অৰ্চনা শৰ্মা (উদ্ভিদ বিজ্ঞানী)

অৰ্চনা শৰ্মা (১৬ ফেব্ৰুৱাৰী ১৯৩২ - ১৪ জানুৱাৰী ২০০৮) এগৰাকী ভাৰতীয় উদ্ভিদ বিজ্ঞানী, কোষ বংশগতিবিজ্ঞানী, কোষ জীৱবিজ্ঞানী আৰু কোষবিষবিজ্ঞানী।[1] তেওঁ বিশেষকৈ অযৌন প্ৰজনন কৰা উদ্ভিদৰ শ্ৰেণীবিভাজনৰ অধ্যয়ন, প্ৰাপ্ত বয়স্ক কোষকেন্দ্ৰৰ আৱেশিত কোষ বিভাজন, উদ্ভিদৰ বিভিন্ন কলাৰ পলিটেনিৰ শ্ৰেণীবিভাজন, সপুষ্পক উদ্ভিদৰ কোষৰ ভিত্তিত শ্ৰেণীবিভাজন আৰু পানীত আৰ্চেনিকৰ প্ৰভাৱ অধ্যয়নৰ বাবে জনাজাত।[2] ১৯৭৫ চনত তেওঁ উদ্ভিদ বিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰিছিল। ১৯৮৪ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।

অৰ্চনা শৰ্মা
জন্ম ১৬ ফেব্ৰুৱাৰী, ১৯৩২
পুনে, মহাৰাষ্ট্ৰ, ভাৰত
মৃত্যু ১৪ জানুৱাৰী, ২০০৮ (৭৫ বছৰ)
পেচা উদ্ভিদ বিজ্ঞানী · কোষ বংশগতিবিজ্ঞানী · কোষ জীৱবিজ্ঞানী · কোষবিষবিজ্ঞানী
দাম্পত্যসঙ্গী অৰুণ কুমাৰ শৰ্মা
বঁটা, সন্মান, পুৰস্কাৰ আদি শান্তি স্বৰূপ ভাটনাগৰ বঁটা, ১৯৭৫
পদ্মভূষণ, ১৯৮৪

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

১৯৩২ চনৰ ১৬ ফেব্ৰুৱাৰী তাৰিখে মহাৰাষ্ট্ৰপুনেত অৰ্চনা শৰ্মাৰ জন্ম হৈছিল।[3] তেওঁ প্ৰাৰম্ভিক শিক্ষা ৰাজস্থানত গ্ৰহণ কৰিছিল। তেওঁ বিকানেৰত বিজ্ঞান স্নাতক ডিগ্ৰী লাভ কৰি উচ্চশিক্ষাৰ বাবে কলকাতালৈ যায়। ১৯৫১ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা উদ্ভিদ বিজ্ঞান বিভাগৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৫৫ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা গৱেষণা কৰি পিএইছডি ডিগ্ৰী লাভ কৰে। ১৯৬০ চনত কোষ বংশগতিবিজ্ঞান, মানৱ বংশগতি আৰু পৰিৱশীয় উৎপৰিৱৰ্তনৰ ওপৰত গৱেষণা কৰি ডিএছচি ডিগ্ৰী লাভ কৰে। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ডিএছচি ডিগ্ৰী লাভ কৰা অৰ্চনা শৰ্মা দ্বিতীয় গৰাকী মহিলা।

কৰ্মজীৱন সম্পাদনা কৰক

১৯৬৭ চনত অৰ্চনা শৰ্মাই কলিকতা বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। ১৯৭২ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ কোষ উচ্চ অধ্যয়ন আৰু ক্ৰম'জম গৱেষণা কেন্দ্ৰত বংশগতি বিজ্ঞানৰ অধ্যাপক পদত অধিষ্ঠিত হয়। ১৯৮১ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী পদলৈ পদোন্নতি লাভ কৰে। তেওঁৰ তত্ত্বাৱধানত প্ৰায় ৭০ গৰাকী গৱেষকে কোষ বংশগতি, মানৱ বংশগতি আৰু পৰিৱেশীয় উৎপৰিৱৰ্তনৰ গৱেষণা কৰি পিএইছডি ডিগ্ৰী লাভ কৰিছে।[3]

তেওঁ বিশেষকৈ অযৌন প্ৰজনন কৰা উদ্ভিদৰ শ্ৰেণীবিভাজনৰ অধ্যয়ন, প্ৰাপ্ত বয়স্ক কোষকেন্দ্ৰৰ আৱেশিত কোষ বিভাজন, উদ্ভিদৰ বিভিন্ন কলাৰ পলিটেনিৰ শ্ৰেণীবিভাজন, সপুষ্পক উদ্ভিদৰ কোষৰ ভিত্তিত শ্ৰেণীবিভাজন আৰু পানীত আৰ্চেনিকৰ প্ৰভাৱ অধ্যয়নৰ বাবে জনাজাত। তেওঁৰ ক্ৰম'জমৰ ভিত্তিত সপুষ্পক উদ্ভিদৰ শ্ৰেণীবিভাজনৰ অধ্যয়নে ইহঁতৰ শ্ৰেণীবিভাজনৰ নতুন পদ্ধতি আৰম্ভ কৰে।[3] তেওঁ মানৱ বংশগতি আৰু জনসংখ্যাৰ ভিতৰত বংশগতিগত বহুৰূপিতা অধ্যয়ন কৰিছিল।[3]

তেওঁ বিশ্ববিদ্যালয় অনুদান আয়োগ, ৰাষ্ট্ৰীয় মহিলা আয়োগ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা গৱেষণা পৰিষদ, ভাৰত চৰকাৰৰ পৰিৱেশ বিভাগ, বৈদেশিক বৈজ্ঞানিক উপদেষ্টা কমিটি ইত্যাদিৰ লগত জড়িত আছিল। তেওঁ জৈৱ প্ৰযুক্তিবিদ্যা বিভাগৰ মানৱক্ষমতা উন্নয়ন টাস্ক ফৰ্চৰ অধ্যক্ষৰ পদটো অধিষ্ঠিত আছিল।[3]

তেওঁ আঁচনি প্ৰস্তুতকৰণৰ বিভিন্ন কমিটিৰ অংশ আছিল।[4]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

তেওঁ শান্তি স্বৰূপ ভাটনাগৰ বঁটা বিজয়ী বিজ্ঞানী অৰুণ কুমাৰ শৰ্মাৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল।[5] তেওঁক "ভাৰতীয় কোষবিজ্ঞানৰ পিতৃ" বুলিও অভিহিত কৰা হয়।[6][7]

২০০৮ চনৰ ১৪ জানুৱাৰী তাৰিখে অৰ্চনা শৰ্মাৰ মৃত্যু হয়।[4]

বঁটা আৰু সন্মান সম্পাদনা কৰক

বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে অৰ্চনা শৰ্মায়ে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু পুৰস্কাৰ লাভ কৰিছে। উল্লেখযোগ্য সমূহ হ'ল:

তথ্য উৎস সম্পাদনা কৰক

  1. "Archana Sharma(1932-2008)". http://www.currentscience.ac.in/Downloads/article_id_094_05_0672_0672_0.pdf. 
  2. The Shaping of Indian Science: 1982-2003. পৃষ্ঠা. 1669. http://www.currentscience.ac.in/Downloads/article_id_094_05_0672_0672_0.pdf. 
  3. 3.0 3.1 3.2 3.3 3.4 "Archana Sharma". http://www.insaindia.res.in/BM/BM35_0913.pdf. 
  4. 4.0 4.1 "Archana Sharma: An Indian Woman Botanist, a Cytogeneticist, Cell Biologist and a Cytotoxicologist" (en-GB ভাষাত). Archived from the original on 2019-02-16. https://web.archive.org/web/20190216153411/http://www.indianbotanists.com/2015/03/archana-sharma-indian-woman-botanist.html। আহৰণ কৰা হৈছে: 2019-02-16. 
  5. Nicholas Polunin (5 November 2013). World Who Is Who and Does What in Environment and Conservation. Routledge. পৃষ্ঠা. 294–. ISBN 978-1-134-05938-6. https://books.google.com/books?id=iWb7AQAAQBAJ&pg=PA294. 
  6. N. K. Soni (1 April 2010). Fundamentals Of Botany:. Tata McGraw-Hill Education. পৃষ্ঠা. 375–. ISBN 978-1-259-08349-5. https://books.google.com/books?id=NkmkxB3sCPUC&pg=PT375. 
  7. "List of 14 Eminent Geneticists (With their Contributions)". Biology Discussion. 2016. http://www.biologydiscussion.com/genetics/geneticists/list-of-14-eminent-geneticists-with-their-contributions/35674। আহৰণ কৰা হৈছে: 13 September 2016. 
  8. "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on November 15, 2014. https://www.webcitation.org/6U68ulwpb?url=http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: July 21, 2015. 
  9. "Fellowship | Indian Academy of Sciences". www.ias.ac.in. https://www.ias.ac.in/describe/fellow/Sharma,_Prof._Archana। আহৰণ কৰা হৈছে: 2019-02-16. 
  10. "View Bhatnagar Awardees". Shanti Swarup Bhatnagar Prize. 2016. http://ssbprize.gov.in/Content/AwardeeList.aspx। আহৰণ কৰা হৈছে: September 4, 2016. 

বাহ্যিক সংযোগ সম্পাদনা কৰক