অৰুণ (সংস্কৃত: अरुण) হৈছে সূৰ্যদেৱতাৰ ৰথৰ সাৰথি। অৰুণ শব্দৰ অৰ্থ ৰক্তবৰ্ণ বা পিঙ্গল।[1] তেওঁ উদিত সূৰ্যৰ ৰক্তিম আভাৰ মূৰ্তমান স্বৰূপ।[2]

অৰুণ
সূৰ্যৰ ৰথৰ সাৰথি
অৰুণ
গ্ৰহ ইউৰেনাচ
পিতৃ-মাতৃ কাশ্যপ আৰু বিনতা
সহোদৰ গৰুড়
সন্তান সম্পাতি আৰু জটায়ু

বৌদ্ধ আৰু জৈন সাহিত্য আৰু কলাসমূহতো অৰুণৰ চিত্ৰায়ন দেখা পোৱা যায়।[3][4] তেওঁ গৰুড়ৰ জ্যেষ্ঠ ভ্ৰাতৃ। তেওঁলোক দুয়োজন ঋষি কাশ্যপ আৰু তেওঁৰ পত্নী বিনতাৰ পুত্ৰ।[1] থাইলেণ্ডৰ ৱাট অৰুণ অৰুণৰ প্ৰতি উৎসৰ্গিত স্থলী।[5][6]

বিভিন্ন ভাৰতীয় আখ্যানত অৰুণৰ কাহিনী পোৱা যায়। ইয়াৰে এটা আখ্যানৰ মতে তেওঁ এটা কণীৰ পৰা অকালতে আৰু আংশিকভাৱে বিকশিত হৈ জন্মলাভ কৰিছিল। কাশ্যপ প্ৰজাপতিৰ দুই পত্নী বিনতা আৰু কদ্ৰুৱে সন্তান জন্ম দিব বিচৰাত কাশ্যপে তেওঁলোকক আশীৰ্বাদ দিয়ে।[7] কদ্ৰুৱে এহাজাৰ নাগ পুত্ৰ বিচৰাৰ বিপৰীতে বিনতাই দুজন পুত্ৰ বিচাৰিছিল। কাশ্যপে তেওঁলোকক আশীৰ্বাদ প্ৰদান কৰি অৰণ্যলৈ গ'ল। পিছত কদ্ৰুৱে এহাজাৰ আৰু বিনতাই দুটা অণ্ড প্ৰসৱ কৰে। পাঁচশ বছৰ ধৰি উমনি দিয়াৰ পিছত কদ্ৰুৰ কণীবোৰ এহাজাৰ পুত্ৰৰ জন্ম হয়। বিনতাই অধৈৰ্য হৈ এটা অণ্ড ভাঙি চোৱাত তাৰপৰা আংশিকভাৱে বিকশিত অৰুণ নিৰ্গত হয়।[7] তেওঁ আছিল ৰাতিপুৱাৰ সূৰ্য্যৰ দৰে উজ্জ্বল আৰু ৰঙা। কিন্তু অকালতে অণ্ডটো ভাঙি যোৱাৰ বাবে, অৰুণ দুপৰীয়াৰ সূৰ্যৰ দৰে উজ্জ্বল নহ'ল।[8]

বিনতাই দ্বিতীয় অণ্ডটো লৈ অপেক্ষা কৰাৰ পিছত গৰুড়ৰ (বিষ্ণুৰ বাহন) জন্ম হয়।[7]

মহাকাব্যসমূহ

সম্পাদনা কৰক

ৰামায়ণৰ মতে অৰুণ শ্যেনীৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু তেওঁলোকৰ দুই পুত্ৰ জটায়ু আৰু সম্পাতিৰ জন্ম হয়।[9] মহাকাব্যখনত তেওঁৰ দুয়োজন পুত্ৰই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ৰামায়ণত অৰুণৰ বিষয়ে আন এক আখ্যানো গুৰুত্বপূৰ্ণ য'ত তেওঁ অৰুণীদেৱীৰূপে নাৰী অৱতাৰ লৈ সুগ্ৰীৱ আৰু বালিৰ নামৰ জন্ম দিয়ে।[1]

মহাভাৰতৰ মতে সূৰ্যই তেওঁৰ পুত্ৰ কৰ্ণক অৰুণ আৰু তেওঁৰ ঐশ্বৰিক ৰথ আগবঢ়ায় কিন্তু কৰ্ণই তেওঁ অস্বীকাৰ কৰে কিয়নো তেওঁ অৰ্জুনে কৃষ্ণৰ ওপৰত নিৰ্ভৰ কৰাৰ দৰে যুদ্ধত জয়লাভ কৰিবলৈ আনৰ ওপৰত নিৰ্ভৰ কৰিব নিবিচাৰিছিল[10]

বৃহদাৰণ্যক উপনিষদৰ দৰে প্ৰাচীন সাহিত্যত এজন ঋষিৰ নামো অৰুণ যাৰ পুত্ৰ হৈছে উদ্দালক নামৰ বৈদিক ঋষি।[11] অৰুণ শব্দটো হিন্দু পৰম্পৰাৰ সেই ঋষিসকলৰ বাবেও ব্যৱহাৰ কৰা হয় যিসকলে আত্ম-অধ্যয়নৰ জৰিয়তে নিৰ্বাণ লাভ কৰে।[1]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 Roshen Dalal (2010). Hinduism: An Alphabetical Guide. Penguin Books. পৃষ্ঠা. 39–40. ISBN 978-0-14-341421-6. https://books.google.com/books?id=DH0vmD8ghdMC. 
  2. अरुण aruṇa: reddish-brown, tawny, red, ruddy (the colour of the morning as opposed to the darkness of night). Sanskrit-English Dictionary by Monier-Williams, Monier Williams (1899)
  3. Helmuth von Glasenapp (1999). Jainism: An Indian Religion of Salvation. Motilal Banarsidass. পৃষ্ঠা. 267. ISBN 978-81-208-1376-2. https://books.google.com/books?id=WzEzXDk0v6sC&pg=PA267. 
  4. John C. Huntington; Dina Bangdel (2003). The Circle of Bliss: Buddhist Meditational Art. Serindia. পৃষ্ঠা. 76. ISBN 978-1-932476-01-9. https://books.google.com/books?id=l3KmWbcq5foC. 
  5. Norbert C. Brockman (2011). Encyclopedia of Sacred Places, 2nd Edition. ABC-CLIO. পৃষ্ঠা. 601–602. ISBN 978-1-59884-655-3. https://books.google.com/books?id=ZNZ15Oow8XcC. 
  6. Nasing, Phra Somphop; Rodhetbhai, Chamnan; Keeratiburana, Ying (2014). "A Model for the Management of Cultural Tourism at Temples in Bangkok, Thailand". Asian Culture and History (Canadian Center of Science and Education) খণ্ড 6 (2). doi:10.5539/ach.v6n2p242. 
  7. 7.0 7.1 7.2 George M. Williams (2008). Handbook of Hindu Mythology. Oxford University Press. পৃষ্ঠা. 62–63. ISBN 978-0-19-533261-2. https://books.google.com/books?id=N7LOZfwCDpEC. 
  8. Gopal, Madan (1990). K.S. Gautam. ed. India through the ages. Publication Division, Ministry of Information and Broadcasting, Government of India. পৃষ্ঠা. 70. https://archive.org/details/indiathroughages00mada. 
  9. Dalal, Roshen (2014-04-18) (en ভাষাত). The Religions of India: A Concise Guide to Nine Major Faiths. Penguin UK. ISBN 978-81-8475-396-7. https://books.google.com/books?id=87k0AwAAQBAJ&pg=PT196&dq=aruna+shyeni#v=onepage&q=aruna%20shyeni&f=false. 
  10. Agarwal, Himanshu (2019-08-20) (en ভাষাত). Mahabharata Retold Part-2. Notion Press. ISBN 978-1-64587-785-1. https://books.google.com/books?id=dzCqDwAAQBAJ&pg=PT100&dq=aruna+karna+chariot#v=onepage&q=aruna%20karna%20chariot&f=false. 
  11. Paul Deussen (1980). Sixty Upaniṣads of the Veda. Motilal Banarsidass. পৃষ্ঠা. 533–535. ISBN 978-81-208-1468-4. https://books.google.com/books?id=8mSpQo9q-tIC.