ইটো সিটো বহুতো

অসমীয়া চলচ্চিত্ৰ

ইটো সিটো বহুতো (ইংৰাজী: Ito Sito Bahuto) ২২ নৱেম্বৰ ১৯৬৩ চনত মুক্তি পোৱা প্ৰথম অসমীয়া পূৰ্ণাঙ্গ হাস্যৰসাত্মক কথাছবি। ছবিৰ পৰিচালনা, চিত্ৰনাট্য আৰু সঙ্গীত ব্ৰজেন বৰুৱাৰ। জে পি চিনে আৰ্টৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল পৰিচালক বৰুৱাৰ মাতৃ জোনপ্ৰভা বৰুৱানীয়ে। এটা বিদেশী গল্পৰ আধাৰত ছবিৰ কাহিনী ৰচনা কৰা হৈছিল।[1][2]

ইটো সিটো বহুতো
Ito Sito Bahuto

ইটো সিটো বহুতোৰ এটা দৃশ্যত ফণী শৰ্মা আৰু ব্ৰজেন বৰুৱা
পৰিচালক ব্ৰজেন বৰুৱা
চিত্ৰনাট্য ব্ৰজেন বৰুৱা
প্ৰযোজক জোনপ্ৰভা বৰুৱানী
অভিনয়ত ফণী শৰ্মা
ব্ৰজেন বৰুৱা
চিত্ৰগ্ৰহণকাৰী শঙ্কৰ বেনাৰ্জী
সম্পাদনা ৰবীন সেন
সংগীত পৰিচালক ব্ৰজেন বৰুৱা
মুক্তি
২২ নৱেম্বৰ ১৯৬৩
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

মোহন চলিহা অৱসৰপ্ৰাপ্ত মেজৰ। সকলো কথাতে মিলিটেৰী মেজাজ। তেওঁৰ পুত্ৰ বিমান। গুৱাহাটীত পঢ়ে। বিমান আন তিনিজন বন্ধুৰ সৈতে মিচেচ গুপ্তা নামৰ এগৰাকী বিধৱা মহিলাৰ ঘৰত মেচ কৰি থাকে। সিহঁতক শাসন কৰোঁতে মিচেচ গুপ্তা অতিষ্ঠ হৈ পৰে। চলিহাৰ এটা বেমাৰ আছে। খং উঠিলে তেওঁ সকলো কথা পাহৰি যায়। তাৰে সুযোগ লৈ বিমানে মাহেকত দুবাৰকৈ টকা আনে আৰু লগৰীয়াহঁতৰ লগত খাই-বৈ ফুৰ্টি কৰে। কিন্তু শেষত পুতেকৰ চতুৰালি ধৰা পৰাত মেজৰ চলিহা মিচেচ গুপ্তাৰ ঘৰত আহি উপস্থিত হয়হি। এফালে চলিহা আনফালে মিচেচ গুপ্তা; এখন লংকাকাণ্ড হোৱাৰ উপক্ৰম। এনেতে মাজত আহি পৰে এগৰাকী গাভৰু। ঘটনাৰ গতি এনেহে হ'ল যে মেজৰ চলিহা, মিচেচ গুপ্তা, মেচত থকা ল'ৰা চাৰিটা আৰু গাভৰুগৰাকী থানা পালেগৈ।[1]

ঘৰত থাকিল বন কৰা ছোৱালী কাচনমতী, মেজৰ চাহাবৰ ভৃত্য পাইলট আৰু এটা হাতুৰী। এই হাতুৰীটোৱে কাহিনীৰ গতি-প্ৰবাহত বিশেষ ভূমিকা লৈছে। হাতুৰীটোৱে বিভিন্ন ঘটনাৰ সৃষ্টি কৰি উখল-মাখল লগায় আৰু শেষত হাতুৰীটোৱে সকলো সমস্যাৰ সমাধান কৰে।[1]

  • ফণী শৰ্মা (মোহন চলিহা, অৱসৰপ্ৰাপ্ত মেজৰ)
  • ব্ৰজেন বৰুৱা (মেজৰৰ পুত্ৰ বিমান)
  • শৰৎ দাস
  • মোৱাজ্জিন আলি
  • গিৰিণ বৰুৱা
  • প্ৰবীন বৰা

  • সুতপা মজুমদাৰ
  • সাধনা ৰায়চৌধুৰী
  • কৰুণা গোস্বামী
  • অমৰেন্দ্ৰ ঠাকুৰ
  • সমৰেন শইকীয়া

সঙ্গীত পৰিচালনা কৰিছিল ব্ৰজেন বৰুৱাই। গীত লিখিছিল নৱকান্ত বৰুৱা আৰু কেশৱ মহন্তই।[3]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "বক্ উৰি পখিলাটি বগা-কলা পাখিমেলি, তাৰ কথা ভাবিগুণি কিনোবা কৰিম"  নৱকান্ত বৰুৱাব্ৰজেন বৰুৱা  
2. "মন মোৰ চম্পাকলি উন্মুখ অন্তৰ খুলি সানিলে তন্দ্ৰাৰ মায়া"  কেশৱ মহন্ত   
3. "কোন তুমি আনমনা আহি মনেমনে, সোণ বুলি মাতিলাহি মোৰ কাণেকাণে"  কেশৱ মহন্ত   
4. "নেমাত চেনাই বুলি নেচাৱ চকু মেলি, কলিজা মনে মোৰ জ্বলি জ্বলি এ"      
  1. 1.0 1.1 1.2 1.3 Arunlochan Das (2013). 100 Asomiya Chalachchitror kahini Aru Geet. Sashi-Sishu Prakashan, Guwahati. পৃষ্ঠা. 126. 
  2. "Ito Sito Bahuto (1963) – Assamese Film". https://www.assams.info/movies/ito-sito-bahuto-1963। আহৰণ কৰা হৈছে: 23 April 2020. 
  3. Babul Das (1985). Asomiya Bolchabir Geetor Sankalan. Bani Prakash, Dibrugarh. পৃষ্ঠা. 97. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক