পৰাগধৰ চলিহা

ভাৰতীয় ৰাজনীতিবিদ
(পৰাগ চলিহাৰ পৰা পুনঃনিৰ্দেশিত)

পৰাগধৰ চলিহা (ইংৰাজী: Paragdhar Chaliha; ১৯২৩-১৯৯৯) এগৰাকী শিক্ষাবিদ, অভিনেতা আৰু সংগীতজ্ঞ আছিল। তেওঁ কবি, গীতিকাৰ, সংগীতজ্ঞ, নাট্যকাৰ, সাহিত্যিক, অভিনেতা, পৰিচালক, সমাজ সংগঠক, সাংবাদিক, ক্ৰীড়াবিদ, ক্ৰীড়া সংগঠক, প্ৰশাসক তথা ৰাজনীতিবিদ আছিল। অসমত তেওঁ সেউজ কোঁৱৰ নামেৰে জনাজাত আছিল।

পৰাগধৰ চলিহা
জন্ম ১৩ ছেপ্টেম্বৰ, ১৯২৩
অসম
মৃত্যু ২১ জুন, ১৯৯৯ (৭৫ বছৰ)
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
পিতৃ-মাতৃ পদ্মধৰ চলিহা

পৰাগধৰ চলিহাৰ ১৯২৩ চনৰ ১৩ ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ আমোলাপট্টিত জন্ম হয়। তেওঁৰ পিতৃৰ নাম পদ্মধৰ চলিহা আৰু মাতৃৰ নাম সুপ্ৰভা চলিহা৷

বংশ পৰিচয়

সম্পাদনা কৰক

পৰাগধৰ চলিহাৰ ককাক ফণীধৰ চলিহা বৰুৱা কায়স্থ বংশৰ ব্যক্তি আছিল। তেওঁৰ দুগৰাকী পত্নী আছিল। প্ৰথম গৰাকী বংশীধৰ নামতিয়াল বৰুৱাৰ বৰ জীয়ৰী সাবিত্ৰী চলিহা বৰুৱানী। তেওঁৰ দুই পুত্ৰ ক্ৰমে প্ৰেমধৰ চলিহা আৰু কুলধৰ চলিহা। দ্বিতীয়গৰাকী হ'ল দামোদৰ নামতিয়াল বৰুৱাৰ মাজু জীয়ৰী গুণদা চলিহা বৰুৱানী। এইগৰাকীৰ পুত্ৰ হ'ল পদ্মধৰ চলিহা, পুণ্যধৰ চলিহা, পুষ্পধৰ চলিহা, বুদ্ধধৰ চলিহা আৰু বিদ্যাধৰ চলিহা। উল্লেখযোগ্য যে এখেতসকলৰ মাতৃ গুণদা চলিহা আছিল শ্বহীদ মণিৰাম দেৱানৰ জীয়েকৰ ফালৰ নাতিনীয়েক। শিৱসাগৰৰ চলিহা পৰিয়ালৰ সন্তান ফণীধৰ চলিহাই ঊনবিংশ শতিকাত শিৱসাগৰত শিক্ষা আৰু জ্ঞানৰ পোহৰ বিলোৱাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ফণীধৰ চলিহাৰ সন্তান পদ্মধৰ চলিহা আৰু পদ্মধৰ চলিহাৰ একমাত্ৰ সন্তান হ'ল পৰাগধৰ চলিহা।

পৰাগধৰ চলিহাই শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা আৰু কটন কলেজৰ পৰা বি এ পাছ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতকোত্তৰ উপাধি গ্ৰহণ কৰে।

কৰ্মজীৱন

সম্পাদনা কৰক

পিতৃ পদ্মধৰ চলিহাই ১৯৪৭ চনত শিৱসাগৰত স্থাপন কৰা শিৱসাগৰ কলেজত তেওঁ প্ৰবক্তাৰূপে যোগ দি উপাধ্যক্ষৰ দায়িত্ব বহন কৰিছিল৷ ১৯৮৫ চনত তেওঁ এই কলেজৰে অধ্যক্ষৰূপে অৱসৰ লয়৷ পৰৱৰ্তীকালত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপকৰূপেও কিছুকাল কাৰ্যনিৰ্বাহ কৰে৷[1]তেওঁ ১৯৬৮ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত বিভাগীয় প্ৰধান হিচাপে যোগদান কৰি 'সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা অধ্যাপক' আসনত অধিষ্ঠিত হৈছিল।

তেওঁ পিয়লি ফুকন, সোণ-ৰূপ নেওচি, শোণিত কুঁৱৰী আদি মঞ্চ নাটত অভিনয় কৰাৰ উপৰিও অপৰাজেয়, এণ্টনি মোৰ নাম, ছিৰাজ আদি বোলছবিত অভিনয় কৰিছিল। তদুপৰি তেওঁৰ মনৰ তীব্ৰ জাতীয়তাবোধ তেওঁক ৰাজনীতিত নামিবলৈ উদ্বুদ্ধ কৰিছিল।[1]

কিছুদিনৰ বাবে তেওঁ অসম গণ পৰিষদ দলৰ ভাৰপ্ৰাপ্ত সভাপতিৰ পদত আছিল। ১৯৯৫-৯৯ কালচোৱাত ৰাজ্যসভাৰ সাংসদ ৰূপে তেওঁ অসমক প্ৰতিনিধিত্ব কৰিছিল।[2][3][4]

১৯৯৯ চনৰ ২১ জুন তাৰিখে তেওঁৰ মৃত্যু হয়।[1]

সাহিত্যৰাজি

সম্পাদনা কৰক
  • অ মোৰ আপোনাৰ দেশ (আলেখ্য)
  • চাৰিহেজাৰ বছৰৰ অসম (আলেখ্য)
  • মহা মানৱৰ মহা প্ৰয়াণ (আলেখ্য)
  • চিত্ৰ বিচিত্ৰ (১৯৮৭)
  • অসমীয়া সংস্কৃতি আৰু সাহিত্য (১৯৭৩)
  • অসমীয়া সংস্কৃতিৰ সুভাণ্ড[1]

বিষয়বাব

সম্পাদনা কৰক

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 1.4 বৰ্মণ, শিৱনাথ (২০০৯). অসমীয়া জীৱনী অভিধান, তৃতীয় সংস্কৰণ. পৃষ্ঠা. ১২৬, ১২৭. 
  2. India. Parliament. Lok Sabha (1986). Lok Sabha Debates. Lok Sabha Secretariat.. পৃষ্ঠা. 73–. https://books.google.com/books?id=mkxPAQAAMAAJ&pg=PA73. 
  3. "RAJYA SABHA MEMBERS BIOGRAPHICAL SKETCHES 1952 - 2003". Rajya Sabha. https://rajyasabha.nic.in/rsnew/pre_member/1952_2003/c.pdf। আহৰণ কৰা হৈছে: 21 December 2020. 
  4. India. Parliament. Rajya Sabha (1995). Parliamentary Debates: Official Report. Council of States Secretariat. পৃষ্ঠা. 175. https://books.google.com/books?id=bU-wAAAAIAAJ। আহৰণ কৰা হৈছে: 9 Mar 2023.