বালি (ৰামায়ণ)

হিন্দু মহাকাব্য ৰামায়ণত বান্দৰ ( বানৰ ) ৰজা

বালি (সংস্কৃত: वाली), হিন্দু মহাকাব্য ৰামায়ণকিষ্কিন্ধাৰ ৰজা আছিল। তেওঁ সুগ্ৰীৱৰ জ্যেষ্ঠ ভাতৃ আৰু অংগদৰ পিতৃ, বৃক্ষৰাজৰ জৈৱিক পুত্ৰ তাৰাৰ স্বামী আছিল। তেওঁক বিষ্ণুৰ অৱতাৰ ৰামৰ দ্বাৰা হত্যা কৰা হৈছিল। ত্ৰেতা যুগৰ সময়ত বালি অজেয় আছিল। বালিয়ে ৰাৱণৰ দৰে কেইজনমান মহান যোদ্ধাক পৰাজিত কৰিছিল।

বালি (ৰামায়ণ)
ৰামায়ণৰ চৰিত্ৰ

বালি, বান্দৰ ৰজা
তথ্য
উপাধি মহাৰাজ
পৰিয়াল
দাম্পত্যসঙ্গী তাৰা
সন্তান অংগদ
ৰাষ্ট্ৰীয়তা কিষ্কিন্ধা

বালি তেওঁৰ প্ৰতিদ্বন্দ্বীৰ আধা শক্তি প্ৰাপ্ত কৰাৰ সামৰ্থ্যৰে আশীৰ্বাদপ্ৰাপ্ত আছিল। ৰামে গছৰ আঁৰত লুকাই বালিক হত্যা কৰিছিল। অৱশ্যে, প্ৰথম প্ৰচেষ্টাত, বালি আৰু সুগ্ৰীৱৰ একে চেহেৰাৰ মাজত পাৰ্থক্য চিনিব নোৱাৰিলে। সেয়েহে, পৰৱৰ্তী প্ৰচেষ্টাৰ সময়ত, সুগ্ৰীৱে ৰঙা ফুলৰ মালা পিন্ধি যুদ্ধত অৱতীৰ্ণ হয়। এইবাৰ ৰামে বালিক চিনাক্ত কৰিব পাৰিছিল আৰু তীৰ মাৰি তেওঁক হত্যা কৰিছিল।[1]

প্ৰাৰম্ভিক জীৱন

সম্পাদনা কৰক

বালি তাৰাৰ স্বামী আছিল। এক কিংবদন্তি অনুসৰি সমুদ্ৰ মন্থন কাৰ্যত বালিয়ে নিজ পিতৃ ইন্দ্ৰক সহায়ৰ বাবে উপস্থিত আছিল। কূৰ্ম অৱতাৰৰ সময়ত সমুদ্ৰ মন্থনত সমুদ্ৰৰ পৰা ১৪ প্ৰকাৰৰ ৰত্ন আৰু সম্পত্তি উদ্ধাৰ হৈছিল, এইসমূহৰ ভিতৰত অপ্সৰাসকলো উল্লেখ্য, এই অপ্সৰাসকলৰ মাজৰ তাৰাক বালিয়ে গ্ৰহণ কৰে আৰু তেওঁলোকৰ মাজত বিবাহ সম্পন্ন হয়।[1]

বালি বৰ সাহসী আছিল। যেতিয়া তাৰাই বালিক ঈশ্বৰ ৰামৰ সহায় লাভ কৰা সুগ্ৰীৱৰ বিৰুদ্ধে যুঁজ নিদিবলৈ কাকূতি কৰিছিল। প্ৰত্যুত্তৰত তেওঁ কৈছিল যে, তেওঁ যদিও ঈশ্বৰৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়িছে এই ক্ষেত্ৰত তেওঁ কেতিয়াও পিছহোঁহকা মাৰিব নোৱাৰে বা মনে মনে থাকিব নোৱাৰে। লাগিলে সেইয়া ঈশ্বৰ নতুবা তেওঁৰ পুত্ৰ অংগদেই নহওক কিয়।[2]

