কল্পনা দত্ত (অথবা কল্পনা যোশী; ইংৰাজী: Kalpana Datta; ২৭ জুলাই ১৯১৩-৮ ফেব্ৰুৱাৰী ১৯৯৫) ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ আৰু ১৯৩০ চনত চিটাগং অস্ত্ৰাগাৰ আক্ৰমণত জড়িত সূৰ্য সেন নেতৃত্বাধীন সশস্ত্ৰ স্বাধীনতা আন্দোলনৰ এগৰাকী কৰ্মী আছিল।[1] পিছলৈ তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টিত যোগদান কৰে আৰু ১৯৪৩ চনত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক পুৰণ চন্দ যোশীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[2]

কল্পনা দত্ত
ব্যক্তিগত তথ্য
জন্ম ২৭ জুলাই, ১৯১৩
শ্ৰীপুৰ, বোৱালখালি উপজিলা, চিটাগং জিলা, বেংগল প্ৰেছিডেন্সি, ব্ৰিটিছ ভাৰত (বৰ্তমান বাংলাদেশত)
মৃত্যু ৮ ফেব্ৰুৱাৰী, ১৯৯৫ (৮১ বছৰ)
কলকাতা, পশ্চিম বংগ
ৰাজনৈতিক দল ইণ্ডিয়ান ৰিপাব্লিক আৰ্মী, চিটাগং শাখা
১৯৪০ চনৰ পৰা ভাৰতৰ কমিউনিষ্ট পাৰ্টি
জীৱিকা ভাৰতৰ স্বাধীনতা সংগ্ৰামী

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

কল্পনা দত্তৰ ব্ৰিটিছ ভাৰতৰ বংগ প্ৰদেশৰ চট্টগ্ৰাম জিলাৰ এখন গাঁও শ্ৰীপুৰৰ (বৰ্তমান বাংলাদেশৰ বোৱালখালী উপজিলাত) বৈদ্য পৰিয়ালত জন্ম হৈছিল।[3] তেওঁৰ দেউতাক বিনোদ বিহাৰী দত্তগুপ্ত চৰকাৰী কৰ্মচাৰী আছিল। ১৯২৯ চনত চট্টগ্ৰামত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কলিকতালৈ গৈ বেথুন কলেজত বিজ্ঞান শাখাত নামভৰ্তি কৰে। অতি সোনকালেই তেওঁ ছাত্ৰী সংঘত যোগদান কৰে; যিটো অৰ্ধবিপ্লৱী সংগঠনj বীণা দাস আৰু প্ৰীতিলতা ওৱাদ্দেদাৰো সক্ৰিয় সদস্য আছিল।[4]

সশস্ত্ৰ স্বাধীনতা সংগ্ৰাম সম্পাদনা কৰক

১৯৩০ চনৰ ১৮ এপ্ৰিলত চট্টগ্ৰাম অস্ত্ৰভাণ্ডাৰত অভিযান চলোৱা হয়। [5] ১৯৩১ চনৰ ছেপ্টেম্বৰ মাহত সূৰ্য সেনে তেওঁক প্ৰীতিলতা ওৱাদ্দেদাৰ সৈতে চট্টগ্ৰামৰ ইউৰোপীয় ক্লাবত আক্ৰমণৰ দায়িত্ব অৰ্পণ কৰে। আক্ৰমণৰ এসপ্তাহ পূৰ্বে অঞ্চলটোৰ গোপনীয় সমীক্ষা চলাই থকাৰ সময়তে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। জামিনত মুক্তি পোৱাৰ পিছত তেওঁ আত্মগোপন কৰে। ১৯৩৩ চনৰ ১৬ ফেব্ৰুৱাৰীত আৰক্ষীয়ে গাইৰালা গাঁৱত তেওঁলোকৰ আত্মগোপনৰ স্থান ঘেৰাও কৰে। এই অভিযানত আৰক্ষীয়ে সূৰ্য সেনক গ্ৰেপ্তাৰ কৰে যদিও কল্পনা পলায়ন কৰিবলৈ সক্ষম হয়। সূৰ্য সেনক মুক্ত কৰিবলৈ তেওঁ জেলত বোমা বিস্ফোৰণ কৰাৰ প্ৰচেষ্টা চলায় যদিও বিফল হয়। [6]

অৱশেষত ১৯৩৩ চনৰ ১৯ মে'ত কল্পনাক গ্ৰেপ্তাৰ কৰা হয়। চট্টগ্ৰাম অস্ত্ৰভাণ্ডাৰ অভিযান গোচৰৰ দ্বিতীয় পৰ্যায়ৰ বিচাৰত কল্পনাক যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰা হয়। ১৯৩৯ চনত তেওঁ মুক্তি লাভ কৰে। [7]

