ৰাধা কৃষ্ণ
ৰাধা-কৃষ্ণ (IAST rādhā-kṛṣṇa, সংস্কৃত: राधा कृष्ण) যুটীক হিন্দু ধৰ্মত ভগৱানৰ নাৰী আৰু পুৰুষৰ মিশ্ৰিত প্ৰকাশ বুলি গণ্য কৰা হয়।[1] বহু বৈষ্ণৱীয় বিশ্বাসত ৰাধা আৰু কৃষ্ণক ভগৱানৰ আদি ৰূপ আৰু আনন্দৰ আকৰ (হ্লাদিনী শক্তি) বুলি গণ্য কৰা হয়।[2]
ৰাধা কৃষ্ণ | |
---|---|
ৰাধা আৰু কৃষ্ণৰ চিত্ৰশিল্প | |
অন্য নাম | মাধৱী মাধৱ, কেশৱী কেশৱ, শ্যামা শ্যাম, কিশোৰী কিশোৰ, গোপীকা গোপীনাথ |
দেৱনাগৰী | राधाकृष्ण |
সংস্কৃত লিপ্যন্তৰ | rādhā-kṛṣṇa |
সম্পৰ্ক | বৈষ্ণৱবাদ, কৃষ্ণবাদ, অৰ্ধনাৰীশ্বৰ, লক্ষ্মী নাৰায়ণ |
নিবাস | গোলোক, বৃন্দাবন, বৈকুণ্ঠ |
মন্ত্ৰ |
|
হিন্দু পাঠ্য | ব্ৰহ্মবৈৱৰ্ত পুৰাণ, গীত গোবিন্দ, পদ্ম পুৰাণ, শিৱ পুৰাণ, গোপাল তপণি উপনিষদ, ব্ৰহ্ম সংহিতা, গৰ্গ সংহিতা, স্কন্দ পুৰাণ, দেৱী-ভাগৱত পুৰাণ, নাৰদীয় পুৰাণ |
উৎসৱ | ফাকুৱা, লাঠিমাৰ হোলি, শাৰদ পূৰ্ণিমা, কাৰ্তীক পূৰ্ণিমা, জন্মাষ্টমী, ৰাধাষ্টমী, গোপাষ্টমী |
বৈষ্ণৱবাদৰ কৃষ্ণবাদ পৰম্পৰাত কৃষ্ণক স্বয়ম ভগৱান আৰু ৰাধাক ভগৱানৰ তিনিবিধ প্ৰধান ক্ষমতাৰ আদি শক্তি বুলি কোৱা হৈছে। এই তিনিবিধ ক্ষমতা- হ্লাদিনী (আধ্যাত্মিক পৰম সুখ), সন্ধিনী (অনশ্বৰতা) আৰু সম্বিত (অস্তিত্বশীল চেতনা)ৰ ভিতৰত ৰাধাক ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি স্নেহৰ মূৰ্ত ৰূপ বুলি কোৱা হয় (হ্লাদিনী)।
কৃষ্ণৰ লগতে ৰাধাক পৰম দেৱী বুলি স্বীকাৰ কৰা হয়। কোৱা হয় যে স্নেহ মিশ্ৰিত ভক্তিৰেহে কৃষ্ণ সন্তুষ্ট হয় আৰু এই ভক্তিৰেই সাকাৰ ৰূপ ৰাধা। বহু ভক্তই কৃষ্ণক পাবৰ বাবে ৰাধাক পূজা কৰে। কৃষ্ণই আনন্দ লভিবৰ বাবে দুভাগ হৈ এভাগে ৰাধাৰ ৰূপ পোৱা বুলিও কিছু পাঠ্যই কয়। হিন্দু গ্ৰন্থসমূহৰ মতে ৰাধা মহালক্ষ্মীৰ পূৰ্ণ অৱতাৰ।
ভক্তসমলে বিশ্বাস কৰে যে কৃষ্ণই সমগ্ৰ বিশ্বক সন্মোহিত কৰে, কিন্তু ৰাধাই তেওঁকো সন্মোহিত কৰে। গতিকে তেওঁ পৰম সেৱী আৰু একেলগে তেওঁলোকক ৰাধা-কৃষ্ণ বোলে।
সাহিত্য
সম্পাদনা কৰকহল ৰজাৰ প্ৰাকৃত পুথি গাথা সপ্তশতীত ৰাধা কৃষ্ণৰ প্ৰথম সাহিত্যিক উল্লেখ পোৱা যায়। খ্ৰীষ্টিয় প্ৰথম শতিকাত ৰচিত এই পুথিত ৭০০ টা পদ আছে। [3][4][5] পাছলৈ ১২শ শতিকাত জয়দেৱ ৰচিত জনপ্ৰিয় পুথি গীত গোবিন্দত ৰাধা আৰু কৃষ্ণক এটা যুটী হিচাপে দেখুওৱা হয়।[6][7][8] ব্ৰহ্ম বৈৱৰ্ত পুৰাণ আৰু গৰ্গ সংহিতাৰ দৰে পুথিৰ মতে ৰাধা-কৃষ্ণ পৰম দেৱতা। দুয়োখন পুথিতে ৰাধা কৃষ্ণই বৃন্দাবন আৰু গোলোকত কটোৱা ঐশ্বৰিক সময়ৰ বিৱৰণ আছে। ৰাধা কৃষ্ণৰ উল্লেখ থকা আনবোৰ গুৰুত্বপূৰ্ণ পুথি হৈছে ঋগ্বেদৰ ৰাধোপনিষদ, অথৰ্ৱবেদৰ ৰাধাপতণি উপনিষদ, শিৱ পুৰাণ, ব্ৰহ্মাণ্ড পুৰাণ, স্কন্দ পুৰাণ, পদ্ম পুৰাণ, মৎস্য পুৰাণ, দেৱী-ভাগৱত পুৰাণ, নাৰদ পঞ্চৰত্ৰ আৰু ব্ৰহ্ম সংহিতা। দেৱী ৰাধাক কৃষ্ণৰ লগত শুকদেৱৰ ভাগৱত পুৰাণতো "আৰাধিকা" আৰু "গোপী" আদি নামেৰে পৰোক্ষভাৱে উল্লেখ কৰা হৈছে।[9] জয়দেৱৰ পূৰ্বসূৰী আদি শংকৰাচাৰ্যই তেওঁৰ "অচ্যুত অষ্টকম"তো দেৱী ৰাধাক উল্লেখ কৰিছে। গৌড়ীয় বৈষ্ণৱবাদ, নিম্বাৰ্ক সম্প্ৰদায়, পুষ্টিমাৰ্গ আৰু স্বামীনাৰায়ণ সম্প্ৰদায় আদি কেইবাটা হিন্দু মতবাদৰ মতে ৰাধা কেৱল গোপালিকা নহয়, তেওঁ সকলো গোপী আৰু ৰাসত ভাগ লোৱা সমস্ত ঐশ্বৰিক ব্যক্তিত্বৰ মূল।[10]
পাদটীকা
সম্পাদনা কৰক- ↑ Bryant, Edwin Francis (2007) (en ভাষাত). Krishna: A Sourcebook. Oxford University Press. ISBN 978-0-19-803400-1. https://books.google.co.in/books?id=0z02cZe8PU8C&printsec=copyright#v=onepage&q&f=false.
- ↑ Kar, Nishamani (2001). "Sriradha: A Study". Indian Literature খণ্ড 45 (2 (202)): 184–192. ISSN 0019-5804. https://www.jstor.org/stable/23344745.
- ↑ Jash, Pranabananda (1979). "RADHA-MADHAVA SUB-SECT IN EASTERN INDIA". Proceedings of the Indian History Congress খণ্ড 40: 177–184. ISSN 2249-1937. https://www.jstor.org/stable/44141958.
- ↑ Gokhale, Namita; Lal, Malashri (2018-12-10) (en ভাষাত). Finding Radha: The Quest for Love. Penguin Random House India Private Limited. ISBN 978-93-5305-361-1. https://books.google.co.in/books?hl=en&lr=&id=KWJ7DwAAQBAJ&oi=fnd&pg=PT7&dq=Radha+in+Padma+Purana&ots=MZaq22GI-e&sig=XsoP_IEpX5b8MAxx5R6V8mfnR34&redir_esc=y#v=onepage&q=Radha%20in%20Padma%20Purana&f=false.
- ↑ Ramnarace 2014.
- ↑ Love Song of the Dark Lord: Jayadeva's Gītagovinda 1977.
- ↑ Archer 2004, 5.2 The Gita Govinda.
- ↑ Datta 1988, পৃষ্ঠা. 1414–1423.
- ↑ Archer 2004, 5.1 The Triumph of Radha.
- ↑ Schweig 2005, পৃষ্ঠা 43
তথ্যসূত্ৰ
সম্পাদনা কৰক- Archer, W. G. (2004). The Loves of Krishna in Indian Painting and Poetry. প্ৰকাশক Mineola, NY: Dover Publ.. ISBN 0-486-43371-4. https://books.google.com/books?id=czLDAgAAQBAJ.
- Banerjee, Samanta (1993). Appropriation of a Folk-heroine: Radha in Medieval Bengali Vaishnavite Culture. প্ৰকাশক Shimla: Indian Institute of Advanced Study. ISBN 8185952086. https://books.google.com/books?id=gPJEAQAAIAAJ.
- Basu, M. M. (1932). The Post-Caitanya Sahajiya Cult of Bengal. প্ৰকাশক Calcutta: University of Calcutta Press.
- Beck, Guy L. (2005). "Krishna as Loving Husband of God: The Alternative Krishnology of the Rādhāvallabha Sampradaya". In Guy L. Beck. Alternative Krishnas: Regional and Vernacular Variations on a Hindu Deity. প্ৰকাশক Albany, NY: SUNY Press. পৃষ্ঠা. 65–90. ISBN 978-0-7914-6415-1. https://books.google.com/books?id=0SJ73GHSCF8C&pg=PA65.
