ঋষ্যশৃংগ (সংস্কৃত: ऋष्यशृंग) হৈছে খ্ৰীষ্টপূৰ্ব প্ৰথম সহস্ৰাব্দৰ শেষৰ ফালৰ, ভাৰতীয় (হিন্দু আৰু বৌদ্ধ) শাস্ত্ৰত উল্লেখ কৰা ঋষি। হিন্দু মহাকাব্য ৰামায়ণৰ মতে, তেওঁ অপ্সৰা উৰ্বশীৰ গৰ্ভত আৰু ঋষি বিভাণ্ডকৰ ঔৰষত হৰিণৰ শিঙৰ সৈতে জন্মগ্ৰহণ কৰিছিল। তেওঁ এজন ভৱিষ্যতদ্ৰষ্টা হৈ আছিল আৰু ৰাজপৰিয়াল আদিৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰে। তেওঁক যজ্ঞ আদি অনুষ্ঠানৰ বাবে আমন্ত্ৰণ কৰা হৈছিল। এনে এক যজ্ঞৰ ফলতেই ৰজা দশৰথে পুত্ৰ সন্তান লাভ কৰে। তেওঁ বৌদ্ধ জাতকাসকলৰ মাজৰ এজন বুলিও ভৱা হয়। য'ত তেওঁক বোধিসত্তৰ পুত্ৰ বুলি উল্লেখ কৰা হৈছে।

ঋষ্যশৃংগ
ৰামায়ণৰ চৰিত্ৰ
Rishyashringa Lured into Anga Desha by Dancing Girls.jpg
নৃত্যৰতা যুৱতীৰ দ্বাৰা ঋষ্যশৃংগক প্ৰলোভিত কৰাৰ চেষ্টা কৰা হৈছে।
তথ্য
পৰিয়াল বিভাণ্ডক (পিতৃ)
উৰ্বশী (মাতৃ)
দাম্পত্যসঙ্গী শান্তা

কিংবদন্তিসম্পাদনা কৰক

ঋষ্যশৃংগৰ কিংবদন্তিৰ বৰ্ণনা ৰামায়ণত বিশদ ভাৱে বৰ্ণিত হৈছে। ইয়াৰোপৰি মহাভাৰত সহ অন্যান্য পৌৰাণিক হিন্দু গ্ৰন্থ আদিত তেওঁৰ উপস্থিতি পোৱা যায়

জন্মসম্পাদনা কৰক

অমোঘবীৰ্য, মহৰ্ষি বিভাণ্ডক অত্যন্ত শুদ্ধচিত্ত হ'লেও এদিন এখন নদীত গা ধুই থকা সময়ত অপ্সৰা উৰ্বশীক দেখি তেওঁ কামাসক্ত হয়। সেই কাৰণত পানীৰ মাজতেই তেওঁৰ বীৰ্যস্খলন হৈছিল। সেই একে সময়তে এজনী হৰিণীয়ে সেই নদীতে পানী খাব আহে। পানীৰ লগতে হৰিণীয়ে বিভাণ্ডক মুনিৰ শুক্ৰ-ও খাই পেলাই আৰু গৰ্ভৱতী হয়। প্ৰকৃততে পূৰ্বজন্মত সেই হৰিণীক ব্ৰহ্মাই কৈছিল, 'তুমি দেৱকন্যা হ'লেও হৰিণী হৈয়ে জন্ম হ'বা আৰু কোনো মুনিপুত্ৰক প্ৰসৱ কৰাৰ লগতেই মুক্তি পাবা। ' পৰৱৰ্তী সময়ত সেই হৰিণীৰ গৰ্ভত বিভাণ্ডকপুত্ৰ ঋষ্যশৃঙ্গৰ জন্ম হয়।[1] ঋষ্যশৃঙ্গ সেইসময়ত তপস্যাৰ দ্বাৰা জগত বিখ্যাত হৈছিল। তেওঁ পিছতে দেউতাকৰ সৈতে আশ্ৰমতেই ডাঙৰ-দীঘল হয়। দেউতাকৰ স্ত্ৰীৰ প্ৰতি মোহভংগ হোৱা বাবে তেওঁ নিজ পুত্ৰক স্ত্ৰী আৰু সাধাৰণ সমাজৰ অজ্ঞাতে প্ৰতিপালন কৰে। ফলত ঋষ্যশৃংগৰ কন্যা আৰু বৰ্হিজগত সম্পৰ্কীয় কোনো ধাৰণা নাছিল।[2][1]

