ভাৰত-আৰ্য ভাষা পৰিয়াল
ভাৰত-আৰ্য বা ভাৰতীয় ভাষাসমূহ হৈছে ভাৰতীয় উপমহাদেশৰ মুখ্য ভাষা। ভাষাকেইটাই ভাৰত-ইৰানীয় ভাষাসমূহৰ এডাল ডাল অন্তৰ্ভুক্ত কৰে, যোনটো নিজেই ভাৰত-ইউৰোপীয় ভাষাপৰিয়াল ৰ এডাল ডাল। ভাৰত-আৰ্য কওঁতা সকল মুঠ ভাৰত-ইউৰোপীয় কওঁতাৰ এভাগ আৰু আধা (৩ বিলিয়নৰ প্ৰায় ১.৫)। ভাষাসমূহ দক্ষিণ এছিয়াত প্ৰধানকৈ প্ৰচলিত হোৱাৰ বাহিৰেও ইউৰোপ আৰু মধ্যপ্ৰাচ্যতো কোৱা হয়। আটাইতকৈ বেছি ভাষী থকা ভাষাসমূহ হৈছে: হিন্দুস্তানী (হিন্দী-উৰ্দু, প্ৰায় ৩২৯ নিযুত), বঙালী (প্ৰায় ২৪২ নিযুত), পঞ্জাবী (প্ৰায় ১০০ নিযুত) আৰু বাকী ভাষাসমূহৰ ২০০৫ৰ হিচাপ অনুসৰি প্ৰায় ৯০০ নিযুত কওঁতা আছে।
ভাৰত-আৰ্য | |
---|---|
ভাৰতীয় | |
ভৌগোলিক বিস্তৃতি: |
দক্ষিণ এছিয়া (আৰু ইউৰোপ তথা মধ্যপ্ৰাচ্যৰ কিছু এলেকা। ) |
ভাষাৰ শ্ৰেণীবিভাজন: | ভাৰত-ইউৰোপীয়
|
প্ৰাক্-ভাষা: | আদি-ভাৰত-আৰ্য |
উপশ্ৰেণীসমূহ: | |
ISO 639-5: | inc |
১৯৭৮ চনৰ মানচিত্ৰখনত প্ৰধান ভাৰত-ইৰানীয় ভাষাসমূহৰ ভৌগোলিক অৱস্থান দেখুওৱা হৈছে। (উৰ্দু ভাষা হিন্দী ভাষাৰ অন্তৰ্ভুক্ত কৰা হৈছে। ৰোমানী ভাষা, দোমাৰী ভাষা আৰু ল’মাভ্ৰেন ভাষাৰ অৱস্থান মানচিত্ৰখনৰ বাহিৰত। ) বিন্দুযুক্ত/ৰেখাযুক্ত এলেকাসমূহে বহুভাষিকতা দেখাইছে।
|
ইতিহাস
সম্পাদনা কৰকআদি-ভাৰত-আৰ্য
সম্পাদনা কৰকআদি-ভাৰত-আৰ্য (বা আদি-ভাৰতীয়) হৈছে ভাৰত-আৰ্য ভাষাসমূহৰ পুনৰ্গঠন কৰা আদি-ভাষা। এই কাম আদি-ভাৰত-আৰ্যসকলৰ ভাষাৰ পুনৰ্গঠনৰ উদ্দেশ্যে কৰা হৈছে। আদি-ভাৰত-আৰ্য হৈছে পুৰণি ভাৰত-আৰ্যৰ (১৫০০-৩০০ খ্ৰীষ্টপূৰ্ব) পূৰ্বপুৰুষ, যোনটো বেদীয় সংস্কৃত আৰু মিতান্নী-আৰ্য হিচাপে প্ৰত্যক্ষভাবে প্ৰত্যায়তি। বেদীয় অতি প্ৰাচীন তথাপিও আন ভাৰত-আৰ্য ভাষাসমূহে প্ৰাচীন লক্ষণসমূহৰ এটা সৰু অংশ সংৰক্ষিত কৰি ৰাখিছে, যোনখিনি বেদীয়ত হেৰাইছে।
ভাৰতীয় উপমহাদেশ
সম্পাদনা কৰক- আদি-ভাৰত আৰ্য (পুনৰ্গঠন কৰা)
- পুৰণি ভাৰত-আৰ্য (কা. ১৫০০–৩০০ খ্ৰীষ্টপূৰ্ব)
- প্ৰাথমিক পুৰণি ভাৰত-আৰ্য: বেদীয় সংস্কৃত (১৫০০ৰ পৰা ৫০০ খ্ৰীষ্টপূৰ্ব)
- পিছৰ পুৰণি ভাৰত-আৰ্য: এপিক সংস্কৃত, ক্লাছিকেল সংস্কৃত (৫০০-৩০০ খ্ৰীষ্টপূৰ্ব)
- মধ্য ভাৰত-আৰ্য বা প্ৰকৃতসমূহ, পুৰণি উৰিয়া (কা. ৩০০ খ্ৰীষ্টপূৰ্বৰ পৰা ১৫০০ CE) [চাওক]
- প্ৰাথমিক আধুনিক ভাৰত-আৰ্য (পিছৰ মধ্যযুগীয় ভাৰত)
পুৰণি ভাৰত-আৰ্য
সম্পাদনা কৰকএই গোটটোৰ সৰ্বপ্ৰথম প্ৰমাণ বেদীয় আৰু মিতান্নী-আৰ্যৰ পৰা আহিছে। বেদীয় ব্যৱহাৰ হৈছিল প্ৰাচীন সংৰক্ষিত ধাৰ্মিক স্তুতিত, যি হৈছে হিন্দু ধৰ্মৰ মূল ধৰ্মশাস্ত্ৰ যাক বেদ হিচাপে জনা যায়। মিতান্নী-আৰ্যৰ বয়স ঋগবেদৰ ভাষাৰ বয়সৰ অনুৰূপ, কিন্তু ইয়াৰ একমাত্ৰ প্ৰমাণ হৈছে কেইটামান নাম আৰু ঋণশব্দ। বেদৰ ভাষা – যাক আধুনিক পণ্ডিতসকলে "বেদীয় সংস্কৃত" বুলি কয় – হৈছে কেৱল সীমিতভাৱে আদি-ভাৰত আৰ্য (ভাৰত আৰ্য ভাষাসমূহৰ আদি ভাষা)ৰ পৰা বেলেগ।
বেদীয়ৰ পৰা, "সংস্কৃত" (অৰ্থ হৈছে "একেলগে থোৱা") সংস্কৃতি, বিজ্ঞান আৰু ধৰ্ম, তদুপৰি আদালত, থিয়েটাৰ আদিৰ এটি আদৰণীয় ভাষা হিচাপে উন্নীত হৈছিল।