উত্তৰ-পূব সীমান্ত ৰে’লৱে

(উত্তৰ-পূব সীমান্ত ৰেলসেৱাৰ পৰা পুনঃনিৰ্দেশিত)

উত্তৰ-পূব সীমান্ত ৰে’লৱে’ (ইংৰাজী: Northeast frontier Railway) হ’ল ৰে’লৱে’ ভাৰতীয় ৰেলৰ ষোলটা ৰেল মণ্ডলৰ (zone) আটাইতকৈ সৰু ৰেল মণ্ডল; অথচ ই আটাইতকৈ বেছি ৰাজ্যক সামৰি লৈছে। উত্তৰ-পূব সীমান্ত ৰে’লৱে’ৰ মানচিত্ৰই সামৰি লোৱা ৰাজ্যকেইখন হ’ল— অসম, মেঘালয়, পশ্চিমবংগ, বিহাৰ, নাগালেণ্ড, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু মণিপুৰ। এই জ’নটোৱে উত্তৰ পূৰ্বাঞ্চলৰ আঠোখন (ছিক্কিমকে ধৰি) ৰাজ্যৰ বাসিন্দালৈ সেৱা আগবঢ়োৱাৰ উপৰিও উত্তৰ বংগ আৰু পূব বিহাৰলৈয়ো সেৱা আগবঢ়াইছে। উত্তৰ-পূব সীমান্ত ৰে’লৱে’ৰ সদৰ গুৱাহাটীৰ অন্তৰ্গত মালিগাঁৱত

উত্তৰ-পূব সীমান্ত ৰেলৱে
Logo
System map
3 নম্বৰ অংশই উত্তৰ-পূব সীমান্ত ৰেলৱেক বুজাইছে
অঞ্চল অসম, মেঘালয়, ত্ৰিপুৰা, নাগালেণ্ড,পশ্চিমবংগ আৰু বিহাৰ
কাৰ্যকাল ১৯৫৮–বৰ্তমানলৈ
পূৰ্বসূৰি উত্তৰ পূব ৰেলৱে
মুখ্য কাৰ্যালয় মালিগাঁও, গুৱাহাটী
ৱেবছাইট উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৱেবছাইট

১৮৮২ চনত অসম ৰে’লৱে’ এণ্ড ট্ৰেডিং কোম্পানীয়ে প্ৰথম অসমত ৰেলপথ স্থাপন কৰিছিল। ডিব্ৰুগড়ৰ আমোলাপট্টিৰ পৰা দিনজানলৈ নিৰ্মাণ কৰা ১৫ ক:মি: দৈৰ্ঘ্যৰ ৰেলপথচোৱা মূলতঃ চাহপাত আৰু কয়লা কঢ়িয়াবলৈ ১৯৮৪ চনত মাৰ্ঘেৰিটালৈ সম্প্ৰসাৰণ কৰা হৈছিল। এই কোম্পানীটোৱে ডিব্ৰু-শদিয়া ৰে’লৱে’ নামেৰে অসমত প্ৰথম যাত্ৰীবাহী ৰেলৰ প্ৰচলন কৰিছিল। আনহাতে ইষ্টাৰ্ণ বেংগল ৰে’লৱে’ই হালদিবাৰী-শিলিগুৰি, বাৰসোই-কিসানগঞ্জ, মণিহাৰি-কাটিহাৰ-কাসবা ৰেলপথকেইটা ১৯০০ চনৰ কিছু আগতে নিৰ্মাণ কৰি উলিয়াইছিল। ১৯০০- ১৯১১ চনৰ ভিতৰত হাচিমাৰা-আলিপুৰ দুৱাৰ, গীতালদহ-বামনহাট, গোলোকগঞ্জ-ধুবৰী-আমিনগাঁও, ৰঙিয়া-ৰঙাপাৰা ৰেলপথকেইটা নিৰ্মাণ কৰা হৈছিল। অসমৰ বৰাক উপত্যাকাৰ ৰেলপথ সম্প্ৰসাৰণৰ কাম কৰিছিল আসাম বেংগল ৰে’লৱে’ই। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত উল্লিখিত তিনিওটা কোম্পানী একগোট হৈ বেংগল আসাম ৰে’লৱে’ প্ৰতিষ্ঠা কৰে। তদুপৰি অসম আৰু বংগত আৰু কেইটামান কোম্পানীয়ে ৰেলসেৱা আগবঢ়াই আছিল। তাৰে কেইটামান হ’ল- বেংগল-দুৱাৰ ৰে’লৱে’, যোৰহাট প্ৰভিঞ্চিয়েল ৰে’লৱে’, চাপৰমুখ-শিলঘাট ৰে’লৱে’, কাটাখাল-লালাবজাৰ ৰে’লৱে’ আদি। এই কোম্পানীবোৰো পৰ্যায়ক্ৰমে বেংগল আসাম ৰে’লৱে’ত অন্তৰ্ভুক্ত হৈ পৰিল।