বিমোহিত কৰণসম্পাদনা কৰক

 
ৰোমাপদৰ নিৰ্দেশত অহা কন্যাৰ দ্বাৰা ঋষ্যশৃংগক বিমোহিতকৰণ

এদিন শান্তা ই তোলনীয়া দেউতাক ৰজা ৰোমাপদৰ সৈতে বাৰ্তালাপত ব্যস্ত হৈ থকাৰ সময়তে এজন ব্ৰাহ্মণে বাৰিষাৰ দিনত খেতিৰ বাবে সহায় বিচাৰি আহিছিল। ৰোমাপাদে ব্ৰাহ্মণৰ দুৰ্দশাৰ প্ৰতি মনোযোগ দিয়া নাছিল। ইয়াৰ ফলত ব্ৰাহ্মণজন ক্ৰোধান্বিত হয় আৰু ৰাজ্য ত্যাগ কৰে। দেৱতা ইন্দ্ৰই তেওঁৰ ভক্তক কৰা অপমান সহ্য কৰিব পৰা নাছিল সেয়ে সেই বাৰিষা ঋতুত সামান্য মাত্ৰ বৰষুণ হৈছিল ফলত ৰাজ্যত খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছিল। ইফালে, ৰজা দশৰথে বিচাৰিছিল যে এজন পুত্ৰই তেওঁৰ উত্তৰাধিকাৰী অব্যাহত ৰাখিব আৰু তেওঁৰ ৰাজবংশক সমৃদ্ধ কৰিব। এই দুয়োখন ৰাজ্যৰ সমস্যাবোৰৰ সমাধানৰ বাবে এক পৰামৰ্শ দিয়া হৈছিল যে কেৱল এজন ব্ৰাহ্মণৰ দ্বাৰা কৰা যজ্ঞৰ দ্বাৰা হে দুয়োজন ৰজাৰ সমস্যা দূৰ কৰিব পাৰিব যি জনে নিখুঁত সতীত্ব পালন কৰিছে আৰু এনে একমাত্ৰ ব্যক্তি হৈছে ঋষ্যশৃংগ। ঋষ্যশৃংগক বিভাণ্ডক ঋষিয়ে মহিলাৰ অজ্ঞাতে সমাজৰ পৰা আঁতৰত ডাঙৰ-দীঘল হৈছিল। তেওঁক চহৰলৈ অনা হৈছিল আৰু প্ৰয়োজনীয় যজ্ঞ অনুষ্ঠান সম্পন্ন কৰিবলৈ আহ্বান জনোৱা হৈছিল।[3] বিভান্দক ঋষিৰ শক্তি আৰু খঙৰ প্ৰতি তেওঁলোকৰ ভয় স্বত্বেও, দুয়োজন ৰজাই যুৱতীসকলক ল'ৰা জনক সাধাৰণ সমাজৰ সৈতে পৰিচয় কৰাবলৈ পঠিয়ায়, আৰু শান্তাই এই কামটো সম্পূৰ্ণ কৰে আৰু ঋষ্যশৃঙ্গয় শান্তাক বিয়া কৰায়, তাৰ পিছত তেওঁ অংগৰ বাবে যজ্ঞ কৰিবলৈ সন্মত হয়, লগে লগে মন্ত্ৰোচ্চাৰণৰ সময়ত প্ৰচণ্ড বৃষ্টিপাত হ'বলৈ আৰম্ভ কৰে। এইদৰেই প্ৰথমবাৰৰ বাবে ঋষ্যশৃংগ স্ত্ৰী আৰু সাধাৰণ সামাজিক পৰিৱেশৰ সংস্পৰ্শলৈ আহে।[4][3]

