বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

অসমীয়া ভাষাৰ এজন গল্পকাৰ, ঔপন্যাসিক, কবি, নিবন্ধকাৰ আৰু সাংবাদিক

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (ইংৰাজী: Birendra Kumar Bhattacharya; ১৪ অক্টোবৰ, ১৯২৪ – ৬ আগষ্ট, ১৯৯৭) এগৰাকী অসমীয়া গল্পকাৰ, ঔপন্যাসিক, কবি, নিবন্ধকাৰ আৰু সাংবাদিক। ভাৰতৰ সৰ্ব্বোচ সাহিত্য সন্মান জ্ঞানপীঠ বঁটা লাভ কৰা তেওঁ প্ৰথমগৰাকী অসমীয়া লেখক আছিল। বিয়াল্লিচৰ গণ-আন্দোলনৰ ভিত্তিত ৰচিত 'মৃত্যুঞ্জয়' উপন্যাসৰ বাবে, ১৯৭৯ চনত, তেওঁ এই বঁটা লাভ কৰিছিল।[1] ১৯৬১ চনত, তেওঁৰ 'ঈয়াৰুইঙ্গম' উপন্যাসে সাহিত্য অকাডেমি বঁটা লাভ কৰে।[2] Love in the Time of Insurgency নামেৰে এই গ্ৰন্থৰ ইংৰাজী অনুবাদ ২০০৫ চনত প্ৰকাশ পাইছিল।[3] ভট্টাচাৰ্য ১৯৮৩ চনত বঙাইগাঁৱত অনুষ্ঠিত অসম সাহিত্য সভাৰ সোণালী জয়ন্তী অধিবেশনৰ সভাপতি আছিল।[4] তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগৰ ৰীডাৰ আছিল। জব্বলপুৰ বিশ্ববিদ্যালয়ে ভট্টাচাৰ্যক সন্মানীয় ডি লিট উপাধি প্ৰদান কৰিছিল।[4]

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
জন্ম ১৪ অক্টোবৰ, ১৯২৪
চফ্ৰাই চাহবাগিচা, অসম
মৃত্যু ৬ আগষ্ট, ১৯৯৭ (৭২ বছৰ)
পেচা সহিত্যিক, শিক্ষাবিদ, সাংবাদিক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰত
শিক্ষা স্নাতকোত্তৰ
মাতৃশিক্ষায়তন কটন কলেজ
গুৱাহাটী বিশ্ববিদ্যালয়
উল্লেখনীয় কৰ্মৰাজি মৃত্যুঞ্জয়, ঈয়াৰুইঙ্গম
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমি বঁটা (১৯৬১)
জ্ঞানপীঠ বঁটা (১৯৭৯)
দাম্পত্যসংগী বিনীতা ভট্টাচাৰ্য
আত্মীয়-স্বজন নলিনীধৰ ভট্টাচাৰ্য (জেষ্ঠ ভাতৃ)

চমু জীৱনীসম্পাদনা কৰক

জন্মসম্পাদনা কৰক

১৯২৪ চনৰ ১৪ অক্টোবৰত চফ্ৰাই চাহবাগিচাত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম হয়। তেওঁৰ দেউতাক শশীধৰ ভট্টাচাৰ্য সেই বাগিছাৰে কৰ্মী আছিল। মাক আইদেউ ভট্টাচাৰ্য। সাতোজন ভাই-ককাইৰ মাজত বীৰেন্দ্ৰকুমাৰ আছিল দ্বিতীয়। জেষ্ঠ ভাতৃ নলিনীধৰ ভট্টাচাৰ্য অধ্যাপক। আন তিনিজন ক্ৰমে গিৰীন, অনিল আৰু কামাখ্যা ভট্টাচাৰ্য।[4]

ভট্টাচাৰ্য পৰিয়ালৰ পূৰ্বজ যোৰহাট নগৰৰ পৰা দহ মাইল পূবে অৱস্থিত চাওঘাট মৌজাৰ ডিহা নৈৰ পাৰৰ ঢেকীয়া খোৱা গাঁৱত বাস কৰিছিল। যোৰহাটৰ পৰা প্ৰকাশিত আসাম বিলাসিনীৰ সম্পাদক কৃষ্ণকান্ত ভট্টাচাৰ্য আৰু শ্বিলঙৰ পৰা প্ৰকাশিত বিজুলীৰ সম্পাদক লক্ষ্মীনাথ শৰ্মা বীৰেন্দ্ৰকুমাৰৰ পূৰ্বজ আছিল। শিক্ষাবিদ লক্ষ্মীনাথ শৰ্মা অসমৰ তৃতীয়গৰাকী অনাৰ্ছ গ্ৰেজুৱেট। তেওঁ সংস্কৃতত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। [4]

শিক্ষা আৰু ব্যক্তিগত জীৱনসম্পাদনা কৰক

চফ্ৰাই প্ৰাইমাৰী স্কুলত শিক্ষাৰম্ভ কৰি বীৰেন্দ্ৰকুমাৰ কাকজান এম ই স্কুলত ভৰ্তি হয় আৰু যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা ১৯৪১ চনত মেট্ৰিকুলেচন পাছ কৰে। ভট্টাচাৰ্যই প্ৰৱেশিকা পৰীক্ষাত অসমীয়া, ভূগোল, বুৰঞ্জী আৰু সংস্কৃত বিষয়ত ‘লেটাৰ’ সহ প্ৰথম বিভাগত উৰ্ত্তীণ হৈছিল। [4] তাৰপিছত তেওঁ কটন মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত ক্ৰমে ১৯৪৩ চনত উচ্চতৰ মাধ্যমিক আৰু ১৯৪৫ চনত স্নাতক ডিগ্ৰী লাভ কৰে। বি এছ চি ডিগ্ৰী লাভ কৰি তেওঁ সাংবাদিকতা পঢ়িবলৈ কলিকতালৈ যায়। সেইবছৰ কলিকতা বিশ্ববিদ্যালয়ত সাংবাদিকতা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ কথা আছিল যদিও, সেয়া আৰম্ভ নোহাৱাত তেওঁ আইনৰ ক্লাছত নাম ভৰ্তি কৰে। কিন্তু আইন পঢ়া সম্পূৰ্ণ নকৰি তেওঁ উভতি আহে। [4] ১৯৫১ চনত বি এ আৰু ১৯৫৩ চনত প্ৰাইভেটকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়াত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৭৭ চনত, Humar and Satire in Assamese Literature[4] ('অসমীয়া সাহিত্যত ব্যংগ আৰু হাস্যৰস') গৱেষণাপত্ৰৰ বাবে ভট্টাচাৰ্যই ডক্টৰেট ডিগ্ৰী লাভ কৰে।

১৯৫৮ চনৰ ৬ জুন তাৰিখে বিনীতা ভট্টাচাৰ্যৰ সৈতে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বিবাহ পাশত আৱদ্ধ হয়। বিশিষ্ট সমালোচক মুনীন বৰকটকীয়ে ডক্টৰ হেমন্তকুমাৰ শৰ্মাই সংকলন কৰা বীৰেন্দ্ৰ ভট্টাচাৰ্যৰ সাহিত্য-কৃতি গ্ৰন্থত প্ৰকাশ পোৱা তেখেতেৰ প্ৰবন্ধ বীৰেন্দ্ৰ-কৃতিত লিখিছে[4];

“ড° ভট্টাচাৰ্যৰ জীৱন সংগ্ৰামৰ পিছপিনে যি শক্তি আছে- সেয়া তেখেতৰ সহধৰ্মিনী শ্ৰীমতী বিনীতা ভট্টাচাৰ্য। সহধৰ্মিনীৰ বেশত সহ সৈনিকৰ ধৰ্ম পালন কৰি দুৰ্যোগৰ মাজতো সাংসাৰিক জীৱনৰ পাৰস্পৰিক বুজাবুজিৰ মাধ্যমত নিজৰ স্বামীক বীৰ বেশত প্ৰতিষ্ঠা কৰাত শ্ৰীমতী ভট্টাচাৰ্য কৃতকাৰ্য হ'ব পাৰিছে। তেখেতৰ ত্যাগ আৰু প্ৰেৰণা ড° ভট্টাচাৰ্যৰ যেন ৰণস্থলীৰ কবচ-কুণ্ডল।”

