দ্ৰৌপদী
দ্ৰৌপদী হʼল মহাভাৰত মহাকাব্যৰ কেন্দ্ৰীয় নাৰী চৰিত্ৰ। তেওঁ পাঞ্চালৰাজ দ্ৰুপদৰ যজ্ঞোজাত কন্যা, পঞ্চপাণ্ডৱৰ সহধৰ্মিনী। যুদ্ধৰ পাছত যুধিষ্ঠিৰ যেতিয়া হস্তিনাপুৰৰ ৰজা হৈছিল তেতিয়া দ্ৰৌপদী (পুনৰ) ইন্দ্ৰপ্ৰস্থৰ মহাৰাণী হৈছিল। পাঞ্চালৰ ৰাজকন্যা বাবে তেওঁৰ আন নাম পাঞ্চালী। তেওঁৰ গাত নীলপদ্মৰ নিচিনা আভা থকা বাবে তেওঁক কৃষ্ণা বোলা হৈছিল। ইয়াৰ উপৰিও তেওঁ যাজ্ঞসেনী নামেও পৰিচিত কাৰণ যজ্ঞবেদীৰ পৰা তেওঁৰ জন্ম হৈছিল। মহাভাৰতত উল্লেখ অনুসৰি দ্ৰৌপদী সেই কালৰ অদ্বিতীয় সুন্দৰী আছিল। তেওঁ পঞ্চকন্যাৰ অন্যতমা।[1]
দ্ৰৌপদী | |
---|---|
![]() ৰাজা ৰবি বৰ্মা অঙ্কিত দ্ৰৌপদীৰ ছবি | |
দাম্পত্যসঙ্গী | যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ |
পিতৃ-মাতৃ | পিতৃ-দ্ৰুপদ |
সন্তান | উপপাণ্ডৱ |
জন্মবিৱৰণসম্পাদনা কৰক
দ্ৰোণাচাৰ্যৰ সৈতে শত্ৰুতা থকাৰ বাবে দ্ৰুপদে এনে এজন সন্তান বিচাৰিছিল যি দ্ৰোণক বধ কৰিব পাৰে। এই অৰ্থে তেওঁ উপযাজ মুনিৰ শৰণাপন্ন হোৱাত তেওঁ তেওঁৰ জ্যেষ্ঠভ্ৰাতা ঋষি যাজৰ ওচৰলৈ লৈ যায়। যাজ আৰু উপযাজ ঋষিৰ সহায়েৰে যজ্ঞ কৰি তেওঁ দ্ৰোণবধী পুত্ৰ ধৃষ্টদ্যুম্নক লাভ কৰে আৰু সেই একে যজ্ঞতেই দ্ৰৌপদীৰ জন্ম হয়।[2] তেওঁৰ গাৰ সৌৰভ এক যোজন বিস্তৃত আছিল বাবে আন এক নাম যোজনগন্ধ্যা।[3]
স্বয়ংবৰ আৰু বিবাহসম্পাদনা কৰক
যদিও দ্ৰুপদ অৰ্জুনৰ হাতত পৰাস্ত হৈছিল তথাপিও অৰ্জুনকেই জোঁৱাইৰূপে পোৱাৰ উদ্দেশ্যে এক ভীষণ কঠিন প্ৰতিযোগিতাৰ আয়োজন কৰে। চৰ্ত আছিল পানীত প্ৰতিবিম্ব চাই যিয়ে শূন্যত ঘুৰন্ত মাছৰ চকু শৰবিদ্ধ কৰিব পাৰিব তেওঁকেই কন্যা দান কৰা হʼব। ক্ষত্ৰিয়সকলৰ মাজত কোনেও এই কাৰ্য সম্পন্ন কৰিব পৰা নাছিল যদিও কৰ্ণই এইটো কৰিব পাৰিলেহেঁতেন কিন্তু দ্ৰৌপদীয়ে সূতপুত্ৰৰ লগত বিবাহত আপত্তি দৰ্শায়। সেইকাৰণে সকলো বৰ্ণৰ পুৰুষকে দ্ৰুপদে আমন্ত্ৰণ জনালে। ছদ্মবেশী অৰ্জুনে এই কাৰ্য সম্পন্ন কৰি দ্ৰৌপদীক লাভ কৰে। কিন্তু ঘৰলৈ ঘূৰি আহি যেতিয়া ভীমে কুন্তীক তেওঁলোকে কি আনিছে সেয়া চাবলৈ কʼলে কুন্তীয়ে তেতিয়া অজ্ঞাতসাৰে তেওঁলোকক যি আনিছে নিজৰ মাজত ভগাই লবলৈ কʼলে। এই কাৰণতে দ্ৰৌপদীয়ে ধৰ্মৰক্ষাৰ নিমিত্তে পঞ্চস্বামী গ্ৰহণ কৰিবলগীয়া হয়। ইয়াৰ উপৰিও এই ঘটনাৰ লগত দ্ৰৌপদীৰ পূৰ্বজন্মৰ নিয়তি জড়িত আছিল।
ইন্দ্ৰপ্ৰস্থৰ নিৰ্মাণসম্পাদনা কৰক
খাণ্ডৱ বন দাহন কৰি পাণ্ডৱসকলে বিশ্বকৰ্মা আৰু মায়াসুৰৰ সহায়েৰে মায়াপূৰ্ণ নগৰ ইন্দ্ৰপ্ৰস্থৰ নিৰ্মাণ কৰিছিল। ইয়াৰ আগতে তাত নাগৰাজ তক্ষকে মায়াসুৰৰ সহায়ত মায়াবনৰ নিৰ্মাণ কৰি মানৱৰহিত এখন নাগসমাজ স্থাপন কৰি বসবাস কৰিছিল। তক্ষক দেৱৰাজ ইন্দ্ৰৰ আশ্বাসপুষ্ট আছিল যদিও অৰ্জুন ইন্দ্ৰৰ ধৰ্মপুত্ৰ হোৱা হেতুকে পিতৃ ইন্দ্ৰই তক্ষকক দিয়া আশ্বাস ৰাখিব নোৱাৰিলে।
দুৰ্যোধনৰ অপমানসম্পাদনা কৰক
ৰাজসূয় যজ্ঞৰ সময়ত আমন্ত্ৰিত ৰাজকুমাৰ দুৰ্যোধনে মায়াৰ বশৱৰ্তী হৈ ভুলৱশতঃ ভূমি বুলি ৰাজসভাৰ মাজতে কৌশলপূৰ্ণভাৱে নিৰ্মিত জলাশয়ত খোজ দিয়াত একঁকাল পানীত বুৰ যায়। ইয়াকে দেখি ৰাজসভাত থকা দ্ৰৌপদী আৰু তেওঁৰ দাসীবিলাকৰ মুখত ঠাট্টাসূচক হাঁহি দেখি দুৰ্যোধনৰ অত্যন্ত লজ্জাবোধ হয়। দ্ৰৌপদীয়ে এই ঘটনাত এক কটু মন্তব্য কৰে-"অন্ধস্য পুত্ৰ অন্ধম্",অৰ্থাৎ অন্ধৰ পুত্ৰ অন্ধ। লাজে অপমানে জৰ্জড়িত দুৰ্যোধনে তেতিয়াই এই অপমানৰ প্ৰতিশোধ লʼবলৈ প্ৰতিজ্ঞাবদ্ধ হয়। দ্ৰৌপদীৰ এই অহংকাৰসুলভ তথা অবিবেচক আচৰণৰ বাবেই দুৰ্যোধনৰ মনত প্ৰতিশোধৰ জুই জ্বলি উঠাৰ বাবেই পৰৱৰ্তী সময়ত আন বহুতো অবিবেচক সিদ্ধান্তৰে মহাভাৰতৰ কাহিনীভাগ পৰিচালিত হৈছিল।
অন্ধৰ পুত্ৰ অন্ধ
দ্ৰৌপদীৰ অপমানসম্পাদনা কৰক
কপটতাপূৰ্ণ পাশা খেলত যুধিষ্ঠিৰে এটি এটিকৈ সমস্ত সম্পত্তি, ভায়েকসকলক আৰু নিজকো হৰাৰ পিছত দ্ৰৌপদীকো পণ কৰি তেওঁকো হাৰে। দুঃশাসনে দ্ৰৌপদীৰ চুলিত ধৰি সভালৈ টানি লৈ আহে। ইন্দ্ৰপ্ৰস্থৰ ৰাজসভাৰ ঘটনাৰ প্ৰতিশোধ স্বৰূপে দুৰ্যোধনে দঃশাসনৰ হতুৱাই দ্ৰৌপদীক বিবস্ত্ৰা কৰাৰ অপচেষ্টা চলায়। কৃষ্ণভক্ত দ্ৰৌপদীয়ে দৈব সাহায্য প্ৰাৰ্থনা কৰাত দ্বাৰকাত থাকিও ভগৱান শ্ৰীকৃষ্ণই ভক্তৰ আহ্বানত সহায়ৰ বাবে দ্ৰৌপদীক বস্ত্ৰদান কৰে। দুঃশাসনে যিমানেই বস্ত্ৰ কাঢ়িবলৈ লʼলে সিমানেই বস্ত্ৰ বাঢ়িবলৈ ধৰিলে। এইদৰে কৃষ্ণই ভক্তক ৰক্ষা কৰিলে।
জয়দ্ৰথৰ দ্বাৰা দ্ৰৌপদীহৰণৰ প্ৰচেষ্টাসম্পাদনা কৰক
বনবাসৰ কালছোৱাত পাণ্ডৱে এবাৰ কাম্যক বনত থাকিবলৈ লৈছিল। সেই সময়ত দুৰ্যোধনৰ নিৰ্দেশত তেওঁৰেই ভনী জোঁৱাই সিন্ধুৰাজ জয়দ্ৰথে দ্ৰৌপদীহৰণৰ চেষ্টা চলায়। কিন্তু পাণ্ডুপুত্ৰ অৰ্জুনে দ্ৰৌপদীক উদ্ধাৰ কৰে। ভীমে জয়দ্ৰথক বধ কৰিব খুজিলে যদিও দুঃশালাৰ কথা চিন্তা কৰি শাস্তিস্বৰূপে জয়দ্ৰথৰ মুণ্ডন কৰে।