পুত্ৰেষ্টি যজ্ঞসম্পাদনা কৰক

 
ঋষ্যশৃংগৰ দ্বাৰা সম্পাদিত যজ্ঞত জুইৰ পৰা আবিৰ্ভাৱ হোৱা ঐশ্বৰিক শক্তিয়ে ৰজা দশৰথক আশীৰ্বাদ যুক্ত অহাৰ দান কৰিছে।

মন্ত্ৰী সুমন্ত্ৰীয়ে দশৰথক সনতকুমাৰৰ ভৱিষ্যতবাণীৰ বিষয়ে কৈছিল। সেই ভৱিষ্যতবাণী অনুসৰি সত্যযুগত, সনতকুমাৰে ঋষিসকলক কৈছিল যে অপুত্ৰক দশৰথে ঋষ্যশৃংগৰ সৈতে যজ্ঞ কৰিব, যাৰ ফলত দশৰথৰ বিখ্যাত চাৰিজন পুত্ৰৰ জন্ম হ'ব।

সনতকুমাৰৰ ভৱিষ্যতবাণী শুনি দশৰথে ঋষ্যশৃংগক আনিবলৈ লোকসকলক ৰোমাপদৰ ওচৰলৈ পঠিয়াইছিল। ৰোমাপদে কাৰণ জানি লগে লগে শান্তা-ঋষ্যশৃংগক অযোধ্যালৈ পঠিয়াই দিয়ে। স-পত্নীক ঋষ্যশৃংগ দশৰথৰ ওচৰত অতিথি হিচাপে থাকিবলৈ লয়।

বসন্তকালত বছৰটো শেষ হোৱাৰ পিছত দশৰথে যজ্ঞ কৰিবলৈ বহিল। যজ্ঞৰ ঠাই আছিল সৰযু নদীৰ উত্তৰ পাৰ। ৰজা-মহাৰাজ আৰু ঋষি আৰু মুনিসকল বিভিন্ন দেশৰ পৰা আহিছিল। ঋষ্যশৃঙ্গ আৰু অন্যান্য ঋষিসকলে মন্ত্ৰৰ জৰিয়তে ইন্দ্ৰাদি দেৱতাক আহ্বান কৰিছিল। তেওঁ বেদ অনুসৰি আহুতি দিছিল। যজ্ঞৰ শেষত, দশৰথে দক্ষিণা আদি ব্ৰাহ্মণসকলৰ মাজত বিভক্ত কৰি দিয়ে। ঋষ্যশৃঙ্গই অথৰ্ববেদৰ নিয়মানুসাৰে পুত্ৰেষ্টি যজ্ঞ কৰে আৰু বিষ্ণুৰ চাৰি অংশ দশৰথৰ চাৰিপুত্ৰৰ ৰূপত জন্ম হ'ল।

যজ্ঞৰ শেষত ঋষ্যশৃঙ্গ স-স্ত্ৰীক লোমাপাদৰ ৰাজ্যলৈ উভতি যায়। ৰোমাপদৰ ৰাজ্যতেই তেওঁলোকৰ এটি পুত্ৰ সন্তানৰ জন্ম হয়, পিছত তেওঁলোক পিতাক বিভাণ্ডকৰ ওচৰলৈ যায়।[5][6]

বৌদ্ধ কিংবদন্তিসম্পাদনা কৰক

 
বৰ্ণিত কাহিনীত ঋষি শ্ৰীঙ্গৰ সমুখত মহিলাৰ দ্বাৰা মদিৰাৰ পাত্ৰ আৰু আঙুৰৰ থোপা ধৰি থকা দেখুওৱা হৈছে - প্ৰায় দ্বিতীয় শতিকাৰ ভাস্কৰ্য - ভুটেশ্বৰ, মথুৰা সংগ্ৰহালয়।