১৯৪৭ চনত ভাৰত বিভাজনৰ লগে-লগে বেংগল আসাম ৰে’লৱে’ৰো বিভাজন হ’ল। এই ৰে’লৱে’ৰ এটা বৃহত্তৰ অংশ পৰিল পূৱ পাকিস্তান আৰু বৰ্তমানৰ বাংলাদেশত। এটা অংশ সংযুক্ত কৰা হ’ল পূব ৰে’লৱে’ৰ সৈতে। বাকী অংশটোক আসাম ৰে’লৱে’ নামকৰণ কৰি পাণ্ডুত মুখ্য কাৰ্যালয় স্থাপন কৰা হয়। ১৯৪৮ চনত দাৰ্জিলিং হিমালয়ান ৰে’লৱে’ক ভাৰত চৰকাৰে নিজৰ হাতলৈ আনে আৰু আসাম ৰে’লৱে’ত চামিল কৰে। ভাৰত বিভাজনৰ আগলৈকে অসমৰ সৈতে ভাৰতৰ অন্যান্য প্ৰান্তৰ সৈতে বৰ্তমানৰ বাংলাদেশৰ মাজেদি ৰেল সংযোগ আছিল। বিভাজনৰ ফলত ভাৰতৰ মুখ্যভূমিৰ সৈতে অসমৰ ৰেল যোগোযোগ বাধাগ্ৰস্থ হ’ল। ফলস্বৰূপে ভাৰত চৰকাৰে অসম ৰেল সংযোগ প্ৰকল্পৰ অধীনত বিহাৰৰ কিষাণগঞ্জ আৰু অসমৰ ফকিৰাগ্ৰাম সংযোগী ৰেলপথ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে। ১৪২ মাইল দৈৰ্ঘ্যৰ এই পথচোৱা নিৰ্মাণৰ কাম ১৯৪৮ চনৰ ২৬ জানুৱাৰীত আৰম্ভ কৰি যুদ্ধকালীন ক্ষিপ্ৰতাৰে ১৯৪৯ চনৰ ডিচেম্বৰ মাহত শেষ কৰিলে। এই নৱনিৰ্মিত পথচোৱাৰে ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ দিনা প্ৰথম যাত্ৰীবাহী ৰেল চলিবলৈ ধৰে। ১৯৫৩ চনত পৰিচালনাৰ সুবিধাৰ্থে ভাৰতীয় ৰেলক কিছুমান জ’নত বিভক্ত কৰা হয়। অসম ৰে’লৱে’ক উত্তৰ পূব ৰে’লৱে’ৰ অন্তৰ্ভুক্ত কৰা হয়। উত্তৰ পূব ৰে’লৱে’ৰ মুখ্য কাৰ্যালয় স্থাপন কৰা হ’ল উত্তৰ প্ৰদেশৰ গোৰখপুৰত। পুনৰ উত্তৰ পূব ৰে’লৱে’ৰ বিভাজন ঘটাই ১৯৫৮ চনৰ ১৫ জানুৱাৰীত গঠন কৰা হয় উত্তৰ পূব সীমান্ত ৰে’লৱে’। ১০ কোটি ৬৫ লাখ টকা খৰচ কৰি নিৰ্মাণ কৰি উলিওৱা শৰাইঘাট দলং ১৯৬২ চনত মুকলি কৰা হয়। ইয়াৰ লগে লগে অসমৰ পথ আৰু ৰেল যোগাযোগৰ ক্ষেত্ৰত আমূল পৰিবৰ্তন হ’ল। শৰাইঘাট দলং নিৰ্মাণৰ পাছত গুৱাহাটী, ডিব্ৰুগড় আদি ঠাইৰ পৰা ভাৰতৰ মূল ভূখণ্ডলৈ পোনপতীয়া ৰেল-সংযোগ সম্ভৱ হ’ল আৰু এসময়ত গিজগিজাই থকা আমিনগাঁও আৰু পাণ্ডু ৰেল ষ্টেচন এৰা-পৰলীয়া হ’ল। [1][2]

