ইলিয়ানা ডি'ক্ৰুজ

ভাৰতীয় অভিনেত্ৰী

ইলিয়ানা ডি'ক্ৰুজ (ইংৰাজী: Ileana D'Cruz; জন্ম: ১ নৱেম্বৰ ১৯৮৭) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। ইলিয়ানাক সাধাৰণতে তেলুগু আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰত দেখিবলৈ পোৱা যায়। তেখেতৰ জন্ম হৈছিল মুম্বাইত। পিতৃ ৰোনাল্ড ডি'ক্ৰুজ এগৰাকী অধিবক্তা আৰু মাতৃ হৈছে সমীৰা। শৈশৱৰ অধিকাংশ সময় ইলিয়ানাই গোৱাতেই কটায়। ২০০৬ চনত তেলুগু ভাষাৰ ছবি 'দেৱদাসু'ৰ জৰিয়তে ইলিয়ানাৰ পৰ্দাত অভিষেক ঘটে। ছবিখনে ব্যৱসায়িকভাৱে সফল ছবি হিচাপে পৰিগণিত হয়। ইয়াৰ লগতে ইলিয়ানাই শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰে।

ইলিয়ানা ডি'ক্ৰুজ

২০১৮ চনত মুক্তিপ্ৰাপ্ত 'ৰেইড' নামৰ হিন্দী কথাছবিখনৰ এটা অনুষ্ঠানত
জন্ম ১ নৱেম্বৰ, ১৯৮৭ (৩৬ বছৰ)
বোম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৬–বৰ্তমান

তেলুগু ভাষাৰ ছবি 'পকিৰি' (২০০৮), 'জলশা' (২০০৮), 'কিক' (২০০৯) আৰু 'জুলায়ি' (২০১২)-ৰ জৰিয়তে ইলিয়ানাই বিশেষ পৰিচিতি আৰু প্ৰতিষ্ঠা লাভ কৰে।[1] ২০০৬ চনত মুক্তি লাভ কৰা 'কেড়ি' হৈছে ইলিয়ানাই অভিনয় কৰা প্ৰথমখন তামিল ভাষাৰ ছবি। ইয়াৰ লগতে ২০১২ চনত নিৰ্মিত 'ননবান'তো ইলিয়ানাই অভিনয় কৰে।[2] প্ৰসিদ্ধ ছবি পৰিচালক অনুৰাগ বসুৰ 'বৰ্ফি!' হৈছে ইলিয়ানাই অভিনয় কৰা প্ৰথমখন হিন্দী ভাষাৰ কথাছবি। ছবিখনে ২০১২ চনত মুক্তিলাভ কৰিছিল। ইয়াৰ পিছত ইলিয়ানাই 'মেই তেৰা হিৰো' (২০১৪), 'ৰাস্তম' (২০১৬), 'বাদশ্বাহো' (২০১৭) আৰু 'ৰেইদ' (২০১৮) নামৰ হিন্দী ছবিকেইখনত অভিনয় কৰে।[3]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

১৯৮৭ চনৰ ১ নৱেম্বৰত মুম্বাইৰ মহিমৰ এটি গোৱান কেথলিক পৰিয়ালত ডি'ক্ৰুজৰ জন্ম হয়।[4][5] অৱশ্যে দহ বছৰ বয়সতে তেখেতৰ পৰিয়ালটো গোৱাৰ পাৰালৈ উঠি আহে।[6] তেওঁৰ মাতৃভাষা হৈছে কোংকণী[7][8]

