বৃন্দা আচাৰ্য
বৃন্দা আচাৰ্য (ইংৰাজী: Brinda Acharya; জন্ম: ১৮ ছেপ্টেম্বৰ ১৯৯৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ কন্নড় চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ২০২১ চনত প্ৰেমম পূজ্যম নামৰ কন্নড় চলচ্চিত্ৰ এখনত অভিনয়েৰে ছবিজগতত খোজ দিয়ে। ইয়াৰ পিছত, ২০২৩ চনত তেওঁ কৌশল্যা সুপ্ৰজা ৰামা নামৰ ছবিখনত অভিনয় কৰিছিল।[1][2][3]
বৃন্দা আচাৰ্য | |
---|---|
জন্ম | ১৮ ছেপ্টেম্বৰ, ১৯৯৪ (৩০ বছৰ) বালকুৰ, উত্তৰ কন্নড়, কৰ্ণাটক |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ২০২১–বৰ্তমান |
কৰ্মজীৱন
সম্পাদনা কৰকতেওঁ টিচিএছ আহমেদাবাদত ইণ্টাৰ্ণশ্বিপ কৰিছিল আৰু তাৰ পিছত বিই সম্পূৰ্ণ কৰি টিচিএছ মুম্বাইত এগৰাকী আইটি চিষ্টেম ইঞ্জিনিয়াৰ হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল। তাৰ পিছত তেওঁ বাংগালোৰলৈ গুচি যায় আৰু চলচ্চিত্ৰ উদ্যোগত কেৰিয়াৰ আৰম্ভ কৰাৰ পূৰ্বে ইনফোচিছত কাম কৰিবলৈ আৰম্ভ কৰিছিল।
কৰ্মজীৱনৰ প্ৰাৰম্ভিক দিনত, তেওঁ শনি নামৰ ধাৰাবাহিকত শনি দেৱতাৰ পত্নী দামিনী (এজনী গন্ধৰ্বকন্যা)ৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ পিছত, প্ৰেমম পূজ্যম তেওঁৰ প্ৰথমখন কন্নড় ছবিয়ে মুক্তি লাভ কৰে; যিখন অভিনেতা প্ৰেম কুমাৰৰ ২৫তম চলচ্চিত্ৰ আছিল। তেওঁৰ পৰৱৰ্তী ছবিখন আছিল, নাৰীকেন্দ্ৰিক একশ্যনধৰ্মী ছবি জুলিয়েট ২, যিখন ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত মুক্তি পাইছিল। কাহিনী আৰু তেওঁৰ অভিনয়ৰ ক্ষেত্ৰত এই চলচ্চিত্ৰখনেই সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰা হৈছিল।
তেওঁৰ শেহতীয়া চলচ্চিত্ৰখন হʼল কৌশল্যা সুপ্ৰজা ৰামা, এখন ৰোমাণ্টিক ড্ৰামাধৰ্মী চলচ্চিত্ৰ। এজন পুৰুষৰ প্ৰকৃত সংজ্ঞা নো কি তাকে লৈ ছবিখন নিৰ্মিত হৈছে।[4]
চলচ্চিত্ৰপুঞ্জী
সম্পাদনা কৰকবৰ্ষ | চলচ্চিত্ৰ | ভূমিকা | ভাষা | টোকা |
---|---|---|---|---|
২০২১ | প্ৰেমম পূজ্যম | শ্বাৰ্লিন পিণ্টো ওৰফে এঞ্জেল | কন্নড় | |
২০২৩ | জুলিয়েট ২ | জুলিয়েট | কন্নড় | [5] |
২০২৩ | কৌশল্যা সুপ্ৰজা ৰামা | শিৱানী | কন্নড় | |
নিৰ্মাণাধীন | ঋতু | ঋতু | কন্নড় | [6][7] |
তথ্য উৎস
সম্পাদনা কৰক- ↑ "I admire Shashank’s commitment to giving equal importance to women characters: Brinda Acharya". The New Indian Express. https://www.newindianexpress.com/entertainment/kannada/2023/jul/24/i-admire-shashanks-commitment-to-giving-equal-importance-to-women-charactersbrinda-acharya-2597836.html.
- ↑ "Brinda Acharya to star in Kousalya Supraja Rama". The New Indian Express. https://www.newindianexpress.com/entertainment/kannada/2023/mar/22/brinda-acharya-to-star-in-kousalyasupraja-rama-2558310.html.
- ↑ "Brinda Acharya: ‘If you lose a role because you asked for details, then so be it’". 9 July 2023. https://timesofindia.indiatimes.com/entertainment/kannada/movies/news/brinda-acharya-if-you-lose-a-role-because-you-asked-for-details-then-so-be-it/articleshow/101618613.cms?from=mdr.
- ↑ "Hostel Hudugaru, Kousalya Supraja Rama & Aachar & Co: Encouraging box office weekend for Kannada cinema". OTTPlay. https://www.ottplay.com/news/hostel-hudugaru-kousalya-supraja-rama-aachar-co-encouraging-box-office-weekend-for-kannada-cinema/789db29eba520.
- ↑ "I have multiple reasons to be excited about Juliet 2: Brinda Acharya". The New Indian Express. https://www.cinemaexpress.com/kannada/interviews/2023/feb/21/i-have-multiple-reasons-to-be-excited-about-juliet-2-brinda-acharya-40189.html.
- ↑ "I’ll meet the Mandya girl who inspired this film: Brinda Acharya". 18 May 2023. https://timesofindia.indiatimes.com/entertainment/kannada/movies/news/ill-meet-the-mandya-girl-who-inspired-this-film-brinda-acharya/articleshow/100302897.cms?from=mdr.
- ↑ "Brinda Acharya set to headline Reetu". The New Indian Express. https://www.cinemaexpress.com/kannada/news/2023/may/16/brinda-acharya-set-to-headlinereetu-43473.html.
বাহ্যিক সংযোগ
সম্পাদনা কৰক- বৃন্দা আচাৰ্য সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।