অভিমন্যু মহাভাৰত মহাকাব্যৰ অন্যতম উল্লেখযোগ্য বীৰ চৰিত্ৰ আৰু অৰ্জুন-সুভদ্ৰাৰ পুত্ৰ, কৃষ্ণৰ ভাগিন আৰু মৎস্য ৰাজকন্যা উত্তৰাৰ স্বামী। সাহস আৰু বীৰত্বত তেওঁ তেওঁৰ পিতৃ অৰ্জুন আৰু পিতামহ ইন্দ্ৰৰ সমতুল্য। কুৰুক্ষেত্ৰৰ যুদ্ধৰ ত্ৰয়োদশ দিনা মাত্ৰ ষোল বছৰ বয়সত তেওঁ মৃত্যুবৰণ কৰে। তেওঁৰ একমাত্ৰ পুত্ৰ পৰীক্ষিতে তেওঁৰ মৃত্যুৰ পিছত জন্মগ্ৰহণ কৰিছিল।

কুৰুক্ষেত্ৰৰ যুদ্ধত যোৱাৰ সময়ত অভিমন্যুক যুদ্ধত অংশগ্ৰহণ নকৰাৰ বাবে উত্তৰাৰ অনুৰোধ

জন্ম, শিক্ষা আৰু বিবাহসম্পাদনা কৰক

 
অভিমন্যুৰ চক্ৰবেহু প্ৰৱেশৰ শিলত খোদিত চিত্ৰ

অৰ্জুনৰ বাৰ বছৰৰ ব্ৰহ্মচৰ্য অৰু বনবাস সম্পূৰ্ণ হোৱাৰ পিছত অভিমন্যুৰ জন্ম হয়। মাতৃগৰ্ভত থাকোঁতেই তেওঁৰ শিক্ষা আৰম্ভ হৈছিল। গৰ্ভাৱস্থাত সুভদ্ৰাই অৰ্জুনৰ ওচৰত চক্ৰবেহুত প্ৰবেশৰ প্ৰণালী শুনিয়েই টোপনি যোৱাত অভিমন্যুই কেৱল চক্ৰবেহুত প্ৰবেশ কৰাটো শিকিলে কিন্তু বাহিৰ হোৱাটো নিশিকিলে।

পাণ্ডৱসকলৰ বনবাস আৰু অজ্ঞাতবাসৰ কাৰণে অভিমন্যুই তেওঁৰ বাল্যকাল দ্বাৰকাত মোমায়েক শ্ৰী কৃষ্ণৰ ঘৰত অতিবাহিত কৰে। তাত কৃষ্ণ আৰু বলোৰামৰ অভিভাৱকত্বত তেওঁ কৃষ্ণপুত্ৰ প্ৰদ্যুম্ন আৰু যাদৱবীৰ কৃতবৰ্মা আৰু সাত্যকীৰ ওচৰত অস্ত্ৰশিক্ষা গ্ৰহণ কৰে।

অজ্ঞাতবাসকালত পঞ্চপাণ্ডৱ আৰু দ্ৰৌপদী মৎস্যৰাজ বিৰাটৰ ওচৰত ছদ্মবেশত আশ্ৰয় গ্ৰহণ কৰে। তেৰ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত তেওঁলোকে আত্মপ্ৰকাশ কৰাত বিৰাটে নিজ কন্যা উত্তৰাৰ লগত অৰ্জুনৰ বিবাহৰ প্ৰস্তাব দিয়ে। কিন্তু যিহেতু অৰ্জুনে বৃহন্নলাৰ ৰূপত উত্তৰাক নৃত্যশিক্ষা প্ৰদান কৰিছিল গতিকে উত্তৰা তেওঁৰ শিষ্যা আৰু তেওঁ উত্তৰাক পুত্ৰীজ্ঞান কৰে, সেয়ে যিহেতু এই বিবাহ সম্ভৱ নহয়, গতিকে তেওঁ উত্তৰাক পুত্ৰবধূ ৰূপে গ্ৰহণ কৰে। ইয়াৰ পিছত উপপ্লব্য নগৰীত অভিমন্যু আৰু উত্তৰাৰ বিবাহ সম্পন্ন হয়।