সুগ্ৰীৱৰে মতানৈক্য

সম্পাদনা কৰক

ৰামায়ণত বালিয়ে এটা গুহাত ৰাক্ষস মায়াৱীৰ সৈতে যুঁজ দিবলৈ যায় আৰু সুগ্ৰীৱক গুহাৰ পৰা ৰক্ত নিৰ্গত হ'লে গুহাৰ দুৱাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে, যাৰ অৰ্থ হৈছে যে তেওঁক হত্যা কৰা হৈছে, কিন্তু যদি দুগ্ধ নিৰ্গত হয় তেন্তে ই সূচাব যে মায়াবীৰ মৃত্যু হৈছে। এবছৰৰ যুঁজৰ পিছত মৃত্যুমুখত পৰা মায়াবীয়ে তেওঁৰ শুকুলা তেজৰ ৰং যাদুবিদ্যাৰ দ্বাৰা ৰঙালৈ পৰিৱৰ্তন কৰে। সুগ্ৰীৱে বালিৰ মৃত্যু ঘটা বুলি ভাবি গুহাৰ একমাত্ৰ বাটটো বন্ধ কৰে। ইয়াৰ পিছত তেওঁ তাৰাক নিজৰ কৰি লয়।[3] ইফালে বালি উভতি অহাৰ পিছত তেওঁ সুগ্ৰীৱৰ ব্যাখ্যা অস্বীকাৰ কৰি তেওঁ‌ক নিৰ্বাসিত কৰে আৰু কেৱল তাৰাক পুনৰাই নিজৰ কৰিয়েই ক্ষান্ত নাথাকি প্ৰতিশোধ স্বৰূপে সুগ্ৰীৱৰ পত্নী ৰুমাকো নিজৰ কৰি লয়। [3][4] যদিও বালিয়ে তেওঁৰ স্বামী জীয়াই থকাৰ সময়ত ৰুমাক নিজৰ কৰাৰ কাৰ্যক ৰামায়ণৰ ভাষ্যকাৰসকলে সৰ্বজনীনভাৱে সমালোচনা কৰে, তেওঁলোকে সুগ্ৰীৱক তাৰাক তেওঁৰ পত্নী হিচাপে লোৱাৰ বাবে ক্ষমা কৰে, কিয়নো তেওঁ বালিৰ মৃত্যু হোৱা বুলি বিশ্বাস কৰিছিল।[5]

এক ৱায়াং সংস্কৰণ অনুযায়ী বালি (সুবালি) গুহাৰ কিষ্কিন্ধা, জঁ‌টাসুৰ আৰু লেম্বুসুৰৰ ৰাক্ষস ৰজাসকলৰ সৈতে যুঁজ দিবলৈ যায়। ৰামায়ণৰ দৰেই সুগ্ৰীৱে বালিক মৃত বুলি ভাবে। দেৱতাসকলে সুগ্ৰীৱক কিষ্কিন্ধাৰ ৰজা পাতে আৰু তেওঁৰ "মৃত" ভ্ৰাতৃ সহায় কৰাৰ বাবে তেওঁক পুৰস্কাৰ হিচাপে তাৰাক অৰ্পণ কৰে। বালি ঘূৰি আহে আৰু ৰাৱণৰ দ্বাৰা প্ৰৰোচিত হৈ তাৰাৰ লগতে আৰু ৰাজ্যখনো অধিগ্ৰহণ কৰে।[6]

বালিক বৰদান

সম্পাদনা কৰক

ঘোৰ তপস্যাত বহা বালিক ব্ৰহ্মাই আশীৰ্বাদ প্ৰদান কৰিছিল। বালিয়ে ব্ৰহ্মাক এনেধৰণৰ আশীৰ্বাদ বিচাৰিছিল যে যিকোনো দ্বৈত যুদ্ধত, বালিৰ প্ৰতিদ্বন্দ্বীয়ে বালিৰ হাতত তেওঁৰ আধা শক্তি হেৰুৱাব। ব্ৰহ্মাই আনন্দেৰে বৰদান প্ৰদান কৰে। ইতিমধ্যে বালিৰ শক্তি প্ৰায় ৭০,০০০ হাতীৰ সমান আছিল। এনেদৰে বৰদান লাভ কৰি বালি অজেয় হৈ পৰিল। কোৱা হয় যে কোনেও বালিক মুখামুখি যুদ্ধত পৰাজিত কৰিব পৰা নাছিল। [7][8]

