উপেন্দ্ৰ বৰকটকী
উপেন্দ্ৰ বৰকটকী অসমীয়া সাহিত্যৰ এগৰাকী সাহিত্যিক। বৰকটকী একাধাৰে অধ্যাপক, সাংবাদিক, সাহিত্য সমালোচক, জীৱনী লিখক হিচাপে পৰিচিত। অসম সাহিত্য সভাৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আৰু অসম চৰকাৰৰ ২০০৫ চনৰ সাহিত্যিক পেন্সনপ্ৰাপ্ত বৰকটকীদেৱে প্ৰায় পঞ্চাশখন বিভিন্ন গ্ৰন্থ ৰচনা কৰিছে।
উপেন্দ্ৰ বৰকটকী | |
---|---|
জন্ম | ২৬ অক্টোবৰ, ১৯৪২ (৮২ বছৰ) হাটবৰ, নগাঁও, অসম |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
সহযোগী | ভাৰতী বৰকটকী |
সন্তান | অৰিন্দম বৰকটকী |
বৰকটকীৰ শিক্ষা জীৱন আৰম্ভ হৈছিল কলিয়াবৰত। কলিয়াবৰ হাইস্কুলৰ শাখা জখলাবন্ধা হাইস্কুলত কেইবছৰমান পঢ়ি পিছত কলিয়াবৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। পিছত গুৱাহাটীৰ বি. বৰুৱা মহাবিদ্যালয়ৰ পৰা অসমীয়াত ‘অনাৰ্ছ’সহ স্নাতক। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ।
সাংবাদিকতা আৰু চাকৰি
সম্পাদনা কৰকবি এ পাছ কৰাৰ পিছতে ঘৰৰ ওচৰৰ এখন ভেন্সাৰ স্কুলত শিক্ষকতা কৰে। সেই সময়তে শিক্ষকতা কৰাৰ লগতে সাংবাদিকতাৰ লগতো জড়িত হৈ পৰে। তেতিয়া ‘দৈনিক অসম’ বাতৰি কাকতখনৰ সেই অঞ্চলৰ নিজা বাতৰি দিওঁতা আছিল। পাছত ‘দৈনিক অসম’ কাকতৰ সহকাৰী সম্পাদক হিচাপে দুবছৰ কাৰ্যনিৰ্বাহ কৰে। পাছলৈ বি. বৰুৱা কলেজত অধ্যাপকৰ পদত সোমায়। পিছত লামডিং কলেজৰ অসমীয়া বিভাগৰ প্ৰবক্তা পদত ৩১ বছৰ কাল অধ্যাপনা কৰি ২০০৪ চনত অৱসৰ গ্ৰহণ কৰে।
লেখকৰ প্ৰকাশিত কেইখনমান গ্ৰন্থ
সম্পাদনা কৰক- জীৱন আৰু কীৰ্তি
- বৰণীয় স্মৰণীয়
- ব্যক্তিত্বৰ সংবাদ আৰু সংঘাত
- ব্যক্তি আৰু দেশপ্ৰেম
- জয়প্ৰকাশ নাৰায়ণ।
- পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যলৈ
- অসম সাহিত্য সভা, সভাপতি আৰু অভিভাষণ
- অসমীয়া ভাষা-সাহিত্যৰ শৰাইঘটীয়া প্ৰথম দলটো
- বিচিত্ৰ ব্যক্তিত্ব
- অসম হিতৈষী ককা নীলমণি ফুকন
সম্পাদিত গ্ৰন্থ কেইখনমান:
- অম্বিকাগিৰীৰ ব্যক্তিত্বৰ আভাসঃ ১৯৬৭
- বেণুধৰ শৰ্মা অভিনন্দন গ্ৰন্থঃ ১৯৬৯
- অ’ মোৰ অসমী আইঃ (শিক্ষাৰ মাধ্যম সম্পৰ্কীয় নিৰ্বাচিত প্ৰবন্ধৰ সংকলনঃ ১৯৭৩)
- লক্ষ্মীনাথ ফুকন সোঁৱৰণী গ্ৰন্থ ঃ১৯৭৬
- আমাৰ বেণুধৰঃ ১৯৮৩ (৫৭ গৰাকী প্ৰখ্যাত লেখক-লেখিকাৰ প্ৰবন্ধ সংকলন)
- কীৰ্ত্তিনাথ হাজৰিকা ঃব্যক্তিত্ব আৰু প্ৰতিভা, ১৯৮৮
- মহিম বৰা ঃস্ৰষ্টা আৰু সৃষ্টি ঃ১৯৮৯ (যুটীয়াভাৱে)
- বিভিন্নজনৰ দৃষ্টিত মুনীন বৰকটকী ১৯৯৪
- অসমীয়া শিশু সাহিত্যৰ সংক্ষিপ্ত ইতিহাস ২০০২
- পত্ৰ-সাহিত্যৰ সুবাস, ২০১১