কুৰুক্ষেত্ৰৰ যুদ্ধত অভিমন্যু বধসম্পাদনা কৰক

 
অভিমন্যুৰ নিষ্ঠুৰ হত্যা

মহাভাৰতৰ যুদ্ধৰ ত্ৰয়োদশ দিনা কৌৰৱ সেনাপতি দ্ৰোণাচাৰ্যই এটি চক্ৰবেহু ৰচনা কৰে। এইসময়ত চক্ৰবেহু ভেদ কৰাৰ বাবে পাণ্ডৱ শিবিৰত অভিমন্যুৰ বাহিৰে আৰু কোনো উপস্থিত নথকাৰ বাবে যুধিষ্ঠিৰে তেওঁৰ ওপৰতে এই গুৰুভাৰ অৰ্পণ কৰে। ইয়াৰ পিছত অভিমন্যুই যুদ্ধত অৱতীৰ্ণ হয় আৰু চক্ৰবেহু ভেদ কৰি কৌৰৱ সেনাৰ মাজত উপস্থিত হয়। তেওঁৰ শৰবৰ্ষণত মদ্ৰৰাজ শল্য আৰু দুঃশাসন মূৰ্ছিত হয়। কৰ্ণৰ এজন ভায়েক আৰু শল্যৰ ভ্ৰাতা নিহত হয় আৰু কৰ্ণই ৰণভূমি্ৰ পৰা পলায়ন কৰে। এইসময়ত যুধিষ্ঠিৰ, ভীম, ধৃষ্টদ্যুম্ন, শিখণ্ডী, সাত্যকী, বিৰাট আৰু দ্ৰুপদে বেহুত প্ৰবেশ কৰাৰ চেষ্টা কৰে যদিও ধৃতৰাষ্ট্ৰৰ জোঁৱাই সিন্ধুৰাজ জয়্দ্ৰথে শিৱৰ বৰত তেওঁলোকক পৰাস্ত কৰে আৰু বেহুৰ প্ৰৱেশ পথ ৰুদ্ধ কৰে। কুৰুসৈন্য বেষ্টিত অভিমন্যুই অকলেই যুদ্ধ কৰি থাকে। কৌৰৱসৈন্য ছত্ৰভঙ্গ হয় আৰু যোদ্ধাসকল পলাবলৈ ধৰে। শল্যপুত্ৰ ৰুক্মৰথ, দুৰ্যোধনৰ পুত্ৰ লক্ষ্মণ আৰু কোশলৰাজ বৃহদবলে তেওঁৰ বাণত মৃত্যুবৰণ কৰে।

অভিমন্যুক অপ্ৰতিৰোধ্য দেখি কৰ্ণই দ্ৰোণৰ উপদেশত তেওঁক পিছ ফালৰ পৰা আক্ৰমণ কৰি তেওঁক ৰথচ্যূত আৰু ধনুৰ্হীন কৰে আৰু দ্ৰোণ, কৃপ, কৰ্ণ, অশ্বত্থামা, দুৰ্যোধন আৰু শকুনিয়ে নিষ্কৰুণ ভাবে তেওঁৰ ওপৰত শৰাঘাত কৰে। অভিমন্যুই খড়গ, চক্ৰ আৰু গদাৰে আত্মৰক্ষাৰ চেষ্টা কৰিও ব্যৰ্থ হয়। এইসময়তে দুঃশাসনৰ পুত্ৰই অভিমন্যুৰ মূৰত গদাঘাত কৰে। ফলত কৌৰৱ্সেনা নিপীড়িত বালক অভিমন্যুৰ প্ৰাণশূন্যদেহ ভূপতিত হয়।

অৰ্জুনৰ মহা প্ৰতিশোধসম্পাদনা কৰক

 
দিব্যাস্ত্ৰৰ দ্বাৰা অৰ্জুনে জয়দ্ৰথক বধ কৰিলে

যুদ্ধৰ সন্ধিয়া কুৰুসৈন্যৰ হাতত অভিমন্যুৰ নিষ্ঠুৰ হত্যাৰ বাতৰি পোৱাৰ পিছত অৰ্জুনে প্ৰতিজ্ঞা কৰিলে যে ঠিক পিছদিনাখনেই সূৰ্যাস্তৰ আগতেই জয়দ্ৰথক নিজ হাতেৰে বধ কৰিব অন্যথা অগ্নিত জাঁপ দি আত্মহত্যা কৰিব৷

পৰৱৰ্তী দিনা কৌৰৱে জয়দ্ৰথক কটকটীয়া নিৰাপত্তাৰ মাজত ৰখাৰ ব্যৱস্থা কৰিলে,বহু বিচৰাৰ অন্তত অৰ্জুনে জয়দ্ৰথক দেখা পালে যদিও নিৰাপত্তা বেষ্টনী ভাঙি তাক বধ কৰাৰ সময় নাছিল, কাৰণ ইতিমধ্যে সূৰ্যাস্ত হʼবলৈ লৈছে৷ এনে এক মুহূৰ্তত শ্ৰী কৃষ্ণই অৰ্জুনৰ প্ৰতিজ্ঞা পূৰণৰ নিমিত্তে মায়াৰ দ্বাৰা ক্ষন্তেকীয়া সূৰ্যগ্ৰহণৰ সৃষ্টি কৰিলে৷ জয়দ্ৰথেও সূৰ্যাস্ত হোৱা বুলি ভাবি নিজৰ সংকট অৰ্জুনৰ মৃত্যু নিজ চকুৰে ওচৰৰ পৰা চাবলৈ অৰ্জুনৰ ওচৰলৈ আহে৷ সেই সময়তে কৃষ্ণই সূৰ্যগ্ৰহণ আতঁৰাই দিয়ে আৰু অৰ্জুনক নিৰ্দেশ দিয়ে৷ কিন্তু জয়দ্ৰথৰ পিতৃয়ে এটা বৰ লৈ থৈছিল যে যিয়েই তেওঁৰ পুত্ৰৰ শিৰচ্ছেদ কৰি মাটিত পেলাব তেওঁৰ মৃত্যু ঘটিব। সেয়ে কৃষ্ণৰ উপদেশ মৰ্মে অৰ্জুনে এনেদৰে জয়দ্ৰথৰ শিৰচ্ছেদ কৰে যাতে তেওঁৰ মূৰটো গৈ তপস্যাৰত তেওঁৰ পিতৃৰ কোলাত পৰে৷

তথ্যসূত্ৰসম্পাদনা কৰক

  • The story of Abhimanyu - The Hindu
  • Dowson, John (1888). A Classical Dictionary of Hindu Mythology and Religion, Geography, History, and Literature. Trubner & Co., London. p. 1.