নলিনীকা জাতকৰ ৫২৬ জাতে বুদ্ধৰ অতীত জীৱনৰ পৰিচয় দিয়ে। সেই অনুসৰি এজন ঋষি, যি হিমালয়ত অকলে বাস কৰিছিল। তেওঁ কৰা প্ৰস্ৰাৱত তেওঁৰ বীৰ্যও পৰি থাকে, সেই ঠাইত ঘাঁহ খাবলৈ অহা এজনী হৰিণীয়ে সেই বীৰ্য ভোগ কৰাত গৰ্ভাৱতী হয। পিছলৈ হৰিণীয়ে ইশিশৃংগ (পালি) নামৰ এজন মানৱ শিশু প্ৰসৱ কৰে আৰু তেওঁ মানৱজাতিৰ পৰা সম্পূৰ্ণ একান্তভাৱে ডাঙৰ-দীঘল হয় ফলত তেওঁ নাৰীজাতিৰ পৰা অজ্ঞাত হৈ থাকে। তেওঁৰ আনকি পুৰুষ-মহিলাৰ শৰীৰ আৰু চেহেৰাৰ পাৰ্থক্যৰ বিষয়েও জ্ঞান নাছিল। পিছলৈ তপস্বী হিচাপে তেওঁ প্ৰচুৰ শক্তিৰ অধিকাৰী হৈ পৰে। এই কথাই স্বৰ্গৰ প্ৰভু শক্ৰ দেৱতাক বিচলিত কৰে, তেওঁ দেশত খৰাং সৃষ্টি কৰে আৰু ইয়াৰ বাবে ঋষি পুত্ৰক দোষাৰোপ কৰে। তাৰ পিছত তেওঁ ৰজাক তেওঁৰ ছোৱালীৰ সহায়ত প্ৰলোভিত কৰিবলৈ আৰু যুৱকৰ কৃচ্ছ্ৰতা ভংগৰ দ্বাৰা তেওঁৰ তপস্যা শক্তি হ্ৰাস কৰিবলৈ পঠিয়াবলৈ সৈমান কৰে। ৰজা আৰু তেওঁৰ জীয়েকে দেশৰ হিতৰ বাবে দেৱৰাজৰ ষড়যন্ত্ৰৰ অংশ হ'বলৈ সন্মত হয়। ৰাজ কন্যাই তপস্বী হিচাপে পোছাক পিন্ধে আৰু ঋষিয়ে অৰণ্যত শিপা আৰু ফল আদি সংগ্ৰহ কৰিবলৈ যোৱাৰ সুযোগ লৈ যুৱকক প্ৰলোভিত কৰিবলৈ সক্ষম হয়, যি আগতে কেতিয়াও কোনো স্ত্ৰীক দেখা নাছিল। তেওঁলোকৰ আনন্দোল্লাসৰ ফলত ঋষি পুত্ৰই তেওঁৰ শক্তি হেৰুৱায়, পিছত যেতিয়া তেওঁৰ দেউতাক ঘূৰি আহে, মোহগ্ৰস্ত পুত্ৰই তেওঁক ছোৱালীজনীৰ বিষয়ে অৱগত কৰে, এই কথাত ঋষি নিজৰ কামৰ বাবে অনুতপ্ত হয়।[7][8]

বৰ্তমানসম্পাদনা কৰক

কুল্লু জিলাৰ বঞ্জৰ তহচিলত 'চেহনি দুৰ্গ' নামৰ ঋষ্যশৃংগৰ নামত উৎসৰ্গিত এটা মন্দিৰ আছে। বঞ্জৰ উপত্যকাত, ঋষ্যশৃংগক স্থানীয় লোকে "শৃংগ ঋষি" বুলি কয়। মন্দিৰত দেৱী শান্তাৰ সৈতে শৃংগ ঋষিৰ এটা মূৰ্তি আছে। এই ঠাইখন কুল্লুৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰত। শৃংগ হৈছে বঞ্জৰ নামৰ এই নিৰ্জন উপত্যকাৰ মুখ্য দেৱতা।[9]

