বীণা দাস মান্না

অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী

বীণা দাস বা বিবাহসূত্ৰে বীণা দাস মান্না (ইংৰাজী: Bina Das Manna, ১৯৩৪- ১ ফেব্ৰুৱাৰী ২০১০[1]) অসমৰ এগৰাকী অভিনেত্ৰী আছিল। সতী বেউলা ছবিৰে চলচ্চিত্ৰ জগতত ভৰি দিয়া মান্নাই প্ৰায় দেৰকুৰি অসমীয়া ছবিত অভিনয় কৰিছে। তেওঁ অভিনয় কৰা শেষ মুক্তিপ্ৰাপ্ত ছবি আছিল অ’ মোৰ মনে তৰা। তেওঁ আকাশবাণীৰ এগৰাকী নিয়মীয়া অভিনেত্ৰী আছিল আৰু তেওঁ অভিনয়, পৰিচালনা বা প্ৰযোজনা কৰা অঁনাতাৰ নাটৰ সংখ্যা প্ৰায় ১৫০০খন। তেওঁ বিশেষকৈ কৌতুকধৰ্মী অভিনয়ৰ বাবে জনাজাত আছিল। মান্নাক বিষ্ণু ৰাভা বঁটা আৰু আইদেউ সন্দিকৈ বঁটাৰে সন্মানিত কৰা হৈছে।[2]

বীণা দাস মান্না

গঙা চিলনীৰ পাখিৰ এটা দৃশ্যত বীণা দাস মান্না
জন্ম ১৯৩৪
গুৱাহাটী
মৃত্যু ১ ফেব্ৰুৱাৰী ২০১০
গুৱাহাটী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা মঞ্চ, অঁনাতাৰ আৰু চলচ্চিত্ৰ অভিনেত্ৰী
উল্লেখযোগ্য কৰ্ম গঙা চিলনীৰ পাখি, বিভ্ৰাট
ধৰ্ম হিন্দু ধৰ্ম
দাম্পত্যসঙ্গী বিমল চন্দ্ৰ মান্না

জীৱনী সম্পাদনা কৰক

১৯৩৪ চনত গুৱাহাটীৰ বামুনীমৈদামত মান্নাৰ জন্ম হয়। সৰ্বেশ্বৰ চক্ৰৱৰ্তী পৰিচালিত মঞ্চনাটক কাৰাগাৰৰ যোগেদি তেওঁৰ অভিনয় জীৱন আৰম্ভ হয়। ফণী শৰ্মাভোগজৰা নাটকত তেওঁ ৰূপা পাগলীৰ চৰিত্ৰত অবিস্মৰণীয় অভিনয় কৰিছিল। [3] ১৯৫২ চনত অনাতাঁৰ কেন্দ্ৰ যোগে তেওঁৰ প্ৰথম নাটক মণিৰাম দেৱান সম্প্ৰচাৰিত হয়। ইয়াৰ পিছতে তেওঁ অনাতাঁৰ কেন্দ্ৰৰ নিয়মীয়া অভিনেত্ৰী হিচাপে নিযুক্তি লাভ কৰে। ১৯৫২ চনৰ পৰা ১৯৯৪ চনলৈ এক সুদীৰ্ঘ সময় তেওঁ আকাশবাণীত তেওঁ সেৱা আগ বঢ়াইছিল। তেওঁ অভিনয়, পৰিচালনা বা প্ৰযোজনা কৰা অঁনাতাৰ নাটৰ সংখ্যা প্ৰায় ১৫০০খন।[1] ১৯৫৪ চনত মুক্তি পোৱা সতী বেউলাৰ যোগেদি মান্নাই চলচ্চিত্ৰাভিনয়ৰ পাতনি মেলে। তেওঁ প্ৰায় দেৰকুৰি অসমীয়া চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ অভিনয় কৰা শেষ মুক্তিপ্ৰাপ্ত ছবিখন আছিল অ’ মোৰ মনে তৰা[2]

তেওঁ কলকাতাৰ বিমল চন্দ্ৰ মান্নাক বিয়া কৰাইছিল। ১ ফেব্ৰুৱাৰী ২০১০-ত গুৱাহাটীত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ এজন পুত্ৰ সন্তানক এৰি থৈ যায়।[2]

চলচ্চিত্ৰপঞ্জী সম্পাদনা কৰক

সন্মান আৰু স্বীকৃতি সম্পাদনা কৰক

সাংস্কৃতিক জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে মান্নাই অসম চৰকাৰৰ শিল্পী পেনচন লাভ কৰে। তাৰোপৰি শিল্পী দিৱস উদযাপন সমিতিৰ দ্বাৰা তেওঁক বিষ্ণু ৰাভা বঁটা[2] আৰু ২০০৮ চনত যোৰহাটআইদেউ সন্দিকৈ বঁটা প্ৰদান কৰা হয়।[3]

তথ্য উৎস সম্পাদনা কৰক