কৰ্মজীৱন[4]সম্পাদনা কৰক

  • ১৯৪২: বিয়াল্লিছৰ স্বাধীনতা আন্দোলনত যোগদান
  • ১৯৪৫-৪৬: কলিকতাৰ পৰা প্ৰ্কাশিত অসমীয়া মাহেকীয়া কাকত বাঁহী আৰু ইংৰাজী ‘Advance’ কাকতৰ সহ সম্পাদক।
  • ১৯৪৭-৪৯: গুৱাহাটীৰ পৰা ওলোৱা ‘দৈনিক অসমীয়া’ৰ সংবাদ-সম্পাদনা।
  • ১৯৪৯-৫০: সাপ্তাহিক ‘জনতা’ কাকতৰ সম্পাদক।
  • ১৯৫০-৫২: মণিপুৰৰ উখ্ৰল হাইস্কুলত শিক্ষকতা।
  • ১৯৫৩-৬৩: মাহেকীয়া আলোচনী ৰামধেনুৰ সম্পাদক।
  • ১৯৬৩-৬৭: সাদিনীয়া ‘নৱযুগ’ৰ সম্পাদক।
  • ১৯৬৭-১৯৮৩: ‘দৈনিক অসম’, ‘Assam Tribune’, ‘ধৰ্মযুগ’, ‘দিনমান’, ‘Indian Literature’, ‘Man and Developement’ আদি কাকতৰ সৈতে লেখক ৰূপে বিশেষভাৱে জড়িত।
  • ১৯৬৮: প্ৰথম বাৰ ৰুছ দেশ ভ্ৰমণ।
  • ১৯৬৮-৭৩:Economic and Political Weeklyৰ সংবাদ-দাতা।
  • ১৯৭০-১৯৮৩: Assam Arts and Craft Society-ৰ সভাপতি।
  • ১৯৭৭: Humar and Satire in Assamese Literature নামৰ গৱেষণা-গ্ৰন্থৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি উপাধি লাভ। কেৰালাৰ আৰ্নাকুলমত সাহিত্য অকাডেমিৰ দ্বৰা অনুষ্ঠিত আলোচনা-চক্ৰত সক্ৰিয় অংশ গ্ৰহণ।
  • ১৯৮০: দিল্লীৰ বিজ্ঞান ভৱনত আনুষ্ঠানিকভাৱে জ্ঞানপীঠ বঁটা লাভ; ভাৰত চৰকাৰৰ গৃহ-মন্ত্ৰালয়ৰ হিন্দী পৰামৰ্শদাতা সমিতিৰ সদস্য।
  • ১৯৮২: ভাৰতীয় লেখক সংস্থাৰ সভাপতি, জব্বলপুৰ বিশ্ববিদ্যালয়ৰ পৰা সন্মানিত ডি লিট উপাধি লাভ।
  • ১৯৮৩: সাহিত্য অকাডেমিৰ উপ-সভাপতি; গুৱাহাটী বিশ্ববিদ্যালয়ৰ মনোনীত সদস্য; আঞ্চলিক গৱেষণা উপদেষ্টা পৰিষদৰ সদস্য; Man and Developementৰ সম্পাদনা-উপদেষ্টা সমিতিৰ সদস্য, সাহিত্য অকাডেমিয়ে মনোনীত কৰা ভাৰতৰ প্ৰেছ কাউন্সিলৰ সদস্য; গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ হৈ বিশ্ববিদ্যালয়ৰ অনুদান আয়োগ সমিতিৰ সদস্য; নেচনেল জুৰীৰ সদস্য; ভাৰতীয় আন্তৰ্জাতিক কেন্দ্ৰৰ সদস্য; এলাহাবাদ বিশ্ববিদ্যালয়ৰ Institute of Gandhian Thought and Peace Studies ৰ আজীৱন সদস্য; ভাৰতৰ লেখক সজাতি দলৰ নেতা হিচাপে ৰুছ দেশ ভ্ৰমণ; বঙাইগাঁৱত অনুষ্ঠিত অসম সাহিত্য সভাৰ সোণালী জয়ন্তী অধিবেশনৰ সভাপতি।

মৃত্যুসম্পাদনা কৰক

১৯৯৭ চনৰ ৬ আগষ্টত ৭৩ বছৰ বয়সত তেখেতৰ মৃত্যু ঘটে।

সাহিত্য কৰ্মসম্পাদনা কৰক

ভট্টাচাৰ্য সামাজিক বাস্তৱবাদী লেখকসকলৰ ভিতৰত অন্যতম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ লেখকসকলৰ ভিতৰত অন্যতম লেখক আছিল। তেওঁৰ প্ৰথমখন উপন্যাস “ৰাজপথে ৰিঙিয়ায়” মাত্ৰ এদিনৰ ঘটনাৰ ওপৰত আধাৰিত। এই উপন্যাসখন সামাজিক আৰু ৰাজনৈতিক বিশ্লেষণৰ ওপৰত আধাৰিত আছিল। [5]

উপন্যাস[4]
  • ৰাজপথে ৰিঙিয়ায়, অসম জ্যোতি, গুৱাহাটী, ১৯৫৫।
  • আই, ১৯৬০ [মালয়ালম আৰু হিন্দীলৈ অনূদিত হৈছে। ]
  • ঈয়াৰুইঙ্গম, লয়াৰ্ছ বুক ষ্টল, ১৯৬০ [ইংৰাজীলৈ অনূদিত হৈছে। ]
  • প্ৰতিপদ
  • শতঘ্নী, মিত্ৰ এজেন্সী, ১৯৬৫ [মালয়ালম, হিন্দী আৰু মাৰাঠীলৈ অনূদিত হৈছে। ]
  • নষ্টচন্দ্ৰ, শ্ৰী ভূমি পাবলিছিং হাউছ, ১৯৬৮।
  • শৰত কোঁৱৰ, ‘পোহৰ’, ১৯৬৯।
  • ভাৰতী, আমাৰ প্ৰতিনিধি, ১৯৬৯।
  • মৃত্যুঞ্জয়, অসম বুক ডিপো, ১৯৭০; সাহিত্য প্ৰকাশ, ১৯৮০ [হিন্দী, ইংৰাজী, উৰিয়া আৰু মালয়ালম ভাষালৈ অনূদিত হৈছে। ]
  • চিনাকি সুঁতি, শ্ৰীভূমি পাবলিছিং হাউছ, ১৯৭১।
  • ডাইনী, ‘সংলাপ’, ১৯৭১, ১৯৭৬।
  • পাৰিব্ৰাজক, ‘আমাৰ প্ৰতিনিধি’, ১৩শ বছৰ, ২য় সংখ্যা, ১৯৭২।
  • কবৰ আৰু ফুল, বাণী প্ৰকাশ, ১৯৭২।
  • বল্লৰী, ‘লয়াৰ্ছ বুক ষ্টল’, ১৯৭৩।
  • এটি নিশা, ‘আমাৰ প্ৰতিনিধি’, ১৩শ বছৰ, ৫ম সংখ্যা, ১৯৭৩।
  • টব আৰু ইডা, ‘আমাৰ প্ৰতিনিধি’, ৰঙালী বিহু সংখ্যা, ১৯৭৩।
  • ৰঙা মেঘ, ‘আমাৰ প্ৰতিনিধি’, ১২শ বছৰ, ২য় সংখ্যা, ১৯৭৬।
  • মুনিচুনিৰ পোহৰ, আমাৰ প্ৰতিনিধি, এপ্ৰিল ১৯৭৬, ১৯৭৯।
  • ফুল কোঁৱৰৰ পক্ষী ঘোঁৰা, ‘প্ৰকাশ’, ১৯৭৮।
  • কালৰ হুমুনিয়া, অসম লেখক সমবায় সমিতি লিঃ, ১৯৮২।
  • বুঢ়ী আইতাৰ পুৰাণ, ১৯৯৩।

