অতুলানন্দ গোস্বামী

অসমীয়া গল্পকাৰ, ঔপন্যাসিক, অনুবাদক

অতুলানন্দ গোস্বামী (ইংৰাজী: Atulananda Goswami) (জন্ম: ১৯৩৫; মৃত্যু: ২৭ জুলাই, ২০২২) অসমীয়া সাহিত্য জগতৰ এজন গল্পকাৰ, ঔপন্যাসিক আৰু অনুবাদক। 'চেনেহ জৰীৰ গাঁথি' শীৰ্ষক গল্প-সংকলনখনৰ বাবে ২০০৬ বৰ্ষত তেওঁক সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল। তেখেতে ৰচনা কৰা 'নামঘৰীয়া' নামৰ এখন উপন্যাস গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰই ধাৰাবাহিক ৰূপে প্ৰচাৰ কৰিছিল।[2] অনুবাদক হিচাপে প্ৰধানকৈ অসমীয়া ভাষাৰ পৰা ইংৰাজী, বঙালী, ওড়িয়া আৰু সেই ভাষাসমূহৰ পৰা অসমীয়ালৈ ভাঙনি কৰিছিল। ইয়াৰ উপৰিও তেখেত কামৰূপ অনুসন্ধান সমিতিৰ সম্পাদকৰ পদত অধিষ্ঠিত আছিল।[2]

অতুলানন্দ গোস্বামী
জন্ম ১৯৩৫ চন
অসম
মৃত্যু ২৭ জুলাই ২০২২
গুৱাহাটী, অসম
পেচা সাহিত্যিক, গল্পকাৰ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি চেনেহ জৰীৰ গাঁথি
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমি বঁটা, ২০০৬[1]

সাহিত্যিক অৱদান সম্পাদনা কৰক

  • হামদৈ পুলৰ জোন (১৯৬৬)
  • গল্প (১৯৬৭)
  • চেনেহ জৰীৰ গাঁথি (২০০৫)
  • ৰাজপাট (১৯৭৬)
  • পলাতক (১৯৮৩)
  • আশ্ৰয় (১৯৯৩)
  • নামঘৰীয়া (১৯৮৯)
  • নিগ্ৰো কাপল ইন ছাৰ্চ অৱ শিৱ (১৯৯৪, ইংৰাজী গল্প-সংকলন)

অনূদিত গ্ৰন্থ সম্পাদনা কৰক

  • গুডবাই মিঃ ছিপছ (মূল: জেমছ হিল্ম)
  • পিতা-পুত্ৰ (মূল: টি. এছ. পিল্লাই)
  • শ্বেতপদ্মা আৰু বনহংসী (মূল: প্ৰাণবন্ধু কৰ আৰু মনোজ কুমাৰ)
  • একৈছটা বঙালী গল্প
  • বংকিমচন্দ্ৰৰ নিৰ্বাচিত প্ৰবন্ধ

সম্পাদিত গ্ৰন্থ সম্পাদনা কৰক

  • কৃষ্ণ ভূঞাৰ গল্প-সমগ্ৰ

বঁটা আৰু সন্মান সম্পাদনা কৰক

‘নামঘৰীয়া’ উপন্যাসখনৰ বাবে অসম সাহিত্য সভাৰ ‘অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা’ আৰু ‘কুমাৰ কিশোৰ সোঁৱৰণী বঁটা’ লাভ কৰে। ‘বলিয়া হাতী’ নামৰ গল্পৰ বাবে তেখেতে ১৯৯২ চনত ‘কথা’ বঁটা লাভ কৰে।[3] 'চেনেহ জৰীৰ গাঁথি' ৰ বাবে ২০০৬ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেখেতক ২০১৩ চনৰ অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰা হয়।[4] তেখেতৰ নামঘৰীয়া নামৰ উপন্যাসখন ’নেচনেল বুক ট্ৰাষ্ট’ৰ উদ্যোগত ১২টাতকৈ অধিক ভাষালৈ অনূদিত হৈছে৷ ইয়াৰে নেপালী ভাষাত অনূদিত কিতাপখনে সাহিত্য একাডেমীৰ অনুবাদ বঁটা লাভ কৰে৷[5]

দেহাৱসান সম্পাদনা কৰক

২০২২ চনৰ ২৭ জুলাই তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অতুলানন্দ গোস্বামীয়ে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৭ বছৰ।[6]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২. 
  2. 2.0 2.1 I. Vi Rāmakr̥ṣṇan (1 January 2005). Indian Short Stories: (1900-2000). Sahitya Akademi. পৃষ্ঠা. 225–. ISBN 978-81-260-1091-2. http://books.google.com/books?id=kLn11KD4ea0C&pg=PA225। আহৰণ কৰা হৈছে: 27 November 2012. 
  3. বিশ্বকোষ, অসম সাহিত্য সভা, চতুৰ্থ খণ্ড, ১ম প্ৰকাশ, ২০০৩
  4. (১ জানুৱাৰী ২০১৪). "অতুলানন্দ গোস্বামীলৈ অসম উপত্যকা সাহিত্য বঁটা". এল পাব্লিকেছন্‌ছ জি এল পাব্লিকেছন্‌ছ. সংগ্ৰহ কৰা হৈছে: ১ জানুৱাৰী ২০১৪.
  5. সাহিত্যিক অতুলানন্দ গোস্বামীৰ বিয়োগ, অগ্ৰদূত, ২৮ জুলাই, ২০২২
  6. Time, Pratidin. "Assam: Erudite Litterateur Atulananda Goswami Passes Away" (en ভাষাত). Pratidin Time. https://www.pratidintime.com/guwahati-news-breaking-latest/assam-erudite-litterateur-atulananda-goswami-passes-away। আহৰণ কৰা হৈছে: 2022-07-27. 

বাহ্যিক সংযোগ সম্পাদনা কৰক