পৰৱৰ্তী জীৱন সম্পাদনা কৰক

কল্পনাই ১৯৪০ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি ভাৰতীয় কমিউনিষ্ট পাৰ্টিত যোগদান কৰে। ১৯৪৩ চনৰ বংগ দুৰ্ভিক্ষৰ সময়ত আৰু বংগ বিভাজনৰ সময়ত তেওঁ সাহায্য কৰ্মী হিচাপে কাম কৰিছিল। তেওঁ বঙালী ভাষাত “চট্টগ্ৰাম অস্ত্ৰাগাৰ আক্ৰমণকাৰীদেৰ স্মৃতিকথা” নামেৰে এখন আত্মজীৱনীমূলক গ্ৰন্থ লিখে; যিখন ইংৰাজীলৈ অনুবাদ কৰিছিল অৰুণ বসু আৰু নিখিল চক্ৰৱৰ্তীয়ে। তেওঁৰ স্বামী কমৰেড কমিউনিষ্ট নেতা পি.চি. যোশীয়ে পাতনি লিখা এই ইংৰাজী গ্ৰন্থখন ১৯৪৫ চনৰ অক্টোবৰ মাহত প্ৰকাশ পাইছিল।[8][9] ১৯৪৬ চনত কল্পনাই চট্টগ্ৰামৰ পৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ প্ৰাৰ্থী হিচাপে বংগ বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও জয়ী হ’ব পৰা নাছিল।

পিছলৈ তেওঁ ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানত যোগদান কৰে আৰু অৱসৰৰ সময়লৈকে তাত কাম কৰে। ১৯৯৫ চনৰ ৮ ফেব্ৰুৱাৰীত কলিকতাত তেওঁৰ মৃত্যু হয়।[10]

তথ্যউৎস সম্পাদনা কৰক

  1. Chandra, Bipan; Mukherjee, Mridula; Mukherjee, Aditya; Mahajan, Sucheta; Panikkar, K.N. (2016). India's Struggle for Independence (Revised and updated সম্পাদনা). Penguin Books. পৃষ্ঠা. 253. ISBN 978-0-14-010781-4. 
  2. "Kalpana Joshi, 81; Struggled for India". The New York Times. 26 February 1995. https://www.nytimes.com/1995/02/26/obituaries/kalpana-joshi-81-struggled-for-india.html. 
  3. Sailesh Kumar Bandyopadhyay (2012), "Dutta, Kalpana", in Sirajul Islam and Ahmed A. Jamal, Banglapedia: National Encyclopedia of Bangladesh (Second সম্পাদনা), Asiatic Society of Bangladesh, http://en.banglapedia.org/index.php?title=Datta,_Kalpana 
  4. Jain, Simmi (2003). Encyclopaedia of Indian Women through the Ages. 3. প্ৰকাশক Delhi: Kalpaz Publications. পৃষ্ঠা. 106. ISBN 81-7835-174-9. https://books.google.com/books?id=-vDiqxmuQmIC&pg=PA106. 
  5. Chandra, Bipan; Mukherjee, Mridula; Mukherjee, Aditya; Mahajan, Sucheta; Panikkar, K.N. (2016). India's Struggle for Independence (Revised and updated সম্পাদনা). Penguin Books. পৃষ্ঠা. 252. ISBN 978-0-14-010781-4. 
  6. "Surya Sen Trial: Revolvers Identified". The Indian Express. Free Press Of India (Calcutta): পৃষ্ঠা 22. 1933-06-23. https://books.google.com/books?id=94g-AAAAIBAJ&dq=kalpana+dutt&pg=PA22. 
  7. "Kalpana Dutt Caught At Last". The Indian Express (Chittagong: Free Press Of India): পৃষ্ঠা 6. 1933-05-19. https://books.google.com/books?id=6NE-AAAAIBAJ&dq=%22Surya%20Sen%22&pg=PA6. 
  8. Dutt, Kalpana (1979) (en ভাষাত). Chittagong Armoury Raiders: Reminiscences. Peoples̕ Publishing House. OCLC 831737120. https://books.google.com/books?id=wcoBAAAAMAAJ. 
  9. Nikhil Chakravartty, Kalpana Dutt's obituary in Mainstream, 18 February 1995.
  10. Dutt, Kalpana (bn ভাষাত). চট্টগ্ৰাম অস্ত্ৰাগাৰ আক্ৰমণকাৰীদেৰ স্মৃতিকথা. ISBN 8185459657. OCLC 882444567. 

বাহ্যিক সংযোগ সম্পাদনা কৰক