শান্তা হিন্দু মহাকাব্য ৰামায়ণৰ এটা চৰিত্ৰ। সেই অনুসৰি তেওঁ ৰজা দশৰথ আৰু কৌশল্যাৰ জীয়ৰী আছিল। পিছত তেওঁক অংগ প্ৰদেশৰ ৰজা ৰোমাপদে তুলি লৈছিল।

শান্তা
Rsyasrnga travels to Ayodhya with Santa.jpg
শান্তা সহিত ঋষ্যশৃংগৰ অযোধ্যা গমন
সম্পৰ্ক দশৰথ কন্যা
পিতৃ-মাতৃ দশৰথ (পিতৃ)
কৌশল্যা (মাতৃ)
ৰোমাপদ (তোলনীয়া পিতৃ)
বৰ্ষিণী (তোলনীয়া মাতৃ)
সুমিত্ৰা (সতিয়া মাতৃ)
কৈকেয়ী (সতিয়া মাতৃ)
সহোদৰ ৰাম (ভ্ৰাতৃ)
লক্ষ্মণ (ভ্ৰাতৃ)
ভৰত (ভ্ৰাতৃ)
শত্ৰুঘ্ন (ভ্ৰাতৃ)

শান্তাই কিংবদন্তী ভাৰতীয় হিন্দু ঋষি বিভাণ্ডকৰ পুত্ৰ ঋষ্যশৃংগৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। ঋষ্যশৃংগয় দশৰথ বাবে পুত্ৰ কামেষ্ঠী যজ্ঞ পাতিছিল।[1][2]

জীৱনসম্পাদনা কৰক

শান্তাই বেদ, কলা, শিল্পকলাৰ লগতে যুদ্ধ বিষয়ত শিক্ষা লাভ কৰিছিল। তেওঁক অতি সুন্দৰ কন্যা বুলি গণ্য কৰা হৈছিল। এদিন তেওঁৰ তোলনীয়া দেউতাক ৰজা ৰোমাপদ শান্তাৰ সৈতে বাৰ্তালাপত ব্যস্ত হৈ থকাৰ সময়তে এজন ব্ৰাহ্মণে বাৰিষাৰ দিনত খেতিৰ বাবে সহায় বিচাৰি আহিছিল। ৰোমাপাদে ব্ৰাহ্মণৰ দুৰ্দশাৰ প্ৰতি মনোযোগ দিয়া নাছিল। ইয়াৰ ফলত ব্ৰাহ্মণজন ক্ৰোধান্বিত হয় আৰু ৰাজ্য ত্যাগ কৰে। দেৱতা ইন্দ্ৰই তেওঁৰ ভক্তক কৰা অপমান সহ্য কৰিব পৰা নাছিল সেয়ে সেই বাৰিষা ঋতুত সামান্য মাত্ৰ বৰষুণ হৈছিল ফলত ৰাজ্যত খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছিল। ইফালে, ৰজা দশৰথে বিচাৰিছিল যে এজন পুত্ৰই তেওঁৰ উত্তৰাধিকাৰী অব্যাহত ৰাখিব আৰু তেওঁৰ ৰাজবংশক সমৃদ্ধ কৰিব। এই দুয়োখন ৰাজ্যৰ সমস্যাবোৰৰ সমাধানৰ বাবে এক পৰামৰ্শ দিয়া হৈছিল যে কেৱল এজন ব্ৰাহ্মণৰ দ্বাৰা কৰা যজ্ঞৰ দ্বাৰা হে দুয়োজন ৰজাৰ সমস্যা দূৰ কৰিব পাৰিব যি জনে নিখুঁত সতীত্ব পালন কৰিছে আৰু এনে একমাত্ৰ ব্যক্তি হৈছে ঋষ্যশৃংগ। [2] ঋষ্যশৃংগক বিভাণ্ডক ঋষিয়ে মহিলাৰ অজ্ঞাতে সমাজৰ পৰা আঁতৰত ডাঙৰ-দীঘল হৈছিল। তেওঁক চহৰলৈ অনা হৈছিল আৰু প্ৰয়োজনীয় যজ্ঞ অনুষ্ঠান সম্পন্ন কৰিবলৈ আহ্বান জনোৱা হৈছিল। বিভান্দক ঋষিৰ শক্তি আৰু খঙৰ প্ৰতি তেওঁলোকৰ ভয় স্বত্বেও, দুয়োজন ৰজাই যুৱতীসকলক ল'ৰা জনক সাধাৰণ সমাজৰ সৈতে পৰিচয় কৰাবলৈ পঠিয়ায়, আৰু শান্তাই এই কামটো সম্পূৰ্ণ কৰে আৰু ঋষ্যশৃঙ্গয় শান্তাক বিয়া কৰায়, তাৰ পিছত তেওঁ অংগৰ বাবে যজ্ঞ কৰিবলৈ সন্মত হয়, লগে লগে মন্ত্ৰোচ্চাৰণৰ সময়ত প্ৰচণ্ড বৃষ্টিপাত হ'বলৈ আৰম্ভ কৰে, ৰাইজ আনন্দত আত্মহাৰা হৈ অংগত উৎসৱ অনুষ্ঠিত কৰে। [2]

ঋষ্যশৃংগয় দশৰথৰ পুত্ৰ সন্তান জন্মৰ বাবেও পুত্ৰ কামেষ্ঠী যজ্ঞ সমাপন কৰিছিল আৰু উক্ত যজ্ঞৰ ফলস্বৰূপে জন্ম হৈছিল: ৰাম, ভৰত, আৰু যমজ ভাতৃ লক্ষ্মণ আৰু শত্ৰুঘ্নকৰ্ণাটকৰ শ্ৰীংগেৰীৰ ওচৰৰ এখন সৰু চহৰ কিগাত এটা মন্দিৰ আছে, য'ত শ্ৰীঙ্গ ঋষি আৰু দেৱী শান্তাৰ মূৰ্তি পূজা হয়। শান্তাই দশৰথক তেওঁৰ মৃত্যুশয্যাত শুশ্ৰূষা কৰিছিল বুলিও কোৱা হয়।[3]

তথ্যউৎসসম্পাদনা কৰক

  1. Rao, Desiraju Hanumanta. "Bala Kanda in Prose, Sarga 11". Valmiki Ramayana. Valmiki Ramayan.net. https://sanskritdocuments.org/sites/valmikiramayan/baala/sarga11/bala_11_prose.htm। আহৰণ কৰা হৈছে: 22 January 2019. 
  2. 2.0 2.1 2.2 Kanuga, G.B. (1993). The Immortal Love of Rama. প্ৰকাশক New Delhi: Yuganter Press. পৃষ্ঠা. 48–49. https://books.google.com/books?id=zHgW9SezCqoC&pg=PA48. 
  3. "Sage-rishyashringa". sringeri.net.in. https://www.sringeri.net/history/sage-rishyashringa। আহৰণ কৰা হৈছে: 2020-08-08.