আমৰ’লীয়া হাঁহ
আমৰ'লীয়া হাঁহ বা পাতিহাঁহ (ইংৰাজী: Mallard বা Wild Duck, Anas platyrhynchos) এবিধ মজলীয়া আকাৰৰ হাঁহৰ প্ৰজাতি৷ ই নাতিশীতোষ্ণ তথা ক্ৰান্তীয় অঞ্চল যেনে আমেৰিকা, ইউৰোপ, এছিয়া, উত্তৰ আমেৰিকা আদিত প্ৰজনন কৰে৷ তাৰোপৰি এই প্ৰজাতিবিধক নিউজিলেণ্ড তথা অষ্ট্ৰেলিয়া আদিত নতুনকৈ সংস্থাপন কৰা হৈছে৷
আমৰ'লীয়া হাঁহ (Mallard) | |
---|---|
মাইকী আৰু মতা আমৰ'লীয়া হাঁহ | |
সংৰক্ষণ স্থিতি | |
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Anas |
প্ৰজাতি: | A. platyrhynchos |
দ্বৈৰাশিক নামকৰণ | |
Anas platyrhynchos Linnaeus, 1758 | |
Subspecies | |
A. p. platyrhynchos Linnaeus, 1758 | |
আমৰ'লীয়া হাঁহৰ গোলকীয় বিতৰণ | |
সমাৰ্থক | |
Anas boschas Linnaeus, 1758 |
মতা আমৰ'লীয়া হাঁহৰ মূৰ অংশ চমকনি থকা সেউজীয়া, পেট আৰু ডেউকা মুগা বৰণৰ৷ মাইকী আমৰ'লীয়া হাঁহৰ দেহৰ বৰণ মটিয়া৷ ইহঁতে জলাশয় সমূহত জাক পাতি বাস কৰে৷ [2]
টেক্স'নমি
সম্পাদনা কৰকআমৰ'লীয়া হাঁহৰ উল্লেখ পোনপ্ৰথমবাৰৰ বাবে কেৰ'লাছ লিনিয়াছৰ চিষ্টেমা নেচুৰীৰ দশম সংস্কৰণত পোৱা যায়৷ [3] ইয়াৰ ইংৰাজী নাম "Mallard" ফৰাচী ভাষাৰ malart বা mallart ৰ পৰা উদ্ভৱ হোৱা বুলি ধাৰণা কৰা হয়৷ অৱশ্যে ইয়াৰ নামৰ উৎস সম্পৰ্কে কোনো প্ৰমাণিত তথ্য পোৱা নাযায়৷ কোনো কোনোৰ মতে ই জাৰ্মান শব্দ Madelhart ৰ পৰাও ই উদ্ভৱ হ'ব পাৰে৷ [4]
বিৱৰণ
সম্পাদনা কৰকআমৰ'লীয়া হাঁহৰ দেহৰ আকাৰ মজলীয়া৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য ৫০-৬৫ ছে:মি:৷[5] and weighs ০.৭২–১.৫৮ কেজি (১.৬–৩.৫ পাউণ্ড).[6][7] প্ৰজনন কালত মতা আমৰ'লীয়া হাঁহৰ দেহৰ বৰণ অধিক স্পষ্ট হৈ পৰে৷ ইয়াৰ মূৰ চমকনি থকা সেউজ বৰণৰ আৰু ডিঙিৰ কলাৰ, বেঙুনীয়া বুকু তথা মুগা-মটিয়া ডেউকাৰ বাবে সহজে চিনাক্ত কৰিব পৰা যায়৷ [8] মতা হাঁহটোৰ ঠোঁট হালধীয়া আৰু আগটো কমলা ৰঙৰ হৈ পৰে৷ মাইকী আমৰ'লীয়া হাঁহৰো পাখিবোৰ মাখন ৰঙৰ পৰা ডাঠ মটিয়া যেনে হয়৷ [8] আমৰ'লীয়া হাঁহৰ সদ্যজন্মা পোৱালিৰ বৰণ হালধীয়া আৰু ঠেং আৰু ঠোঁট কলা বৰণৰ হয়৷ এমহীয়া হোৱাৰ পৰা ইয়াৰ গাৰ ৰং মাইকী হাঁহৰ দৰে হৈ পৰে[8] তিনিৰ পৰা চাৰিমাহৰ ভিতৰত ই পূৰ্ণবয়স্কৰ ৰূপ পায়৷[উদ্ধৃতিৰ প্ৰয়োজন]