সেইখিনি সময়তে মাকে কাম কৰা হোটেলৰ মেনেজাৰগৰাকীয়ে ইলিয়ানাৰ মাকক জনায় যে-ইলিয়ানা এটি সুন্দৰ হাঁহিৰ গৰাকী। আৰু সেয়েহে তাই মডেলিঙৰ জগতত চেষ্টা এটা চলাই চাব লাগে। ইয়াৰ পৰিণতিস্বৰূপে মাৰ্ক ৰবিনছনৰ লগত সাক্ষাৎ এটা ঠিক কৰা হ'ল। প্ৰাৰম্ভিক পৰ্যায়ৰ অসন্মতিসূচক মনোভাৱ পৰিহাৰ কৰি অৱশেষত ইলিয়ানা মান্তি হয় আৰু এনেকৈয়ে ২০০৩ চনৰ জানুৱাৰী মাহত ইলিয়ানাৰ প্ৰথমটো পৰ্টফলিঅ' প্ৰস্তুত হয়। প্ৰথম পৰ্টফলিঅ'টোক ইলিয়ানাই বীভৎস বা "disaster" হিচাপে গণ্য কৰে। পৰৱৰ্তী সময়ত ইলিয়ানাই মডেলিঙৰ জৰিয়তে দৃষ্টি আকৰ্ষণ কৰে আৰু ইলেক্ট্ৰলাক্স, ইমামি আৰু ফেয়াৰ এণ্ড লাভলিৰ দৰে ব্ৰেণ্ডৰ লগত বিজ্ঞাপন কৰে। বিজ্ঞাপন জগততে তেখেতৰ সাক্ষাৎ হয় ৰাকেশ ৰোচনৰ লগত। ৰাকেশ ৰোচনে ইলিয়ানাৰ প্ৰতিভাক স্বীকৃতি জনায় আৰু ছবিত অভিনয়ৰ বাবে বহুকেইটা প্ৰস্তাৱ লৈ আহে।[8][9]

কৰ্মজীৱন সম্পাদনা কৰক

২০০৫ চনত, ডি'ক্ৰুজক পৰিচালক তেজাই অদিশ্যনৰ বাবে আমন্ত্ৰণ জনায়। পিছে দুৰ্ভাগ্যজনকভাৱে সেইটো প্ৰকল্প বাতিল কৰা হয়।[8] ২০০৬ চনত মুক্তি লাভ কৰা তেলুগু ভাষাৰ ৰোমাণ্টিক কথাছবি 'দেৱদাসু' হৈছে ইলিয়ানাই অভিনয় কৰা প্ৰথমখন তেলুগু ভাষাৰ ছবি। ছবিখনৰ পৰিচালক হৈছে ৱাইভিএছ চৌধুৰী। ছবিখনৰ কাম কৰাৰ পূৰ্বে ইলিয়ানাই অৰুণা ভিক্ষুৰ লগত ছবি-সম্পৰ্কীয় পাঠদান গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত ইলিয়ানাই মত পোষণ কৰে যে ছবিখন কৰি থকা সময়ত তেখেতে চাপ অনুভৱ কৰিছিল; "pressured ... almost cried and didn't want to go further", but went ahead after her mother encouraged her, giving her "the lecture of a lifetime [...] at 3 am."[10] ছবিখনে ব্যৱসায়িক সফলতা অৰ্জন কৰা লগতে ফিল্মফেয়াৰ বঁটা-দক্ষিণৰ শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ সন্মান লাভ কৰে।[11]

২০০৬ চনত মুক্তিলাভ কৰা তামিল ভাষাৰ ছবি 'কেড়ি' হৈছে ইলিয়ানাৰ প্ৰথমখন তামিল ছবি। ছবিখনে বক্স অফিচত আশানুৰূপ সফলতা দেখুৱাব নোৱাৰিলে যদিও ইলিয়ানাৰ বাবে প্ৰতিভা বিকাশৰ এখন নতুন দ্বাৰ এইদৰেই বিকশিত হৈ উঠিল।[12][13]

ইলিয়ানাই অভিনয় কৰা প্ৰথমখন হিন্দী ছবি আছিল অনুৰাগ বসুৰ দ্বাৰা পৰিচালিত 'বৰ্ফি!'।[14] ছবিখনত এগৰাকী কথকৰ ভূমিকা পালন কৰাৰ উপৰি তেখেতে শ্ৰুতি ঘোষ নামৰ চৰিত্ৰটোও ৰূপায়ণ কৰে। ছবিখনে ২০১২ চনৰ ১৪ ছেপ্টেম্বৰত মুক্তি লাভ কৰে।[15] আৰু দৰ্শক-সমালোচকৰ পৰা ভৰপূৰ প্ৰশংসা লাভ কৰে।[16] ব্যৱসায়িক দিশতো ছবিখনে অপাৰ সফলতা লাভ কৰে। সমগ্ৰ বিশ্বজুৰি ছবিখনৰ মুঠ উপাৰ্জন হয়গৈ প্ৰায় ১.৭৫ বিলিয়ন।[17]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. rediff.com: 'Acting was never my dream' Archived 4 March 2016 at the Wayback Machine. Specials.rediff.com. Retrieved on 28 May 2011.
  2. "Will Vijay's Nanban touch the Rs. 100 Crore mark?". Sify. 21 January 2012. http://www.sify.com/movies/will-vijay-s-nanban-touch-the-rs-100-crore-mark-news-tamil-mbvkqKbfhia.html?scategory=tamil। আহৰণ কৰা হৈছে: 25 January 2012. 
  3. https://www.imdb.com/name/nm2299825/
  4. "Ileana D'Cruz turns 30: Let the birthday girl and her beau Andrew Kneebone give you relationship goals" (en ভাষাত). India Today. https://www.indiatoday.in/amp/movies/photo/happy-birthday-ileana-dcruz-boyfriend-andrew-kneebone-photos-1079928-2017-11-01। আহৰণ কৰা হৈছে: 2020-08-11. 
  5. Gupta, Priya (27 September 2013). "No one can contain me: Ileana D'Cruz". The Times of India. Bennett,Coleman & Co. Ltd.. http://timesofindia.indiatimes.com/entertainment/bollywood/news-interviews/No-one-can-contain-me-Ileana-DCruz/articleshow/23101020.cms?referral=PM। আহৰণ কৰা হৈছে: 21 June 2014. 
  6. "Bollywood Calling Ileana D'Cruz!". Archived from the original on 17 December 2013. https://web.archive.org/web/20131217090244/http://beta.vivagoaonline.com/bollywood-calling-ileana-dcruz/। আহৰণ কৰা হৈছে: 16 December 2013. 
  7. "Goan diaspora makes a mark worldwide", Indo-Asian News Service via 'Times of India' (14 January 2007). Retrieved 18 November 2010.
  8. 8.0 8.1 8.2 rediff.com: The hottest heroine of Telugu cinema Archived 2 June 2011 at the Wayback Machine. Specials.rediff.com (23 August 2006). Retrieved on 28 May 2011.
  9. PIX: Know more about Barfi! 's GORGEOUS Ileana!, Slide 3
  10. rediff.com: The hottest heroine of Telugu cinema Archived 4 June 2011 at the Wayback Machine. Specials.rediff.com (23 August 2006). Retrieved on 28 May 2011.
  11. "Bachchans, Chiranjeevi, Mammootty at the 54th Filmfare Awards (South)". Indiatimes Movies. 24 June 2008. Archived from the original on 24 June 2008. https://web.archive.org/web/20080624153550/http://movies.indiatimes.com/articleshow/msid-2260138%2Cflstry-1.cms। আহৰণ কৰা হৈছে: 23 February 2021. 
  12. Ronamai, Raymond (1 June 2007). "Ileana turns hot again". One India. Archived from the original on 18 February 2013. https://archive.is/20130218000652/http://entertainment.oneindia.in/telugu/top-stories/ileana-aata-success-010607.html। আহৰণ কৰা হৈছে: 23 February 2021. 
  13. "'Asin's no to Surya'". sify.com. http://sify.com/movies/tamil/fullstory.php?id=14245822। আহৰণ কৰা হৈছে: 9 November 2006. 
  14. Anurag Basu confirms Telugu actress Ileana D'Cruz opposite Ranbir in Barfee Archived 3 October 2012 at the Wayback Machine.Bollywoodhungama.com (13 December 2010). Retrieved on 28 May 2011.
  15. "50 Hottest Pics of Ileana D'Cruz". invectura.com. 14 September 2012. Archived from the original on 15 September 2012. https://web.archive.org/web/20120915093359/http://www.invectura.com/50-hottest-pics-of-ileana-dcruz-barfi-girl/। আহৰণ কৰা হৈছে: 14 September 2012. 
  16. Saptarishi Dutta. "Review Round-Up: 'Barfi! ' Charms". The wall street journal. https://blogs.wsj.com/indiarealtime/2012/09/14/review-round-up-barfi-charms/। আহৰণ কৰা হৈছে: 14 September 2012. 
  17. "Top Ten Worldwide Grossers 2012". Box Office India. 17 January 2013. Archived from the original on 2 June 2013. https://web.archive.org/web/20130602044123/http://boxofficeindia.com/boxnewsdetail.php?page=shownews&articleid=5301&nCat=। আহৰণ কৰা হৈছে: 18 January 2013.