ইলোৰা ৰায়চৌধুৰী (ইংৰাজী: Ellora Roychoudhury) হৈছে মৰণোত্তৰভাৱে নেত্ৰদান আৰু দেহদান কৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা।[1][2][3][4][5][6] তেখেত আছিল এগৰাকী বাঁওপন্থী কৰ্মী আৰু বিশিষ্ট সমাজ সেৱক। অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ বংশধৰ প্ৰয়াত হেমন্ত ৰায়চৌধুৰী আৰু মাতৃ বিনা ৰায়চৌধুৰীৰ জীয়ৰী ইলোৰা ৰায়চৌধুৰীয়ে ২০০৩ চনৰ ১৫ মে' তাৰিখে দুৰাৰোগ্য কৰ্কটৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে।[1][2] মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩৪ বছৰ। ইলোৰা ৰায়চৌধুৰীৰ মৃত্যুয়ে অসমত এক নতুন আন্দোলনৰ সূচনা কৰে। তেওঁৰ প্ৰথম মৃত্যুবাৰ্ষিকীত (১৫ মে', ২০০৪) ইলোৰা বিজ্ঞান মঞ্চ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ প্ৰতিষ্ঠা হয়। ইয়াৰ জৰিয়তে অসমতো মৰণোত্তৰ অংগদান, নেত্ৰদান আৰু চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধনৰ বাবে দেহদান আৰম্ভ হয়। পৰৱৰ্তী কালত ইলোৰা বিজ্ঞান মঞ্চ অসমত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে বৈজ্ঞানিক মানসিকতা প্ৰসাৰৰ এক অগ্ৰণী অনুষ্ঠানত পৰিণত হয়।[7]

ইলোৰা ৰায়চৌধুৰী

ইলোৰা ৰায়চৌধুৰী
জন্ম ১ এপ্ৰিল, ১৯৬৯
মঙ্গলদৈ, দৰং
মৃত্যু ১৫ মে', ২০০৩ (৩৪ বছৰ)
গুৱাহাটী
মৃত্যুৰ কাৰণ কৰ্কট ৰোগ
শিক্ষা সন্দিকৈ ছোৱালী মহাবিদ্যালয়
জনা যায় মৰণোত্তৰ নেত্ৰদান-দেহদান কৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম মহিলা
গৃহস্থান বৰপেটা

ইলোৰা ৰায়চৌধুৰীৰ জন্ম হয় ১৯৬৯ চনৰ ১ এপ্ৰিল তাৰিখে দৰং জিলাৰ মঙ্গলদৈ চহৰত। পিতৃ অসম কেশৰী অম্বিকাগিৰীৰ বংশৰ ৰায়চৌধুৰী পৰিয়ালৰ প্ৰয়াত হেমন্ত ৰায়চৌধুৰী আৰু মাতৃ বিনা ৰায়চৌধুৰী।

শিক্ষা আৰু কৰ্মজীৱন

সম্পাদনা কৰক

সপ্তম মান শ্ৰেণীলৈ বৰপেটাৰ জুৰোৰাম পাঠক ছোৱালী হাইস্কুলত পঢ়ি ১৯৮২ চনত গুৱাহাটীৰ তাৰিণী চৰণ চৌধুৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অষ্টম মান শ্ৰেণীত নাম ভৰ্তি কৰি ১৯৮৫ চনত সুখ্যাতিৰে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰে পিছত ১৯ ৮৭ চনত আৰ্য্য বিদ্যাপিঠ মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত উত্তীৰ্ণ হৈ ১৯৯১ চনত টেক্সটাইল টেকন'লজি ইঞ্জিনীয়াৰিঙৰ তিনিবছৰীয়া পাঠ্যক্ৰমৰ ডিপ্লোমা লৈ পুনৰ ১৯৯৫ চনত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।

১৯৯৩ চনৰ মাৰ্চ মাহত ইলোৰা ৰায়চৌধুৰীয়ে হস্ত-তাঁত আৰু বস্ত্ৰ সঞ্চালকালয়ত প্ৰদৰ্শিকা হিচাপে চাকৰিত যোগদান কৰে।

সামাজিক জীৱন

সম্পাদনা কৰক

ইলোৰা ৰায়চৌধুৰী ছাত্ৰাৱস্থাৰ পৰাই প্ৰগতিশীল আৰু গণতান্ত্ৰিক ছাত্ৰ আন্দোলনৰ লগত যুক্ত হয়। ১৯৭৯-৮৫ চনৰ অসম আন্দোলনৰ সময়ছোৱাত উগ্ৰ জাতীয়তাবাদী আৰু বিছিন্নতাবাদী সকলৰ বিভিন্ন নিৰ্যাতনৰ সন্মুখীন হয়। ১৯৮৫ চনত ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ সদস্যপদ লাভ কৰে। বিবাহৰ পিছতে নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ সৈতে যুক্ত হয়। সমাজৰ দৰিদ্ৰ অংশৰ মহিলা সকলৰ মাজত স্ত্ৰী শিক্ষাৰ প্ৰসাৰৰ বাবে গুৱাহাটীৰ হেদায়ৎপুৰত স্বাক্ষৰতা কেন্দ্ৰৰ জন্ম দি কেন্দ্ৰটো নিয়াৰিকৈ পৰিচালনা কৰি বহু অনাখৰি মহিলাক লিখিব পঢ়িব পৰা কৰিছিল। তেওঁ অসম ৰাজ্যিক কৰ্মচাৰী ফেডাৰেচনৰো সক্ৰিয় কৰ্মী তথা নেত্ৰী আছিল।[8]

বৈবাহিক জীৱন

সম্পাদনা কৰক

১৯৯৪ চনত সমাজকৰ্মী ইছফাকুৰ ৰহমানৰ সৈতে বিবাহ হয়। ১৯৯৭ চনত পুত্ৰ সন্তান সুস্মিত ইছফাকৰ জন্ম হয়।

শেষ ইচ্ছাপত্ৰত স্বাক্ষৰ আৰু মৃত্যু

সম্পাদনা কৰক

মাত্ৰ ৩৪ বছৰ বয়সতে ইলোৰা ৰায়চৌধুৰী দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হ‍ৈ ২০০৩ চনৰ ১৫ মে' তাৰিখে গুৱাহাটীৰ হেদায়ৎপুৰৰ বাসস্থানত মৃত্যু হয়। নিজৰ চিকিৎসা সংক্ৰান্তত চেন্নাইলৈ অহা যোৱা কৰি থকাৰ মাজতে এবাৰ এখন বাতৰি কাকতত মৰণোত্তৰ দেহদান আৰু অংগ সংস্থাপন সম্পৰ্কে বাতৰি পঢ়ি ইলোৰাই মৃত্যুৰ আগ মুহূৰ্তত ১৭ মাৰ্চ ২০০৩ তাৰিখে শেষ ইচ্ছাপত্ৰত স্বাক্ষৰিত কৰি নিজৰ মৃত দেহটো চিকিৎসা বিজ্ঞানৰ গৱেষণাৰ স্বাৰ্থত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষক অৰ্পণ কৰি থৈ যায়। তেওঁৰ মৃত্যুৰ কেইঘণ্টামানৰ পিছতে তেখেতৰ চকুযুৰি গুৱাহাটী শংকৰদেৱ নেত্ৰালয়ৰ চিকিৎসকে স্বামী ইছফাকুৰ ৰহমানৰ সন্মতি সাপেক্ষে অস্ত্ৰোপ্ৰচাৰ কৰি ঘৰৰ পৰা লৈ যায়।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 "A life less ordinary ends with noble gesture", The Telegraph,15 May,2003,Guwahati
  2. 2.0 2.1 Body donor's family carries out last wish, Telegraph, 17 February 2005.
  3. GMCH leads by Ellora example, The telegraph, 18 October, 2003
  4. সাক্ষাৎকাৰ : ড° অনিমা গুহৰ দৃষ্টিৰে ড° অমলেন্দু গুহ
  5. মৰোণোত্তৰ দেহদান
  6. First Muslim body donor in Assam, The Hindu, 18 May, 2011.
  7. How to Donate Body For Medical Research,The Sentinel, 31 December 2018
  8. অনন্যা ইলোৰা',প্ৰকাশক: নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি, অসম ৰাজ্যিক কমিটি, জুন ২০০৩