয়া? 10:28, 16 ডিচেম্বৰ 2013 (UTC)
দীপাংকৰ, খুব ভাল প্ৰস্তাৱ। সেই মহাবিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ হিচাপে কৰ্মশালাখন অনুষ্ঠিত দূৰৈৰ পৰাই কিবা কৰিব পাৰিলে আনন্দিত হ'ম। ছাত্ৰ-ছাত্ৰীসকলক এই মিট-আপখনত যোগদান কৰাত উৎসাহিত কৰিবলৈ ব্যক্তিগত ভাৱে মইও দুই এগৰাকী শিক্ষক-শিক্ষয়িত্ৰীক ইয়াৰ পৰাই অনুৰোধ জনাবলৈ চেষ্টা কৰিম। প্ৰণৱ জ্যোতি ভূঞা (talk) 16:22, 16 ডিচেম্বৰ 2013 (UTC)
দীপাংকৰ দা, মই সাজু আছোঁ। কৰ্মশালা খন যদি শনিবাৰ বা দেওবাৰে আয়োজন কৰা হয়, তেতিয়া মোৰ সুবিধা হ'ব। Ani ttbr (talk) 08:07, 23 ডিচেম্বৰ 2013 (UTC)

দীপাংকৰ ডিচেম্বৰৰ শেষৰ ফালে পাতিম বুলি কৈছিলা দেখোন, পিছুৱাই দিলা যে? জ্যোতি প্ৰকাশ নাথ (talk) 11:15, 27 ডিচেম্বৰ 2013 (UTC)

আলোচনা কৰিব পৰা আৰু বিষয় সম্পাদনা কৰক

প্রায়ে মনলৈ আহি থকা কেইটামান বিষয় ঠাউকতে লিখিলোঁ

  • বিভিন্ন স্থানত মীটআপ আয়োজন কৰিবলৈ মানুহক কিদৰে উদ্বুদ্ধ কৰিব পাৰি?
  • ৱিকিমীটআপবোৰৰ সুযোগতে খবৰ কাগজ/মেডিয়া আদিত মীটআপৰ খবৰ বহুলভাবে প্ৰচাৰ কৰি ৱিকিপিডিয়ালৈ নতুন মানুহ টানিবৰ ব্যৱস্থা কৰা যাব পাৰে নেকি?
  • অসমীয়া আলোচনী আৰু কাকতকেইখনক অসমীয়া ৱিকিপিডিয়াত লিখিবৰ বাবে মানুহক আহ্বান জনাই মাজে মাজে একোটা বিজ্ঞাপন চপাবলৈ অনুৰোধ কৰিব পৰা যায় নেকি?

প্রভাকৰ শৰ্মা নেওগ (talk) 13:13, 26 ডিচেম্বৰ 2013 (UTC)

কোন কোন থাকিব? সম্পাদনা কৰক

  1. দীপাংকৰ চেতিয়া? 09:40, 2 ডিচেম্বৰ 2013 (UTC)
  2. উপস্থিত থাকিম নিশ্চয় যদিহে একো এৰাব নোৱাৰা কাম আহি নপৰে। জ্যোতি প্ৰকাশ নাথ (talk) 11:20, 27 ডিচেম্বৰ 2013 (UTC)

শুভেচ্ছা সম্পাদনা কৰক

  1. গুৱাহাটীৰ ৱিকি চাহমেললৈ শুভেচ্ছা থাকিল৷ Rumi Borah (talk) 08:34, 4 ডিচেম্বৰ 2013 (UTC)
  2. প্ৰণৱ জ্যোতি ভূঞা (talk) 16:23, 16 ডিচেম্বৰ 2013 (UTC)
  3. প্রভাকৰ শৰ্মা নেওগ (talk) 09:18, 26 ডিচেম্বৰ 2013 (UTC
"গুৱাহাটী ৱিকি মীট-আপ ৩ (ৱিকি চাহমেল)" প্ৰকল্প পৃষ্ঠালৈ উভতি যাওক।