হেজাৰী ভাওনা বা কলিয়াবৰৰ হেজাৰী ভাওনা অসমনগাঁও জিলাকলিয়াবৰত অনুষ্ঠিত ভাওনা উৎসৱ। অসমৰ নাট ভাওনাৰ এক বিশেষ পৰিৱেশ্য আঞ্চলিক ৰূপ হিচাপে নগাঁৱৰ হেজাৰী ভাওনা বিখ্যাত।[2][1]

হেজাৰী ভাওনা
স্থিতি সক্ৰিয়
ধৰণ হিন্দু ধৰ্মোৎসৱ
অৱস্থান কলিয়াবৰ, নগাঁও জিলা, অসম[1]
দেশ ভাৰত
আয়োজক কলিয়াবৰৰ ৰাইজ

নামৰ উৎপত্তি সম্পাদনা কৰক

এহেজাৰ শব্দৰ পৰা হেজাৰী ভাওনা নামৰ সৃষ্টি হৈছে। কিন্তু প্ৰকৃততে হেজাৰী শব্দয়ে এহেজাৰ ভাওনাক বুজোৱা নাই। হেজাৰ শব্দয়ে ইয়াত অনেক বা সংখ্যাত অধিক বুজাইছে।[2]

ইতিহাস সম্পাদনা কৰক

নগাঁও জিলাৰ কলিয়াবৰৰ হাজাৰী ভাওনাৰ উৎপত্তি সম্পৰ্কে সঠিককৈ জনা নাযায়। আহোমসকলৰ ৰাজত্ব কালত প্ৰচলিত পাইক প্ৰথা অনুসৰি পাইকসকলৰ পৰিচালনা কৰাৰ বাবে চাৰিজন পাইকৰ ওপৰত এজন বৰা, এশজন পাইকৰ ওপৰত এজন শইকীয়া, এহেজাৰ পাইকৰ ওপৰত এজন হাজৰিকা আৰু ছহেজাৰ পাইকৰ ওপৰত ফুকন নিয়োগ কৰা হৈছিল।[3] তুংখুঙীয়া বুৰঞ্জী অনুসৰি স্বৰ্গদেউ লক্ষ্মী সিংহৰ শাসনকালত কলিয়াবৰত আঠটা হেজাৰ সংগঠন গঠন কৰা হৈছিল। ডিমৰুগুৰিয়া হাজাৰ, বজোৱা, ধাদুমৰহাজাৰ, ভিতৰুৱাল চেকেৰাতলীয়া হাজাৰ, চামধৰা হাজাৰ এই আঠটা হাজাৰ গোটে নগাঁও জিলাৰ ৰাইজক সামাজিকভাৱে বিভক্ত কৰি সংগঠিত কৰিছিল।[2]

এই আঠটা হাজাৰৰ ভিতৰত চামধৰা হাজাৰৰ অনুপ্ৰেৰণাৰে শাকমুঠিৰ শয়েক ভূঞাসকলে শাকমুঠি হাজাৰ সংগঠন কৰি দৌলগুৰি পথাৰত বৰ্তমানৰ ভৰালী নামঘৰত দুই-তিনি কিলোমিটাৰ দক্ষিণত শলাল আৰু চিকনী পাহাৰৰ নামনিত দৌল উৎসৱ উদযাপন কৰিছিল। ইয়াতেই হাজাৰী ভাওনাৰ আৰম্ভণি হৈছিল বুলি গণ্য কৰা হয়। পিছলৈ শাকমুঠি হাজাৰ হাটবৰলৈ স্থানান্তৰিত হোৱাৰ লগে-লগে ফাকুৱাৰ দৌলো তালৈ স্থানান্তৰিত হয়।

প্ৰথমে হাটবৰত চাৰিখনীয়া ৰভাৰে হেজাৰী ভাওনা অনুষ্ঠিত হৈছিল। পিছলৈ কলিয়াবৰৰ গোমোঠা পথাৰত একৈছখনীয়া ৰভাৰে হেজাৰী ভাওনা অনুষ্ঠিত হৈছিল।[2]

বৰ্ণনা সম্পাদনা কৰক

হেজাৰী ভাওনাৰ মণ্ডপ এপাহ ফুলৰ আৰ্হিত আৰু ৰভা বিলাক পাহিৰ আৰ্হিৰে নিমাণ কৰা হয়। প্ৰথমখন ৰভাত গানিকা বা জোৰা গোৱাৰ সময়ত ডবা, কাঁহ, কালী বাদ্য বজোৱা হয়। তাৰ পৰা যোৰাই গাণিকা আৰম্ভ কৰি আটাইকেইখন ৰভা প্ৰদক্ষিণ কৰা হয়। হাজাৰী ভাওনাত কেৱল অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হয়। ইয়াত মাতৃভাষাত ভাওনা প্ৰদৰ্শন কৰা নহয়।[2]

বৰ্তমান স্থিতি সম্পাদনা কৰক

বৰ্তমান সময়ত পূৰ্বৰ দৰে হাজাৰী ভাওনাৰ পয়োভৰ দেখা নাযায়। হাজাৰৰ অন্তৰ্গত গাঁওবোৰ খেল কেন্দ্ৰিক হৈ সৰু সৰু গোটত বিভক্ত হৈ পৰিল। কলিয়াবৰীয়া হাজাৰী ভাওনাৰ প্ৰভাৱ জামুগুৰিহাটবাৰেচহৰীয়া ভাওনা মহোৎসৱত পৰিলক্ষিত হয়।[4] বৰ্তমান সময়ত কামপুৰ কৰৈয়নী[5], পাথৰী, ননৈ আদি অঞ্চলত অনুষ্ঠিত বাৰেগঞা ভাওনাত ই প্ৰভাৱ পেলাইছে।[4]

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 Syed Zarir Hussain. "Dance-drama extravaganza in Assam with 2,500 actors (FEATURE)". india-forums.com. http://www.india-forums.com/news/art-culture/25765-dance-drama-extravaganza-in-assam-with-2-500-actors-feature.htm। আহৰণ কৰা হৈছে: February 19, 2013. 
  2. 2.0 2.1 2.2 2.3 2.4 অৰুণ কুমাৰ গোস্বামী. "হেজাৰী ভাওনা". satirtha.in. https://satirtha.in/হাজাৰী-ভাওনা/. 
  3. Guha, Amalendu (1966). "Land Rights and Social Classes in Medieval Assam". The Indian Economic & Social History Review খণ্ড 3 (3): 217–239. doi:10.1177/001946466600300301. 
  4. 4.0 4.1 কিশোৰ কুমাৰ ভূঞা (২৪ ফেব্ৰুৱাৰী, ২০১৩). "বাৰেচহৰীয়া ভাওনা- অনন্য সংস্কৃতিৰ অপূৰ্ব নিদৰ্শন". আমাৰ অসম- পূৰ্বাচল. পৃষ্ঠা ৮-১১. 
  5. "নগাঁৱৰ কৰৈয়নীত হেজাৰী ভাওনা মহোৎসৱৰ সামৰণি". জনমভূমি. ৫ এপ্ৰিল ২০২১.