- Datta, Amaresh, ed. (1988). "Gitagovinda". Encyclopaedia of Indian Literature: Devraj to Jyoti. 2. New Delhi: Sahitya Akademi. pp. 1414–1423. ISBN 81-260-1194-7.
- Hardy, Friedhelm E. (1987). "Kṛṣṇaism". In Mircea Eliade. The Encyclopedia of Religion. 8. New York: MacMillan. pp. 387–392. ISBN 978-0-02897-135-3 – via Encyclopedia.com.
- Hawley, John Stratton (2005). Three Bhakti Voices. Mirabai, Surdas, and Kabir in Their Time and Ours. প্ৰকাশক Oxford; New York: Oxford University Press. ISBN 978-0195670851. https://books.google.com/books?id=5LZjAAAAMAAJ.
- Hayes, Glen Alexander (2005). "Contemporary Metaphor Theory and Alternative Views of Krishna and Rādhā in Vaishnava Sahajiyā". In Guy L. Beck. Alternative Krishnas: Regional and Vernacular Variations on a Hindu Deity. প্ৰকাশক Albany, NY: SUNY Press. পৃষ্ঠা. 19–32. ISBN 978-0-7914-6415-1. https://books.google.com/books?id=0SJ73GHSCF8C&pg=PA19.
- Love Song of the Dark Lord: Jayadeva's Gītagovinda. প্ৰকাশক New York: Columbia University Press. 1977. ISBN 0231040288. https://cup.columbia.edu/book/love-song-of-the-dark-lord/9780231110976.
- Miller, Barbara S. (1975). "Rādhā: Consort of Kṛṣṇa's Vernal Passion". Journal of the American Oriental Society খণ্ড 95 (4): 655–671. doi:10.2307/601022. https://www.jstor.org/stable/601022.
- Ramnarace, Vijay (2014). Rādhā-Kṛṣṇa's Vedāntic Debut: Chronology & Rationalisation in the Nimbārka Sampradāya (PhD thesis). প্ৰকাশক University of Edinburgh. https://www.era.lib.ed.ac.uk/bitstream/handle/1842/26018/Ramnarace2015.pdf.
- Rosen, Steven (2002). The hidden glory of India. প্ৰকাশক Los Angeles: Bhaktivedanta Book Trust. ISBN 0-89213-351-1.
- Rosenstein, Lucy (1998). "The Rādhāvallabha and the Haridāsā Samprādayas: A Comparison". Journal of Vaishnava Studies খণ্ড 7.1: 5–18.
- Rosenstein, Ludmila L. (1997). "The Devotional Poetry of Svami Haridas". A Study of Early Braj Bhasa Verse. Groningen Oriental Studies, 12. প্ৰকাশক Groningen: Egbert Forsten.
- Schwartz, Susan (2004). Rasa: performing the divine in India. প্ৰকাশক New York: Columbia University Press. ISBN 0-231-13145-3. https://archive.org/details/rasa00susa.
- Schweig, Graham M. (2005). Dance of Divine Love: The Rڄasa Lڄilڄa of Krishna from the Bhڄagavata Purڄana, India's classic sacred love story. প্ৰকাশক Princeton, NJ: Princeton University Press. ISBN 0-691-11446-3. https://books.google.com/books?id=TPOLHQAACAAJ.[সংযোগবিহীন উৎস]
- Singh, Kunj Bihari (2004). "Manipur Vaishnavism: A Sociological Interpretation". In Rowena Robinson. Sociology of Religion in India. Themes in Indian Sociology, 3. প্ৰকাশক New Delhi: Sage Publ. India. পৃষ্ঠা. 125–132. ISBN 0-7619-9781-4. https://books.google.com/books?id=Mc6GAwAAQBAJ&pg=PA125.
- Snell, Rupert (1991). The Eighty-four Hymns of Hita Harivaṃśa: An Edition of the Caurāsī Pada. প্ৰকাশক Delhi; London: Motilal Banarsidass; School of Oriental and African Studies. ISBN 81-208-0629-8. https://books.google.com/books?id=jOs-G0-VIWQC.
- Toffin, Gérard (2012). "The Power of Boundaries: Transnational Links among Krishna Pranamis of India and Nepal". In John Zavos. Public Hinduisms. প্ৰকাশক New Delhi: SAGE Publ. India. পৃষ্ঠা. 249–254. ISBN 978-81-321-1696-7. https://books.google.com/books?id=uuuICwAAQBAJ&pg=PT249.
- Valpey, Kenneth Russell (2006). Attending Kṛṣṇa's image: Caitanya Vaiṣṇava mūrti-sevā as devotional truth. প্ৰকাশক New York: Routledge. ISBN 0-415-38394-3.
- White, Charles S. J. (1977). The Caurāsī Pad of Śri Hit Harivaṃś: Introduction, Translation, Notes, and Edited Braj Bhaṣa. Asian studies at Hawaii, 16. প্ৰকাশক Honolulu: University Press of Hawaii. ISBN 9780824803599. ISSN 0066-8486. https://books.google.com/books?id=X8Q_zgEACAAJ.
- Williams, Raymond (2001). Introduction to Swaminarayan Hinduism. Cambridge University Press. ISBN 978-0-521-65422-7.