অৰ্জুন (ইংৰাজী: Arjuna) হ'ল মহাভাৰতৰ এটি কেন্দ্ৰীয় চৰিত্ৰ। পঞ্চ-পাণ্ডৱৰ তৃতীয়জন অৰ্জুন। অৰ্জুনৰ পিতৃৰ নাম পাণ্ডু আৰু মাতৃৰ নাম কুন্তী। মহাভাৰতীয় সাহিত্যত অৰ্জুনক অন্যতম শ্ৰেষ্ঠ ধনুৰ্ধৰ যোদ্ধা হিচাপে দাঙি ধৰা হৈছে। শ্ৰী কৃষ্ণক ৰথৰ সাৰথি হিচাপে লৈ তেওঁ কৌৰৱৰ বিৰুদ্ধে মহাভাৰতৰ কুৰুক্ষেত্ৰ ৰণত পাণ্ডৱৰ জয়ত মুখ্য ভূমিকা লৈছিল। অৰ্জুন আছিল দেৱৰাজ ইন্দ্ৰৰ মানস সন্তান। গুৰু দ্ৰোণাচাৰ্য্যৰ তত্ত্বাৱধানত অৰ্জুনে বিশেষভাৱে শিক্ষাগ্ৰহণৰ সুবিধা পাইছিল আচাৰ্য্যপুত্ৰ অশ্বত্থামাৰ লগত। সেয়েহে তেওঁ আন ৰাজকুমাৰ সকলোতকৈ বেছি আগুৱাই যোৱাৰ পথ প্ৰশস্ত হৈছিল। পৰৱৰ্তী সময়ত এই বিদ্যাৰ সদ্ব্যৱহাৰ কৰি অৰ্জুনে নিজকে বিশ্বপ্ৰসিদ্ধ ধনুৰ্দ্ধৰ যোদ্ধা হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছিল। অৰ্জুন এজন অতিমহাৰথী আছিল যি অকলে ১২জন মহাৰথীৰ সমান।

অৰ্জুন
অৰ্জুন
দেৱনাগৰী अर्जुन
সঙ্গী দ্ৰৌপদী, উলূপী, চিত্ৰাংগদা, সুভদ্ৰা
সহোদৰ কৰ্ণ, যুধিষ্ঠিৰ, ভীম, নকুল, সহদেৱ
সন্তান শ্ৰুতকৰ্ম, অভিমন্যু, বব্ৰুবাহন, ইৰাৱন

অৰ্জুনে দ্ৰৌপদীৰ লগতে পত্নী হিচাপে কৃষ্ণভগ্নী সুভদ্ৰা, মণিপুৰৰ ৰাজকন্যা চিত্ৰাংগদা আৰু চিত্ৰাংগদাৰ সখী উলূপীক গ্ৰহণ কৰিছিল। সুভদ্ৰাৰ পুত্ৰ অভিমন্যুৱে কুৰুক্ষেত্ৰ যুঁজত বীৰত্বৰে যুঁজি মৃত্যুক আঁকোৱালি লোৱাৰ পিছত অভিমন্যুৰ সন্তান পৰীক্ষিত পৰৱৰ্তী সময়ত পাণ্ডৱৰ মহাপ্ৰয়াণৰ পিছত ৰাজসিংহাসনত অধিষ্ঠিত হৈছিল।

কুৰুক্ষেত্ৰ যুদ্ধতসম্পাদনা কৰক

কুৰুক্ষেত্ৰ যুদ্ধত সন্মুখত নিজৰ আত্মীয় তথা গুৰুক দেখি অৰ্জুনে যুদ্ধ নকৰোঁ বুলি গাণ্ডীৱ ধনু ৰাখি থ’লে। তেতিয়া তেওঁৰ সাৰথি ভগৱান শ্ৰীকৃষ্ণৰ পৰা গীতাৰ জ্ঞান লাভ কৰিলে।

যুদ্ধত অৰ্জুনে কেইবাজনো মহাবীৰ যোদ্ধাক পৰাস্ত তথা বধ কৰিছিল। তাৰ ভিতৰত ভীষ্ম, কৰ্ণ, জয়দ্ৰথ, ভগদত্ত আদি প্ৰধান।

তথ্য সংগ্ৰহসম্পাদনা কৰক

বাহ্যিক সংযোগসম্পাদনা কৰক

  •   ৱিকিমিডিয়া কমন্সত অৰ্জুন সম্পৰ্কীয় মিডিয়া ফাইল।