এণ্টনী মোৰ নাম (চলচ্চিত্ৰ)
এণ্টনী মোৰ নাম ১৯৮৬ চনত মুক্তিপ্ৰাপ্ত এখন এক্সন আৰু ৰহস্য ধৰ্মী অসমীয়া চলচ্চিত্ৰ। এই চলচ্চিত্ৰখন নিপ বৰুৱাই পৰিচালনা কৰিছিল। শইকীয়া এণ্টাৰপ্ৰাইজৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল ধৰ্মকান্ত শইকীয়াই।
এণ্টনী মোৰ নাম | |
---|---|
![]() এণ্টনী মোৰ নামৰ পোষ্টাৰ | |
পৰিচালক | নিপ বৰুৱা |
ৰচনা | নিপ বৰুৱা, মহেন্দ্ৰ বৰঠাকুৰ, কাজল মজুমদাৰ, অৰুণ দত্ত |
চিত্ৰনাট্য | নিপ বৰুৱা |
প্ৰযোজক | ধৰ্মকান্ত শইকীয়া |
অভিনয়ত | বিজু ফুকন পূৰবী শৰ্মা ৰেবা ফুকন আব্দুল মজিদ |
চিত্ৰগ্ৰহণকাৰী | নলিন দুৱৰা |
সম্পাদনা | শিৱ ভট্টাচাৰ্য্য, অৰুণ দত্ত |
সংগীত পৰিচালক | ৰমেন বৰুৱা |
প্ৰযোজনা কোম্পানী |
|
মুক্তি |
১৯৮৬ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
কাহিনীৰ সাৰাংশ সম্পাদনা কৰক
গৰ্ভতে পিতৃমোহৰ পৰা বঞ্চিত এণ্টনীক মাতৃয়ে সৰুতে গটাই দিয়ে ফাডাৰ যোচেফৰ হাতত। অনাথ হৈ জীয়াই এণ্টনীয়ে ডাঙৰ হৈ কেতবোৰ অপৰাধত লিপ্ত হয়। এই অপৰাধসমূহ কিন্তু আইনৰ চকুতহে অপৰাধ অথবা এণ্টনী অপৰাধী; সাধাৰণ ৰাইজৰ বাবে এণ্টনী ভগৱানস্বৰূপ। এণ্টনীয়ে চুৰ, ডকাইত কৰে যদিও সেয়া সমাজৰ হিতৰ বাবে। তথাকথিত কিছু সমাজসেৱক বা বিষয়াই জনসাধাৰণৰ হিতাৰ্থে কাম কৰাৰ বাবে আশ্বাস দিয়ে যদিও সেই আশ্বাসেৰেই তেওঁলোকে সমাজৰ নিম্ন শ্ৰেণীৰ লোকক লুটি-পুটি খায়। আৰু এনেবোৰ মুখা পিন্ধা ভদ্ৰলোকৰ মুখা খুলিবলৈয়ে এণ্টনীয়ে বেআইনী কিছু কাম কৰে। শেষত, এণ্টনীয়ে নিজ মাতৃৰ কাকুতিত পুলিচৰ হাতত ধৰা দিয়ে আৰু আদালতৰ পৰা নিৰ্দোষী হিচাপে ওলাই আহি নিজ পৰিয়ালক পুনৰাই বিচাৰি পায়। এয়াই হৈছে বোলছবিখনৰ কাহিনীভাগ।[1][2]
অভিনয় শিল্পীসকল সম্পাদনা কৰক
|
সংগীত সম্পাদনা কৰক
এণ্টনী মোৰ নামৰ সংগীত পৰিচালনা কৰিছিল ৰমেন বৰুৱাই আৰু গীতৰ কথা আছিল কেশৱ মহন্তৰ।[3][2]
গীতৰ শীৰ্ষ | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | শিৰোনাম | গীতিকাৰ | কন্ঠশিল্পী | দৈৰ্ঘ্য | ||||||
1. | "মন ফুলে মনে মনে" | কেশৱ মহন্ত | দ্বীপেন বৰুৱা, অঞ্জলি কটকী | |||||||
2. | "এই দুনীয়াত" | কেশৱ মহন্ত | দ্বীপেন বৰুৱা, ৰমেন বৰুৱা, বিজয় ভৰালী | |||||||
3. | "এই ৰাতি ৰু ৰু" | কেশৱ মহন্ত | অঞ্জলি কটকী | |||||||
4. | "শংকৰ গুৰু আমাৰে" | কেশৱ মহন্ত | ৰামেশ্বৰ পাঠক | |||||||
5. | "আপোন কেও নাই" | কেশৱ মহন্ত | অঞ্জলি কটকী |
তথ্য সংগ্ৰহ সম্পাদনা কৰক
- ↑ 1.0 1.1 "একচন থ্ৰিলাৰঃ “এণ্টনী মোৰ নাম”". https://rupaliparda.com/. https://rupaliparda.com/archives/2607। আহৰণ কৰা হৈছে: 8 October 2020.
- ↑ 2.0 2.1 "Antony Mur Naam". Box office Assam. http://www.boxofficeassam.com/movie/anthony-moor-naam/। আহৰণ কৰা হৈছে: ১৫ আগষ্ট ২০২০.
- ↑ "Assamese Movie Antoni Mur Naam". https://www.assamesemoviediary.com/. https://www.assamesemoviediary.com/2018/09/assamese-movie-antoni-mur-naam.html। আহৰণ কৰা হৈছে: 8 October 2020.
বাহ্যিক সংযোগ সম্পাদনা কৰক
- এণ্টনী মোৰ নাম (চলচ্চিত্ৰ) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ইউটিউৱত এণ্টনী মোৰ নাম