বিতৰণ তথা বাসস্থান
সম্পাদনা কৰকউত্তৰ গোলাৰ্ধত আমৰ'লীয়া হাঁহ বহুলভাৱে বিস্তৃত হৈ আছে৷ উত্তৰ আমেৰিকাৰ পৰা আলাস্কা, মেস্কিকো, হাৱাই দ্বীপপূঞ্জ, ছাইবেৰিয়া, জাপান আদিলৈকে ই বিস্তৃত৷ T[5] ইয়াৰ গোলকীয় বিতৰণৰ দক্ষিণৰ অঞ্চলসমূহত ই পৰিভ্ৰমণকাৰী হিচাপে বসবাস কৰে আৰু উত্তৰৰ অঞ্চল সমূ্হত প্ৰজনন কৰে৷ [9]
আমৰ'লীয়া হাঁহে বিভিন্ন ধৰণৰ বাসস্থান তথা বতৰত বসবাস কৰাত সক্ষম৷ সেয়েহে ইয়াক বৰফাবৃত অঞ্চলৰ পৰা নাতিশীতোষ্ণ আৰু বিষুৱীয় অঞ্চল সমূহতো দেখা পোৱা যায়৷ ই নদী আৰু সাগৰ দুয়োধৰণৰ পানীতে বাস কৰে৷ তাৰোপৰি ইয়াক বিভিন্ন জলাশয় যেনে বিল, হ্ৰদ, পুখুৰী আদিতো পোৱা যায়৷ ই সাধাৰণতে অগভীৰ পানীত চৰিবলৈ ভাল পায়৷ আমৰ'লীয়া হাঁহে জলজ উদ্ভিদেৰে পৰিপূৰ্ণ জলাশয়ত চৰিবলৈ পছন্দ কৰে৷ [10]
আচৰণ
সম্পাদনা কৰকখাদ্য
সম্পাদনা কৰকআমৰ'লীয়া হাঁহ সাধাৰণতে সৰ্বভক্ষী হয়৷ ই প্ৰধানকৈ খাদ্যৰ উপলব্ধতা, প্ৰজননৰ সময় আৰু অন্ত: আৰু আন্ত: প্ৰজাতি প্ৰতিযোগিতাৰ ভিত্তিত খাদ্য নিৰ্বাচন কৰে৷[11] সাধাৰণতে ই বিভিন্ন অমেৰুদণ্ডী প্ৰাণী, কেকোঁৰা, জলজ উদ্ভিদৰ বিভিন্ন অংশ খাই জীয়াই থাকে৷ গৱেষণাৰ পৰা পোৱা তথ্য অনুসৰি প্ৰজননৰ সময়ত মতা আমৰ'লীয়া হাঁহে ৩৭.৬% প্ৰাণী, ৬২.৪% উদ্ভিদ খায়৷ অন্যহাতে মাইকী আমৰ'লীয়া হাঁহে প্ৰজননৰ সময়ত ৩৭.০% প্ৰাণী, ৬৩.০% উদ্ভিদ আৰু কণী পৰাৰ সময়ত ৭১.০% প্ৰাণী, ২৮.১% উদ্ভিদ খায়৷ [12] পৰিভ্ৰমণ কালত আৰু প্ৰজননৰ সময়ত এই প্ৰজাতিৰ খাদ্যৰ সৰহ অংশই উদ্ভিদ হোৱা দেখা যায়৷ [13][14]
প্ৰজনন
সম্পাদনা কৰকশৰতকালত অৰ্থাৎ অক্টোবৰ-নৱেম্বৰ মাহত আমৰ'লীয়া হাঁহে যোৰ পাতিবলৈ আৰম্ভ কৰে৷ বসন্তৰ আৰম্ভণিৰ লগে লগে মাইকী হাঁহজনীয়ে কণী পাৰিবলৈ লয়৷ এইসময়ত মতা হাঁহটোৱে মাইকী জনীক এৰি জাকৰ আন মতা হাঁহৰ লগ লয়৷ আমৰ'লীয়া হাঁহে সাধাৰণতে পানীৰ কাষৰীয়া অঞ্চলত বাহ সাজে৷ এবাৰত ই ৮-১৩ টাকৈ কণী পাৰে৷ মাইকী হাঁহে ২৭-২৮ দিন ধৰি কণী উমনি দিয়ে৷ পোৱালী পৈণত ৰুপত জন্ম লয় আৰু ইহঁতে জন্মাৰ পিছতে সাঁতুৰিব পৰা হয়৷
স্থিতি তথা সংৰক্ষণ
সম্পাদনা কৰকঅন্য হাঁহৰ প্ৰজাতিৰ ব্যতিক্ৰম হিচাপে আমৰ'লীয়া হাঁহে মানুহৰ পৰা লাভান্বিত হে হোৱা দেখা গৈছে৷ ইয়াৰ কাৰণ হ'ল এই প্ৰজাতিটৌ অভিযোজনত পাকৈত আৰু সেইবাবে মানুহৰ বসতি থকা অঞ্চলতো ইহঁতে বসবাস কৰিব পাৰে৷ তাৰোপৰি ইহঁতে স্থানীয় হাঁহৰ প্ৰজাতিৰ সৈতে প্ৰজনন কৰিও বংশবৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷ ইয়াক পোহনীয়া হাঁহৰ পূৰ্বপুৰুষ বুলিও আখ্যা দিয়া হয়৷[15][16][17]
নিউজিলেণ্ডত ইয়াক বহিৰাগত (invasive species) প্ৰজাতি বুলি গণ্য কৰা হয়৷ এই অঞ্চল সমূহত অভিযোজন কৰি আৰু স্থানীয় হাঁহৰ লগত আন্ত: প্ৰজাতি প্ৰজনন কৰি আমৰ'লীয়া হাঁহৰ দ্ৰুত বংশবৃদ্ধি ঘটিছে৷ [18] ইয়াৰ এনে হাইব্ৰিড প্ৰজাতিয়ে স্বাভাৱিক পৰিস্থিতিতন্ত্ৰতে বিঘিনি ঘটোৱা বুলি সন্দেহ কৰা হৈছে৷ [19] ফলত আমৰ'লীয়া হাঁহৰ ওচৰ সম্পৰ্কীয় প্ৰজাতিসমূহৰ বাবে অস্তিত্ব সংকট আহি পৰিছে৷ এনে প্ৰজাতিসমূহ হ'ল, Hawaiian Duck[18][20], Pacific Black Duck,[18][21][22][23] American Black Duck,[18][24][25][26] Mottled Duck,[18][27][28] Meller's Duck,[29] Yellow-billed Duck,[19] আৰু Mexican Duck[18][28]৷
আলোকচিত্ৰৰ ভঁৰাল
সম্পাদনা কৰক-
উৰন্ত অৱস্থাত আমৰ'লীয়া হাঁহ
-
মাইকী আমৰ'লীয়া হাঁহ
তথ্য সূত্ৰ
সম্পাদনা কৰক- ↑ BirdLife International (2012). "Anas platyrhynchos". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/100600435। আহৰণ কৰা হৈছে: 16 July 2012.
- ↑ ''Anas platyrhynchos'', Domestic Duck; DigiMorph Staff – The University of Texas at Austin. Digimorph.org. Retrieved on 2012-08-23.
- ↑ Linnaeus, Carl (1758) (Latin ভাষাত). Systema naturae per regna tria naturae, secundum classes, ordines, genera, species, cum characteribus, differentiis, synonymis, locis. Tomus I. Editio decima, reformata. প্ৰকাশক Stockholm: Laurentius Salvius. পৃষ্ঠা. 125.
- ↑ Simpson, John; Weiner, Edmund, ed. (1989). "Mallard". Oxford English Dictionary (2nd ed.). Oxford: Clarendon Press. ISBN 0-19-861186-2.
- ↑ 5.0 5.1 Cramp 1977, p. 505.
- ↑ Mallard, Life History, All About Birds – Cornell Lab of Ornithology. Allaboutbirds.org. Retrieved on 2012-08-23.
- ↑ John B. Dunning Jr., ed (1992). CRC Handbook of Avian Body Masses. CRC Press. ISBN 978-0-8493-4258-5.
- ↑ 8.0 8.1 8.2 Cramp 1977, p. 506.