ৰাৱণৰ সৈতে যুঁজ

সম্পাদনা কৰক

ৰাৱণে নাৰদৰ জৰিয়তে বালি আৰু তেওঁৰ শক্তিৰ বিষয়ে জানিব পাৰিছিল। নাৰদে বালিৰ প্ৰশংসা কৰা শুনি ৰাৱণ অত্যন্ত অহংকাৰী হৈ কিষ্কিন্ধালৈ যায়। সেই সময়ত বালি ধ্যানত আছিল। ৰাৱণে বালীক আহি যুঁজ দিবলৈ প্ৰত্যাহ্বান জনোৱাত প্ৰথমে সুগ্ৰীৱে ৰাৱণৰ সৈতে যুঁজত লিপ্ত হয় আৰু পৰাজয় বৰণ কৰে। ৰাৱণে ইয়াৰ পিছতে বালিক প্ৰত্যাহ্বান জনাই আৰু দুয়োৰে মাজত এক ভয়ংকৰ যুদ্ধ আৰম্ভ হয়। বালিয়ে ৰাৱণক পৰাজিত কৰি তেওঁক নেজৰে বান্ধিছিল (আন কিছুমান সংস্কৰণত তেওঁক কান্ধত লৈ গৈছিল)। বালিয়ে ৰাৱণক বন্দী কৰি বহু বছৰ ধৰি কাশলটিৰ তলত কঢ়িয়াই ফুৰে।[9] ৰাৱণে এই অপমান সহ্য কৰিব নোৱাৰি বলিৰ সৈতে বন্ধুত্ব কৰিব বিচৰাত লগে লগে বালিয়ে ৰাৱণক মুক্তি দিয়ে।[10]

