সোণালী বান্দৰ
সোণালী বান্দৰ (ইংৰাজী: Golden langur) পোণপ্ৰথমে ১৯৫৪ চনত আৱিস্কৃত হৈছিল৷ এই আপুৰুগীয়া বান্দৰৰ প্ৰজাতিটো ভাৰতবৰ্ষত মূলতঃ পশ্চিম অসম,[2][3] ভুটানৰ পৰ্ব্বত অঞ্চলত পোৱা যায় [4][5]৷এই প্ৰাণীবিধৰ দৈহিক গঠন তথা বিস্তৃতি সম্পৰ্কে গী (Gee,১৯৫৬) আৰু খাজুৰীয়া (Khajuria ,১৯৫৬, ১৯৬২) ই প্ৰথম বৈজ্ঞানিক তথ্য আগবঢ়ায়৷ এই প্ৰাণীবিধক ভাৰতীয় বন্যপ্ৰাণী আইন (১৯৭২) অনুসৰি সৰ্বোচ্চ প্ৰতিৰক্ষা আগবঢ়োৱা হৈছে৷ এই আইনত সোণালী বান্দৰক প্ৰথম অনুসূচীৰ (Schedule I) প্ৰাণী বুলি স্বীকৃতি দিয়া হৈছে আৰু ইয়াৰ দ্বাৰাই এই জন্তুবিধৰ হত্যা, চিকাৰ বা পোহনীয়া কৰি ৰখাটো নিষিদ্ধ কৰা হৈছে৷
সোণালী বান্দৰ | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Primates |
পৰিয়াল: | Cercopithecidae |
গণ: | Trachypithecus |
Species group: | T. pileatus |
প্ৰজাতি: | T. geei |
বৈজ্ঞানিক নাম | |
Trachypithecus geei (Khajuria, 1956) | |
সোণালী বান্দৰৰ বিতৰণ |
শ্ৰেণীবিভাজন
সম্পাদনা কৰকসোণালী বান্দৰৰ দুটা উপ-প্ৰজাতি পোৱা যায়[6]:-
- Trachypithecus geei geei
- Trachypithecus geei bhutanensis
বিৱৰণ
সম্পাদনা কৰকসোণালী বান্দৰৰ দেহৰ বৰণ সোণালী, মুখখন ক’লা আৰু নেজডাল যথেষ্ট দীঘ৷ সোণালী বান্দৰে সাধাৰণতে ওখ গছত বাস কৰে বাবে দীঘল নেজ ডালে দেহৰ ভাৰসাম্য ৰখাতো সহায় কৰে৷ দেহৰ দৈৰ্ঘ্য ৫০-৬০ ছে: মি: আৰু ওজন-৯.৫-১১ কি:গ্ৰা:৷ সোণালী বান্দৰ এবিধ তৃণভোজী প্ৰাণী ,প্ৰধানত: ফল-মূল, গছৰ পাত , গুটি আৰু ফুল খাদ্য ইচাপে গ্ৰহণ কৰে ৷
বিস্তৃতি
সম্পাদনা কৰকসোণালী বান্দৰৰ বিস্তৃত তেনেই সীমিত৷ ভাৰতবৰ্ষত দক্ষিণে ব্ৰহ্মপুত্ৰ, পূবত মানাহ নদী, পশ্চিমে সোণকোষ নদী আৰু উত্তৰে ভূটানৰ ক’লা পাহাৰ পৰ্য্যন্ত এই প্ৰাণী বিধৰ বিচৰণস্হলী [5] [7]৷
আচৰণ
সম্পাদনা কৰকই সাধাৰণতে ৮-৫০ টা প্ৰাণীৰ দলত বাস কৰে৷ একোটা দলত সাধাৰণতে এটা বা দুটা মতা প্ৰাণী থাকে[8]৷ এবাৰত এটাকৈ পোৱালি জন্ম দিয়ে৷
স্থিতি তথা সংৰক্ষণ
সম্পাদনা কৰকসোণালী বান্দৰ এবিধ বিলুপ্তপ্ৰায় (endangered) প্ৰাণী ৷ ২০০১ চনৰ এটা অধ্যয়ন অনুসৰি ভাৰতবৰ্ষত ইয়াৰ সংখ্যা প্ৰায় ১০৬৪ টা ৷ ইয়াৰে ৬০% ই পূৰ্ণবয়স্ক প্ৰাণী বুলি তথ্য পোৱা গৈছে [5] [9]৷
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ Das, J., Medhi, R. & Molur, S. (2008). Trachypithecus geei. In: IUCN 2008. IUCN Red List of Threatened Species. Downloaded on 4 January 2009.
- ↑ Choudhury, A.U. (1988). Priority ratings for conservation of Indian primates. Oryx 22: 89-94.
- ↑ Choudhury, A.U. (1988). Conservation in Manas Tiger Reserve. Tigerpaper 15(2): 23-27.
- ↑ Choudhury, A.U. (1990). Primates in Bhutan. Oryx 24: 125.
- ↑ 5.0 5.1 5.2 Srivastava, A.; Biswas, J.; Das, J.; Bujarbarua, P. (2001), "Status and Distribution of Golden Langurs (Trachypithecus geei) in Assam, India", American Journal of Primatology খণ্ড 55 (1): 15–23, doi:10.1002/ajp.1035
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;msw3
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ Wangchuk, Tashi; Inouye, David W.; Hare, Matthew P (2008). "The Emergence of an Endangered Species: Evolution and Phylogeny of the Trachypithecus geei of Bhutan". International Journal of Primatology খণ্ড 29 (3): 565–582.
- ↑ Biswas, J. 2002. Home range shifting of free ranging golden langur: Trachypithecus geei (Khajuria, 1956). (abstract) XIXth Congress of the International Primatological Society. Beijing, China.
- ↑ Rekha Medhi, Dilip Chetry, P. C. Bhattacharjee and B. N. Patiri (2004). "Status of Trachypithecus geei in a Rubber Plantation in Western Assam, India". International Journal of Primatology খণ্ড 25 (6): 1331–1337.