ইমাম (আৰবী: إمام, বহুবচনঃ أئمة; ফাৰ্চী: امام) ইছলাম ধৰ্মাৱলম্বী সকলে ব্যৱহাৰ কৰা এটা শব্দ, যাৰ দ্বাৰা সাধাৰণভাৱে মুছলিম সমাজৰ নেতৃস্থানীয় ব্যক্তিক বুজোৱা হয়। সৰ্বাধিক প্ৰচলিত অৰ্থে ইমাম হ'ল সেইজন ব্যক্তি যিজনে মছজিদ বা বাহিৰত জামায়াতনামাজ পৰিচালনা কৰে। ইয়াৰ উপৰিও, ইছলামৰ বিষয়ে অগাধ পাণ্ডিত্যৰ অধিকাৰী ব্যক্তি বা উচ্চ পৰ্যায়ৰ আলিমক ইমাম হিচাপে সম্বোধন কৰা হয়।

আৰবী শব্দ হিচাপে ইমাম শব্দটো কোৰআনৰ বিভিন্ন অৰ্থত ব্যৱহাৰ হৈছে। ছুৰা বাকাৰাৰ ১২৪ নম্বৰ আয়াতত ব্যৱহাৰ অনুযায়ী ইমামৰ অৰ্থ হ'ল- নেতা; ইমামৰ অৰ্থ কিতাব।

লগতে চাওক

সম্পাদনা কৰক

তথ্য সূত্ৰ

সম্পাদনা কৰক