কীচকৰ মৃত্যুসম্পাদনা কৰক
অজ্ঞাতবাসৰ কালছোৱাত পঞ্চপাণ্ডৱে দ্ৰৌপদীৰ সৈতে বিৰাট ৰজাৰ নগৰত ছদ্মবেশত থাকিবলৈ লয়। মহাৰাণী সুদেষ্ণাৰ পৰিচাৰিকাৰূপে কৰ্মৰত দ্ৰৌপদীৰ ওপৰত তেওঁৰ ভাতৃ সেনাপতি কীচকৰ চকু পৰে। অৱশেষত ভীমৰ হাতত কীচকৰ মৃত্যু হয়।
সতি-সন্ততিসম্পাদনা কৰক
দ্ৰৌপদীৰ অতিকমেও পাঁচজন পুত্ৰ আছিল- যুধিষ্ঠিৰৰ ফালৰ পৰা প্ৰতিবিন্ধ্য,ভীমৰ ফালৰ পৰা সুতসোম,অৰ্জুনৰ ফালৰ পৰা শ্ৰুতকীৰ্তি,নকুলৰ ফালৰ পৰা শতানিক,সহদেৱৰ ফালৰ পৰা শ্ৰুতকৰ্ম। একেলগে তেওঁলোকক উপপাণ্ডৱ বুলি কোৱা হৈছিল। কিন্তু তেওঁলোকৰ এজনো শেষলৈ বাচি নাথাকিল। দ্ৰোণপুত্ৰ অশ্বত্থামাই নিশা পাণ্ডৱসকলৰ ছাউনী জ্বলাই পাণ্ডৱসকলক বধ কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু উপপাণ্ডৱসকলক দেখি তেওঁ বিমোৰত পৰে আৰু অৱশেষত উপপাণ্ডৱৰ ছাউনীটোৱেই জ্বলাই থৈ আহে। কুৰুক্ষেত্ৰৰ যুদ্ধৰ পাছত বৰ্তি থকা পাণ্ডৱৰ একমাত্ৰ বংশধৰ আছিল অভিমন্যু আৰু উত্তৰাৰ পুত্ৰ পৰীক্ষিত(অৰ্জুন আৰু সুভদ্ৰাৰ নাতি)। কিছুমান জাতকৰ গল্পত উল্লেখ থকা মতে উপপাণ্ডৱৰ মৃত্যু হোৱা নাছিল। যোগ্যতাৰ ভিত্তিতহে পৰীক্ষিত ৰজা হৈছিল। আন উপপাণ্ডৱসকলে তেওঁৰ ৰাজসভাত পাৰিষদ হিচাপে আছিল।
মৃত্যুসম্পাদনা কৰক
মহাপ্ৰস্থানৰ পথত সকলোতকৈ আগত দ্ৰৌপদীৰ মৃত্যু হয়। কাৰণ পতীব্ৰতা হʼলেও তেওঁ অৰ্জুনক কিছু বেছি ভাল পাইছিল।
তথ্যসূত্ৰসম্পাদনা কৰক
- ↑ "Mahabharti - A Hindi Book by - Chitra Chaturvedi - महाभारती - चित्रा चतुर्वेदी". Pustak.org. http://pustak.org/bs/home.php?bookid=751। আহৰণ কৰা হৈছে: 2013-10-20.
- ↑ Jones, Constance (2007). Encyclopedia of Hinduism. প্ৰকাশক New York: Infobase Publishing. পৃষ্ঠা. 136. ISBN 0-8160-5458-4.
- ↑ Ganguli, Kisari Mohan. "Section CLXXXVI: Swayamvara Parva". The Mahabharata of Krishna-Dwaipayana Vyasa: English Translation. Munshirm Manoharlal Pub Pvt Ltd. http://www.sacred-texts.com/hin/m01/m01187.htm। আহৰণ কৰা হৈছে: 16 January 2013.
উৎসসম্পাদনা কৰক
- বেদব্যাসৰ মহাভাৰত
- শ্ৰীকৃষ্ণ, পৰলোকগত শ্ৰী ৰামানন্দ সাগৰৰ টেলি-ধাৰাবাহিক
- কাশীদাসী মহাভাৰত। ১৬শ শতকত লিখিত।
বহিঃসংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত দ্ৰৌপদী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |