এঙ্গল' আছামিজ ডিক্সনেৰি অৱ মেথেমেটিক্স

(ইংৰাজী-অসমীয়া গণিত অভিধানৰ পৰা পুনঃনিৰ্দেশিত)

এঙ্গল' আছামিজ ডিক্সনেৰি অৱ মেথেমেটিক্স (ইংৰাজী: Anglo Assamese Dictionary Of Mathematics নতুবা ইংৰাজী-অসমীয়া গণিত অভিধান) হৈছে ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাৰ এখন গণিত অভিধান। অসমীয়া ভাষাত গণিত বিষয়ত এনে অভিধান এয়ে প্ৰথম।[1] অভিধানখন ৰচনা কৰাত মুঠ চাৰিজন ব্যক্তি জড়িত।মূল লেখক খনীন্দ্ৰ চন্দ্ৰ চৌধুৰীয়ে তেওঁৰ তিনিজন সহযোগীৰ সৈতে ৫০০ পৃষ্ঠাৰ গ্ৰন্থখন ৰচনা কৰিছে। ২০২০ চনৰ নৱেম্বৰ মাহত মহাবীৰ প্ৰকাশনৰ পৰা গ্ৰন্থখন প্ৰথম প্ৰকাশ হয়।[2]

এঙ্গল'আছামিজ ডিক্সনেৰি অৱ মেথেমেটিক্স  
লেখক খনীন্দ্ৰ চন্দ্ৰ চৌধুৰী, নিলাক্ষী গোস্বামী
প্ৰচ্ছদ শিল্পী চন্দন
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় শিক্ষামূলক,
প্ৰকাৰ গণিত অভিধান
প্ৰকাশক মহাবীৰ
প্ৰকাশ নৱেম্বৰ, ২০২০
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ৫০৮
আই.এচ.বি.এন. 978-93-89904-68-0

গণিত বা বিজ্ঞান অভিধান কেৱল শব্দাৰ্থৰ সংকলন নহৈ বিশ্বকোষৰ দৰে হয়। Anglo Assamese Dictionary Of Mathematics খনো তেনেধৰণে লিখা হৈছে। ইয়াত শব্দ বা শব্দগুচ্ছসমূহৰ অৰ্থ আছে আৰু সংজ্ঞাসমূহ ইংৰাজী আৰু অসমীয়া দুয়োটাতে দিয়া আছে। অসমীয়া ব্যাখ্যাৰ লগতে চিত্ৰৰ ব্যাখ্যাও আছে।[1][2]

গণিত-বিজ্ঞানৰ কুইজ প্ৰতিযোগীৰ বাবে গ্ৰন্থখন এক সমল।[1]

লেখকৰ চমু পৰিচয়

সম্পাদনা কৰক

কিতাপখনৰ লেখক খনীন্দ্ৰ চন্দ্ৰ চৌধুৰী। তেখেতৰ তিনিজন সহযোগী নিলাক্ষী গোস্বামী, নৱজিৎ তালুকদাৰ আৰু আৰু মৈত্ৰেয়ী চৌধুৰী।[2]আটাইকেইজন শিক্ষকতা বৃত্তিৰ লগত জড়িত।[1]

খনীন্দ্ৰ চন্দ্ৰ চৌধুৰী এগৰাকী ভাৰতীয় গণিতজ্ঞ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অৱসৰপ্ৰাপ্ত (UGC, EMERITUS) অধ্যাপক। তেওঁ বিমুৰ্ত গণিত (Pure Mathematics)-ত বিশেষকৈ বীজগণিতত বহুলভাৱে কৰা গৱেষণাৰ বাবে পৰিচিত। তেওঁক Goldie Module-ৰ গঠন আৰু Goldie Near-Ring বুলি কোৱা ধাৰণাটো সম্প্ৰসাৰণ কৰাৰ মান্যতা দিয়া হৈছে।[3] চৌধুৰীয়ে গৱেষণামূলক কিতাপৰ লগতে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে পাঠ্যক্ৰম সংক্ৰান্ত বহুতো কিতাপ লিখিছে।

সহযোগী লেখক নিলাক্ষী গোস্বামী গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপিকা। তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে শীৰ্ষস্থান অধিকাৰ কৰিছিল।আই আই টি দিল্লীৰ পৰা তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।[2]

কটন বিশ্ববিদ্যালয়ৰ গণিতৰ বিভাগৰ সহকাৰী অধ্যাপক নৱজিৎ তালুকদাৰ কিতাপখনৰ সহযোগী সম্পাদক। তেওঁ কিছুবছৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগতো অধ্যাপনা কৰিছিল। [2]

আনগৰাকী সহযোগী মৈত্ৰেয়ী চৌধুৰীয়ে চিত্ৰসন্ধান আৰু পুনঃস্থাপনৰ কাম কৰিছে। [2]

  1. 1.0 1.1 1.2 1.3 পংকজ জ্যোতি মহন্ত (২৮ ডিচেম্বৰ, ২০২০). "এখন গণিত অভিধানৰ অভাৱ দূৰ হ'ল". নিয়মীয়া বাৰ্তা: পৃষ্ঠা ১৬. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 Khanindra Chandra Choudhury, Nilakshi Goswami (Nov, 2020). Anglo Assamese Dictionary of Mathematics. Mahaveer Publication. 
  3. "Biography of KCC". People Pill. https://peoplepill.com/people/khanindra-chandra-chowdhury/। আহৰণ কৰা হৈছে: 9 October 2020. 

লগতে চাওক

সম্পাদনা কৰক