আমিষ (চলচ্চিত্ৰ)

ভাস্কৰ হাজৰিকা পৰিচালিত অসমীয়া চলচ্চিত্ৰ

আমিষ (ইংৰাজী: Aamis) ২০১৯ চনত মুক্তি লাভ কৰা এখন অসমীয়া ভাষাৰ মনস্তাত্ত্বিক হৰৰ ছবি। চলচ্চিত্ৰখনৰ পৰিচালক আৰু লেখক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ভাস্কৰ হাজৰিকা। ছবিখনৰ মুখ্য চৰিত্ৰত নৱাগত লিমা দাস আৰু অৰ্ঘ্যদ্বীপ বৰুৱায়ে অভিনয় কৰিছে। ছবিখনৰ অন্যান্য সহকাৰী চৰিত্ৰসমূহ হল: নিতালি দাস, সাগৰ সৌৰভ আৰু মানস কে. দাস।[1] ২০১৯ চনৰ ২৮ এপ্ৰিলত ছবিখনে ট্ৰাইবেকা চলচ্চিত্ৰ মহোৎসৱত মুক্তি লাভ কৰিছিল। এই মহোৎসৱত ছবিখনে 'ইণ্টাৰনেচনেল নেৰেটিভ'ৰ পাঁচটা ভিন ভিন শিতানত মনোনয়ন লাভ কৰিছিল।[2] ২০১৯ চনৰ ২২ নৱেম্বৰত ছবিখনে ছবিগৃহত মুক্তি লাভ কৰে।[1] ইয়াৰ লগতে অনলাইন বিতৰণক মুভিচেইণ্টে ছবিখনৰ অনলাইন সংস্কৰণ মুক্তি দিয়ে।[3][4]

আমিষ
পৰিচালক ভাস্কৰ হাজৰিকা
ৰচনা ভাস্কৰ হাজৰিকা
প্ৰযোজক পুনম দেউল
শ্যাম বৰা
অভিনয়ত লিমা দাস
অৰ্ঘ্যদ্বীপ বৰুৱা
চিত্ৰগ্ৰহণকাৰী ৰিজু দাস
সম্পাদনা শ্বেতা ৰায় চামলিং
সংগীত পৰিচালক কুৱান বে
প্ৰযোজনা
কোম্পানী
চিগনাম প্ৰডাক্টচনছ, মেটানৰ্মেল, উইছবেৰী ফিল্মছ
মুক্তি
২৮ এপ্ৰিল ২০১৯ (2019-04-28) (ট্ৰাইবেকা চলচ্চিত্ৰ মহোৎসৱ )
২২ নৱেম্বৰ ২০১৯ (2019-11-22) (ভাৰত)
দৈৰ্ঘ্য
১০৮ মিনিট
দেশ ভাৰত
ভাষা অসমীয়া ভাষা

কাহিনী সম্পাদনা কৰক

ডাঃ নিৰ্মালী এগৰাকী বিবাহিত শিশু বিশেষজ্ঞ। তেওঁ তেওঁৰ পুত্ৰ পিকুৰ সৈতে গুৱাহাটীত থাকে। তেওঁৰ স্বামী দিলীপ এগৰাকী জ্যেষ্ঠ চিকিৎসক আৰু তেওঁ কৰ্মৰ তাগিদাত বেছিভাগ সময় ঘৰৰ বাহিৰত থাকে। গতানুগতিক জীৱন চলি থাকোঁতে নিৰ্মালীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ-পূৰ্বাঞ্চলত খাদ্যাভাসৰ ওপৰত গৱেষণা কৰি থকা পিএইচ.ডি ৰ ছাত্ৰ সুমনক লগ পায়। খাদ্যাভাসৰ গৱেষণাই সুমনৰ মনত বিশ্বাস জন্মাইছিল যে এনেকুৱা কোনো খাদ্য নাই যি ভক্ষণযোগ্য নহয়। কথাটোৱে নিৰ্মালীক আকৰ্ষিত কৰিছিল। দুয়োৱে খুব সোনকালে খাদ্যৰ প্ৰতি থকা ভালপোৱা আৱিষ্কাৰ কৰিলে-বিশেষকৈ মাংসৰ ক্ষেত্ৰত। মাংসৰ জৰিয়তেই দুয়ো পৰস্পৰৰ অধিক ওচৰ চাপি আহিল। তাৰপিছত তেওঁলোকে বিভিন্ন ঠাইত লগ পাই ভিন ভিন মাংসৰ জুতি ল'বলৈ ধৰিলে। সুমনে নিৰ্মালীৰ শাৰীৰিক স্পৰ্শ বিচাৰে যদিও নিৰ্মালীৰ মাংসৰ প্ৰতি বাঢ়ি অহা অত্যুগ্ৰ ক্ষুধাৰ ফলত তেওঁলোকৰ সম্পৰ্কই এক অভাৱনীয় আৰু অদ্ভুত গতি লয়।[5]

চৰিত্ৰসমূহ সম্পাদনা কৰক

  • লিমা দাস : ডাঃ নিৰ্মালী
  • অৰ্ঘ্যদ্বীপ বৰুৱা : সুমন
  • নিতালি দাস : জুমি
  • সাগৰ সৌৰভ : ডা: ইলিয়াছ
  • মানস কে. দাস : দিলীপ
  • উৎকল হাজোৱাৰী : ইন্সপেক্টৰ
  • চন্দন ভূঞা : বৰা
  • সমৰজ্যোতি চৰকাৰ : ৰিক্সাচালক
  • সিদ্ধাৰ্থ বড়ো : এডি
  • মমী বৰা : মীনা
  • জিষ্ণু কাশ্যপ : পিকু
  • উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্য : সুমনৰ বন্ধু ৰাজেশ

বঁটা আৰু সন্মান সম্পাদনা কৰক

ছিংগাপুৰত অনুষ্ঠিত দক্ষিণ এছিয়া আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত[6]

  • শ্ৰেষ্ঠ অভিনেত্ৰী : লিমা দাস
  • শ্ৰেষ্ঠ পৰিচালক : ভাস্কৰ হাজৰিকা

চতুৰ্থ সংখ্যক শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটা ২০১৯[7]

  • শ্ৰেষ্ঠ অভিনেত্ৰী : লিমা দাস
  • শ্ৰেষ্ঠ সংগীত পৰিচালক : কুৱান বে
  • শ্ৰেষ্ঠ শব্দ গ্ৰহণকাৰী : গৌতম নায়াৰ

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 "Anurag Kashyap to present Bhaskar Hazarika's Aamis, set in Assam; film to release in India on 22 November- Entertainment News, Firstpost" (en ভাষাত). firstpost.com. 2019-10-15. https://www.firstpost.com/entertainment/anurag-kashyap-to-present-bhaskar-hazarikas-aamis-set-in-assam-film-to-release-in-india-on-22-november-7501091.html. 
  2. "Assamese film Aamis to compete at Tribeca film fest". outlookindia.com. https://www.outlookindia.com/newsscroll/assamese-film-aamis-to-compete-at-tribeca-film-fest/1491622. 
  3. "Assamese film Aamis gets a novel release plan". outlookindia.com. https://www.outlookindia.com/newsscroll/assamese-film-aamis-gets-a-novel-release-plan/1665962। আহৰণ কৰা হৈছে: 2019-11-28. 
  4. "'Aamis' a unique love story of two meat loving characters - The Sentinel" (en ভাষাত). Dailyhunt. http://m.dailyhunt.in/news/india/english/the+sentinel-epaper-senteng/aamis+a+unique+love+story+of+two+meat+loving+characters-newsid-149173898। আহৰণ কৰা হৈছে: 2019-11-28. 
  5. https://www.news18.com/news/movies/aamis-movie-review-its-an-incomparably-satiating-experience-2397429.html
  6. "অব্যাহত অসমীয়া ছবিৰ জয়যাত্ৰা : দুটাকৈ আন্তঃৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত ভাস্কৰ হাজৰিকাৰ ‘আমিষ’". pragnews.com. https://pragnews.com/as/মনোৰঞ্জন/অব্যাহত-অসমীয়া-ছবিৰ-ভাস্/. [সংযোগবিহীন উৎস]
  7. "“বৰনদী ভটিয়ায়” ছবি খনলৈ শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ ছবিৰ সন্মান". assamese.sentinelassam.com. https://assamese.sentinelassam.com/news/bornodi-bhotiai-to-get-best-film-award/. 

বাহ্যিক সংযোগ সম্পাদনা কৰক