অশোক সিংঘল (ইংৰাজী: Ashok Singhal; জন্ম: ২৯ ডিচেম্বৰ ১৯৬৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান অসম চৰকাৰৰ গৃহ নিৰ্মাণ, নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন মন্ত্ৰী। ইয়াৰ লগতে তেওঁ অসমৰ তিনিখন জিলা ক্ৰমে কোকৰাঝাৰ, ওদালগুৰি আৰু কাছাৰ জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। ২০১৬ চনত প্ৰথমবাৰৰ বাবে ঢেকীয়াজুলি সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ একেটা সমষ্টিৰ পৰা পুনৰ নিৰ্বাচিত হয়।[1][2][3][4][5] তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য।

অশোক সিংহল
অসম চৰকাৰৰ মন্ত্ৰী
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১০ মে' ২০২১
মন্ত্ৰালয় গৃহ নিৰ্মাণ, নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন
অসম বিধানসভাৰ সদস্য
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২০১৬
পূৰ্বসূৰী হাবুল চক্ৰৱৰ্তী
সমষ্টি ঢেকীয়াজুলি বিধানসভা সমষ্টি
ব্যক্তিগত তথ্য
জন্ম ১৯ ছেপ্টেম্বৰ, ১৯৬৮ (৫৫ বছৰ)
গুৱাহাটী, অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
দাম্পত্যসঙ্গী শিল্পী আনন্দ সিংহল
পিতৃ-মাতৃ পৰমানন্দ সিংহল (পিতৃ)
ইন্দুমতী সিংহল (মাতৃ)
শিক্ষানুষ্ঠান গৌহাটী বাণিজ্য মহাবিদ্যালয়
জীৱিকা ৰাজনীতিবিদ, উদ্যোগী

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

১৯৬৮ চনৰ ২৯ ডিচেম্বৰ তাৰিখে অসমগুৱাহাটীত অশোক সিংহলৰ জন্ম হৈছিল। তেওঁৰ পিতৃ পৰমানন্দ সিংঘলৰ আৰু মাতৃ ইন্দুমতী সিংঘল। তেওঁ অসমৰ গুৱাহাটীৰ কুমাৰপাৰাৰ বাসিন্দা। ১৯৯২ চনত শিল্পী আনন্দ সিংঘলৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হৈ। তেওঁলোকৰ দুজন পুত্ৰ লোকেশ আনন্দ সিংঘল আৰু বিবেক আনন্দ সিংঘল।

১৯৯০ চনত গৌহাটী বাণিজ্য মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ মেনেজমেণ্টৰ স্নাতকোত্তৰ ডিপ্লমাও লাভ কৰিছে।

ৰাজনৈতিক জীৱন সম্পাদনা কৰক

অশোক সিংঘল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্য আছিল। তেওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ছাত্ৰ নেতাও আছিল। পিছলৈ তেওঁ বিজেপিত যোগদান কৰি বিজেপি অসম প্ৰদেশৰ মুখপাত্ৰ হয়। তেওঁ অসম প্ৰদেশ বিজেপিৰ সম্পাদক আৰু কোষাধ্যক্ষও আছিল। ২০১৬ চনত প্ৰথমবাৰৰ বাবে ঢেকীয়াজুলি সমষ্টিৰ পৰা অসম বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। ঢেকীয়াজুলিত কৰা কামৰ বাবে তেওঁক ‘উন্নয়নৰ মানুহ’ হিচাপেও পৰিচিত। ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হাবুল চক্ৰৱৰ্তীৰ বিৰুদ্ধে তেওঁ ৭১,৪২৫টা ভোটত জয়ী হৈছিল। কংগ্ৰেছ দলৰ বেণুধৰ নাথক পৰাস্ত কৰি ২০২১ চনত ঢেকীয়াজুলিৰ পৰা ৯৩,৭৬৮টা ভোট লাভ কৰি সিংঘল পুনৰ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। অশোক সিংঘল এজন ব্যৱসায়ী আৰু এজন সমাজকৰ্মী হিচাপেও পৰিচিত। তেওঁ ‘জন জাগৃতি’ নামেৰে এটা বেচৰকাৰী সংস্থা চলাই আছে।

সামাজিক জীৱন সম্পাদনা কৰক

অশোক সিংঘলে অসমতজন জাগৃতি নামৰ এটা বেচৰকাৰী সংস্থা চলাই আছে। ব্ৰহ্মপুত্ৰ নদীক ৰক্ষা কৰিবলৈজন জাগৃতিয়ে Save River Brahmaputra আন্দোলন আছিল। অশোক সিংঘল এই সংস্থাৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।

জন জাগৃতিয়ে ২০১০ চনত চীনৰ ব্ৰহ্মপুত্ৰৰ ওপৰত বান্ধৰ ফলত সৃষ্টি হোৱা ভাবুকিৰ ওপৰত ‘ব্ৰহ্মপুত্ৰ নদী বচাওক’ নামেৰে অভিযান চলাইছিল। তেওঁ প্ৰথমবাৰৰ বাবে কৃত্ৰিম উপগ্ৰহৰ চিত্ৰৰ জৰিয়তে তিব্বতত ব্ৰহ্মপুত্ৰ নদীৰ জলবিদ্যুৎ প্ৰকল্পৰ জৰিয়তে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মানুহ আৰু চৰকাৰসমূহক নদীখন লাহে লাহে শুকাই যোৱাৰ বিপদৰ বিষয়ে সতৰ্ক কৰি দিছিল। পিছলৈ ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত চীনা চৰকাৰে নতুন দিল্লীক আনুষ্ঠানিকভাৱে ব্ৰহ্মপুত্ৰৰ এখন উপনৈ বন্ধ কৰাৰ বিষয়ে অৱগত কৰিছিল।[6]

তেওঁৰ এন জি অ’জন জাগৃতিয়ে ২০১৬ চনত দাবী কৰিছিল যে চীনে ২৬টা বিদ্যুৎ প্ৰকল্পত কাম কৰি আছে। এন জি অ’টোৱে বিশ্বাস কৰিছিল যে সেই প্ৰকল্পসমূহ কাম আৰম্ভ হ’লে বাৰিষাৰ সময়ত ভাৰতলৈ ব্ৰহ্মপুত্ৰৰ পানীৰ প্ৰবাহ ৬৪% আৰু খৰালি কালত ৮৫% হ্ৰাস পাব। জন জাগৃতিৰ মতে, ভাৰতে অৰুণাচলৰ গৰ্গিং গাঁৱত প্ৰৱেশ স্থলত চীনৰ পৰা ৭৮.১০ বিচিএম পানী লাভ কৰে। চীনৰ প্ৰকল্পসমূহ শেষ হ'লে বাৰিষা মাহত পানীৰ লাভ ৫৬.১২ বিচিএম আৰু খৰালি কালত মাত্ৰ ২১.৯৮ বিচিএম পানী ভাৰতে লাভ কৰিব।[7][8][9]

তথ্য উৎস সম্পাদনা কৰক

  1. Member of Legislative Assembly (M.L.A.), Assam
  2. My Neta
  3. Official Website of Assam Assembly
  4. "Assam CM Announces Guardian Ministers in Cabinet" (en-US ভাষাত). Pratidin Time. Archived from the original on 2021-06-16. https://web.archive.org/web/20210616043047/https://www.pratidintime.com/assam-cm-announces-guardian-ministers-in-cabinet/amp/। আহৰণ কৰা হৈছে: 2021-06-15. 
  5. "Ashok Singhal is new Guwahati Development minister of Assam » News Live TV » Assam" (en-US ভাষাত). News Live TV. 2021-05-11. https://newslivetv.com/ashok-singhal-is-new-guwahati-development-minister-of-assam/। আহৰণ কৰা হৈছে: 2021-06-15. 
  6. "Jana Jagriti calls to Save River Brahmaputra" (en ভাষাত). Assam Times. 2010-12-11. https://www.assamtimes.org/node/4408। আহৰণ কৰা হৈছে: 2021-06-15. 
  7. "The Brahmaputra Crusader: BJP MLA Ashok Singhal's vigil alerted India of China's choking of the mighty river". The New Indian Express. https://www.newindianexpress.com/nation/2016/oct/23/the-brahmaputra-crusader-bjp-mla-ashok-singhal39s-vigil-alerted-india-of-china39s-choking-of-the-mighty-river-1531050.html। আহৰণ কৰা হৈছে: 2021-06-15. 
  8. Mitra, Naresh (13 June 2011). "Guwahati-based NGO, Jana Jagriti, which has been spearheading a campaign on the threats posed by dams on Brahmaputra in China, said that time has come for all Northeastern states to pursue seriously the issue with New Delhi to ensure protection of water flow in the region" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/guwahati-based-ngo-jana-jagriti-which-has-been-spearheading-a-campaign-on-the-threats-posed-by-dams-on-brahmaputra-in-china-said-that-time-has-come-for-all-northeastern-states-to-pursue-seriously-the-issue-with-new-delhi-to-ensure-protection-of-water-flow-in-the-region-/articleshow/8838987.cms। আহৰণ কৰা হৈছে: 2021-06-15. 
  9. "The China-India row that spells disaster for flood victims" (en-GB ভাষাত). BBC News. 2017-12-18. https://www.bbc.com/news/world-asia-india-42335242.