পাণ্ডু
পাণ্ডু (ইংৰাজী: Pandu; সংস্কৃত: पाण्डु) হৈছে মহাভাৰতত বৰ্ণিত হস্তিনাপুৰৰ ৰজা তথা পাণ্ডৱৰ পিতৃ। তেওঁ আছিল বিচিত্ৰবীৰ্যৰ কনিষ্ঠ সন্তান। পাণ্ডুৰ পত্নী দুগৰাকীৰ নাম আছিল ক্ৰমে কুন্তী আৰু মাদ্ৰী।[1]
পাণ্ডু | |
---|---|
পাণ্ডু আৰু মাতা কুন্তী | |
তথ্য | |
দাম্পত্যসঙ্গী | কুন্তী আৰু মাদ্ৰী |
সন্তান | যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল আৰু সহদেৱ |
বংশ পৰিচয়
সম্পাদনা কৰকবিচিত্ৰবীৰ্যৰ পিতৃ-মাতৃ আছিল কুৰুৰাজ শান্তনু আৰু সত্যৱতী বা মৎস্যগন্ধা। তেওঁ আছিল চিত্ৰাঙ্গদৰ সৰু ভাই। ভাতৃ ভীষ্ম আছিল তেওঁৰ মাহীমাক গংগাৰ পুত্ৰ। মাতৃ সত্যৱতীৰ আৰু পৰাশৰ মুনিৰ পুত্ৰ আছিল বেদব্যাস। পৰাশৰৰ পুত্ৰ ব্যাসৰ মাতৃ সত্যৱতীৰ পিছত হস্তিনাপুৰৰ ৰজা শান্তনুৰ লগত বিবাহ হয় আৰু তেওঁৰ চিত্ৰাঙ্গদ আৰু বিচিত্ৰবীৰ্য নামেৰে দুই পুত্ৰ জন্ম হয়। শান্তনুৰ দুই পুত্ৰৰ অকাল মৃত্যুৰ পিছত বিচিত্ৰবীৰ্যৰ দুই বিধবা ৰাণী অম্বিকা আৰু অম্বালিকাৰ গৰ্ভত মাতৃৰ আজ্ঞাত নিয়োগ প্ৰথামতে পুত্ৰ উৎপাদন কৰি ধৃতৰাষ্ট্ৰ আৰু পাণ্ডুৰ জন্ম দিয়ে সত্যৱতী আৰু পৰাশৰ পুত্ৰ ব্যাসে।[1]
কুন্তী, পাণ্ডু আৰু পাণ্ডৱ
সম্পাদনা কৰককুন্তীৰ দেউতাক যাদৱ বংশৰ ৰজা শূৰসেন। তেওঁৰ আচল নাম আছিল পৃথ্বা। দেউতাকে সম্পৰ্কীয় ভায়েক কুন্তীভোজ সন্তানহীন হোৱা বাবে কুন্তীকে ডাঙৰ-দীঘল কৰিবলৈ দিয়ে।
এবাৰ দুৰ্বাসা মুনি কুন্তীভোজৰ ঘৰলৈ আহিল। কুন্তীয়ে তেওঁক কৰা সেৱা-শুশ্ৰূষাত মুনি সন্তুষ্ট হ'ল। তেওঁক কুন্তীক এটা মন্ত্ৰ শিকালে যাৰ সহায়ত কুন্তীয়ে যিকোনো দেৱতাক আহ্বান কৰি তেওঁৰ পৰা সন্তান লাভ কৰিব পাৰিব।
কৌতূহলী কুন্তীয়ে এদিন সেই মন্ত্ৰৰে ভগৱান সূৰ্যক আহ্বান কৰিলে। সূৰ্যই কুন্তীৰ লগত সহবাস কৰি এটা সন্তান দিলে আৰু লগতে কুন্তীৰ সতীত্বও পুনৰ প্ৰদান কৰিলে। এইমতেই কৰ্ণৰ জন্ম হয়। সমাজৰ ৰোষত পৰাৰ ভয়ত কুন্তীয় সন্তানটোক নৈত উটুৱাই দিয়ে।
কুন্তীভোজে কুন্তীৰ স্বয়ংবৰ আয়োজন কৰিলে। স্বয়ংবৰত কুন্তীয়ে হস্তিনাপুৰৰ ৰজা পাণ্ডুক বৰণ কৰে। ইয়াৰ পাছত ৰাজ্য বঢ়োৱাৰ সংক্ৰান্তত পাণ্ডুৱে মদ্ৰৰ কুঁৱৰী মাদ্ৰীক বিয়া কৰায়।
এদিন পাণ্ডুৱে অৰণ্যত চিকাৰ কৰি থাকোঁতে ভুলতে সংগমত লিপ্ত মৃগয়াৰূপী ঋষি কিন্দম আৰু তেওঁৰ পত্নীক কাঁড় মাৰি হত্যা কৰে। মৃত্যুৰ আগে আগে ঋষিয়ে ৰজাক অভিশাপ দিয়ে যে ৰজাই যেতিয়াই সংগম কৰিব তেতিয়াই তেওঁৰ মৃত্যু হ'ব। ইয়াৰ পাছত পাণ্ডুৱে ৰাজ্য পৰিত্যাগ কৰি দুইগৰাকী পত্নীৰে সৈতে বনবাসলৈ প্ৰস্থান কৰে।
কেইজনমান মুনিয়ে পাণ্ডুক কয় যে সন্তানহীন হৈ থাকিলে তেওঁ স্বৰ্গ লাভ কৰিব নোৱাৰিব। এই কথা পাণ্ডুৱে কুন্তীক জনাই কোনো সুপুৰুষৰ পৰা সন্তান লাভ কৰিবলৈ তেওঁক পৰামৰ্শ দিয়ে। কুন্তীয়ে তেতিয়া দুৰ্বাসাৰ পৰা পোৱা মন্ত্ৰ খটুৱাই তিনিজন পুত্ৰৰ মাতৃ হয়— যম দেৱতাৰ পৰা যুধিষ্ঠিৰ, বায়ুৰ পৰা ভীম আৰু ইন্দ্ৰৰ পৰা অৰ্জুন।[2] কুন্তীয়ে মাদ্ৰীকো সেই মন্ত্ৰ শিকাই দিয়াত মাদ্ৰীয়ে অশ্বিন দেৱতা দুজনৰ পৰা নকুল আৰু সহদেৱ নামৰ যঁজা পুত্ৰদ্বয় লাভ কৰে।[1]
এদিন পাণ্ডুৱে হিতাহিত জ্ঞান দেৰুৱাই মাদ্ৰীৰ লগত সংগম কৰিব খোজোঁতে তেওঁৰ মৃত্যু হয়। ৰজাৰ মৃত্যুৰ কাৰণ হোৱা বুলি মাদ্ৰী সতী হৈ প্ৰাণ ত্যাগ কৰে। ইয়াৰ পাছত কুন্তীয়ে পাঁচোজন পুত্ৰক লৈ হস্তিনাপুৰ যায়গৈ।
বংশলতা
সম্পাদনা কৰকসাংকেতিক চিহ্ন
তথ্য সংগ্ৰহ
সম্পাদনা কৰকবাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত পাণ্ডু সম্পৰ্কীয় মিডিয়া ফাইল আছে। |