প্ৰশাসনীয় অঞ্চল

সম্পাদনা কৰক

পৰিচালনাৰ সুবিধাৰ্থে উত্তৰ-পূব সীমান্ত ৰে’লৱে’ক ৫টা সংমণ্ডলত ভাগ কৰা হৈছে। তলত সংমণ্ডল আৰু ইয়াৰ অধীনস্থ ৰেলপথসমূহৰ বিৱৰণ দিয়া হ’ল।

  1. কাটিহাৰ সংমণ্ডল: মালদা টাউন ↔ শিলিগুৰি জং ↔ ৰাণীনগৰ জলপাইগুৰি/কুমেদপুৰ জং ↔ কাটিহাৰ জং/সিংহবাদ ↔ অ’ল্ড মালদহ/নিউ জলপাইগুৰি জং ↔ হালদিবাৰী/একলাখী ↔ বেলুৰঘাট/বাৰসোই জং ↔ ৰাধিকাপুৰ/কাটিহাৰ জং ↔ শিলিগুৰি জং/কাটিহাৰ জং ↔ তেজনাৰায়ণপুৰ/কাটিহাৰ জং ↔ যোগবাণী/নিউ জলপাইগুৰি ↔ দাৰ্জিলিং।
  2. আলিপুৰ দুৱাৰ সংমণ্ডল: ৰাণীনগৰ জলপাইগুৰি (বহিৰ্ভূত) ↔ নিউ বঙাইগাঁও (বহিৰ্ভূত)/শিলিগুৰি জং (বহিৰ্ভূত) ↔ আলিপুৰ জং ↔ শামুকতলা ৰোড/নিউ মাল জং ↔ সাংগ্ৰাবন্ধা/আলিপুৰ দুৱাৰ ↔ বামনহাট/ফকিৰাগ্ৰাম ↔ ধুবৰী।
  3. ৰঙিয়া সংমণ্ডল: নিউ বঙাইগাঁও ↔ আজ্ঞাঠুৰী (বহিৰ্ভূত)/ৰঙিয়া ↔ ৰাঙাপৰা উত্তৰ ↔ তেজপুৰ/ৰাঙাপৰা উত্তৰ ↔ মুৰ্কংচেলেক/বালিপাৰা ↔ ভালুকপুং/কামাখ্যা (বহিৰ্ভূত) ↔ গোৱালপাৰা ↔ নিউবঙাইগাঁও।
  4. লামডিং সংমণ্ডল: আজ্ঞাঠুৰী ↔ ফৰকাটিং (বহিৰ্ভূত)/চাপৰমুখ ↔ শেনচোৱা জংচন ↔ শিলঘাট/শেনচোৱা জংচন ↔ হয়বৰগাঁও ↔ মৈৰাবাৰী/লামডিং ↔ বদৰপুৰ ↔ আগৰতলা/বদৰপুৰ জংচন ↔ শিলচৰ/কৰিমগঞ্জ ↔ মহিষাসন/শিলচৰ ↔ জিৰিবাম/কাটাখাল জংচন ↔ ভৈৰৱী/কৰিমগঞ্জ জংচন ↔ দুৰ্লভচেৰা।
  5. তিনিচুকীয়া সংমণ্ডল: ফৰকাটিং ↔ ডিব্ৰুগড় টাউন/তিনিচুকীয়া জংচন ↔ লিডু/মাকুম জংচন ↔ ডাঙৰি/আমগুৰি ↔ তুলি/ফৰকাটিং ↔ যোৰহাট ↔ মৰিয়নি/শিমলুগুৰি জংচন ↔ মৰাণহাট ↔ ডিব্ৰুগড়।