বালিৰ মৃত্যু

সম্পাদনা কৰক
 
"বালি আৰু সুগ্ৰীৱৰ যুঁজ "; ৰামায়ণ বৰ্ণিত এখন সাঁচি পাত। উত্তৰ ভাৰত
 
বালিক হত্যা

ৰামৰ পত্নী সীতাক ৰাক্ষসৰাজ ৰাৱণে হৰণ কৰাৰ পিছত ৰাম আৰু তেওঁৰ ভাতৃ লক্ষ্মণে তেওঁক বিচাৰি অৰণ্যত ঘূৰি ফুৰে। বালিৰ ভয়ত পলাই সেই অৰণ্যতে লুকাই থকা হনুমানে তেওঁলোকক লগ পায় আৰু নিৰ্বাসিত সুগ্ৰীৱৰ কাষলৈ লৈ যায়। ৰামে সুগ্ৰীৱৰ সৈতে মিত্ৰতা কৰি বালিক পৰাস্ত কৰি তেওঁৰ পত্নী ৰুমা আৰু তেওঁৰ ৰাজ্য ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ বিনিময়ত সুগ্ৰীৱে সীতাৰ সন্ধানত সহায় কৰিবলৈ কথা দিয়ে। এই সিদ্ধান্ত অনুসৰি সুগ্ৰীৱে বালিক দ্বন্দ্বযুদ্ধলৈ আহ্বান জনায়। কিন্তু ৰামে তেওঁলোক দুজনৰ মাজত পাৰ্থক্য কৰিব নোৱাৰি বধ কৰিব নোৱাৰাৰ বাবে প্ৰথম প্ৰচেষ্টাত সুগ্ৰীৱ যুদ্ধত পৰাজিত হয়। ৰামে সুগ্ৰীৱক তেওঁৰ দুৰ্দশাৰ বিষয়ে বৰ্ণনা কৰে আৰু ৰামে তেওঁক পুনৰবাৰ বালিক প্ৰত্যাহ্বান জনোৱাৰ বাবে অনুৰোধ কৰে। এইবাৰ ৰামে সুগ্ৰীৱক চিনাক্ত কৰিবৰ বাবে এধাৰ মালা পিন্ধায়। [11] যেতিয়া সুগ্ৰীৱে বালিক পুনৰ প্ৰত্যাহ্বান জনায় তেতিয়া তাৰাই বালিক যুঁজলৈ যোৱাৰ পৰা বিৰত ৰাখি এই কথা আঙুলিয়াই দিয়ে যে সুগ্ৰীৱে হয়তো এজন ৰক্ষক বিচাৰি পাইছে। চন্দ্ৰৰ দৰে উজ্জ্বল বুলি খ্যাত, নিজৰ বক্তব্য স্পষ্ট কৰাত পটু আৰু সকলো প্ৰাণীৰ ভাষা বুজি পোৱা তাৰাক বালিয়ে প্ৰশংসা কৰে। তাৰাই তেওঁক ৰামৰ সৈতে সুগ্ৰীৱৰ মিত্ৰতা তথা সুগ্ৰীৱ আৰু তেওঁৰ পৰামৰ্শদাতাসকলে কৰা বালিৰ মৃত্যুৰ ষড়যন্ত্ৰৰ বিষয়ে সতৰ্ক কৰি দিয়ে। বালিয়ে কেৱল তাৰাৰ পৰামৰ্শক অৱজ্ঞা কৰাই নহয় আনকি তাৰাক সুগ্ৰীৱৰ লগ লাগি প্ৰতাৰণা কৰাৰো সন্দেহ কৰে। তাৰাক কটূক্তি কৰি বালিয়ে প্ৰস্থান কৰে।[12]তাৰাৰ সঠিক পৰামৰ্শ উপেক্ষা কৰি, বালিয়ে সুগ্ৰীৱৰ সৈতে পুনঃ যুঁজত লিপ্ত হয়। যুঁজ দি থাকোঁতে ৰামে পিছফালৰ পৰা বালিৰ ওপৰত এপাট তীৰ নিক্ষেপ কৰে যাৰ ফলত তেওঁ মাৰাত্মকভাৱে আঘাতপ্ৰাপ্ত হয়। বালিৰ মৃত্যুৰ খবৰ শুনি তাৰা, অঙ্গদৰ সৈতে সেই ঠাইত উপস্থিত হয়। তেওঁ বান্দৰবোৰক বাটত সন্ত্ৰাসত দৌৰি ফুৰা দেখা পায়। তেওঁলোকে তাৰাক ৰাজপ্ৰসাদলৈ ঘূৰি যাবলৈ আৰু অঙ্গদক ৰজা হিচাপে অভিষিক্ত কৰিবলৈ পৰামৰ্শ দিয়ে। তাৰাই এই কথা অস্বীকাৰ কৰে আৰু কয় যে তেওঁ প্ৰথমে তেওঁৰ স্বামীৰ দৰ্শন কৰিব লাগিব। [3][13] মৃত্যুমুখত পৰা বালিক আলিঙ্গন কৰি তাৰাই সুগ্ৰীৱ আৰু ৰামক ধিক্কাৰ দি তেওঁৰ মৃত্যুত দুখ প্ৰকাশ কৰে। তাৰাই ৰুমাক অধিগ্ৰহণ কৰা আৰু সুগ্ৰীৱক নিৰ্বাসন দিয়াৰ শাস্তি হিচাপে বালিৰ মৃত্যুক স্বীকাৰ কৰি লয়।[14][15]

 
তাৰা, অংগদ আৰু সুগ্ৰীৱৰ উপস্থিতিত বালিৰ অন্ত্যেষ্টিক্ৰিয়া

মৃত্যুৰ পিছত

সম্পাদনা কৰক

বালিৰ মৃত্যুৰ পিছত সুগ্ৰীৱে বালিৰ ৰাজ্যৰ লগতে তাৰাকো গ্ৰহণ কৰে। .[12] ৰামায়ণত কোনো আনুষ্ঠানিক বিবাহ বা অগ্নিপৰীক্ষাৰ দৰে কোনো আনুষ্ঠানিক শুদ্ধিৰ কথা লিপিৱদ্ধ কৰা নাই।[উদ্ধৃতিৰ প্ৰয়োজন] কিছুমান সমালোচকৰ মতে আনুষ্ঠানিক বিবাহৰ বৰ্ণনাৰ অভাৱৰ পৰা গম পোৱা যায় যে সুগ্ৰীৱৰ সৈতে তাৰাৰ সম্পৰ্ক বিধৱা বিবাহ বা বহুমুখী নহয়, কিন্তু সুগ্ৰীৱৰ দ্বাৰা কেৱল গ্ৰহণহে।[16] সুগ্ৰীৱক ৰজা হিচাপে ৰাজ্যাভিষেক কৰাৰ প্ৰসংগত অঙ্গদক উত্তৰাধিকাৰী ৰাজকুমাৰ বুলিও বৰ্ণনা কৰা হৈছে, আনহাতে তাৰাক সুগ্ৰীৱৰ পত্নী বুলিও উল্লেখ কৰা হৈছে। আধ্যাত্ম ৰামায়ণৰ মতে সুগ্ৰীৱে তাৰাক অধিগ্ৰহণ কৰে। [17]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 Ritu (2013-06-10). "Bali and Sugriva – Ramayana" (en-US ভাষাত). Indian Mythology. http://ritsin.com/a-tale-of-two-brothers-bali-and-sugriva-the-ramayana.html/। আহৰণ কৰা হৈছে: 2020-08-21. 
  2. Silas, Sandeep (2012-05-27). "By myself in Bali" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/features/metroplus/travel/by-myself-in-bali/article3462543.ece. 
  3. 3.0 3.1 3.2 Mukherjee pp. 36–7
  4. Lefeber pp. 42, 157
  5. Lefeber p. 243
  6. Sudibyoprono pp. 536–7
  7. "Dussehra Special: Why and how did Ram kill Kishkindha's King Bali? How did Bali avenge his death? - FYI News". India Today. 2015-10-15. https://www.indiatoday.in/fyi/story/dussehra-special-why-and-how-did-ram-kill-kishkindhas-king-bali-how-did-bali-avenge-his-death-268169-2015-10-15। আহৰণ কৰা হৈছে: 2021-01-06. 
  8. "15 curses from Ramayan and Mahabharat that no one knows about". www.speakingtree.in. https://www.speakingtree.in/allslides/15-curses-from-ramayan-and-mahabharat-that-no-one-knows-about। আহৰণ কৰা হৈছে: 2020-08-21. 
  9. नवभारतटाइम्स.कॉम (2019-07-25). "भगवान राम के अलावा इन चार योद्धाओं से भी हार चुका था रावण" (hi-IN ভাষাত). नवभारत टाइम्स. https://navbharattimes.indiatimes.com/astro/photo/not-only-ram-even-ravan-defeated-in-war-by-these-4-warriors-63810/। আহৰণ কৰা হৈছে: 2020-08-21. 
  10. "ramayana - How did Vali defeat Ravana? What's the story?". Hinduism Stack Exchange. https://hinduism.stackexchange.com/questions/7472/how-did-vali-defeat-ravana-whats-the-story। আহৰণ কৰা হৈছে: 2020-08-21. 
  11. Mani p. 106
  12. 12.0 12.1 Ganguli, Kisari Mohan (1883–1896). "SECTION CCLXXVIII". The Mahabharata: Book 3: Vana Parva. Sacred texts archive. http://www.sacred-texts.com/hin/m03/m03278.htm. 
  13. Lefeber pp. 96–7
  14. Lefeber pp. 97–8
  15. Lefeber p. 250
  16. Guruge p. 203
  17. Nath p. 178