এক বিশ্বাস অনুসৰি ঋষ্যশৃংগ কৰ্ণাটকৰ শৃংগেৰীৰ ওচৰৰ এখন ঠাইৰ বুলি কোৱা হয়। ইয়াৰ ওচৰতে এটা প্ৰাচীন ডাঙৰ মন্দিৰ আছে যিটোত অযোধ্যালৈ যোৱাৰ আগতে তেওঁ বাস কৰা ঠাই বুলি বিশ্বাস কৰা হয়।[10] শৃংগেৰীক শৃংগগিৰি (সংস্কৃত: ঋষ্যশৃংগ বাস কৰা পাহাৰ) বুলিও জনা যায়।

লগতে চাওকসম্পাদনা কৰক

তথ্যসূত্ৰসম্পাদনা কৰক

  1. 1.0 1.1 Santideva, Sadhu (2000) (en ভাষাত). Ascetic Mysticism: Puranic Records of Siva and Shakti. Genesis Publishing Pvt Ltd. ISBN 978-81-7020-998-0. https://books.google.co.in/books?id=TUFZ9XzzHAcC&pg=PA18&dq=Brahma+Mohini&hl=en&ei=dOPiTsOpK8rO4QSbrMGWBQ&sa=X&oi=book_result&ct=result&resnum=5&ved=0CEUQ6AEwBA#v=onepage&q=Chapter-1&f=false. 
  2. Mani, Vettam (1975). Puranic encyclopaedia : a comprehensive dictionary with special reference to the epic and Puranic literature. Robarts - University of Toronto. Delhi : Motilal Banarsidass. পৃষ্ঠা. 652. https://archive.org/details/puranicencyclopa00maniuoft/page/652/mode/1up. 
  3. 3.0 3.1 "fascinating-story-of-a-man-who-had-never-seen-a-woman-in-his-life". https://www.speakingtree.in/allslides/fascinating-story-of-a-man-who-had-never-seen-a-woman-in-his-life। আহৰণ কৰা হৈছে: 2020-08-08. 
  4. Kanuga, G.B. (1993). The Immortal Love of Rama. প্ৰকাশক New Delhi: Yuganter Press. পৃষ্ঠা. 48–52. https://books.google.com/books?id=zHgW9SezCqoC&pg=PA48. 
  5. হৰিদাস সিদ্ধান্তবাগীশ ভট্টাচাৰ্য. পৃষ্ঠা. ৯৩-৯৫. 
  6. শ্ৰী পঞ্চানন তৰ্কৰত্ন বঙ্গানুবাদিত. পৃষ্ঠা. ৯-১০. 
  7. "Rishyasringa". wisdomlib. https://www.wisdomlib.org/definition/rishyashringa। আহৰণ কৰা হৈছে: 2020-08-08. 
  8. Bhikkhu, Ānandajoti. "Text and Translation of Naḷinikā Jātaka and its Commentary". http://www.ancient-buddhist-texts.net/Texts-and-Translations/Jatakas/526-Nalinikajataka.htm। আহৰণ কৰা হৈছে: 2020-08-08. 
  9. "banjar-the-abode-of-chief-deity-shringa-rishi-". The Tribune. https://www.tribuneindia.com/news/archive/features/banjar-the-abode-of-chief-deity-shringa-rishi-376677। আহৰণ কৰা হৈছে: 2020-08-08. 
  10. "Sage-rishyashringa". sringeri.net.in. https://www.sringeri.net/history/sage-rishyashringa। আহৰণ কৰা হৈছে: 2020-08-08. 

বাহ্যিক সংযোগসম্পাদনা কৰক