গল্প-পুথি
  • কলং আজিও বয় (১৯৬২)
  • সাতসৰী (১৯৬৩)
  • খিৰিকী কাষৰ আসন (১৯৯৪)
কবিতা পুথি
  • সান্ধ্যস্বৰ (১৯৯০)
নাটক

ৰেডিঅ' নাট:

  • জোনালী
  • ভাৰতী
  • শকুন্তলা
  • যজ্ঞ
  • মুক্তি
  • শতঘ্নী
  • মুখা
  • বিবেক
  • সোণৰ ভোগজৰা
  • খহনীয়া
  • টুৰটুফি
  • অহল্যা
  • বলিয়া বৰাগী

মঞ্চনাট:

  • ব্ৰহ্মচাৰী [ ফৰাচী নাট্যকাৰ মলিয়েৰৰ Turtusse'ৰ অনুবাদ। ]

একক অভিনয়:

  • গোমধৰ কোঁৱৰ
  • পিয়লি ফুকন
  • মণিৰাম দেৱান
  • কুশল কোঁৱৰ
  • এজন খঙাল যুৱক

ভ্ৰমণ কাহিনী
  • সীমাই আমনি কৰে, লেখকৰ দ্বাৰা প্ৰকাশিত, গুৱাহাটী, ১৯৭৫।
অনূদিত গ্ৰন্থ
  • শৰৎ চন্দ্ৰৰ উপন্যাস, পৰিণীতা, ১৯৪৭।
  • ডি ডি কোসাম্বীৰ ‘ভাৰতৰ ইতিহাস’।
সাহিত্য-সংস্কৃতি বিষয়ক গ্ৰন্থ
  • ডেৰশ বছৰৰ অসমীয়া সংস্কৃতিত এভূমুকি, অসম প্ৰকাশন পৰিষদ, ১৯৭৮।
  • মপিন উছৱ, অসম সাহিত্য সভা, ১৯৭৪।
  • সংবাদ সাহিত্য, ১৯৭৪।
  • Humar and Satire in Assamese Literature, Sterling Publishers Private Ltd, ১৯৮২।
অন্যান্য গ্ৰন্থ
  • অসমীয়া সাহিত্যত হাস্যৰস
  • চীনত কি দেখিলোঁ
  • বাহিয়া যাত্ৰা

অভিযোজনসম্পাদনা কৰক

ভট্টাচাৰ্যৰ মৃত্যুঞ্জয় উপন্যাসৰ আধাৰত ১৯৯৩-৯৪ চনত দূৰদৰ্শনযোগে একে নামৰ এখন হিন্দী ধাৰাবাহিক সম্প্ৰচাৰিত হৈছিল। ইয়াত ইৰফান খানে ধনপুৰ চৰিত্ৰটি ৰূপায়ণ কৰিছিল। ধাৰাবাহিকখনৰ পৰিচালক আছিল চাৰুকমল হাজৰিকা।[6]

সাহিত্যৰ সমালোচনাসম্পাদনা কৰক

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ একমাত্ৰ কবিতাপুথি সান্ধ্যস্বৰত সন্নিৱিষ্ট কবিতাসমূহত সমাজ সচেতনতাৰ চিত্ৰ প্ৰতিফলিত হোৱা দেখা যায়। ‘বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি’, ‘ক্ৰুছৰ বন্ধুলৈ’ আদি কবিতাত প্ৰতিবাদী কণ্ঠস্বৰ চিত্ৰিত হৈছে। বলিষ্ঠ শব্দ আৰু স্পষ্ট উপস্থাপন শৈলী তেওঁৰ কবিতাসমূহৰ যোগাত্মক দিশ। [7][8]

হাইস্কুলত পঢ়ি থাকোঁতে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰ বছৰেকীয়া আলোচনী ‘জেউতি’ত প্ৰকাশ হোৱা ‘মাহীমাকৰ মৰম’ গল্পটোৱেই ভট্টাচাৰ্যৰ প্ৰথম গল্প। তাৰ পিছত তেওঁ ‘নায়ক’, ‘আৱাহন’, ‘জয়ন্তী’ আদি আলোচনীত চুটি গল্প লিখিছিল। ‘মাছ’ গল্পটো দেশভক্ত তৰুণৰাম ফুকন বিষয়ক। বাক্যৰ অযথা আড়ম্বৰ, অনাৱশ্যকীয় ভূমিকা অথবা সঙ্গতিবিহীন বাক্যৰীতি তেওঁৰ গল্পত দেখা নাযায়। কল্পনাশ্ৰয়ী নহৈ তেওঁৰ গল্প আছিল আছিল বাস্তৱধৰ্মী। ক’লাক ক’লা আৰু বগাক বগা বোলাটো আছিল তেওঁৰ গল্পৰ বৈশিষ্ট্য। [9]

ভট্টাচাৰ্যৰ প্ৰবন্ধ ৰচনাৰ বিষয়বস্তু আছিল ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, সাহিত্য-সম্পৰ্কীয় আৰু সমাজনৈতিক। দৃষ্টিশীলতা আৰু বুদ্ধিনিষ্ঠতা আছিল তেওঁৰ প্ৰবন্ধৰ অন্যতম গুণ।[10] ‘বাঁহী’, ‘ৰামধেনু’, ‘সাদিনীয়া নৱযুগ’ আদি কেইবাখনো আলোচনীৰ সম্পাদকৰ গুৰুদায়িত্ব তেওঁ বহন কৰিছিল আৰু এই আলোচনীসমূহত যথেষ্ট প্ৰবন্ধ-পাতি লিখিছিল।

১৯৫৫ চনত বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ প্ৰথমখন উপন্যাস ‘ৰাজপথে ৰিঙিয়ায়’ প্ৰকাশ পায়। ইয়াৰ পিছত ১৯৬০ চনত, টাংখুল অঞ্চলৰ যুদ্ধ-বিধ্বস্ত নগা সম্প্ৰদায়ক বিষয় ৰূপে লৈ লিখা ঈয়াৰুইঙ্গম উপন্যাসৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা আৰু ১৯৬১ চনত আগষ্ট বিপ্লৱৰ পটভূমিত লিখা ‘মৃত্যুঞ্জয়’ উপন্যাসৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। ‘মৃত্যুঞ্জয়’ক তেওঁৰ জীৱনৰ আটাইতকৈ প্ৰভাৱশালী উপন্যাস আৰু ‘ঈয়াৰুইঙ্গম’ক ভাৰতীয় সাহিত্যৰ এক মহান সাহিত্য শিল্প বুলি গণ্য কৰা হয়।[5] ইয়াৰ উপৰিও তেওঁ ডিগবৈৰ শ্ৰমিক আন্দোলনৰ আধাৰত ‘প্ৰতিপদ’, ডিগবৈৰ ঔদ্যোগিক বিপ্লৱক লৈ ‘বল্লৰী’, চীনৰ ভাৰত আক্ৰমণৰ পটভূমিত শতঘ্নী, বাংলাদেশৰ মুক্তি-যুদ্ধৰ কৰুণ ইতিহাস দাঙি ‘কবৰ আৰু ফুল’, পৰিৱৰ্তন কামী মনেৰে কৈৱৰ্ত সম্প্ৰদায়ৰ জীৱনৰ আধাৰত ‘ৰঙা মেঘ’ আদি উপন্যাস লিখি এগৰাকী শ্ৰেষ্ঠ ঔপন্যাসিক ৰূপে স্বীকৃত হৈছিল।[11] তেওঁৰ উপন্যাসৰ বিষয় বস্তু আছিল ব্যাপক আৰু বৈচিত্ৰ্য়পূৰ্ণ। চৰিত্ৰবোৰ আছিল উজ্জ্বল, স্পষ্ট আৰু ভাষা শক্তিশালী। চিন্তাৰ গভীৰতা আৰু মানৱতাবোধ বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ ৰচনাৰ প্ৰধান উপজীব্য আছিল।[12]

ভট্টাচাৰ্য আছিল ৰাজনৈতিক ভাৱে সচেতন সাহিত্যিক।[13]

স্বীকৃতি আৰু সন্মানসম্পাদনা কৰক

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. "Jnanpith Laureates Official listings". Jnanpith Website. http://jnanpith.net/laureates/index.html. 
  2. George K. M., Masterpieces of Indian literature, (Vol.1), 1997, National Book Trust, page=19
  3. "Life beyond violence, vendetta". The Hindu. July 15, 2005. http://www.hinduonnet.com/2005/07/15/stories/2005071502370200.htm. 
  4. 4.0 4.1 4.2 4.3 4.4 4.5 4.6 4.7 4.8 4.9 সংকলক : ডক্টৰ হেমন্তকুমাৰ শৰ্মা (আগষ্ট, ১৯৮৩). বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সাহিত্য-কৃতি. চন্দ্ৰ প্ৰকাশ. পৃষ্ঠা. ২৫৫. 
  5. 5.0 5.1 "Birendra Kumar Bhattacharya". indiaonline.in. https://www.indiaonline.in/about/personalities/writersandpoets/birendra-kumar-bhattacharya। আহৰণ কৰা হৈছে: 22 June 2022. 
  6. "ইৰফান খানৰ অসম সংযোগ! 'মৃত্যুঞ্জয়' ধাৰাবাহিকত কৰিছিল অভিনয়". নিউজ ১৮ অসম/নৰ্থ-ইষ্ট. ২৯ এপ্ৰিল ২০২০. https://assam.news18.com/news/assam/irfan-khan-played-dhanpur-hero-of-celebrated-assamese-novel-mrityunjay-56371.html। আহৰণ কৰা হৈছে: ২৯ এপ্ৰিল ২০২০. 
  7. সঞ্চয়ন- ড॰ মহেশ্বৰ নেওগ (পৃষ্ঠা নং- ৪৫০)
  8. অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত -ড॰ সত্যেন্দ্ৰ নাথ শৰ্মা (পৃষ্ঠা- ৪০৪)
  9. অধ্যাপক ভৃগুমোহন গোস্বামী (আগষ্ট, ১৯৮৩). বীৰেন্দ্ৰ ভট্টাচাৰ্যৰ সাহিত্য-কৃতি. প্ৰকাশক গুৱাহাটী: চন্দ্ৰ প্ৰকাশ. পৃষ্ঠা. ১৫২-১৫৬. 
  10. ড° প্ৰফুল্ল কটকী (আগষ্ট, ১৯৮৩). বীৰেন্দ্ৰ ভট্টাচাৰ্যৰ সাহিত্য-কৃতি. প্ৰকাশক গুৱাহাটী: চন্দ্ৰ প্ৰকাশ. পৃষ্ঠা. ১৫৭. 
  11. যোগেশ দাস (আগষ্ট, ১৯৮৩). বীৰেন্দ্ৰ ভট্টাচাৰ্যৰ সাহিত্য-কৃতি. প্ৰকাশক গুৱাহাটী: চন্দ্ৰ প্ৰকাশ. 
  12. সংকলক-সম্পাদনা: ডক্টৰ হেমন্তকুমাৰ শৰ্মা (আগষ্ট, ১৯৮৩). বীৰেন্দ্ৰ ভট্টাচাৰ্যৰ সাহিত্য-কৃতি. প্ৰকাশক গুৱাহাটী: চন্দ্ৰ প্ৰকাশ. পৃষ্ঠা. ০৭-১২. 
  13. অতুলানন্দ গোস্বামী (২০০৬). কথা বৰণ্য ১০০ (সম্পাদক: শোণিত বিজয় দাস, মুনীন বায়ন). প্ৰকাশক গুৱাহাটী: কথা. পৃষ্ঠা. ৮২-৮৩. 
  14. "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২. 
  15. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।

বাহ্যিক সংযোগসম্পাদনা কৰক