দাৰ্জিলিং হিমালয়ান ৰে’লৱে’

সম্পাদনা কৰক

দাৰ্জিলিং ষ্টীম ট্ৰামৱে কোম্পানীয়ে হিলকাৰ্ট পথৰ দাঁতিয়েদি দাৰ্জিলিং হিমালয়ান ৰে’লৱে’ৰ নিৰ্মাণ-কাৰ্য আৰম্ভ কৰে ১৮৭৯ চনত। যাত্ৰী পৰিবহণৰ উপৰিও মূলতঃ দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় সামগ্ৰী কঢ়িয়াবলৈ আৰু দাৰ্জিলিঙৰ চাহ উদ্যোগৰ প্ৰতি দৃষ্টি ৰাখিয়ে শিলিগুৰিৰ পৰা দাৰ্জিলিঙলৈ নেৰ’-গজৰ এই ৰেলপথ নিৰ্মাণ কৰা হৈছিল। ১৯৬২ চনত ৰেলপথ নিউ জলপাইগুৰিলৈ সম্প্ৰসাৰণ কৰা হয়। ১৯৪৮ চনত ভাৰত চৰকাৰে দাৰ্জিলিং হিমালয়ান ৰে’লৱে’ কিনি লয় আৰু আসাম ৰে’লৱে’ৰ অন্তৰ্ভুক্ত কৰা হয়। ১৯৫৩ চনত সমগ্ৰ ভাৰতীয় ৰেল পৰিবহণ ব্যৱস্থাক কিছুমান মণ্ডলত বিভক্ত কৰাত ই প্ৰথমে উত্তৰ পূব ৰে’লৱে’ৰ আৰু ১৯৫৮ চনত উ: পূ: সী: ৰে’লৱে’ গঠন হোৱাত উ: পূ: সী: ৰে’লৱে’ৰ অধীনলৈ অনা হয়। উন্নততৰ মটৰ পৰিবহণ ব্যৱস্থাৰ বাবে দাৰ্জিলিং হিমালয়ান ৰে’লৱে’ লোকচানৰ সন্মুখীন হোৱাত ১৯৯৩ চনত সামগ্ৰী পৰিবহণ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে। আনহাতে ১৯৯৯ চনত ইউনেস্কোৱে (UNESCO) ইয়াক বিশ্ব ঐতিহ্যৰূপে স্বীকৃতি দিয়ে। পুতলা ৰেল নামেৰে জনাজাত এই ৰে’লৱে’ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ।[3][4]

বাটাছিয়া লুপ, দাৰ্জিলিং, উত্তৰ-পূৱ সীমান্ত ৰেলৱে

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "History of NF Railway". Archived from the original on May 2, 2014. https://web.archive.org/web/20140502032906/http://www.nfr.railnet.gov.in/engir/History1.htm। আহৰণ কৰা হৈছে: January 24, 2012. 
  2. "HISTORY OF NFR". http://www.nfr.indianrailways.gov.in/view_section.jsp?lang=0&id=0,1,444। আহৰণ কৰা হৈছে: January 24, 2012. 
  3. "Himalayan Railway". Himalayan Railway Society. Archived from the original on December 29, 2011. https://web.archive.org/web/20111229023316/http://www.dhrs.org/dhr_history.htm। আহৰণ কৰা হৈছে: January 27, 2012. 
  4. "Official Website of DHR". Archived from the original on January 21, 2012. https://web.archive.org/web/20120121073159/http://dhr.indianrailways.gov.in/view_section.jsp?lang=0&id=0,1। আহৰণ কৰা হৈছে: January 27, 2012. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক