কাংশপাৰ অনিৰুদ্ধদেৱে প্ৰতিষ্ঠা কৰা অসমৰ কালসংহতিৰ অন্তৰ্গত এখন সত্ৰ। ১৫৪৫ শকত (১৬২৩ চন) স্থাপিত এই সত্ৰখন ডিব্ৰুগড় জিলা শলগুৰিত প্ৰথম স্থাপন হৈছিল।

নামৰ উৎপত্তি আৰু ইতিহাস সম্পাদনা কৰক

কাল সংহতিৰ সত্ৰ সমূহৰ মূল গুৰু গোপালদেৱৰ আজ্ঞা অনুসৰি অনিৰুদ্ধদেৱে বৰযদুমণিদেৱৰ ওচৰত শৰণ লয়। ১৫৪০ শকত (১৬১৮ চন) বৰযদুমণিদেৱ স্বৰ্গী হোৱাত অনিৰুদ্ধদেৱ আৰু যদুমণিদেৱৰ পুত্ৰ সনাতনদেৱ বাংশবাৰীৰ পৰা উজাই আহি হাবুঙত ৰয়হি। তাতে কিছুদিন থকাৰ পাছত পুনৰ বৰ্তমানৰ ডিব্ৰুগড় জিলাবুঢ়ীদিহিং নদীৰ সমীপত শিলিখাতল নামৰ সত্ৰ স্থাপন কৰেহি। পাছত ‘শিলিখাতল সত্ৰ’ সনাতনদেৱৰ তত্ত্বৱধানত এৰি অনিৰুদ্ধদেৱ শলগুৰি অভিমুখে ৰাওনা হয়। এই শলগুৰিৰ আন এটা নাম ‘বাঞ্চিত নগৰ’ ৰূপে পৰিচিত আছিল। সেইসময়ৰ বাঞ্চিত নগৰত অনিৰুদ্ধদেৱে আহোম ৰজাৰ বিষয়া খনিকৰ বৰুৱাৰ আতিথ্য লাভ কৰে আৰু তেওঁৰ অনুৰোধ মৰ্মে শলগুৰিতে স্থায়ীভাৱে থকাৰ সিদ্ধান্ত লয়। খনিকৰ বৰুৱাৰ পৃষ্ঠপোষকতাত অনিৰুদ্ধদেৱে বৰ্তমান ডিব্ৰুগড় জিলাৰ অন্তৰ্গত শলগুৰি নামৰ ঠাইত (শলগুৰি থান, আঘোনী ভেটি) ‘কাংস’ নামৰ এখন বিলৰ পাৰত হাবি জংঘলেৰে ভৰা ঠাই মুকলি কৰি ১৫৪৫ শকত (১৬২৩ চন) সত্ৰ প্ৰতিষ্ঠা কৰে। ‘কাংস’ বিলৰ পাৰত প্ৰতিষ্ঠা কৰা সত্ৰ বাবেই কালক্ৰমত সত্ৰখনৰ নাম ‘কাংশপাৰ’ হয় বুলি অনুমান কৰিব পাৰি। অৱশ্যে চৰিত পুথিত কাংশপাৰ নামটোৰ লগত ‘কাংশ’ নামৰ এটি অসুৰক মুক্তি দিয়াৰ অলৌকিক কাহিনী পোৱা যায়। তদুপৰি আধ্যাত্মিক দিশৰপৰা ‘ক’ পদে - ব্ৰহ্ম, ‘অংশ’ পদে ‘জীৱ’ আৰু ‘পাৰ’ পদে ‘মুক্তি’ অৰ্থাৎ ‘জীৱ তাৰণৰ পুণ্যক্ষেত্ৰ’ -এনে তাত্ত্বিক ব্যাখ্যা আগবঢ়াইছে।[1]

 
বেলিমুখীয়াৰ কাংশপাৰ সত্ৰৰ বাটচ’ৰা

সত্ৰ প্ৰতিষ্ঠাতাৰ চমু জীৱনী সম্পাদনা কৰক

অসমৰ বৈষ্ণৱ ধৰ্ম আৰু সাহিত্যৰ ইতিহাসত তিনিজন অনিৰুদ্ধদেৱৰ নাম পোৱা যায়। প্ৰথমজন হৈছে মায়ামৰা সত্ৰ প্ৰতিষ্ঠাতা অনিৰুদ্ধদেৱ। আন এগৰাকী হ’ল মাধৱদেৱৰ বৈমাত্ৰেয় অনিৰুদ্ধদেৱ আৰু তৃতীয় গৰাকী হ’ল কাংশপাৰ সত্ৰৰ প্ৰতিষ্ঠাতা অনিৰুদ্ধদেৱ। এই তৃতীয় গৰাকী অনিৰুদ্ধদেৱৰ জীৱন সম্পৰ্কে চাৰিখন প্ৰচলিত চৰিতপুথিত তথ্য পোৱা যায়। ইয়াৰে এখন চৰিপুথি তেওঁৰ জেষ্ঠ্য পুত্ৰ হৰিধনদেৱে লিখা আৰু বাকী তিনিখন তেওঁৰ নাতি গুণধনদেৱ, জীৱনধনদেৱ আৰু পৰিনাতি জয়ধনদেৱে লিখা। পাছৰ কেইখনক ‘বংশাৱলী চৰিত’ বুলিও ক’ব পাৰি। চৰিপুথিসমূহৰ পৰা জনা যায় যে অনিৰুদ্ধদেৱৰ পূৰ্বপুৰুষ নীলাম্বৰ গিৰী শংকৰদেৱৰ পূৰ্বপুৰুষ চণ্ডীবৰ গিৰীৰ লগত উত্তৰ ভাৰতৰপৰা অহা সাতটি কায়স্থ পৰিয়ালৰ ভিতৰৰ এটি পৰিয়ালৰ লোক আছিল। ১৫০০ শকৰ (১৫৭৮ চনত) ভাদ মাহৰ কৃষ্ণা অষ্টমী তিথিত অনিৰুদ্ধদেৱৰ জন্ম হয় বৃহত্তৰ শোণিতপুৰ জিলাৰ বৰধোন্দাপুৰ নামৰ এক অঞ্চলত। তেওঁৰ পিতৃৰ নাম নিধিবৰ কায়স্থ আৰু মাতৃৰ নাম ইচ্ছাৱতী। দিবাকৰ ভট্টাচাৰ্য নামৰ এজন ব্ৰাহ্মণ পণ্ডিতৰ সংস্কৃত টোলত অনিৰুদ্ধদেৱে শিক্ষা গ্ৰহণ কৰে। ডেকা বয়সত তেওঁ বেদান্ত আদি দৰ্শন অধ্যয়নৰ বাবে কাশীলৈ যাবলৈ মন মেলে। এই কথাত পৰিয়ালৰ লোক শংকিত হৈ তেওঁক কাশী যাত্ৰাৰ পৰা বিৰত কৰাৰ উদ্দেশ্যে বৃন্দাৱলী নামৰ কন্যাৰ লগত বিবাহ কাৰ্য সম্পন্ন কৰায়। কিন্তু দৃঢ়মনা অনিৰুদ্ধই তেওঁৰ ঈপ্সিত উদ্দেশ্য পূৰণৰ বাবে ঘৰৰ পৰা পলাই নিজ ভাতৃ জয়ৰামক লগত লৈ কাশীলৈ যায়। তাত প্ৰায় দহবছৰ কাল নানা শাস্ত্ৰ আদি অধ্যয়ন কৰি নিজ গৃহলৈ উভতি আহে। কাশীৰ পৰা উভতি আহি অনিৰুদ্ধদেব সেইসময়ৰ বৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বৰপেটালৈ যায়। তাত তেওঁ নাৰায়ণ ঠাকুৰ আতাৰ পুত্ৰ পৰমানন্দৰ পৰামৰ্শ মতে গোপালদেৱৰ ওচৰলৈ যায়। কালঝাৰত তেওঁ প্ৰায় দুমাহ মান ভকত বৈষ্ণৱৰ সংগত থাকি আপোন-পাহৰা হৈ পৰিল। কিন্তু যেতিয়া গোপালদেৱৰ ওচৰত শৰণ ভিক্ষা কৰে, তেতিয়া গোপালদেৱ প্ৰায় শয্যাগত। ইমান দিনে শৰণ লোৱাৰ ইচ্ছা নকৰাৰ বাবে আক্ষেপ কৰে যদিও গোপাল আতাই অনিৰুদ্ধদেৱক নিৰাশ নকৰি তেওঁৰ মুখ্য শিষ্য বৰযদুমণিদেৱক পৰিচয় কৰাই দি “তেওঁক পালেই মোক পাবা” বুলি প্ৰবোধ দিয়ে। ১৬১১ খ্ৰীষ্টাব্দত গোপালদেৱ স্বৰ্গী হোৱাত তেওঁৰ দহা- কাজ আদি সম্পন্ন কৰাৰ পাছত বৰযদুমণিদেৱৰ লগত অনিৰুদ্ধদেৱ উজনি অসমলৈ প্ৰত্যাৱৰ্তন কৰে। যথা সময়ত বৰযদুমণিদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত বাংশবাৰী (গাংমৌ) সত্ৰত নাম ধৰ্মত দীক্ষিত হৈ গুৰুসেৱাত আত্মনিৱেশ কৰে। অনিৰুদ্ধদেৱ বাংশবাৰী সত্ৰত থাকোঁতে কাশীৰ কেইজনমান পণ্ডিতে তৰ্ক যুদ্ধত লিপ্ত হ’বলৈ বাংশবাৰী সত্ৰত পদাৰ্পণ কৰে। বৰযদুমণিদেৱে এই কাৰ্যৰ বাবে অনিৰুদ্ধদেৱকে আগবঢ়াই দিয়ে আৰু তেওঁ তৰ্কবাদত জয়ী হোৱাত সন্তুষ্ট হৈ বৰযদুমণিদেৱে অনিৰুদ্ধদেৱক ‘বীৰ আতা’ উপাধি প্ৰদান কৰে। ১৫৪০ শকত (১৬১৮ চন) বৰযদুমণিদেৱ স্বৰ্গী হোৱাত অনিৰুদ্ধদেৱ আৰু যদুমণিদেৱৰ পুত্ৰ সনাতনদেৱ বাংশবাৰীৰ পৰা উজাই আহি হাবুঙত ৰয়হি। তাতে কিছুদিন থকাৰ পাছত পুনৰ বৰ্তমানৰ ডিব্ৰুগড় জিলাৰ বুঢ়ীদিহিং নদীৰ সমীপত শিলিখাতল নামৰ সত্ৰ স্থাপন কৰেহি। পাছত ‘শিলিখাতল সত্ৰ’ সনাতনদেৱৰ তত্ত্বৱধানত এৰি অনিৰুদ্ধদেৱ শ’লগুৰি অভিমুখে ৰাওনা হয়। এই শ’লগুৰিৰ আন এটা নাম 'বাঞ্চিতনগৰ’ ৰূপে পৰিচিত আছিল। সেইসময়ৰ বাঞ্চিত নগৰত অনিৰুদ্ধদেৱে আহোম ৰজাৰ বিষয়া খনিকৰ বৰুৱাৰ আতিথ্য লাভ কৰে আৰু তেওঁৰ অনুৰোধ মৰ্মে শ’লগুৰিতে সত্ৰ পাতি স্থায়ীভাৱে থাকে। অনিৰুদ্ধদেৱে গুৰুদুজনাৰ বৰগীতৰ লগতে গোপালদেৱ আৰু বৰ যদুমণিদেৱৰ গীতৰ আৰ্হিত ‘সাতকুৰি গীত’ আৰু মাধৱদেৱৰ নামঘোষাৰ আৰ্হিত ‘সত্তৰভাগ ঘোষা’ ৰচনা কৰে। ইয়াৰ বাহিৰেও ভাগৱত আৰু মহাভাৰতৰ দুটামান খণ্ড আৰু দুখনমান নাট ৰচনা কৰে। ইয়াৰে যুৱত চন্দ্ৰ মহন্তৰ দ্বাৰা সম্পাদিত ‘মহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ চৰিত আৰু শ্ৰীশ্ৰী কাংশপাৰ সত্ৰৰ ইতিবৃত্ত’ (১৯৯০) গ্ৰন্থত অনিৰুদ্ধদেৱৰ ‘সত্তৰভাগ ঘোষা’ আৰু ৪৫ টা গীত সন্নিৱিষ্ট কৰা হৈছে। বাকীসমূহ অপ্ৰকাশিত ৰূপতে আছে।[2]

বৰ্তমানৰ অৱস্থা সম্পাদনা কৰক

কাংশাপাৰ সত্ৰৰ ঐতিহ্য তেওঁৰ পৰৱৰ্তী প্ৰজন্মই পূৰ্বৰদৰে আগবঢ়াই নিলেও গদাধৰ সিংহৰ দিনত হোৱা ‘কোঁৱৰ পোহা’ অপৰাধত কিছুমান সত্ৰ ৰজাৰ ৰোষত পৰে আৰু শলগুৰি অঞ্চলৰ নখন সত্ৰৰ মূল ব্যক্তিসকলক ধৰাই নি বধ কৰোৱায়। এই নজনৰ ভিতৰত কাংশপাৰ সত্ৰৰ দেৱধনদেৱো অন্যতম। এইবোৰ দুৰ্যোগ আৰু পৰৱৰ্তী কালৰ মানৰ আক্ৰমণৰ ফলত সুপ্ৰতিষ্ঠিত কাংশপাৰ সত্ৰ ছেদেলী-ভেদেলী হৈ পৰে। ফলত উজনিঠাই, বৰঠাই, মাজৰঠাই আৰু গুৱালপাৰা ভাগ কাংশপাৰ নামেৰে পৰিচিত হৈ নগাঁৱৰহা, যোৰহাটঢেকিয়াজুলি, তিতাবৰ, অশয়বাৰী, শিৱসাগৰৰ নামতি, বেলিমুখীয়া, লখিমপুৰৰ বঙালমৰা, আমতলা আদিত সুপ্ৰতিষ্ঠিত হৈ বৰ্তমানলৈ ঐতিহ্য বৰ্তাই ৰাখিছে।[3]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. মহন্ত, যুৱত চন্দ্ৰ, মহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ চৰিত্ৰ আৰু শ্ৰীশ্ৰী কাংশপাৰ সত্ৰৰ ইতিবৃত্ত। প্ৰথম প্ৰকাশ, ১৯৯০ চন।
  2. তাপস চন্দ্ৰ বৰুৱা (সম্পাদক), দীপকজ্যোতি মহন্তৰ প্ৰবন্ধ (ফেব্ৰুৱাৰী ২০২২). "শংকৰোত্তৰ যুগৰ আৰু এজন অনিৰুদ্ধদেৱ". অসমীয়া সাহিত্য সন্মিলনী আলোচনী: ৮১-৮৩. 
  3. নেওগ, মহেশ্বৰ, পৱিত্ৰ অসম, চতুৰ্থ সংস্কৰণ, অসম সাহিত্য সভাৰ হৈ কিৰণ প্ৰকাশন, ধেমাজি, ২০০৮ চন।