কবিতাৰ দেহবিচাৰ (ইংৰাজী: Kobitar Dehbichar) হৈছে বিশিষ্ট অসমীয়া সাহিত্যিক নৱকান্ত বৰুৱাৰ অসমীয়া কবিতাৰ দেহৰূপটোৰ অলংকাৰ বিষয়ক সমীক্ষাত্মক প্ৰবন্ধ পুথি।[1]

কবিতাৰ দেহবিচাৰ  
লেখক নৱকান্ত বৰুৱা
প্ৰচ্ছদ শিল্পী গণেশ বসু
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় অসমীয়া সাহিত্য সমীক্ষাত্মক, কবিতাৰ সমীক্ষা, কবিতাৰ ৰচনা ৰীতি
প্ৰকাৰ সমীক্ষাত্মক প্ৰবন্ধ
প্ৰকাশক শ্ৰীঅজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট’ৰচ্
প্ৰকাশ ১৯৮৭
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১৪০
আই.এচ.বি.এন. 81-7665-065-X

কবিতাৰ দেহবিচাৰ পুথিখনত লেখক নৱকান্ত বৰুৱাই প্ৰাচ্য আৰু পাশ্চাত্য দৃষ্টিভঙ্গিৰে অসমীয়া কবিতাত অলংকাৰৰ বিবৰ্তন সমীক্ষা কৰিছে। তেখেতে পুথিখনৰ পাতনিতে কৈছে, “পখা অনুক্ৰমে উৰি আহি অসমীয়া কবিতাৰ দেহৰূপটোৰ অলংকাৰ দিশত এটা পাক মাৰি আহিছোঁ। তাত কিমানখিনি পূৱ আৰু কিমানখিনি পশ্চিম দেখা পালোঁ তাৰেই খতিয়ান এই পাত কেইখিলা।” পুথিখন তেখেতৰ পত্নী বীণা বৰুৱালৈ উৎসৰ্গা কৰি লিখিছে -

“বীণালৈ

জোৰোণৰ কেইপদমানৰ বাহিৰে কোনো অলংকাৰেই তোমাক দিব নোৱাৰিলো।

এই অলংকাৰ পুথিখনেই দিলো।”

[1]

বিষয় বস্তু

সম্পাদনা কৰক

পুথিখনত লেখক নৱকান্ত বৰুৱাই কবিতাত অলংকাৰ কি, প্ৰাচ্য আৰু পাশ্চাত্য আলংকাৰিকসকলে কৰা অলংকাৰৰ ঘাই ভাগ, শব্দলংকাৰ, অৰ্থলংকাৰ, সাদৃশ্যমূলক অলংকাৰ, ৰূপক, বিৰোধমূলক অলংকাৰ, শৃঙ্খলামূলক অলংকাৰ, ন্যয়মূলক অলংকাৰ, প্ৰতীকমূলক অলংকাৰ, লক্ষণামূলক অলংকাৰ, বাক্যবিন্যাস ভিত্তিক অলংকাৰ, সংকৰ, সংসৃষ্টি, স্বভাৱোক্তি আৰু কল্পচিত্ৰৰ বিষয়ে আলোচনা কৰাৰ লগতে কেইটামান অলংকাৰৰ সাংকেতিক উদাহৰণো দাঙি ধৰিছে। অসমীয়া কবিতাৰ অধ্যয়ন আৰু গৱেষণাৰ লগত জড়িতসকলৰ প্ৰয়োজনীয়তাৰ আধাৰত ‘কবিতাৰ দেহবিচাৰ’ পুথিখন ৰচিত।

লেখকৰ চমু পৰিচয়

সম্পাদনা কৰক

নৱকান্ত বৰুৱা অসমীয়া সাহিত্য জগতৰ এটি প্ৰসিদ্ধ নাম। তেখেত একাধাৰে এগৰাকী কবি, শিশু সাহিত্যিক আৰু ঔপন্যাসিক।[2] ১৯২৬ চনৰ ২৯ ডিচেম্বৰত, গুৱাহাটীত নৱকান্ত বৰুৱাৰ জন্ম হৈছিল।[3] ১৯৭৫ চনত ককাদেউতাৰ হাড় উপন্যাসৰ বাবে অসমীয়া ভাষাসাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[4] তেখেত ১৯৯০ চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাবিশ্বনাথ চাৰিআলি অধিৱেশনৰ সভাপতি আছিল। [5]

তথ্যৰ উৎস

সম্পাদনা কৰক
  1. 1.0 1.1 নৱকান্ত বৰুৱা (আগষ্ট, ২০০৯). কবিতাৰ দেহবিচাৰ. শ্ৰীঅজয় কুমাৰ দত্ত. ISBN 81-7665-065-X. 
  2. অসম ইয়েৰ বুক, ২০২১. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন. ডিচেম্বৰ, ২০২০. পৃষ্ঠা. ৮৮৫-৮৮৬. ISBN 978-93-81485-82-8. 
  3. "আৰ্কাইভ কপি". Archived from the original on 2013-10-05. https://web.archive.org/web/20131005012406/http://www.vedanti.com/Legends/nabakanta_baruah.htm। আহৰণ কৰা হৈছে: 2012-12-19. 
  4. Sahitya Akademi Official website.
  5. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা Archived 2013-01-29 at the Wayback Machine অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।

লগতে চাওক

সম্পাদনা কৰক