অগৰা [1] বা জেন্থিয়াম ষ্ট্ৰুমাৰিয়াম (ইংৰাজী: Xanthium strumarium) (সমাৰ্থক X. canadense, X. chinense, X. glabratum, Rough Cocklebur, Clotbur,Common Cocklebur, Large Cocklebur, Woolgarie Bur) (ইংৰাজী: Asteraceae) পৰিয়ালৰ অন্তৰ্গত এক ওষধি (বাৎসৰিক) উদ্ভিদ। [2] ই সম্ভৱতঃ উত্তৰ আমেৰিকাৰ পৰা পৃথিৱীৰ অন্যান্য স্থানলৈ বিয়পি পৰে।[3][4] এই গছৰ অংশবিশেষে বিশাক্ত আৰু ঔষধি গুণ দুই প্ৰকাৰ আছে। অসমত ব'হাগ মাহত খোৱা এশ শাকৰ ভিতৰত অগৰা আগো অন্যতম। [1]

Xanthium
Xanthium strumarium
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
উপজগৎ/উপৰাজ্য: Tracheobionta
বিভাগ: Magnoliophyta
শ্ৰেণী: Magnoliopsida
উপশ্ৰেণী: Asteridae
বৰ্গ: Asterales
পৰিয়াল: Asteraceae (সংস্কৃত অৰিস্থ)
উপপৰিয়াল: Asteroideae
গোত্ৰ: Heliantheae
গণ: Xanthium
প্ৰজাতি: Xanthium strumarium
বৈজ্ঞানিক নাম
Xanthium strumarium
L., 1753
Subspecies
সমাৰ্থক

Xanthium orientale

বৰ্ণনা আৰু প্ৰজনন সম্পাদনা কৰক

অগৰা গছডাল প্ৰায় ৩০ - ৪০ ছে.মি. ওখ, ফেৰ মেলা। ই বৰ্ষীয় গছ। পাত একক, একান্তৰ, তলে ওপৰে সামান্য খহতা, লোমক নহয়। পাত বহল, ডিম্বাকাৰ, আয়তাকাৰ, ৮-১২ ছে.মি. দীঘল, ৫-৮ ছে.মি. বহল, কাষটো উঠা বা সভংগ। পুষ্প মঞ্জৰী মুণ্ডক, দ্বিপুস্পক। অৰ্থাৎ এক লিংগবৎ, পুংপুষ্প, স্ত্ৰীপুষ্প বেলেগে বেলেগে একে গছতে ধৰে। পাহি ৫ টা, পুংকেশৰ ৫ ডাল। ফল আয়তাকাৰ, উপবৃত্তাকাৰ, ১-২ ছে.মি. দীঘল, ৭-১২ মি.মি. বহল।[1] ফলটো জীৱ-জন্তুৰ কাপোৰত ইয়াৰ শুংবোৰৰদ্বাৰা লাগি ধৰি এঠাইৰ পৰা অন্য ঠাইলৈ বিস্তাৰিত আৰু তদ্‌পশ্চাত অংকুৰিত হৈ বংশবৃদ্ধি কৰে। তদুপৰি পানীত দ্বাৰাও ওপঙি ফলৰ বিস্তাৰ হ'ব পাৰে।

বিষ আৰু ঔষধি গুণ সম্পাদনা কৰক

অগৰাৰ কোনো কোনো ঔষধি গুণ থাকিব পাৰে বুলি অনুমান কৰা হৈছে।[5] দক্ষিণ এচিয়া, চীন আদিত ইয়াক পাৰম্পৰিক ঔষধ হিচাবে ব্যৱহাৰ কৰা হয়।

অগৰা গছৰ পৰা এলাৰ্জি হ'ব পাৰে। ফুলৰ ৰেণু শ্বাস আৰু ছালৰ ৰোগৰ কাৰণ হ'ব পাৰে। গছৰ ওপৰ অংশ আৰু গুটিত hydroquinine, choline, carboxyatratyloside আদি আৰু অন্যান্য বিশাক্ত এলকেলইড থাকে। [1][6] এই গছ জীৱ-জন্তুৱে নাখায়, বহু ক্ষেত্ৰত খাই মৃত্যু হোৱাও দেখা গৈছে। এক পৰম্পৰাগত চীনা ঔষধ Cang Er Zi Wan(苍耳子丸) খাই ৰোগীয়ে মাংসপেষীৰ অস্থিৰতাত ভোগাৰ নজিৰ আছে। বাংলাদেশতো চিলেটত ২০০৭ চনত খোৱা বস্তুৰ অভাৱত সময়ত স্থানীয়ভাৱে ঘাগৰা শাক বুলি জনাজাত এই গছ খাই মানুহ মৰা বুলি জনা গৈছে। ইয়াক খোৱাৰ পাছত দেখা দিয়া লক্ষণ সমূহ আছিল বমি, মানসিক ভ্ৰম, সংজ্ঞাহীনতা আদি। [7]

গেলেৰী সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 আনন্দ চন্দ্ৰ দত্ত, "অগৰা"; "প্ৰান্তিক", ৩১শ বছৰ ১৮শ সংখ্যা; ১৬-৩১ আগষ্ট ২০১২
  2. Everitt, J.H.; Lonard, R.L., Little, C.R. (2007). Weeds in South Texas and Northern Mexico. প্ৰকাশক Lubbock: Texas Tech University Press. ISBN 0-89672-614-2. 
  3. Atlas of Florida Vascular Plants(ইংৰাজী)
  4. Calflora Taxon Report 8367 Xanthium strumarium L.
  5. Kamboj Anjoo, Saluja Ajay Kumar "Phytopharmacological review of Xanthium strumarium L. (Cocklebur) 2010 | Volume: 4 | Issue Number: 3 | Page: 129-139
  6. Islam, MR; Uddin MZ, Rahman MS, Tutul E, Rahman MZ, Hassan MA, Faiz MA, Hossain M, Hussain M, Rashid MA. (Dec 2009). "Ethnobotanical, phytochemical and toxicological studies of Xanthium strumarium L". Bangladesh Medical Research Council bulletin খণ্ড 35 (3): 84–90. PMID 20922910. 
  7. Gurley, ES; Rahman M, Hossain MJ, Nahar N, Faiz MA, Islam N, Sultana R, Khatun S, Uddin MZ, Haider MS, Islam MS, Ahmed BN, Rahman MW, Mondal UK, Luby SP.. "Fatal outbreak from consuming Xanthium strumarium seedlings during time of food scarcity in northeastern Bangladesh.". PLoS ONE খণ্ড 5 (3): e9756. doi:10.1371/journal.pone.0009756. PMID 20305785. http://www.plosone.org/article/info%3Adoi%2F10.1371%2Fjournal.pone.0009756। আহৰণ কৰা হৈছে: 2011-06-07.