- ↑ Herrera, Néstor; Rivera, Roberto; Ibarra Portillo, Ricardo; Rodríguez, Wilfredo (2006). "Nuevos registros para la avifauna de El Salvador [New records for the avifauna of El Salvador]" (Spanish ভাষাত) (PDF). Boletín de la Sociedad Antioqueña de Ornitología খণ্ড 16 (2): 1–19. http://www.sao.org.co/publicaciones/boletinsao/01-Herrera.etal.RecordsSalvador.pdf.
- ↑ Cramp 1977, p. 507.
- ↑ Krapu, Gary L.; Reinecke, Kenneth J. (1992). "Foraging ecology and nutrition". In Batt, Bruce D. J.; Afton, Alan D.; Anderson, Michael G.; Ankney, C. Davison; Johnson, Douglas H.; Kadlec, John A.; Krapu, Gary L.. Ecology and Management of Breeding Waterfowl. প্ৰকাশক Minneapolis: University of Minnesota Press. পৃষ্ঠা. 1–30 (10). ISBN 978-0-8166-2001-2.
- ↑ Swanson, George A.; Meyer, Mavis I.; Adomaitis, Vyto A. (1985). "Foods consumed by breeding mallards on wetlands of south-central North Dakota". Journal of Wildlife Management খণ্ড 49 (1): 197–203. doi:10.2307/3801871.
- ↑ Gruenhagen, Ned M.; Fredrickson, Leigh H. (1990). "Food use by migratory female mallards in northwest Missouri". Journal of Wildlife Management খণ্ড 54 (4): 622–626. doi:10.2307/3809359.
- ↑ Combs, Daniel L. & Leigh H. Fredrickson (1990). "Foods used by male mallards wintering in southeastern Missouri". Journal of Wildlife Management খণ্ড 60 (3): 603–610. doi:10.2307/3802078.
- ↑ Mottled Ducks : The Problem : Hybridization; Florida Fish and Wildlife Conservation Commission Archived 2006-04-20 at the Wayback Machine. Myfwc.com. Retrieved on 2012-08-23.
- ↑ Environmental assessment for control of free-ranging resident Mallards in Florida, May 2002, Contact: Frank Bowers, U.S. Fish and Wildlife Service. Fws.gov. Retrieved on 2012-08-23.
- ↑ Invasive Alien Bird Species Pose A Threat, Kruger National Park, Siyabona Africa Travel (Pty) Ltd – South Africa Safari Travel Specialist. Krugerpark.co.za. Retrieved on 2012-08-23.
- ↑ 18.0 18.1 18.2 18.3 18.4 18.5 Rhymer, Judith M.; Simberloff, Daniel (1996). "Extinction by hybridization and introgression". Annual Review of Ecology and Systematics খণ্ড 27: 83–109. doi:10.1146/annurev.ecolsys.27.1.83.
- ↑ 19.0 19.1 Rhymer, Judith M. (2006). "Extinction by hybridization and introgression in anatine ducks" (PDF). Acta Zoologica Sinica খণ্ড 52 (Supplement): 583–585. Archived from the original on 2013-12-03. https://web.archive.org/web/20131203045456/http://www.actazool.org/downloadpdf.asp?id=5145। আহৰণ কৰা হৈছে: 2013-03-28.
- ↑ Griffin, C. R.; Shallenberger, F. J.; Fefer, S. I. (1989). "Hawaii's endangered waterbirds: a resource management challenge". In R. R. Sharitz & I. W. Gibbons. Proceedings of Freshwater Wetlands and Wildlife Symposium. প্ৰকাশক Aiken, South Carolina: Savannah River Ecology Lab. পৃষ্ঠা. 155–169.
- ↑ Gillespie, Grant D. (1985). "Hybridization, introgression, and morphometric differentiation between Mallard (Anas platyrhynchos) and Grey Duck (Anas superciliosa) in Otago, New Zealand" (PDF). The Auk খণ্ড 102 (3): 459–469. http://sora.unm.edu/sites/default/files/journals/auk/v102n03/p0459-p0469.pdf.
- ↑ Rhymer, Judith M.; Williams, Murray J.; Braun, Michael J. (1994). "Mitochondrial analysis of gene flow between New Zealand Mallards (Anas platyrhynchos) and Grey Ducks (A. superciliosa)" (PDF). The Auk খণ্ড 111 (4): 970–978. doi:10.2307/4088829. http://sora.unm.edu/sites/default/files/journals/auk/v111n04/p0970-p0978.pdf.
- ↑ Williams, Murray; Basse, Britta (2006). "Indigenous gray ducks, Anas superciliosa, and introduced mallards, A. platyrhynchos, in New Zealand: processes and outcome of a deliberate encounter" (PDF). Acta Zoologica Sinica খণ্ড 52 (Supplement): 579–582. Archived from the original on 2014-02-19. https://web.archive.org/web/20140219040712/http://www.actazool.org/downloadpdf.asp?id=5144। আহৰণ কৰা হৈছে: 2013-03-28.
- ↑ Johnsgard, Paul A. (1967). "Sympatry changes and hybridization incidence in Mallards and Black Ducks". American Midland Naturalist খণ্ড 77 (1): 51–63. doi:10.2307/2423425.
- ↑ Avise, John C.; Ankney, C. Davison; Nelson, William S. (1990). "Mitochondrial gene trees and the evolutionary relationship of Mallard and Black Ducks" (PDF). Evolution খণ্ড 44 (4): 1109–1119. doi:10.2307/2409570. http://faculty.sites.uci.edu/johncavise/files/2011/03/105-mallard-black-ducks.pdf.
- ↑ Mank, Judith E.; Carlson, John E.; Brittingham, Margaret C. (2004). "A century of hybridization: decreasing genetic distance between American black ducks and mallards". Conservation Genetics খণ্ড 5 (3): 395–403. doi:10.1023/B:COGE.0000031139.55389.b1.
- ↑ Mazourek, J. C.; Gray, P. N. (1994). "The Florida duck or the mallard?" (DOC). Florida Wildlife খণ্ড 48 (3): 29–31. Archived from the original on 2007-08-10. https://web.archive.org/web/20070810190700/http://www.floridaconservation.org/duck/mottled/documents/WeCantHaveBothArtcle.doc। আহৰণ কৰা হৈছে: 2013-03-28.
- ↑ 28.0 28.1 McCracken, Kevin G.; Johnson, William P.; Sheldon, Frederick H. (2001). "Molecular population genetics, phylogeography, and conservation biology of the mottled duck (Anas fulvigula)" (PDF). Conservation Genetics খণ্ড 2 (2): 87–102. doi:10.1023/A:1011858312115. http://mercury.bio.uaf.edu/~kevin_mccracken/reprints/cons-gen-2-87.pdf.
- ↑ Young, H. Glyn; Rhymer, Judith M. (1998). "Meller's duck: A threatened species receives recognition at last". Biodiversity and Conservation খণ্ড 7 (10): 1313–1323. doi:10.1023/A:1008843815676.
লগতে চাওক
সম্পাদনা কৰক- Bagemihl, Bruce (1999). Biological Exuberance: Animal Homosexuality and Natural Diversity. St. Martin's Press. পৃষ্ঠা. 479–481. ISBN 978-0-312-19239-6.
- Cramp, Stanley, ed (1977). Handbook of the Birds of Europe the Middle East and North Africa, the Birds of the Western Palearctic, Volume 1: Ostrich to Ducks. প্ৰকাশক Oxford: Oxford University Press. ISBN 978-0-19-857358-6.
- Johnson, Kevin P.; Sorenson, M. D. (1999). "Phylogeny and biogeography of dabbling ducks (genus Anas): a comparison of molecular and morphological evidence" (PDF). The Auk খণ্ড 116 (3): 792–805. doi:10.2307/4089339. Archived from the original on 2017-08-12. https://web.archive.org/web/20170812215659/https://sora.unm.edu/sites/default/files/journals/auk/v116n03/p0792-p0805.pdf। আহৰণ কৰা হৈছে: 2013-03-28.
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত আমৰ’লীয়া হাঁহ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
ৱিকিপ্ৰজাতিত Anas platyrhynchos সম্পৰ্কে অধিক তথ্য আছে |
- A to Z of UK Birds RSPB
- Birds in Backyards
- BirdGuides Mallard Page
- Media related to the Mallard on the Internet Bird Collection
- Mallard Information – All About Birds
- Ageing and sexing by Javier Blasco-Zumeta & Gerd-Michael Heinze (PDF; 5.7 MB)
- Ducks.Jamrent.org Mallards[সংযোগবিহীন উৎস]
- View the duck genome on Ensembl